বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes

১। ইংলেণ্ডৰ চৰকাৰে কেতিয়া নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ – ইংলেণ্ডৰ চৰকাৰে ১৭৭৩ চনত নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰিছিল ৷

২। ১৭৬৫ চনৰ এলাহাবাদ সন্ধি কাৰ কাৰ মাজত সম্পন্ন হৈছিল ৷

উত্তৰ –  ১৭৬৫ চনৰ এলাহাবাদ সন্ধি মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইবৰ মাজত সম্পন্ন হৈছিল ৷

৩।  চিপাহী বিদ্ৰহৰ পিচত অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ – ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল ৷

৪। ১৮৭৪ খ্ৰীষ্টাব্দত গঠন হোৱা অসম প্ৰদেশৰ মুখ্য আয়ুক্ত কোন আছিল ?

উত্তৰ – ‍১৮৭৪ খ্ৰীষ্টাব্দত গঠন হোৱা অসম প্ৰদেশৰ মুখ্য আয়ুক্ত আছিল কৰ্ণেল আৰ এইচ কীটিঞ্জ ৷

৫। ১৮৭৪ খ্ৰীষ্টাব্দত গঠন হোৱা অসম প্ৰদেশৰ জিলা কেইখনৰ নাম লিখা ৷

উত্তৰ -১৮৭৪ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছখন জিলা গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ আৰু লক্ষীমপুৰৰসৈতেখাছীয়া-জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰিঅসম প্ৰদেশ গঠন কৰা হৈছিল ৷

৬।  বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰা বিষয়া দুজন কোন আছিল ?

উত্তৰ – বংগ বিভাজনৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰা বিষয়া দুজন আছিল এন্দ্ৰু ফ্ৰেজাৰ আৰু জন ব্যামফিল্ড ফুলাৰ ৷

৭।  য়ানণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰ – য়ানণ্ডাবু সন্ধি ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল ৷

৮।  বংগ ভংগৰ প্ৰস্তাৱটো কেতিয়া অনুমোদন জনোৱা হৈছিল ?

উত্তৰ – বংগ ভংগৰ প্ৰস্তাৱটো ১৯০৫ খ্ৰীষ্টাব্দৰ ৯ জুন তাৰিখে অনুমোদন জনোৱা হৈছিল ৷

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes

Advertisement

৯। বংগ ভংগৰ প্ৰস্তাৱটো কোনে অনুমোদন জনাইছিল ?

উত্তৰ – বংগ ভংগৰ প্ৰস্তাৱটো তেতিয়াৰ ভাৰত সচিব জন ব্ৰডৰিকে অনুমোদন জনাইছিল

১০। ‘বংগৰ সৰ্বনাশ’ নামৰ নিবন্ধটো কোনখন পত্ৰিকাত আৰু কেতিয়া প্ৰকাশ পাইছিল ?

উত্তৰ – ‘বংগৰ সৰ্বনাশ’ নামৰ নিবন্ধটো সঞ্জীৱনী পত্ৰিকাত ৬ জুলাই, ১৯০৪ খ্ৰীষ্টাব্দত প্ৰকাশ পাইছিল ৷

১১। প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভাখন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ – প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভাখন ১৪ জুলাই ৯০৫ খ্ৰীষ্টাব্দত খুলনাত (বাগেৰবাৰী) অনুষ্ঠিত হৈছিল  ৷

১২। ‘বাঙালিৰ প্ৰাণ, বাংআলিৰ মন, এক হোক হে ভগৱান….’ এই গীতটি কোনে ৰচনা কৰিছিল ?

উত্তৰ – ‘বাঙালিৰ প্ৰাণ, বাঙালিৰ মন, এক হোক হে ভগৱান….’ এই গীতটি  ৰবিন্দ্ৰ নাথ ঠাকুৰে ৰচনা কৰিছিল৷

১৩। ‘বৰ্জনৰ অৰ্থ স্বাদেশীকতা আৰু স্বাদেশীকতাৰ মৰ্মাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা ৷’ – এইষাৰ কথা কোনে কৈছিল ?

উত্তৰ – অৰবিন্দ ঘোষ ৷

১৪। ‘আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি’- এই গীতটি কোনে ৰচনা কৰিছিল ?

উত্তৰ – কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰ ৷

১৫। ‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে…’- এই গীতটি কোনে ৰচনা কৰিছিল ?

উত্তৰ – কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰ ৷

১৬। ‘ভাই ভাই এক ঠাই’ প্ৰবন্ধটো কোনে ৰচনা কৰিচিল ?

উত্তৰ -কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰ ৷

১৭। ‘বংগ মাতা’ ছবিখন কোনে অংকন কৰিছিল ?

উত্তৰ – অবিন্দ্ৰনাথ ঠাকৰ ৷

১৮। ‘দি ডন’ পত্ৰিকাখন কোনে সম্পাদনা কৰিছল ?

উত্তৰ – সতীশ চন্দ্ৰ মুখোপাধ্যায় ৷

১৯। ‘ভাৰতী’ নামৰ পত্ৰিকাখন কোনে সম্পাদনা কৰিছল ?

উত্তৰ – সৰলা দেৱী চৌধুৰী৷

২০। ‘ বাঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপজ্জনক ৷’ –  লণ্ডনৰ কোনখন কাকতত এইদৰে প্ৰকাশ পাইছিল ৷

উত্তৰ – ডেইলী টেলিগ্ৰাফ ৷

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes

২১। ‘ইউনাইটেড বেংগল ষ্টোৰ্ছ’ কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ – ‘ইউনাইটেড বেংগল ষ্টোৰ্ছআব্দুল হালিম গজনবিয়ে প্ৰতিষ্ঠা কৰিছিল   ৷

২২। ‘স্বদেশী ভান্দাৰ’ কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ –  ‘স্বদেশী ভান্দাৰৰবিন্দ্ৰনাথ ঠাকুৰে  প্ৰতিষ্ঠা কৰিছিল ৷

২৩। ‘ইনণ্ডিয়ান ষ্টোৰ্ছ’ কাৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল ?

উত্তৰ – ‘ইনণ্ডিয়ান ষ্টোৰ্ছ’ কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল  ৷

২৪। ‘সৰ্বভাৰতীয় মুছলীম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটো কেতিয়ায়া জন্ম হৈছিল ?

উত্তৰ- ‘সৰ্বভাৰতীয় মুছলীম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটো ১৯০৬ খ্ৰীষ্টাব্দৰ ৩০ ডিচেম্বৰ তাৰিখে জন্ম হৈছিল ৷

২৫। ১৯০৯ খ্ৰীষ্টাব্দত কোনখন আইনৰ যোগেদি মুছলমানসকলে নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল ?

উত্তৰ – ১৯০৯ খ্ৰীষ্টাব্দত মৰ্লে-মিন্টো শাসন সংস্কাৰ আইনৰ যোগেদি মুছলমানসকলে নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল  ৷

২৬। বিপিনচন্দ্ৰ পালৰ আহ্বানত কোনে পোনপ্ৰথমে ‘নাইটহুড’ উপাধি ব্ৰিটিছ চৰকাৰক ঘুৰাই দিছিল ?

উত্তৰ – বিপিনচন্দ্ৰ পালৰ আহ্বানত গোপালকৃষ্ণ গোখলেই পোনপ্ৰথমে ‘নাইটহুড’ উপাধি ব্ৰিটিছ চৰকাৰক ঘুৰাই দিছিল ৷

২৭। ‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’ –  কোনে এইদৰে ঘোষণা কৰিছিল ?

উত্তৰ – ‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’ –  লৰ্ড কাৰ্জনে এইদৰে ঘোষণা কৰিছিল ৷

Read More :

Advertisement

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – অনুশীলনী

ইতিহাস –

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

9 Replies to “বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *