বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন [Partition of Bengal (1905-1911 A.D) And Swadeshi Movement] পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন  ঃ

১। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?

উত্তৰ – বংগ বিভাজন  ভাইচৰয় লৰ্ড কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল

২। ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল ?

উত্তৰ – ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন কার্যকৰী হৈছিল ৷

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল ?

উত্তৰ –২০ জুলাই, ১৯০৫ চনত দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত অনুস্থিত হোৱা সভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ৷

৪। স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল ?

উত্তৰ – স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন ভুপেন্দ্ৰনাথ দত্তি সম্পাদনা কৰিছিল৷

৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?

উত্তৰ – বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো ১৯০৬ খ্ৰীষ্টাব্দৰ ১১ মাৰ্চত গঠন হৈছিল

৬। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল ?

উত্তৰ – ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা আচাৰ্য প্ৰফুল্ল ৰায় আছিল ৷

৭। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্রহণ কৰিছিল ?

উত্তৰ – দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্রহণ কৰিছিল ৷

৮। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰ – বংগদেশৰ একত্ৰিকৰণ ১৯১১ খ্ৰীষ্টাব্দৰ ১২ ডিচেম্বৰত হৈছিল ৷

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

Advertisement
চমু উত্তৰৰ প্ৰশ্ন ঃ

১। বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।

উত্তৰ – বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্রধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল – ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী ৷

২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।

উত্তৰ – বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্যসমূহ  আছিল এনেধৰণৰ –  

(i) হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-মুছলমান কৃষক আৰু শ্রমিক অথণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল।গতিকে বংগভংগৰ অন্তনিহিত উদ্দেশ্য আছিল হিন্দু-মুছলমানৰ মাজত একতা ভাঙি দিয়া ।

(ii)  লৰ্ড কাৰ্জনে বংগ ভংগ আঁচনিৰ  যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্রাণকেন্দ্র বংগ প্রদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্রদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল।

(iii)  এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্রসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্রতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত সাম্প্রদায়িকতাৰ বিহগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল।

৩। বংগ বিভাজনবিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।

উত্তৰ –  ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা ১৯০৫ খ্রীষ্টাব্দৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূর্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যোগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি-বর্ণ নির্বিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু (বিদেশত প্ৰস্তুত কৰা পণ্য) বর্জন আৰু স্বদেশী বস্তু (নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত কৰা) গ্রহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামে জনাজাত হয়।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ – স্বদেশী আন্দোলনৰ প্ৰভাৱ বংগদেশৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো  পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্রৱণতাৰ প্রতি লক্ষ্য ৰাখি ১০ অক্টোবৰ, ১৯০৫ত বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কাৰালইলে এখন জাননী জাৰি কৰি  ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে প্রতিবাদ কৰি শ্ৰেণীকোঠা ত্যাগ কৰিছিল ৷ৰবীন্দ্রনাথ ঠাকৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিাবাৰীত অনুষ্ঠিত বিশাল ছাত্রসভাত ‘এন্টি-চার্কুলাৰ ছ’চাইটী’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।

              বিপিনচন্দ্র পাল, ৰবীন্দ্রনাথ ঠাকুৰ, আব্দুল ৰছুল প্রমুখ্যে নেতাসকলে ছাত্র সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। একে সময়তে সতীশচন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত ‘দি ডন’ পত্রিকাই  ছাত্ৰসকলক কলিকতা বিশ্ববিদ্যালয় ত্যাগ কৰি জাতীয় শিক্ষা গ্রহণ কৰিবলৈ আহ্বান জনাইছিল। সতীশচন্দ্র মুখোপাধ্যায়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত ‘ডন ছ’চাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি কার্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কার্লাইল জাননীৰ (১৯০৫) সম্পূর্ণ বিৰুদ্ধাচৰণ কৰিছিল আৰু জাতীয় শিক্ষা সক্রিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল। ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দি পিছদিনা (৬ আগষ্ট) ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মার্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীর্ষ অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়।  একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।

       স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অর্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।

৫। স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?

উত্তৰ – স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত  সূতা কটা কল, ক্ষুদ্র আৰু মজলীয়া তাত-শাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্রনাথ ঠাকুৰে প্রতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ(১৮৯৭), এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত যোগেশচন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্রচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰ্ছ’ (১৯০৫) নামৰ প্রতিষ্ঠানটো গঢ়ি উঠিছিল।  ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কর্ণৱালিছ ষ্ট্রীটত “লক্ষী ভাণ্ডাৰ (১৯০৩) প্রতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্রতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰ্ছ’ (১৯০৬)।

           নীলৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষী কটন মিল’ (১ আগষ্ট, ১৯০৬ ) আৰু আচার্য প্রফুল্লা ৰায়ে ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি (২৫ জুলাই, ১৯০৬) কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিখৰ কাৰখানা (১৯০৭) গঢ়ি তুলিছিল।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

Advertisement

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰোধী কাৰ্যসূচী গ্রহণ কৰিছিল?

উত্তৰ – ব্রিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্রেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লর্ড কার্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্রিটিছ চৰকাৰ আৰোপিত উপাধি, পদক আৰু পদ প্রদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্রিটিছ সংসদ সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পর্যায়ৰ লোভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমর্থন আশা কৰিছিল। কিন্তু  সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়, গোপালকৃষ্ণ গোখলে আদি কংগ্রেছৰ শীর্ষ নেতাৰ বংগ ভংগবিৰোধী অটল স্থিতিয়ে চৰকাৰক শ’লঠেকত পেলাইছিল। বিপিনচন্দ্র পালে সকলো নেতাক ব্রিটিছপ্রদত্ত উপাধি, পদ, পদবী আদি বর্জন কৰাৰ আহ্বান জনায়। এই আহ্বানৰ প্রতি সঁহাৰি জনাই গোপালকৃষ্ণ গোখলেই পোনপ্রথমে নাইটহুড’ উপাধি ব্রিটিছ চৰকাৰক ঘূৰাই দিছিল।

৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

উত্তৰ – স্বদেশী আন্দোলনৰ তিনিটা ফলাফল তলত উল্লেখ কৰা হ’ল –

(ক) জাতীয় শিক্ষা – স্বদেশী আন্দোলনৰ প্ৰভাৱ বংগদেশৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ ওপৰতো  পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্রৱণতাৰ প্রতি লক্ষ্য ৰাখি ১০ অক্টোবৰ, ১৯০৫ত বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰ ডব্লিউ কাৰালইলে এখন জাননী জাৰি কৰি  ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিছিল। এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে প্রতিবাদ কৰি বিপিনচন্দ্র পাল, ৰবীন্দ্রনাথ ঠাকুৰ, আব্দুল ৰছুল প্রমুখ্যে নেতাসকলে উপেদেশত ছাত্র সমাজে চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিছিল ৷

ইয়াৰ পিছতে জাতীয় শিক্ষা অনুস্থানৰ প্ৰতিস্থা  সক্ৰিয় ৰূপত গঢ়ি উঠিছিল ৷ সতীশচন্দ্র মুখোপাধ্যায়ে ৰবীন্দ্রনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ সহযোগত ‘ডন ছ’চাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি কার্জনৰ বিশ্ববিদ্যালয় আইন (১৯০৪), কার্লাইল জাননীৰ (১৯০৫) সম্পূর্ণ বিৰুদ্ধাচৰণ কৰিছিল আৰু জাতীয় শিক্ষা সক্রিয় ৰূপত গঢ়ি তোলাৰ আন্দোলন আৰম্ভ কৰিছিল। ৫ আগষ্ট তাৰিখে (১৯০৫) ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দি পিছদিনা (৬ আগষ্ট) ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ৮ নৱেম্বৰত (১৯০৫) ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাত বংগদেশৰ কেইবাখনো ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মার্চ (১৯০৬) তাৰিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীর্ষ অনুষ্ঠানটো গঠন হয়। ১৫ আগষ্ট তাৰিখে (১৯০৬) বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়।   একেটা বছৰতে (১২ ডিচেম্বৰত) বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়।

       স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২খন মাধ্যমিক আৰু ৩,০০০খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ অর্থসাহায্যত বেংগল টেকনিকেল ইনষ্টিটিউট নামৰ শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। পিছলৈ উক্ত অনুষ্ঠানটোৱে যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে আত্মপ্রকাশ কৰিছিল। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।

(খ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা সকলো ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্রহণ কৰিছিল।

  স্বদেশী আন্দোলনৰ অগ্রণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী (১৮৭৪-১৯৩৩)। বিপ্লৱী ভাবাদর্শেৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্রৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্রত, প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ-অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল আৰু কুক্তিৰ প্রশিক্ষণ দিয়াইছিল। ‘ভাৰতী’ নামৰ পত্রিকা এখন (১৯০৭) সম্পাদনা কৰি বংগ দেশৰ যুৱশক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল।

নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা।  তেওঁ ইয়ংমে হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল। বংগদেশৰ নাৰীৰ সাহসিকতাই ব্রিটিছ শাসকক স্তম্ভিত কৰি তুলিছিল।

(গ) স্বদেশী শিল্প উদ্যোগ – স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত  সূতা কটা কল, ক্ষুদ্র আৰু মজলীয়া তাত-শাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী। ৰবীন্দ্রনাথ ঠাকুৰে প্রতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ(১৮৯৭), এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত যোগেশচন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্রচেষ্টাত কলিকতাৰ বউবজাৰত ইণ্ডিয়ান ষ্টোৰ্ছ’ (১৯০৫) নামৰ প্রতিষ্ঠানটো গঢ়ি উঠিছিল।  ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কর্ণৱালিছ ষ্ট্রীটত “লক্ষী ভাণ্ডাৰ (১৯০৩) প্রতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবিয়ে লাল বজাৰত প্রতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ষ্টোৰ্ছ’ (১৯০৬)।

           নীলৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষী কটন মিল’ (১ আগষ্ট, ১৯০৬ ) আৰু আচার্য প্রফুল্লা ৰায়ে ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটো মুকলি (২৫ জুলাই, ১৯০৬) কৰিছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিখৰ কাৰখানা (১৯০৭) গঢ়ি তুলিছিল।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা।

উত্তৰ – স্বদেশী আন্দোলনৰ তিনিটা অৱদান তলত উল্লেখ কৰা হ’ল –

১। স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হ’লে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল।

২।  বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্রেছৰ চিন্তা-কর্মত পৰিৱর্তনৰ সূচনা হৈছিল। একমাত্র গণ-সংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’– এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল।

৩। স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্র উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত (১৯০৬) পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল।

চমু টোকা লিখা  ঃ

(১) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ।

উত্তৰ – কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ জন্ম ১৮৬১ খ্ৰীষ্টাব্দৰ ৭ মে’ তাৰিখে কলিকতাত হৈছিল ৷ তেঁওৰ পিতৃৰ নাম  আছিল মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাকৰ নাম সাৰদা দেৱী ৷ পৰিবাৰিক সূত্ৰৰ পৰাই ৰবীন্দ্ৰনাথ মাৰ্জিত ৰুচি, উন্নত সাংস্কৃতিক চেতনা আৰু যুক্তিবাদী উদাৰ মানসিকতাৰ অধিকাৰী আছিল ৷

           ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল ৷ স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা ২৩টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। “আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালবাসি শীর্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ (১৯৭২) ৰাষ্ট্ৰীয় সংগীতৰ মর্যাদা লাভ কৰিছিল। ‘যদি তোৰ ডাক শুনে কেও না আসে তবে একলা চলো ৰে…’ৰ দৰে তীব্র জাতীয় আৱেদনময়ী গীতে চিৰকালে জনপ্রিয়তা লাভ কৰি থাকিব। তেঁও ৰচনা কৰা ‘জন গণ মন’ শীৰ্ষক সংগীতটি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ স্বকৃতি লাভ কৰিছে ৷ ১৯১৩ খ্ৰীষ্টাব্দত তেওঁৰ কাব্য গ্ৰন্থ ‘গীতাঞ্জলী’ৰ ইংৰাজী অনুবাদ প্ৰকাশ পোৱাৰ পিছত সাহিত্যৰ বাবে তেওঁ ন’বেল বঁটা লাভ কৰে ৷

           স্বদেশী আন্দোলনৰ সময়ত ডব্লিউ কাৰালইলে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ সকীয়াই দিছিল ৷ ৰবীন্দ্রনাথ ঠাকৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিাবাৰীত অনুষ্ঠিত বিশাল ছাত্রসভাত ‘এন্টি-চার্কুলাৰ ছ’চাইটী’ গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।  ১৯০৫ চনৰ ৫ আগষ্ট তাৰিখে  ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ বক্তৃতা দিছিল। পিছদিনা বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰিছিল।

      স্বদেশী শিল্প উদ্যোগটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ অৱদান অপৰিসীম ৷ ৰবীন্দ্রনাথ ঠাকুৰে প্রতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকতজিলিকা বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল।

বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

Advertisement

(২) মার্গার্টে এলিজাবেথ নবোল (ভগিনী নিবেদিতা)।

উত্তৰ – ভগিনী নিবেদিতাৰ জন্ম আয়াৰলেণ্ডত হৈছিল ৷ তেওঁৰ নাম আছিল  মার্গাৰেট এলিজাবেথ নবোল ৷ তেওঁ নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত স্বদেশী আন্দোলনৰ জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগাইছিল ৷  কলিকতাত থকা সময়ত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে প্রত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনাইছিল।

(৩) নবাব ছলিমউল্লা।

উত্তৰ –  নবাব ছলিমউল্লা ঢাকাৰ ওচৰৰ এক ক্ষুদ্ৰ ৰাজ্যক্ষেত্রৰ নবাব আছিল। তেওঁক দেশৰ মুছলমানসকলৰ স্বাৰ্থৰক্ষাৰ উদ্দেশ্যে ১৯০৬ চনত প্রতিষ্ঠা হোৱা মুছলিম লীগৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। ১৯০৬ খ্ৰীষ্টাব্দত ৩০ ডিচেম্বৰ তাৰিখে  চলিমউল্লা খানৰ আহ্বান ক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমুৰীয়াই নবাব বিকৰিউল মুলকৰ পৌৰোহিত্যত ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশ গ্ৰহণ কৰে ৷ এই ঐতিহাসিক সভাতে   “সৰ্বভাৰতীয় মুছলিম লীগ” নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হয়। নবাব ছলিমউল্লাই এই নতুন ৰাজনৈতিক দলটোৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ উক্ত সভাতেই ঘোষণা কৰিছিল। ভাৰতীয় সকলে স্বদেশী আন্দোলনৰ মাধ্যমেৰে প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰি থকা বাতাবৰণত মুছলমানসকলৰ হৈ নবাব চলিমউল্লাই ব্রিটিছসকলৰ প্রতি আনুগত্য প্রকাশ কৰাত ভাৰতীয় জাতীয় কংগ্ৰেছ দুর্বল হৈ পৰে। তেওঁৰ মৃত্যুৰ পিছত মুছলিম লীগৰ ৰক্ষণশীল চৰিত্ৰৰ বৃহৎ মাত্ৰাত পৰিৱৰ্তন সাধন হয়।

Read More:

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস-

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

Advertisement

12 Replies to “বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন”

Leave a Reply

Your email address will not be published. Required fields are marked *