বংশগতি আৰু ক্ৰমবিকাশ

Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- ৯,বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

প্ৰশ্নাৱলী, Page No- 143       

1.  যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল ?

উত্তৰ-  “B” চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল৷

2.  এটা প্ৰজাতিত সৃষ্টিত হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱক বৰ্তাই ৰাখে ?

উত্তৰ- প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈশাদৃশ্যতাসমূহৰ উপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণে সুবিধা লাভ কৰে৷ উদাহৰণ স্বৰূপে, যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰেৰে গৰম বতাহ প্ৰবাহিত কৰি থাকিলেও জীয়াই থাকিবলৈ সক্ষম হয়৷ এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাকক পৰিবেশৰ কিছুমান কাৰকৰ প্ৰভাবত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়৷       

বংশগতি আৰু ক্ৰমবিকাশ, প্ৰশ্নাৱলী, Page No- 147       

1.  মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাকৰ কোনটো প্ৰভাবী আৰু কোনটো অপ্ৰভাবী তাক কেনেকৈ নিৰ্ণয় কৰিছিল?

উত্তৰ-

বংশগতি আৰু ক্ৰমবিকাশ
চিত্ৰ – দুটা প্ৰজন্মৰ চৰিত্ৰিক বৈশিষ্টৰ বংশানুক্ৰমিক প্ৰবাহ

মেণ্ডেলে তেখেতৰ পৰীক্ষাত ওখ আৰু চাপৰ মটৰ মাহ গছৰ মাজত সংকৰণ ঘটাইছিল৷ সংকৰণ পৰীক্ষাত তেঁও প্ৰথম প্ৰজন্ম(F1) অৰ্থৎ F1 জনুত কেৱল ওখ মটৰ মাহৰ কিন্তু দ্বিতীয় প্ৰজন্ম(F) অৰ্থৎ F জনুত ওখ আৰু চাপৰ দুয়ো ধৰণৰ মতৰ মাহৰ গছ পাইছিল৷ দ্বিতীয় জনুত পোৱা ব্যক্ত ৰূপ অনুপাত আছিল 1:2:1.

            যিহেতু প্ৰথম প্ৰজন্ম বা F1 জনুত ওখ আৰু চাপৰ দুয়োধৰণৰ চাৰিত্ৰিক বৈশিষ্ট থাকিলেহে দ্বিতীয় প্ৰজন্ম বা F জনুত ওখ আৰু চাপৰ মটৰ মাহৰ গছ পোৱা সম্ভৱ হ’ব৷  সেয়েহে ইয়াৰ পৰাই মেণ্ডলে বুজিবলৈ সক্ষম হৈছিল যে F1 জনুত সকলোবিলাক মটৰ মাহৰ গছ ওখ হ’ল যদিও তাত ওখ আৰু চাপৰ দুই ধৰণৰে চৰিত্ৰ আছিল৷ কিন্তু ওখ চৰিত্ৰটো প্ৰভাৱী হিচাপে আৰু চাপৰ চৰিত্ৰটো অপ্ৰভাৱী হিচাপে আছিল৷ অপ্ৰভাৱী চৰিত্ৰটো F জনুত প্ৰকাশ পালে৷

2. মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাকৰ স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নিৰ্ণয় কৰিছিল?           

উত্তৰ-  

বংশগতি আৰু ক্ৰমবিকাশ
চিত্ৰ- স্বতন্ত্ৰভাবে দুটা বেলেগ বেলেগ চৰিত্ৰিক বৈশিষ্টৰ বংশানুক্ৰমিক প্ৰবাহ; আকৃতি আৰু বীজৰ বৰণ

            মেণ্ডেলে মটৰ মাহৰ দুযোৰ পৃথক পৃথক চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজত দ্বীসংকৰণ পৰীক্ষা এটা কৰিবংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি নিৰ্ণয় কৰিছিল৷ চিত্ৰত দেখা গৈছে যে ঘূৰণীয়া-সেউজীয়া মটৰ মাহৰ লগত সোতোৰা-হালধীয়া মটৰ মাহৰ সংকৰণ ঘটাত F1 জনুত আতাইবোৰ গছ ঘূৰণীয়া-হালধীয়া উৎপন্ন হয়৷ সেয়েহে ঘূৰণীয়া-হালধীয়া চৰিত্ৰ দুটা প্ৰভাৱী৷      

             কিন্তু যেতিয়া F1 জনুৰ গছবোৰৰ মাজতে স্ব-পৰাগযোগে সংকৰণ ঘটিলে তেতিয়া F2 জনুত 9:3:3:1 অনুপাতত ক্ৰমে ঘুৰণীয়া-হালধীয়া, ঘুৰণীয়া-সেউজীয়া, সোতোৰা-হালধীয়া আৰু সোতোৰা-সেউজীয়া গছ উপন্ন হ’ল৷ দেখা গ’ল যে সেউজীয়া আৰু সোতোৰা চৰিত্ৰ দটা F1 জনুত প্ৰকাশ পো্ৱা নাছিল যদিও F2 জনুত নতুনকৈ সংমিশ্ৰিত হৈ প্ৰকাশ পালে৷ গতিকে উক্ত চৰিত্ৰ সমূহ বংশানুক্ৰমিকভাবে স্বতন্ত্ৰ হিচাপে প্ৰবাহিত হৈছে৷

4. মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয়?

উত্তৰ-

বংশগতি আৰু ক্ৰমবিকাশ
চিত্ৰ – মানুহৰ লিংগ নিৰ্ধাৰণ

      মানুহৰ ক্ষেত্ৰত, মহিলাৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XX” আৰু পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল হ’ল “XY” ৷ অৰ্থাৎ পুৰুষৰ পৰা দুই ধৰণৰ জনন কোষ ‘X’ আৰু ‘Y’ পোৱা যাব৷ আনহাতে, মহিলাৰ পৰা অকল এক ধৰণৰ জনন কোষ ‘X’ পোৱা যাব৷ সেয়েহে সন্তানৰ লিংগ নিৰ্ধাৰণৰ বাবে প্ৰকৃততে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়৷ যদি পিতৃৰ ফালৰ পৰা ‘X’ ক্ৰ’ম’জ’ম প্ৰবাহ হৈ মাতৃৰ ‘X’ ক্ৰ’ম’জ’মৰ লগত “XX” যোজন কোষ গঠন হয় তেনেহ’লে সন্তানটো ছোৱালী হ’ব৷ একেদৰে পিতৃৰ ফালৰ পৰা ‘Y’ ক্ৰ’ম’জ’ম প্ৰবাহ হ’লে “XY” যোজন কোষ গঠন হৈ সন্তানটো ল’ৰা হ’ব৷

বংশগতি আৰু ক্ৰমবিকাশ, প্ৰশ্নাৱলী, Page No- 150

1. কি কি প্ৰকাৰে কোনো এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায় ?

উত্তৰ-  জিনীয় পথচ্যুত, প্ৰাকৃতিক নিৰ্বাচন আদিৰ বাবে এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্ৰিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্ৰমাগতভাবে বাঢ়ি যায়৷

2.  জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ কিয় বংসানুক্ৰমিক প্ৰবাহ নঘটে?

উত্তৰ- জীৱৰ জীৱন কালত আৰ্জিত চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংসানুক্ৰমিক প্ৰবাহ নঘটে কাৰণ আৰ্জিত চৰিত্ৰবিলাকে জীৱবিলাকৰ জনন কোষত থকা জিনবিলাকৰ কোনো সাল-সলনি ঘটাব নোৱাৰে৷

3. বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা?

উত্তৰ- জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থাকিলে বাঘৰ মাজত বৈসাদৃশ্যতা কমকৈ পৰিলক্ষিত হ’ব৷ এনে হ’লে জীৱিত বাঘবোৰে নতুন পৰিবেশৰ লগত নিজকে খাপ খোৱাব নোৱাৰিব৷ তেনে ক্ষেত্ৰত যিকোনো প্ৰাকৃতিক দূৰ্যোগত কম সংখ্যক বাঘৰ প্ৰজাতিটো হঠাতে লুপ্ত হৈ যাব পাৰে৷ সেয়েহে বংশগতি বিজ্ঞানৰদিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্ৰমে হ্ৰাস পাই গৈ থকাটো চিন্তাৰ বিষয়৷

বংশগতি আৰু ক্ৰমবিকাশ, প্ৰশ্নাৱলী, Page No- 151

1.   নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়?

উত্তৰ- নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে অৰিহণা যোগোৱা উপাদানবোৰ হ’ল- জিনীয় পথচ্যুত, প্ৰাকৃতিক নিৰ্বাচন আৰু ভৌগলিক পৃথকীকৰণ ৷

2. স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক পাৰে নে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?

উত্তৰ-  স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব নোৱাৰে৷ কাৰণ স্ব-পৰাগযোগ ঘটা উদ্ভিদৰ ক্ষেত্ৰত নিষেচন প্ৰক্ৰিয়াত পুংকেশৰৰ পৰা পৰাগ ৰেণুবিলাক একেপাহ ফুল বা একেডাল গছৰ আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত স্হানান্তৰিত হয়৷

3. অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক পাৰে নে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে

উত্তৰ-  অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্হাটো প্ৰধান কাৰক হ’ব নোৱাৰে৷ কাৰণ অযৌন প্ৰক্ৰিয়াত একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ জীৱৰ মাজত ডি.এন.এ ৰ একত্ৰিকৰণ নহয়৷ এই প্ৰক্ৰিয়াত এটা জীৱৰ পৰাই নতুন এটা জীৱৰ সৃষ্টি হয়৷

বংশগতি আৰু ক্ৰমবিকাশ, প্ৰশ্নাৱলী, Page No- 156

1. দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্হাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট এটাৰ উদাহৰণ দিয়া

উত্তৰ- দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্হাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্ৰিক বৈশিষ্ট এটাৰ উদাহৰণ হ’ল- কিছুমান ডাইন’চ’ৰৰ পাখি আছিল যদিও সিহঁতে উৰিব পৰা নাছিল৷ চৰাইবোৰে পিছলৈ অভিযোজনাদ্বাৰা পাখিক উৰণত ব্যৱহাৰ কৰিছিল৷ ইয়াৰ পৰা বুজিব পাৰি যে চৰাইবোৰ সৰীসৃপৰ ওচৰসম্পৰ্কীয় যিহেতু ডাইন’চৰবিলাক সৰীসৃপ আছিল৷

2. পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্হ অংগ বুলি পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি?

উত্তৰ- পখিলাৰ পাখি আৰু বাদুলিৰ দেউকা সমসংস্হ অংগ নহয়| কাৰণ সমসংস্হ অংগৰ কাম ভিন্ন আৰু ইহঁতৰ গঠন বা উৎপত্তিৰ স্হল একে হয়৷ পখিলাৰ পাখি আৰু বাদুলিৰ দেউকাৰ কাম একে সেয়েহে ইহঁত সমবৃত্তিক অংগহে৷

3.জীৱাশ্ম সমূহ কি? বিবৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে আমাক কি কয়?

উত্তৰ- ভূত্বকৰ বিভিন্ন স্তৰত পোৱা বহু বছৰৰ আগৰ জীৱৰ ধ্বংসাৱশেষক জীৱাশ্ম বোলা হয়৷

     জীৱাশ্ম অধ্যয়নৰ জৰিয়তে অতীতৰ জীৱ সমূহৰ লগত বৰ্তমানৰ জীবসমূহৰ মাজৰ সম্পৰ্ক বুজি পোৱা যায়৷ জীৱাশ্মই কোনো এটা প্ৰজাতিৰ বিবৰ্তনৰ পৰ্যায় সমূহ বুজিবলৈ সহায় কৰে৷

বংশগতি আৰু ক্ৰমবিকাশ, প্ৰশ্নাৱলী, Page No- 158

1. বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্ৰজাতিত অন্তৰ্ভূক্ত কিয়?

উত্তৰ- একেটা প্ৰজাতিৰ জীৱৰ মাজত প্ৰজনন ক্ৰিয়া সংঘটিত হয়৷ বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰুঅবয়ব ভিন্ন যদিও ইহঁতৰ মাজত প্ৰজনন ক্ৰিয়া সংঘটিত হয়৷ সেয়েহে সকলো মানুহক একেটা প্ৰজাতিত অন্তৰ্ভূক্ত কৰা হয়৷

2. বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্ৰাতিৰ জীৱৰ দেহৰ গঠন বিবৰ্তনৰ দিশত অতি উচ্চস্তৰৰ? কিয় উচ্চ স্তৰৰ?

উত্তৰ- বিবৰ্তনৰ ক্ষেত্ৰখনত কোনো প্ৰকৃত ক্ৰমন্নতি দেখা নাযায়৷ এনে নহয় যে সৰল দেহ গঠন যুক্ত জীৱতকৈ জটিল দেহযুক্ত জীৱবোৰ যোগ্যতা সম্পন্ন হ’ব৷ সেইকাৰণে বহু আগতে আবিৰ্ভাৱ হোৱা অতি সৰল দেহযুক্ত জীৱ এতিয়াও যোগ্যতাৰে প্ৰকৃতিত বৰ্তি আছে৷ এনেধৰণৰ এবিধ সৰল কোষৰ জীৱ হ’ল বেক্টেৰিয়া৷ সেয়েহে কোনো জীৱকে বিবৰ্তনৰ উচ্চস্তৰৰ বুলি গণ্য কৰিব নোৱাৰি৷ দৰাচলতে বিবৰ্তনৰ ফলত সৃষ্টি হোৱা অসংখ্য সৰ্বশ্ৰেষ্ঠ অৱস্হা জীৱৰ অন্তৰ্গত এটা প্ৰজাতি৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

                                              অনুশীলনী

4. এটা অধ্যয়নৰ পৰা দেখা যে পাতল বৰণৰ চকুৰ ৰাছোৱালীৰ মাক দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়৷ ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিবা নে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয়?

উত্তৰ- নোৱাৰি৷ কাৰণ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ হ’লে অতি কমেও তিনিটা প্ৰজন্মৰ চৰিত্ৰৰ তথ্য প্ৰয়োজন হ’ব৷ অকল পিতৃ-মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্য্, ল’ৰা-ছোৱালীৰ প্ৰভাৱী বা অপ্ৰভৱী চাৰিত্ৰিক বৈশিষ্ট সমূহ নিৰ্ধাৰণ কৰিবলৈ পৰ্যাপ্ত নহয়৷

5.  বিবৰ্তন আৰু শ্ৰেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?

উত্তৰ- জীৱসমূহক চাৰিত্ৰিক বৈশিষ্টৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়৷ দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য থাকিলে সিহঁতৰ পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়৷ পৰস্পৰ ওচৰ সম্পৰ্কীয় জীৱসমূহ একেটা পূৰ্বপুৰুষৰ পৰা বিবৰ্তন হয়৷ উদাহৰণস্বৰূপে একে পৰিয়ালৰে ভাই আৰু ভনী অতি ওচৰ সম্পৰ্কীয়৷ ইহঁতৰ প্ৰথম কূল হৈছে ইহঁতৰ মাক দেউতাক৷ এগৰাকী ছোৱালী আৰু তেওঁৰ ভতিজাৰ লগত কিছুমান সাদৃশ্য থাতিব কিন্তু ককায়েকৰ লগত থকা সাদৃশ্যতকৈ কিছু কম হ’ব৷ এই ক্ষেত্ৰত ভতিজাকৰ দ্বিতীয় কূলৰ পিতৃপূৰুষ হ’ব সিহঁতৰ ক’কা-আইতা৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে জীৱৰ প্ৰজাতিৰ শ্ৰেণী বিভাজনত ইহঁতৰ বিবৰ্তনৰ প্ৰতিফলন ঘটে৷

6.  উদাহৰণসহ সমসংস্হ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা৷

উত্তৰ-  যিবোৰ অংগৰ কাম ভিন্ন যদিও ইহঁতৰ গঠন বা উৎপত্তিৰ স্হল একে তেনেবোৰ অংগক সমসংস্হ অংগ বোলে৷

উদাহৰণ- চৰাইৰ দেউকা, ভেকুলিৰ অগ্ৰপদ আৰু মানুহৰ হাত৷

      যিবোৰ অংগৰ কাম একে যদিও ইহঁতৰ গঠন বা উৎপত্তিৰ স্হল ভিন্ন তেনেবোৰ অংগক সমবৃত্তিক অংগ বোলে৷

উদাহৰণ- পখিলাৰ পাখি আৰু চৰাইৰ দেউকা৷

8.  বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা৷

উত্তৰ- বিবৰ্তন প্ৰক্ৰিয়াত জীৱাশ্মৰ গুৰুত্ব –

i) জীৱাশ্ম অধ্যয়নৰ জৰিয়তে অতীতৰ জীৱ সমূহৰ লগত বৰ্তমানৰ জীবসমূহৰ মাজৰ সম্পৰ্ক বুজি পোৱা যায়৷

ii) জীৱাশ্মই কোনো এটা প্ৰজাতিৰ বিবৰ্তনৰ পৰ্যায় সমূহ বুজিবলৈ সহায় কৰে৷

iii) জীৱাশ্মই অতীতৰ জীৱসমূহৰ দৈহিক গঠন, বাসস্হান আদিৰ বিষয়ে বুজিবলৈ সহায় কৰে৷

iv) জীৱাশ্মৰ সহায়ত সৰল দেহযুক্ত জীৱৰ পৰা বিবৰ্তন হৈ কেনেদৰে জটিল দেহযুক্ত জীৱ উদ্ভৱ হয় তাক অধ্যয়ন কৰিব পাৰি৷

v) জীৱাশ্মৰ সহায়ত দুটা প্ৰজাতিৰ মাজত বিবৰ্তন সম্পৰ্ক স্হাপন কৰিব পাৰি৷

10. অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবৰ্তনত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰ- প্ৰজনন প্ৰক্ৰিয়াত এটা কোষৰ পৰা দুটা অপত্য কোষৰ সৃষ্টি হৈ ডি.এন.এ আৰু কোষ অংগানুসমূহ প্ৰতিলিপিকৰণ হয়৷ ডি.এন.এৰ প্ৰতিলিপিকৰণত অপত্য ডি.এন.এ ডাল হুবহু একে নহয় ফলত এনে আঁসোৱাহ পূৰ্ণ ডি.এন.এ.ৰ বাবে জীৱকূলৰ মাজত বৈসাদৃশ্যতাৰ প্ৰভাৱ পৰে৷ এই বৈসাদৃশ্যতা অযৌন প্ৰজননপ্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা বেছি সৃষ্টি হয়৷ কাৰণ, অযৌন প্ৰজনন প্ৰক্ৰিয়াত এটা মাত্ৰ জীৱ জড়িত থাকে আনহাতে যৌন প্ৰজনন প্ৰক্ৰিয়াত দুটা জীৱ জড়িত থাকে৷

11.  কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে?

উত্তৰ- মানুহৰ ক্ষেত্ৰত 23 যোৰ ক্ৰ’ম’জ’ম থাকে৷ ইয়াৰে ২২ যোৰ অট’জ’ম আৰু ১যোৰ লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম৷ প্ৰজনন প্ৰক্ৰিয়াৰ সময়ত যেতিয়া নিষেচন হয় তেতিয়া পিতৃৰ ফালৰ ২২ডাল অট’জ’ম আৰু ১ডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম মাতৃৰ ২২ডাল অট’জ’ম আৰু ১ডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম লগ হৈ যোজন কোষৰ সৃষ্টি হয়৷ যোজন কোষৰ বিকাশৰ ফলতেই কলাৰে পৰিপূৰ্ন জীৱটো গঠন হয়৷ ইয়াৰ পৰা প্ৰমাণ হয় যে পিতৃপুৰুষ আৰু মাতৃ পুৰুষে সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে৷

12. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে৷এই উক্তিৰ সৈতে একমত নে? যদি হয় কিয় যদি নহয় কিয়?

উত্তৰ- ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে৷’

এই উক্তিৰ সৈতে একমত৷ কাৰণ প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা ভিন্নতাৰ উপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণে সুবিধা লাভ কৰে৷ উদাহৰণ স্বৰূপে, যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰেৰে গৰম বতাহ প্ৰবাহিত কৰি থাকিলেও জীয়াই থাকিবলৈ সক্ষম হয়৷ এনে ভিন্নতা বিশিষ্ট জীৱবিলাকক পৰিবেশৰ কিছুমান কাৰকৰ প্ৰভাবত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়৷     

NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী

 অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ

অধ্যায়- ৩ ধাতু আৰু অধাতু

অধ্যায়- ৪ কাৰ্বন আৰু তাৰ যৌগ

অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

অধ্যায় ৬- জীৱন প্ৰক্ৰিয়া

অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ

অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

অধ্যায় ১২ – বিদ্যুৎ

অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

অধ্যায়- ১৪ শক্তিৰ উৎসসমূহ

অধ্যায়- ১৫ আমাৰ পৰিবেশ

অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

For Current Affairs, Please click here….

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক