অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ – Notes – Force And Laws Of Motion ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত click কৰিলে পাব ৷
বল আৰু গতি বিষয়ক সূত্ৰসমূহ – Notes
গতি বিষয়ক প্ৰথম সূত্ৰ – গতি বিষয়ক প্ৰথম সূত্ৰ আনুসৰি কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব ৷
গতি বিষয়ক দ্বিতীয় সূত্ৰ – গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি বস্তু এটাৰ ভৰবেগৰ পৰিবৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসন্তুলিত বলৰ দিশত তাৰ সমাণুপাতিক ৷
গতি বিষয়ক তৃতীয় সূত্ৰ – গতি বিষয়ক তৃতীয় সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰীয়া থাকে ৷
জড়তা – বস্তু এটাৰ স্থিতিশীল অৱস্থাৰ ৱা সুষম বেগেৰে গতিশীল অৱস্থাতৰ পৰিবৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক বস্তুটোৰ জড়তা বোলে ৷
স্থিতি জড়তা – কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তু এটা সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব বিচাৰে ৷ বস্তু এটাৰ স্থিতিশীল অৱস্থাৰ পৰিবৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক বস্তুটোৰ স্থিতি জড়তা বোলে ৷
গতি জড়তা –
কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তু এটা সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব বিচাৰে ৷ বস্তু এটাৰ গতিশীল অৱস্থাৰ পৰিবৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক বস্তুটোৰ স্থিতি জড়তা বোলে ৷
জড়তাৰ সূত্ৰ – গতি বিষয়ক প্ৰথম সুত্ৰটোকে জড়তাৰ সূত্ৰ বোলে ৷ গতি বিষয়ক প্ৰথম সূত্ৰ আনুসৰি কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব ৷
ভৰবেগ – বস্তু এটাৰ ভৰবেগ হ’ল বস্তুটোৰ ভৰ আৰু বেগৰ গুণফল ৷
ভৰবেগৰ এছ. আই (SI) একক kgms-1
বলৰ এছ. আই (SI) একক kgms-2 বা নিউটন(N) ৷
1 নিউটন বল – কোনো এটা 1 kg ভৰৰ বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলে যদি বস্তুটোৰ 1
kgms-2 ত্বৰণ সৃষ্টি কৰে তেনেহ’লে ক্ৰিয়া কৰা বলৰ মান হ’ব 1 নিউটন ৷
ভৰবেগৰ সংৰক্ষণ সূত্ৰ – ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি বাহ্যিক অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাটৰ আগৰ মুঠ ভৰবেগ, সংঘাটৰ পিছৰ মুঠ ভৰবেগৰ সমান হ’ব ৷
Related Post :
বল আৰু গতি বিষয়ক সূত্ৰসমূহ – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী
আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes
বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes
খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes
বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)
9 Replies to “বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes”