বল আৰু গতি বিষয়ক সূত্ৰসমূহ

বল আৰু গতি বিষয়ক সূত্ৰসমূহ
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 9 বল আৰু গতি বিষয়ক সূত্ৰসমূহ (Force And Laws of Motion) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – প্ৰশ্নাৱলী, Page No- 118

1. তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি (ক) এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল? (খ) এথন চাইকেল আৰু এখন ৰে’ল গাড়ী ? গ) এটা পাঁচটকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা ?

উত্তৰ – ভৰেই হৈছে জড়তাৰ মাপ ৷ সেয়েহে তলত উল্লেখ কৰা বস্তুবোৰৰ জড়তা বেছি –

     ক) একে আকাৰৰ শিলৰ বল ৷

     খ)এখন ৰে’ল গাড়ী ৷

     গ)এটা পাঁচটকীয়া মুদ্ৰা ৷

2 তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিবৰ্তন কিমানবাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা

এজন ফুটবল খেলুৱৈয়ে ফুটলটো তেওঁৰ দলৰ অন্য এজন খেলুবৈলৈ আগবঢ়াই দিছে, যিজন বলটো গ’ললৈ মাৰিছে। বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্রত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকর্তাজনক চিনাক্ত কৰা।

উত্তৰ – উদাহৰণটো আমি এনে দৰে বিশ্লেষণ কৰিব পাৰো –

১)স্থিতিশীল অৱস্থাত থকা ফুটবলটো প্ৰথমে এজন খেলুৱৈয়ে অন্য এজন খেলুবৈলৈ আগবঢ়াই দিছে ৷  – ইয়াত প্ৰথমবাৰ বেগৰ পৰিবৰ্তন হৈছে ৷

২) দ্বিতীয় খেলুৱৈজনে বলটো গ’ললৈ মাৰিছে। ৷- ইয়াত দ্বিতীয়বাৰ বলটোৰ বেগৰ পৰিবৰ্তন হৈছে ৷

৩)বিপৰীত দলৰ গলৰক্ষকজনে বলটো ধৰিছে ৷ – ইয়াত তৃতীয়বাৰ বলটোৰ বেগৰ পৰিবৰ্তন হৈছে ৷

৪)গলৰক্ষকজনে বলটো তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে।  – ইয়াত চতুৰ্থবাৰ বলটোৰ বেগৰ পৰিবৰ্তন হৈছে ৷

গতিকে, উক্ত উদাহৰণটোত বলটোৰ বেগৰ পৰিবৰ্তন চাৰিবাৰ হৈছে ৷

3. গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্যাখ্যা কৰা।

উত্তৰ – গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত সৰি পৰে ৷ ইয়াৰ কাৰণ হ’ল গছৰ ডাল এডাল জোকাৰি দিলে ই হঠাতে এটা গতি লাভ কৰে ৷ ডালত লাগি থকা পাতবোৰেও গতি লাভ কৰে কিন্তু স্থিতি জড়তাৰ বাবে পাতবোৰৰ অৱশিষ্ট অংশই এই গতিৰ বিৰোধিতা কৰে ৷ ইয়াৰ ফলত কিছুমান পাত সৰি পৰে ৷

4. চলন্ত বাছ এখন হঠাৎ ৰৈ গলে আমি আগলৈ আৰু ৰৈ থকা বাছ এখন হঠাৎ ত্বৰি হলে আমি পিছলৈ যাওঁ কিয়?

উত্তৰ – চলন্ত বাছ এখন হঠাৎ ৰৈ গলে আমি আগলৈ যাঁও ৷ ইয়াৰ কাৰণ হ’ল, আমি বাছত ভ্ৰমণ কৰিলে বাছখনৰ চালকে ব্ৰেক প্ৰয়োগ কৰি নৰখোৱা পৰ্যন্ত আমি গাড়ীৰ আসনৰ সাপেক্ষে স্থিতিশীল হৈ থাকো ৷ ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখনৰ গতি কমি আহে, কিন্তু গতি জড়তাৰ  বাবে আমাৰ শৰীৰে পূৰ্বৰ গতিশীল অৱস্থাতে থাকিব বিচাৰে ৷

আমি ৰৈ থকা বাছ এখনত বহি বা থিয় হৈ থকিলে  বাছখন হঠাৎ ত্বৰিত হ’লে আমি পিছলৈ যাঁও ৷ ইয়াৰ কাৰণ হ’ল, বাছখনে হঠাতে গতি আৰম্ভ কৰিলে বাছৰ লগতে বাছৰ মজিয়াৰ সংস্পৰ্শত থকা আমাৰ ভৰি দুখনেও গতি লাভ কৰে ৷  কিন্তু স্থিতি জড়তাৰ বাবে শৰীৰৰ অৱশিষ্ট অংশই এই গতিৰ বিৰোধিতা কৰে ৷

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – প্ৰশ্নাৱলী, Page No- 126

Advertisement

1. যদি ক্রিয়া সদায় প্রতিক্রিয়াৰ সমান, তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্যাখ্যা কৰা |

উত্তৰ – ঘোঁৰা এটাই গাড়ীখন টানিবলৈ ভৰিৰ সহায়ত মাটিত পিছফালৰ দিশত বল প্ৰয়োগ কৰে ৷ গতি বিষয়ক তৃতীয় সূত্ৰ মানি চলি মাটিয়ে ঘোঁৰাটোৰ ওপৰত সমান আৰু বিপৰীত মুখী বল প্ৰতিক্ৰিয়া হিচাপে প্ৰয়োগ কৰে ৷ উক্ত কাৰণতে ঘোঁৰা এটাই গাড়ীখন টানিব পাৰে ৷

2. অগ্নিনির্বাপক বাহিনীৰকৰ্মী এজনে তীব্র বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা পায় ব্যাখ্যা কৰা।

উত্তৰ – গতি বিষয়ক তৃতীয় সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰীয়া থাকে ৷ অগ্নিনির্বাপক বাহিনীৰকৰ্মী জনে তীব্র বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে পাইপেৰে উলাই যোৱা পানীৱে  কৰ্মী জনৰ হাতত  এটা বিপৰীত মুখী বল প্ৰয়োগ কৰে ৷ সেইবাবে অগ্নিনির্বাপক বাহিনীৰকৰ্মী জনে তীব্র বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে অসুবিধা পায় ।

3. 4 kg ভৰৰ বন্দুক এটাৰ পৰা 50 g ভৰৰ গুলী এটা 35 ms-1 প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে। বন্দুকটোৰ প্ৰাৰম্ভিক প্রতিক্ষেপ (recoil) বেগ কিমান?

উত্তৰ – ধৰাহ’ল,         

গুলীৰ ভৰ, m1 = 50 g = 50 /1000 = 0.05 kg

বন্দুকৰ ভৰ , m2 = 4kg

         গুলি(u1) আৰু বন্দুকৰ(u2) প্ৰাৰম্ভিক বেগ = 0   

         গুলীৰ অন্তিম বেগ, v1 = 35 ms

         বন্দুকটোৰ প্রতিক্ষেপ  বেগ = v2

গুলি মৰাৰ পূৰ্বে বন্দুকটোৰ স্থিতিশীল অৱস্থাত বন্দুক আৰু গুলিৰ মুঠ ভৰবেগ,

      =   m1u1 + m2u2 

      = 0.05  x 0 + 4 x 0

      = 0 kgms-1

 গুলি মৰাৰ পিছত বন্দুক আৰু গুলিৰ মুঠ ভৰবেগ = m1v1 + m2v2

                                  = 0.05  x 35 + 4 x v2

                                   = 1.75 + 4v2

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

  এতেকে, বন্দুকটোৰ প্ৰাৰম্ভিক প্রতিক্ষেপ (recoil) বেগ -0.44 ms-1

4. 100g আৰু 200g ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰল ৰেখাৰে ক্ৰমে 2ms-1 আৰু 1ms-1 বেগেৰে গতি কৰি আছে। সিহঁত সংঘাতত লিপ্ত হ’ল আৰু তাৰ পিছত প্ৰথমটোৰ বেগ 1.67ms-1 হ’ল। দ্বিতীয়টোৰ বেগ নির্ণয় কৰা ৷

উত্তৰ –  ধৰাহ’ল,         

প্ৰথম বস্তুটোৰ ভৰ,   m1 = 100 g = 100/1000 = 0.1 kg

দ্বিতীয় বস্তুটোৰ  ভৰ , m2 = 200 g = 200/1000 = 0.2 kg

প্ৰথম বস্তুটোৰ প্ৰাৰম্ভিক বেগ, u1 = 2ms-1

 দ্বিতীয় বস্তুটোৰ প্ৰাৰম্ভিক বেগ, u2 = 1ms-1

 প্ৰথম বস্তুটোৰ অন্তিম বেগ, v1 = 1.67ms-1

দ্বিতীয় বস্তুটোৰ অন্তিম বেগ = v2

 সংঘাতত লিপ্ত হোৱাৰ  পূৰ্বে বস্তু দুটাৰ মুঠ ভৰবেগ =   m1u1 + m2u2 

                                   = 0.1  x 2 + 0.2 x 1

                                   = 0.2 + 0.2

                                   = 0.4 kgms-1

 সংঘাতত লিপ্ত হোৱাৰ  পিছত বস্তু দুটাৰ মুঠ ভৰবেগ = m1v1 + m2v2

                                    = 0.1  x 1.67 + 0.2 x v2

                                    = 0.167 + 0.2v2

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – অনুশীলনী

1. বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে? যদি সম্ভৱ, তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা। যদি নহয়, কাৰণ দর্শোৱা।

উত্তৰ –  হয়, গতিশীল বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ নকৰিলেও গতি কৰি থকাটো সম্ভৱ ৷ কিন্তু স্থিতিশীল বস্তু এটাই বাহ্যিক অসন্তুলিত বল অনুভৱ নকৰিলে গতি কৰা সম্ভৱ নহয় ৷ ইয়াৰ কাৰণ আমি গতি বিষয়ক প্ৰথম সূত্ৰৰ পৰা পাঁও যে কোনো অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুয়ে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকে ৷

2. দলিচা এখন মাৰিৰে কোবালে, ধূলিবোৰ ওলাই আহে। ব্যাখ্যা কৰা।

উত্তৰ –  দলিচা এখনত ধূলিবোৰ স্থিতিশীল অৱস্থাত থাকে ৷ দলিচাখন কোবালে দলিচাখনৰ কোব পৰা আংশই গতি লাভ কৰে ৷ কিন্তু স্থিতি জড়তাৰ বাবে তাত থকা ধূলিবোৰে গতিৰ বিৰোধিতা কৰে ৷ সেইবাবে দলিচা এখন মাৰিৰে কোবালে, ধূলিবোৰ ওলাই আহে।

3. বাছৰ মূধছত ৰখা বস্তুবাৰ ৰচিৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়?

উত্তৰ –   ৰৈ থকা বাছ এখনে হঠাতে গতি আৰম্ভ কৰিলে বাছৰ লগতে বাছৰ মূধচৰ সংস্পৰ্শত থকা বস্তুবোৰে স্থিতি জড়তাৰ বাবে এই গতিৰ বিৰোধিতা কৰে ৷ তেনে ক্ষেত্ৰত বস্তুবোৰ পৰি যোৱা সম্ভাৱনা থাকে ৷

একেদৰে গতিশীল বাছ এখনে ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখনৰ গতি কমি আহে, কিন্তু গতি জড়তাৰ  বাবে বস্তু বোৰ পূৰ্বৰ গতিশীল অৱস্থাতে থাকিব বিচাৰে ফলত ওপৰৰ পৰা পৰি যাব পাৰে ৷

উক্ত কাৰণতে বাছৰ মূধছত ৰখা বস্তুবাৰ ৰচিৰে বান্ধি ৰাখিবলৈ কোৱা হয় ৷

4. ক্রিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়। বলটো ৰৈ যোৱাৰ কাৰণ হ’ল ।

(ক) বেট ধৰোতাজনে বলটো পর্যাপ্ত জোৰেৰে মাৰিলে।

(খ) বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক।

(গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্রিয়াশীল হৈ আছে।

(ঘ) বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্রিয়া কৰা নাই আৰু সেইবাবেই বলটো ৰৈ যাব খোজে।

উত্তৰ –  (গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্রিয়াশীল হৈ আছে।

5. ৰৈ থকা অৱস্থাৰ পৰা ট্রাক এখন পাহাৰৰ পৰা স্থিৰ ত্বৰণেৰে নামি আহিছে। ই 20 s ত 400 m দূৰত্ব অতিক্রম কৰিলে ইয়াৰ ত্বৰণ নির্ণয় কৰা। যদি ট্রাকখনৰ ভৰ 7 মেট্রিক টন হয় তেন্তে ট্রাকখনৰ ওপৰত ক্রিয়া কৰা বলৰ মান নির্ণয় কৰা। (ইংগিত 1 টন = 1000 kg) ।

উত্তৰ –  দিয়া আছে,

           ট্ৰাকখনে অতিক্ৰম কৰা দূৰত্ব, s = 400 m

                       সময়,     t = 20s

           ট্ৰাকখনৰ প্ৰাৰম্ভিক বেগ,     u = 0 m/s

                    ট্ৰাকখনৰ ভৰ , m = 7 মেট্রিক টন

                                  = 7 x 1000 kg

                                  = 7000 kg

    ট্রাকখনৰ ওপৰত ক্রিয়া কৰা বলৰ মান , F = ?

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

আৰু,

         F = ma

           = 7000 kg x 2 m/s2

           = 14000N

এতেকে ট্রাকখনৰ ওপৰত ক্রিয়া কৰা বলৰ মান হ’ব 14000 N

6. 1 kg ভৰৰ শিল এটা হিমীভূত (frozen) হ্রদ এটাৰ পৃষ্ঠৰ ওপৰেদি 20 ms-1 বেগেৰে দলিয়াই দিয়াত সি 250 m দূৰত্ব অতিক্রম কৰি ৰৈ গ’ল। শিলটো আৰু বৰফৰ মাজত ঘর্ষণ বল কিমান?

উত্তৰ –  দিয়া আছে,

             শিলটোৰ ভৰ, m =1kg

             প্ৰাৰম্ভিক বেগ, u = 20 ms-1

              অন্তিম বেগ, v = 0 ms-1

         অতিক্ৰম কৰা দূৰত্ব, s = 250 m

   শিলটো আৰু বৰফৰ মাজতঘৰ্ষণ বল, F = ?

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

আৰু,

      F = ma

        = 1kg x – 0.8 m/s2

        = – 0.8N

এতেকে, শিলটো আৰু বৰফৰ মাজত ঘর্ষণ বল 0.8 N আৰু এই বলে শীলটোৰ গতিৰ বিপৰিত দিশত ক্ৰিয়া কৰে ৷

7. 8000 kg ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 kg ভৰৰ 5 টা ডবা অনুভূমিক ৰেল লাইনৰ ওপৰেদি টানি নিছে। যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 N আৰু ৰেল লাইনে দিয়া ঘর্ষণ বল 5000 N হয়, তেন্তে তলত দিয়া ৰাশি কেইটা উলিওৱা –

(ক) ত্বৰণ উৎপন্নকাৰী মুঠ বল

(খ) ৰেলগাড়ীখনৰ ত্বৰণ আৰু

(গ) 1 নং ডবাই 2নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল।

উত্তৰ –  (ক) ত্বৰণ উৎপন্নকাৰী মুঠ বল

   দিয়া আছে,

       ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল , F =  40000 N

ৰেল লাইনে দিয়া ঘর্ষণ বল, F` = – 5000 N [ ‘-’ চিহ্নই বলৰ বিপৰিত দিশ সূচাইছে ]

এতেকে ত্বৰণ উৎপন্নকাৰী মুঠ বল  =   F + F`

                        = 40000 + (-5000)

                        = 35000N

 (খ) ৰেলগাড়ীখনৰ ত্বৰণ

 ৰেলখনৰ মুঠ ভৰ =ইঞ্জিনৰ ভৰ + প্ৰতিটো ডবাৰ ভৰ

             = 8000 kg + 5 x 2000 kg

             = 18000 kg

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

(গ) 1 নং ডবাই 2নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল।

   চাৰিটা ডবাৰ ভৰ, m“ = 4 x 2000 = 8000 kg

   ৰেল খনৰ ত্বৰণ 1.94 m/s2

     1 নং ডবাই 2নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল,

                      F“ = m“a

                         = 8000 x 1.94

                         = 15520 N

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

8. মটৰগাড়ী এখনৰ ভৰ 1500 kg গাড়ীখন 1.7 ms-2 ঋণাত্মক ত্বৰণেৰে ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ‘ব লাগিব ?

উত্তৰ –  দিয়া আছে,

         মটৰগাড়ীখনৰ ভৰ, m  =  1500 kg

        মটৰগাড়ীখনৰ ত্বৰণ, a = – 1.7 ms-2

   গাড়ী আৰু ৰাস্তাৰ মাজৰ বল, F = ?

আমি জানো যে,

         F = ma

           = 15000 kg x -1.7 m/s2

           = -2550N

এতেকে গাড়ী আৰু ৰাস্তাৰ মাজৰ বল 2550N যি মটৰগাড়ীখনৰ গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে ৷

9. m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ’ব –

(ক) (mv)2 (খ) mv2 (গ)  mv2   (ঘ) mv

উত্তৰ –  (ঘ) mv

10. 200 N অনুভূমিক বল প্রয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে। মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘর্ষণ বলৰ মান কিমান?

উত্তৰ –  গতি বিষয়ক তৃতীয় সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে ৷ যিহেতু 200 N অনুভূমিক বল প্রয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে।মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘর্ষণ বলৰ মান 200N হ’ব ৷

11. 1.5kg ভৰৰ দুটা বস্তুৱে একে সৰল ৰেখাৰে কিন্তু বিপৰীত দিশত গতি কৰি আছিল। সংঘাতৰ পূর্বে দুয়োৰে বেগ আছিল 2.5 ms-1 সংঘাতৰ পিছত বস্তু দুটা লগ লাগি যায়। সংঘাতৰ পিছত লগ লগা বস্তুটোৰ বেগ কিমান ?

উত্তৰ –  ধৰাহ’ল বস্তু দুটাৰ ভৰ, m1 = 1.5kg, m2 = 1.5kg

  সংঘাটৰ আগৰ ৱেগ, u1 = 2.5 ms-1 , u2 = -2.5 ms-1(বিপৰীত দিশৰ গতি)

  বস্তু দুটাৰ মুঠ ভৰ = m1 + m2 = 1.5 + 1.5 = 3 kg

 সংঘাটৰ পিছত বস্তু দুটাৰ ভৰ, v = ?

সংঘাতত লিপ্ত হোৱাৰ  পূৰ্বে বস্তু দুটাৰ মুঠ ভৰবেগ =   m1u1 + m2u2 

                                   = 1.5 x 2.5 + 1.5 x -2.5

                                   = 3.75 – 3.75

                                   = 0 kgms-1

 সংঘাতত লিপ্ত হোৱাৰ  পিছত বস্তু দুটাৰ মুঠ ভৰবেগ = (m1 + m2)v

                                    = 3v

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

12. গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলোঁ তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলিব। যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধুৰ ট্রাক হয়, তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি। সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ নায্যতা প্রতিপাদন কৰিছে। এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্রাকখন কিয় লৰচৰ নকৰে তাৰ ব্যাখ্যা দিয়া।

উত্তৰ –  সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি ছাত্ৰজনে দিয়া যুক্তিটো শুদ্ধ ৷ উক্ত উদাহৰণটোত ট্ৰাকখনৰ ভৰ যথেষ্ট বেছি ৷ যিকোনো এটা স্থিতিশীল বস্তুক গতি প্ৰয়োগ কৰিবলৈ এটা অসন্তুলিত বলৰ প্ৰয়োজন ৷ ট্ৰাকখনৰ চকা আৰু ৰাস্তাৰ মাজত থকা ঘৰ্ষণ বলে ট্ৰাকখনক ঠেলিবলৈ প্ৰয়োগ কৰা বলক সন্তুলিত কৰিছে সেয়েহে ট্ৰাকখন গতি লাভ কৰা নাই ৷ ট্ৰাকখনক ঠেলা বল ঘৰ্ষণ বলতকৈ অধিক হ’লেহে ট্ৰাকখনে গতি লাভ কৰিব ৷

13. 200 g ভৰৰ হকী বল এটা 10 ms-1 বেগেৰে গৈ থকা অৱস্থাত এডাল হকী মাৰিৰে (Hocky Stick) কোবোৱাত সি অহা পথেৰে 5 ms-1  বেগেৰে উভটি গ’ল। হকী মাৰিয়ে প্রয়োগ কৰ বলৰ প্ৰভাৱত হকী বলটোৰ গতিৰ ভৰবেগ পৰিবর্তন নির্ণয় কৰা।

উত্তৰ –  দিয়া আছে,

        হকী  বলৰ ভৰ,      m = 200g =  = 0.2 kg

        হকী বলৰ প্ৰাৰম্ভিক বেগ, u =10 ms-1

        হকী বলৰ অন্তিম বেগ,  v = -5 ms-1

 হকী মাৰিৰে কোবোৱাৰ আগত বলটোৰ ভৰবেগ = mu

                                 = 0. 2 x 10

                                 = 2 kgms-1

হকী মাৰিৰে কোবোৱাৰ পিচত বলটোৰ ভৰবেগ   = mv

                                  = 0.2 x -5

                                  = -1 kgms-1

       হকী বলটোৰ গতিৰ ভৰবেগ পৰিবর্তন = mv – mu

                                 = -1 – 2

                                 = – 3 kgms-1

এতেকে হকী মাৰিয়ে প্রয়োগ কৰা বলৰ প্ৰভাৱত হকী বলটোৰ গতিৰ ভৰবেগ পৰিবর্তন হ’ব 3 kgms-1

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

14. 10 গ্রাম ভৰৰ গুলী এটা অনুভূমিক দিশত 150 ms-1  বেগেৰে গৈ থকা অৱস্থাত ৰৈ থকা কাঠৰ টুকুৰা এটাত খুন্দা খাই 0.03s ত স্থিতিশীল অৱস্থাপ্রাপ্ত হ’ল। কাঠৰ টুকুৰাটোত গুলীটোৰ অন্তর্ভেদৰ দূৰত্ব নির্ণয় কৰা। তদুপৰি কাঠৰ টুকুৰাটোৱে গুলীটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নির্ণয় কৰা।

উত্তৰ –  দিয়া আছে,             

        গুলীটোৰ ভৰ, m = 10g = 10/1000 = 0.01kg

        গুলীটোৰ প্ৰাৰম্ভিক  বেগ, u = 150 ms-1

        গুলীটোৰ অন্তিম বেগ, v = 0

        স্থিতিশীল অৱস্থাপ্রাপ্ত হ’বলৈ প্ৰয়োজন হোৱা সময়, t = 0.03 s

               গুলীটোৰ অন্তর্ভেদৰ দূৰত্ব, s = ?

        গুলীটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ, F = ?

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

এতিয়া,

            F = ma

              = 0.01kg x – 5000 ms-2

                      = – 50 N

এতেকেকাঠৰ টুকুৰাটোৱে গুলীটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান 50 N ৷

15. 1 kg ভৰৰ বস্তু এটা সৰল ৰেখা এডালেদি 10 ms-1 বেগেৰে গৈ থকা অৱস্থাত 5 kg ভৰ স্থিতিশীল কাঠৰ টুকুৰা এটাত খুন্দা মাৰি তাত লাগি ধৰিল। তাৰ পিছত দুয়োটাই একেডাল সৰল ৰেখাৰে গতি আৰম্ভ কৰিলে। সংঘাতৰ ঠিক আগত আৰু ঠিক পিছত মুঠ ভৰবেগ নির্ণয় কৰা। লগতে সংলগ্ন বস্তুটোৰ বেগ নির্ণয় কৰা।

উত্তৰ – দিয়া আছে,

 বস্তুটোৰ ভৰ,  m1 = 1 kg

 খুন্দাৰ মৰাৰ আগত বস্তুটোৰ বেগ, u1 =  10 ms-1  

 কাঠৰ টকুৰাটোৰ ভৰ, m2 = 5 kg

 খুন্দাৰ মৰাৰ আগত কাঠৰ টকুৰাটোৰ  বেগ, u2 =  0 ms-1

 সংঘাটৰ পিছত কাঠ আৰু সংলগ্ন বস্তুটোৰ ভৰ = m1+ m2

 সংঘাটৰ পিছত কাঠ আৰু সংলগ্ন বস্তুটোৰ বেগ, v = ?

 সংঘাটৰ আগত মুঠ ভৰবেগ = m1u1 + m2u2

                      = 1 x 10 + 5 x 0

                      = 10 kgms-1  

আৰু,

  সংঘাটৰ পিছত মুঠ ভৰবেগ  = (m1 + m2)v                   

                      =  (1 + 5)v

                      = 6v

ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি,

        সংঘাটৰ আগত মুঠ ভৰবেগ = সংঘাটৰ পিছত মুঠ ভৰবেগ

                      10     = 6v

                         v  = 10/6

                         v  = 5/3 ms-1  

         সংঘাটৰ পিছত মুঠ ভৰবেগ  = 6v

                              = 6 x 5/3

                              = 10 kgms-1 

   সংঘাটৰ আগত মুঠ ভৰবেগ = 10 kgms-1 

   সংঘাটৰ পিছত মুঠ ভৰবেগ = 10 kgms-1  আৰু

   সংলগ্ন বস্তুটোৰ বেগ = 5/3 ms-1  

16. 6s ত 100 kg ভৰৰ বস্তু এটাৰ বেগ 5 ms-1  ৰ পৰা 8 ms-1  লৈ সুষমভাৱে ত্বৰিত কৰা হ’ল। বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ নির্ণয় কৰা। তদুপৰি বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান নির্ণয় কৰা।

উত্তৰ – বস্তুটোৰ প্ৰাৰম্ভিক বেগ, u = 5 ms-1 

        বস্তুটোৰ অন্তিম বেগ, v = 8 ms-1

       বস্তুটোৰ ভৰ, m = 100kg

       ত্বৰিত হ’বলৈ প্ৰয়োজন হোৱা সময়, t = 6s

       বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ = mu

                       = 100 x 5

                       = 500 kgms-1 

      বস্তুটোৰ অন্তিম ভৰবেগ = mv

                      = 100 x 8

                      = 800 kgms-1 

আৰু,

বল আৰু গতি বিষয়ক সূত্ৰসমূহ

  বস্তুটোৰ প্ৰাৰম্ভিক ভৰবেগ হ’ল 500 kgms-1 

   বস্তুটোৰ অন্তিম ভৰবেগ হ’ল 800 kgms-1  আৰু,

   বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বল হ’ল 50N

17. আখটাৰ, কিৰণ আৰু ৰাহুল দ্রুতবেগী পথত মটৰগাড়ীৰে তীব্র বেগেৰে গৈ থকা অৱস্থাত পোক এটাই গাড়ীৰ বায়ুৰোধী ঢালখনত (windshield) খুন্দা মাৰি চালখনত লাগি ধৰিল। আখটাৰ আৰু কিৰণে বিষয়টোৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে। কিৰণে যুক্তি দিলে যে গাড়ীখনৰ ভৰবেগৰ পৰিবৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিবৰ্তন অধিক (কাৰণ গাড়ীখনতকৈ পোকটোৰ বেগৰ পৰিবৰ্তন অধিক)। আখটাৰে ক’লে যে যিহেতু গাড়ীখ অধিক বেগেৰে গৈ আছিল, ই পোকটোৰ ওপৰত অধিক বল প্রয়োগ কৰিলে আৰু তাৰ ফলত পোকটো মৰিল। ৰাহুলে সম্পূর্ণ নতুন এটা ব্যাখ্যা দি ক’লে যে মটৰগাড়ী আৰু পোক দুয়োটাই একেই বল আৰু ভৰবেগৰ একেই পৰিবর্তন অনুভৱ কৰিছিল। এই যুক্তিসমূহৰ ওপৰত মতামত দিয়া।

উত্তৰ – উক্ত ঘটনাটোত, কিৰণে দিয়া যুক্তিটো শুদ্ধ ৷ যিহেত ভৰবেগৰ সংৰক্ষণ সূত্ৰ অনুসৰি, সংঘাটৰ আগৰ মুঠ ভৰবেগ সংঘাটৰ পিছৰ মুঠ ভৰবেগৰ মান সমান সেয়েহে গাড়ীখনৰ ভৰবেগৰ পৰিবৰ্তনতকৈ পোকটোৰ ভৰবেগৰ পৰিবৰ্তন অধিক ৷

    আখটাৰে আগবঢ়োৱা যুক্তিটোও শুদ্ধ ৷ যিহেতু ক্ৰিয়াশীল বল বেগৰ পৰিবৰ্তনৰ হাৰৰ সমাণুপাতিক সেয়েহে গাড়ীখনে পোকটোৰ ওপৰত অধিক বল প্রয়োগ কৰিলে ৷

    ৰাহুলৰ ব্যাখ্যা সম্পূৰ্ণ শুদ্ধ নহয় কাৰণ গাড়ীখন আৰু পোকটোয়ে সমান ভৰবেগৰ পৰিবৰ্তন অনুভৱ নকৰে ৷

18. 10kg ভৰৰ ডাম্বেল (dumb-bell) এটা 80 cm উচ্চতাৰ পৰা মাটিত পৰিলে মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান কিমান হ’ব? নিম্নাভিমুখী ত্বৰণ 10 ms-২   ধৰিবা।

উত্তৰ – দিয়া আছে,

              ডামবেলটোৰ ভৰ , m = 10kg

              অতিক্ৰম কৰা দুৰত্ব, s = 80 cm =  = 0.8 m

          ডামবেলটোৰ প্ৰাৰম্ভিক বেগ, u = 0

                   নিম্নমুখী ত্বৰণ, a = 10 ms-2

          মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান, mv = ?

    মাটিলৈ স্থানান্তৰ হোৱা ভৰবেগৰ মান = mv

                             = 10 x 4

                             = 40 kgms-1 

               বল আৰু গতি বিষয়ক সূত্ৰসমূহ    –   অতিৰিক্ত অনুশীলনী

Advertisement

A1. বস্তু এটাৰ গতিৰ দূৰত্ব-সময় তালিকা এখন তলত দিয়া হ’ল

চেকেণ্ড হিচাপত সময়মিটাৰ হিচাপত দূৰত্ব
00
11
28
327
464
5125
6216
7343

(a) ত্বৰণ সম্পর্কে কি সিদ্ধান্ত ল’বা ? স্থিৰ, ক্রমবর্ধমান, ক্রমহ্রাসমান নে শূন্য ?

উত্তৰ – বস্তুটোয়ে অতিক্ৰম কৰা দূৰত্ব বৰ্ধিত সময়ৰ সাপেক্ষে প্ৰত্যেক ছেকেণ্ডত বৃদ্ধি পোৱা দেখা গৈছে ৷ সেয়েহে বস্তুটোৰ ত্বৰণ ক্ৰমবৰ্ধমান ৷

(b) বস্তুটোৰ ওপৰত ক্রিয়া কৰা বলৰ সম্পর্কে কি মন্তব্য কৰিবা ?

উত্তৰ – গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি F = ma |

উক্ত বস্তুটোৰ ক্ষেত্ৰত ত্বৰণৰ বৃদ্ধি হৈছে গতিকে বস্তুটোৰ ওপৰত ক্রিয়া কৰা বলৰ বৃদ্ধি হ’ব ৷

A2. সমতল ৰাস্তা-এটাত 1200 Kg ভৰৰ মটৰগাড়ী এখন দুজন মানুহে সুষম বেগেৰে ঠেলিবলৈ সক্ষম হৈছে একেখন গাড়ী তিনিজন মানুহে ঠেলিলে 0.2 ms-2 ত্বৰণ উৎপন্ন হয়। প্রতিজন মানুহে কিমান বলেৰে গাড়ীখন ঠেলিছে? (প্রতিজন মানুহে সমান পেশীয় প্রয়াসেৰে (muscular effort) ৰে গাড়ীখন ঠেলে বুলি ধৰিবা।)

উত্তৰ – দিয়া আছে,

        মটৰগাড়ী খনৰ ভৰ, m = 1200kg

        মটৰগাড়ীখনৰ ত্বৰণ, a = 0.2 ms-2

        প্ৰতিজন মানুহে প্ৰয়োগ কৰা বল, F = ?

       গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি,

                          F = ma

                            = 1200 x 0.2

                            = 240 N

          প্ৰতিজন মানুহে প্ৰয়োগ কৰা বল 240N

A3. 500 গ্রাম ভৰৰ হাতুৰী এটাই 50 ms-1 বেগেৰে গজাল এটাত খুন্দা মাৰিলে। গজালটোৱে আতি কম সময় 0.01 চেকেণ্ডত হাতুৰীটো ৰখাই দিলে। গজালটোৱে হাতুৰীৰ ওপৰত প্ৰয়োগ কৰা বল কিমান?

উত্তৰ – দিয়া আছে,

             হাতুৰীৰ ভৰ, m = 500g = 500/1000 = 0.5 kg

হাতুৰীটোৰ প্ৰাৰম্ভিক বেগ, u = 50 ms-1

                         হাতুৰীটোৰ অন্তিম বেগ, v = 0

             গজালটোৱে হাতুৰীটোক ৰখাবলৈ প্ৰয়োজন হোৱা সময়, t = 0.01s

             হাতুৰীটোৱে গজালটোৰ ওপৰত প্ৰয়োগ কৰা বল = F

গতি বিষয়ক তৃতীয় সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে সেয়েহে গজালটোৱে হাতুৰীৰ ওপৰত প্ৰয়োগ কৰা বলৰ মান হ’ব 2500N |

A4. 1200 kg ভৰৰ মটৰগাড়ী এখন 90 km/h সুষম বেগেৰে সৰল ৰৈখিকভাৱে গতি কৰি আছে। অসন্তুলিত বাহ্যিক বল এটাই ক্রিয়া কৰি ইয়াৰ বেগ 4s ত 18 km/h লৈ হ্ৰাস কৰিলে। তৃৰণ আৰু ভৰবেগৰ পৰিবর্তন নির্ণয় কৰা। লগতে প্রয়োজন হোৱা বলৰ মান উলিওৱা।

গড়ীখনৰ ভৰবেগৰ পৰিবর্তন = mv – mu

                    = 1200 x 5 – 1200 x 25

                    = 1200(-20)

                    = – 24000 kgms-1

আৰু,

   প্রয়োজন হোৱা বলৰ মান, F = ma

                       = 1200 x -5

                       = – 6000N

     মটৰগাড়ীখনৰ ত্বৰণ হ’ব 5 m/s2

       মটৰগাড়ীখনৰ ভৰবেগৰ পৰিবর্তন হ’ব 24000 kgms-1 আৰু

       মটৰগাড়ীখনৰ প্রয়োজন হোৱা বল হ’ব 6000N

A5. একে বেগ v ৰে গতি কৰি থকা অৱস্থাত এখন প্রকাণ্ড ট্রাক আৰু এখন সৰু মটৰগাড়ী মুখামুখি সংঘর্ষত লিপ্ত হৈ ৰৈ গ’ল। যদি সংঘাতৰ সময় 1 s হয় তেন্তে

(ক) কোনখন গাড়ীয়ে অধিক প্রতিঘাত বল অনুভৱ কৰিব ?

উত্তৰ – যিহেতু ট্ৰাকখনৰ ভৰ সৰু মটৰগাড়ীখনৰ তুলনাত যথেষ্ট বেছি সেয়েহে ই অধিক প্রতিঘাত বল অনুভৱ কৰিব ৷

(খ) কোনখন গাড়ীৰ ভৰবেগৰ পৰিবর্তন অধিক হ’ব?

উত্তৰ – যিহেতু ট্ৰাকখনৰ ভৰ সৰু মটৰগাড়ীখনৰ তুলনাত যথেষ্ট বেছি সেয়েহে ইয়াৰ ভৰবেগৰ পৰিবর্তন অধিক হ’ব ৷

(গ) কোনখন গাড়ীয়ে অধিক ত্বৰণ অনুভৱ কৰিব ?

উত্তৰ – গতি বিষয়ক দ্বিতীয় সূত্ৰ অনুসৰি,

                          F = ma

    যিহেতু ট্ৰাকখনে অধিক প্রতিঘাত বল অনুভৱ কৰে সেয়েহে  ট্ৰাকখনে অধিক ত্বৰণ অনুভৱ কৰিব ৷

(ঘ) ট্রাকখতকৈ সৰু গাড়ীখনৰ ক্ষতিৰ পৰিমান অধিক হোৱাৰ সম্ভাৱনাৰ কাৰণ কি ? 

 উত্তৰ –  গতি বিষয়ক তৃতীয় সূত্ৰ অনুসৰি প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে ৷ যিহেতু ট্ৰাকখনে অধিক প্রতিঘাত বল অনুভৱ কৰে সেয়েহে ট্রাকখতকৈ সৰু গাড়ীখনৰ ক্ষতিৰ পৰিমান অধিক হোৱাৰ সম্ভাৱনাৰ আছে ৷

Related Post :

বল আৰু গতি বিষয়ক সূত্ৰসমূহ- Notes

অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ – মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

10 Replies to “বল আৰু গতি বিষয়ক সূত্ৰসমূহ”

Leave a Reply

Your email address will not be published. Required fields are marked *