বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ )

১.  বায়ুমণ্ডল কাক বোলে ?

উত্তৰ – পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।

২. ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল বিস্তৃত ?

উত্তৰ – ভূপৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিস্তৃত ৷

৩. জীৱমণ্ডল কি ?

উত্তৰ – অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশ, সৃষ্টি সম্ভৱ কৰিছে। ইয়াকে জীৱজগত বা জীৱমণ্ডল বোলে ৷

৪.  বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ কিমান শতাংশ নাইট্রজেন থাকে ?

উত্তৰ – বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্রজেন থাকে ৷

৫. বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ কিমান শতাংশ অক্সিজেন থাকে ?

উত্তৰ – বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ২০.৯৪  শতাংশ অক্সিজেন থাকে ?

৬. বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ কিমান শতাংশ আৰ্গন থাকে  ?

উত্তৰ – বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ০.৯৩ শতাংশ আৰ্গন থাকে  ৷

৬.  বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ কিমান শতাংশ কার্বন ডাই-অক্সাইড থাকে  ?

উত্তৰ –  বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ০.০৩৬ শতাংশ কার্বন ডাই-অক্সাইড থাকে ৷

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes

Advertisement

৭.  আৰ্গন গেছৰ দুটা ব্যৱহাৰ লিখা ৷

উত্তৰ – আৰ্গন গেছৰ দুটা ব্যৱহাৰ তলত উল্লেখ কৰা হ’ল –

(ক) বৈদ্যুতিক বাল্ব প্রস্তুতকৰণত আৰ্গন গেছ ব্যৱহাৰ কৰা হয়,

(খ) জ্বালাই কার্য আদিত আর্গন গেছ ব্যৱহৃত হয়।

৮. গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা ?

উত্তৰ – সম্প্রতি সমগ্র বিশ্বতে দ্রুতগতিত বৃদ্ধি পোৱা কয়লা, পেট্ৰ’লিয়াম আদি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু নিৰ্বনীকৰণৰ ফলত বায়ুমণ্ডলত ক্রমান্বয়ে কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব ধৰিছে আৰু লগে লগে বায়ুমণ্ডলৰ উষ্ণতাও বৃদ্ধি পাই আহিছে। ইয়াকে গোলকীয় উত্তাপ বৃদ্ধি বোলা হয়।

৯. বায়ুমণ্ডলৰ কোনটো স্তৰে পৃথিৱীক ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে ?

উত্তৰ – বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰত থকা অ’জন গেছৰ স্তৰে পৃথিৱীক ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে ৷

১০. বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ, বৰষুণ আদিৰ নিচিনা বতৰৰ ক্ৰিয়া-কার্য সংঘটিত হয় ?

উত্তৰ – বতৰৰ প্রায় সকলো ধৰণৰ ক্ৰিয়া-কার্য যেনে– মেঘ, বৰষুণ, ঘূর্ণীবতাহ, ধুমুহা বৃষ্টি আদি ট্ৰপ’স্ফিয়েৰতে সংঘটিত হয়।

১১. বায়ুমণ্ডলৰ কোনটো স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে ?

উত্তৰ – বায়ুমণ্ডলৰ ষ্টেট’স্ফিয়েৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে ৷

১২. বায়ুমণ্ডলৰ কোনটো স্তৰত বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন (Ion) কণা আছে ?

উত্তৰ – বায়ুমণ্ডলৰ থাৰ্ম’স্ফিয়েৰত বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন (Ion) কণা আছে। সেয়েহে এই স্তৰটোক আয়ন’স্ফিয়েৰ (Ionosphere) বুলিও কোৱা হয়।

১৩. পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ’ তৰংগ বায়ুমণ্ডলৰ কোনটো স্তৰৰ পৰা প্রতিফলিত হয় ?

উত্তৰ – পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ’ তৰংগ বায়ুমণ্ডলৰ আয়ন’স্ফিয়েৰ  পৰা প্রতিফলিত হয় ৷

১৪.  বায়ুমণ্ডলৰ চাপ মানে কি ?

উত্তৰ –  প্রতি একক ক্ষেত্রফলত বায়ুৰয়ে প্ৰয়োগ কৰা বলৰ মানেই হ’ল বায়ুমণ্ডলৰ চাপ।

১৫. বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি ?

উত্তৰ – বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম বেৰ’মিটাৰ ৷

১৬. বায়ুৰ চাপ প্রকাশ কৰা এককটো কি ?

উত্তৰ – বায়ুৰ চাপ মিলিবাৰ এককত প্রকাশ কৰা হয়।

১৭. বেৰ’গ্রাফ কি ?

উত্তৰ – বেৰ’মিটাৰৰ সহায়ত স্বয়ংক্রিয়ভাবে অংকন কৰা চাপ লেখচিত্রক বেৰ’গ্রাফ বোলে ৷

১৮.  বতাহ কি ?

উত্তৰ – সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে ৷ বায়ুৱে গতি কৰিলেই ইয়াক বতাহ বা বায়ুপ্ৰবাহ বোলা হয় ৷

১৯.  বায়ু স্ৰোত কি ?

উত্তৰ – উৰ্দ্ধগামী বায়ুক বায়ু স্ৰোত ঝ উলম্বিক প্ৰবাহ বোলে ৷

২০.  বায়ুপ্ৰবাহক বায়ুতন্ত্ৰ বুলি কিয় কোৱা হয় ?

উত্তৰ – বায়ুপ্রবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্রিয়াকলাপৰ এটা অতি প্রয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আদ্রর্তা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে। সেয়ে বহল অর্থত ইয়াক, বায়ুপ্রবাহ তন্ত্র বোলা হয় ৷

২১. পৃথিৱীৰ অপকেন্দ্রিক শক্তি কাক বোলে ?

উত্তৰ – পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্রয় কৰি ঘূৰি থকাৰ  বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বোলা হয়।

২২. পৱনমুখী আৰু পৱনবিমুখ  বুলিলে কি বুজা ?

উত্তৰ – ভূ-পৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱনবিমুখ বোলা হয়।

২৩. বতাহৰ সঠিক দিশ নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি ?

উত্তৰ – উইণ্ড ভেন  নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নির্ণয় কৰিব পাৰি।

২৪. বতাহৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি ?

উত্তৰ – বতাহৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম এনিম’মিটাৰ ৷

২৫. স্বয়ংক্রিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰা যন্ত্ৰবিধৰ নাম কি ?

উত্তৰ – স্বয়ংক্রিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰা যন্ত্ৰবিধৰ নাম কি এনিম’গ্রাফ ৷

২৬. বতাহৰ গতিবেগৰ একক কি ?

উত্তৰ – বতাহৰ গতিবেগৰ একক নট ৷

২৭.  বতাহৰ গতিবেগ  এক একক মানে কি ?

উত্তৰ – বতাহৰ গতিবেগ এক নট মানে প্রতি ঘণ্টাত ১ নটিকেল মাইল। অর্থাৎ প্রতি ঘণ্টাত ১.৮৫৪ কিলোমিটাৰ বা প্রতি মিনিটত ৩০.৯ মিটাৰ।

২৮. পছোৱা বতাহ কাক বোলে ?

উত্তৰ – উপক্ৰান্তীয় উচ্চ চাপবলয়ৰ পৰা উচ্চ অক্ষাংশীয় উপমেৰুৰ ফালে থকা নিম্ন চাপ অঞ্চললৈ যি নিয়মিত বায়ুপ্রবাহ হয় তাক পশ্চিমা বতাহ বা পছোৱা বতাহ বোলে।

২৯. ‘Anticyclone’ শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল ?

উত্তৰ – ‘Anticyclone’ শব্দটো ছাৰ ফ্ৰেঞ্চিচ গেল্টনে পোন প্ৰথমে ১৮৬১ চনত প্ৰথম ব্যৱহাৰ কৰিছিল ৷

৩০. চিনুক কি ?

উত্তৰ – আমেৰিকা যুক্তৰাষ্ট্রৰ বৃহৎ সমভূমি অঞ্চলত নিম্নচাপ সৃষ্টি হোৱাৰ ফলত পশ্চিম দিশৰ পৰা অহা বায়ুৱে যেতিয়া ৰকি পর্বতমালা অতিক্ৰম কৰি সমভূমিৰ ফালে বলিৰলৈ লয় তাকেই চিনুক বোলে।

৩১. ফ’ন প্রবাহ কাক বোলে ?

Advertisement

উত্তৰ – আল্পছ পর্বতমালাৰ উত্তৰ ঢালেদি বলা উষ্ণ জলীয়বাষ্পহীন বতাহ যিয়ে সমভূমিৰ তুষাৰাবৃত অঞ্চলৰ বৰফ গলাই মুক্ত কৰে সেই বতাহক ফ’ন প্রবাহ বোলে ৷

৩২. চিৰ’ক্কো  কি ?

উত্তৰ – উত্তৰ আফ্রিকাৰ চাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণা বায়ুপ্রবাহক চিৰ’ক্কো  বোলে।

৩৩. লু কাক বোলা হয় ?

উত্তৰ –  গ্রীষ্মকালত দিনৰ ভাগত উষ্ণতা বৃদ্ধিৰ ফলত থৰ মৰুভূমিত সৃষ্টি হোৱা বায়ুপ্রবাহ যেতিয়া উত্তৰ-ভাৰতৰ গঙ্গা সমভূমি অঞ্চলত প্রবেশ কৰে তেতিয়া ইয়াক লু (Loo) বোলা হয়।

৩৪. মিষ্ট্রেল কাক বোলা হয় ?

উত্তৰ – শীতকালত দক্ষিণ-পশ্চিম ইউৰোপৰ উচ্চভূমি অঞ্চলৰ পৰা দক্ষিণ ঢালেদি ভূমধ্য সাগৰীয় উপকূল অঞ্চলত প্রবাহিত গধুৰ শীতল বতাহক মিষ্ট্রেল  বোলা হয়।

Read More:

অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – অনুশীলনী

ইতিহাস –

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ৪ – অসমৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ভাৰতৰ ৰাজনৈতিক দল – Notes

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান

অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

4 Replies to “বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *