বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ ( Atmosphere: Structure, Air Pressure and Wind System ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – অনুশীলনী

১/ বায়ুমণ্ডল কাক বোলে ? তথ্যসহ ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰ – পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।

      বায়ুমণ্ডল পৃথিবীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ বিস্তৃত আৰু ই বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশঃ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ঠ্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে।

       বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্রজেন আৰু অক্সিজেনৰ প্রাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্রজেন আৰু ২০.৯৪ শতাংশ অক্সিজেন । অন্যান্য গেছবোৰৰ ভিতৰত আর্গন (০.৯৩ শতাংশ), কার্বন ডাই-অক্সাইড (০.০৩৬ শতাংশ) আৰু নিয়ন, হিলিয়াম, মিথেন, ক্রিপ্টন, হাইড্রজেন, অজন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪ শতাংশ)।

২/ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি ? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।

উত্তৰ – গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ দুটা স্তৰত বিভক্ত কৰিব পাৰি – হ’ম’স্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰ ৷

এই স্তৰ দুটাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

হ’ম’স্ফিয়েৰ – ভূ-পৃষ্ঠৰ পৰা প্রায় ৮০ কিলোমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হমস্ফিয়েৰ বোলা হয়। উল্লেখযোগ্য যে ভূ-পৃষ্ঠৰ পৰা প্রায় ৩২ কিলোমিটাৰ উচ্চতাৰ ভিতৰতেই বায়ুমণ্ডলত থকা উপাদানৰ মুঠ ভৰৰ প্রায় ৯৯ শতাংশ আছে। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্য পার্থক্যৰ বাবে হ’ম’স্ফিয়েৰ স্তৰটোক পুনৰ ভূ-পৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপ’স্ফিয়েৰ, ষ্ট্রেট’স্ফিয়েৰ আৰু মেছ’স্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।

হেটেৰ’স্ফিয়েৰ – মেছ’স্ফিয়েৰস্তৰৰ পিছৰ পৰা, অর্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰবিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোকহেটেৰ’স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্রজেন, অক্সিজেন, হিলিয়ামআৰু হাইড্রজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে।উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্রজেন তৰপ (৮০ কিলোমিটাৰৰপৰা, ২০০ কিলোমিটাৰ উচ্চতা পর্যন্ত), অক্সিজেন তৰপ (১১২৫ কিলোমিটাৰ উচ্চতাপর্যন্ত) হিলিয়াম তৰপ (৩৫৪০ কিলোমিটাৰ উচ্চতা পর্যন্ত) আৰু হাইড্রজেন তৰপ(প্রায় ১০,০০০ কিলোমিটাৰ উচচতা পর্যন্ত)। এই তৰপ কেইটাই আকৌ থার্ম স্ফিয়েৰ আৰু এক্স’স্ফিয়েৰ স্তৰৰ অন্তৰ্গত। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য।

৩/ উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।

উত্তৰ – উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক পাঁচটা স্তৰত বিভক্ত কৰিব পাৰি ৷ স্তৰকৈটা হ’ল – ট্ৰপ’স্ফিয়েৰ, ষ্ট্ৰেট’স্ফিয়েৰ, মেছ’স্ফিয়েৰ, থাৰ্ম’স্ফিয়েৰ আৰু এক্স’স্ফিয়েৰ ৷

      প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে তলত আলোচনা কৰা হ’ল –

(i) ট্ৰপ’স্ফিয়েৰ –  ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্ৰপ’স্ফিয়েৰ বা ট্ৰপ’মণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্রায় ১২ কিলোমিটাৰ যদিও বিষুবীয় অঞ্চলত ইয়াৰ সর্বোচ্চ উচ্চতা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলত ৮ কিলোমিটাৰ। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি-চতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্রপস্ফিয়েৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্রমান্বয়ে হ্রাস পায়।

(ii) ষ্ট্ৰেট’স্ফিয়েৰ – ট্ৰপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল ষ্ট্ৰেট’স্ফিয়েৰ বা স্তৰমণ্ডল। স্ট্রেট’স্ফিয়েৰৰ নিম্নসীমাক ট্ৰপ’পজ আৰু ঊর্ধ্বসীমাটোক ষ্ট্রেট’পজ (Stratopause) বোলা হয়।

স্ট্রেট’স্ফয়েৰত বায়ুৰ উচ্চতা ক্রমে বৃদ্ধি পায়। অর্থাৎ ষ্ট্রেট’স্ফিয়েৰৰ নিম্নভাগত থকা প্রায় ৬০ চেন্টিগ্রেড উষ্ণতা এই স্তৰটোৰ উচ্চ ভাগত প্রায় ০° চেন্টিগ্রেড হয়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্রায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ এই স্তৰটোতে অ’জন গেছৰ এটা স্তৰ আছে। ট্রপ’পজৰ পৰা ষ্ট্রেট’স্ফিয়েৰ স্তৰটো প্রায় ৪০ কিলোমিটাৰ ওপৰলৈ বিস্তৃত। ট্ৰপ’স্ফিয়েৰ আৰু স্ট্রেট’স্ফিয়েৰক সামৰি ভূপৃষ্ঠৰ পৰা ষ্ট্রেট’পজলৈ গড় উচ্চতা হৈছে প্রায় ৫০ কিলোমিটাৰ।

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
চিত্ৰ – বায়ুমণ্ডলৰ গঠন আৰু উচ্চতা অনুসৰি উষ্ণতা

(iii) মেছ’স্ফিয়েৰ ষ্ট্রেট’স্ফিয়েৰৰ ঊর্ধ্বসীমা অর্থাৎ ষ্ট্রেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েৰ বোলা হয়। এই স্তৰটো স্ট্রেট’পজৰ পৰা প্রায় ৩০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্রধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়। এই স্তৰটোৰ প্রায় ৮০ কিলোমিটাৰ উচ্চতাত থকা শেষ সীমা মেছ’পজ (Mesopause)ত নিম্নতম —১০০° চেন্টিগ্রেড হয়।

(iv) থাৰ্ম’স্ফিয়েৰ – মেছ’স্ফিয়েৰৰ উৰ্ধ্বসীমা অর্থাৎ মেছ’পজৰ ঠিক ওপৰৰ স্তৰটোক থার্ম’স্ফিয়েৰ বা তাপমণ্ডল বোলে। বায়ুমণ্ডলৰ এই স্তৰটো মেছ’পজৰ পৰা প্রায় ৪০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ ঘনত্ব প্রায় শূন্যলৈ হ্রাস পায়। উল্লেখযোগ্য যে এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই স্তৰটোক আয়ন’স্ফিয়েৰ বুলিও কোৱা হয়।

(v) এক্স’স্ফিয়েৰ – থার্ম’স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীর্ষতম তৰপটোক এক্স’স্ফিয়েৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ ৪০০ কিলোমিটাৰ উচ্চতাৰ পৰা প্রায় ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন। কেৱল হাইড্রজেন আৰু হিলিয়াম গেছৰ প্রাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল। বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্রায় ৫৫৫০ᵒ চেণ্টিগ্রেডলৈ বৃদ্ধি পায়।

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

Advertisement

৪/ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা ।

উত্তৰ – বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ তলত আলোচনা কৰা হ’ল –

(i) বায়ুৰ উষ্ণতা – পৃথিৱীপৃষ্ঠত তাপৰ বিতৰণ সকলো ঠাইতে একে নহয়। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনো অঞ্চল ঠাণ্ডা, কোনো অঞ্চল নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰো তাৰতম্য হয়। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্রসাৰিত হয় আৰু বায়ু সম্প্রসাৰিত হ’লে ইয়াৰ ঘনত্ব হ্রাস পায়। ঘনত্ব হ্রাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপো কম হয়। আনহাতে, উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আর্দ্র বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে উষ্ণতা বেছি হ’লে বায়ুৰ চাপ হ্রাস পায়।

(ii) পৃথিৱীপৃষ্ঠৰ উচ্চতা –  সমুদ্রপৃষ্ঠৰপৰা যিমানেই ওপৰলৈ যোৱা হয় সিমানেই বায়ুমণ্ডলৰ গভীৰতা, অর্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্রাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্রাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। অর্থাৎ উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্রাস পায় আৰু সেয়েহে যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাই কম উচ্চতাত অৱস্থিত তেনে ঠাইত বায়ুমণ্ডলৰ তুলনামূলক চাপ ভাৱে বেছি।

৫/ চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰ –  বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্রধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে –

(ক) নিৰক্ষীয় নিম্নচাপ বলয়

(খ) উপক্রান্তীয় উচ্চচাপ বলয়

(গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয়

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়

তলত উপৰোক্ত চাৰিওটা চাপ বলয়ৰ চিত্রসহ বিৱৰণ দিয়া হ’ল –

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
চিত্ৰ – পৃথিৱীৰ চাপমণ্ডল

(ক) নিৰক্ষীয় নিম্নচাপ বলয় –  বিষুৱ ৰেখা বা নিৰক্ষৰেখাৰ উত্তৰে ১০° অক্ষাংশ আৰু দক্ষিণে ১০° অক্ষাংশৰ মাজত নিৰক্ষীয় নিম্নচাপ বলয়  অৱস্হিত৷ এই অঞ্চলত গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে বায়ু তুলনামূলকভাৱে উত্তপ্ত আৰু পাতল হৈ থাকে ৷ ফলত এই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। আনহাতে, এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগৰ পৰিমাণ বেছি। লগতে উত্তাপ বেছি হোৱাৰ বাবে এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে এই অঞ্চলত বায়ুৰ চাপ হ্রাস পায়।  নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো পৰিলক্ষিত নহয়।

(খ) উপ-ক্রান্তীয় উচ্চচাপ বলয় – নিৰক্ষীয় অঞ্চলৰ পৰা উধ্বগামী হোৱা আৰ্দ্র আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণ ফালে অগ্ৰসৰ হয়। উর্ধ্বগামী হোৱা এই বায়ুৰাশি পিছত ক্রমে ঠাণ্ডা হ’বলৈ ধৰে আৰু ফলত গধুৰ হয়। ২৫°-৩৫° উত্তৰ আৰু ২৫-০৫° দক্ষিণ অক্ষাংশৰ দুই উপক্রান্তীয় অঞ্চলত এই ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থান কৰে। তদুপৰি দুই মেৰু অঞ্চলৰ পৰাও শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কটক্রান্তি আৰু দক্ষিণ মকৰক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্রধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্রবাহ অনুভূত নহয়। উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ  বুলিও জনা যায়।

(গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয় –  উপ-মেৰুদেশীয় নিম্নচাপ বলয়টো মোটামুটিকৈ উত্তৰ গোলার্ধৰ ৬০-৭০° উত্তৰ অক্ষাংশ আৰু দক্ষিণ গোলার্ধৰ ৬০-৭০ দক্ষিণ অক্ষাংশত অৱস্থিত। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলার্ধৰ এই দুই উপ-মেৰু অঞ্চলত পৃথিবীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপ-ক্রান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্রাস পাই তাত নিম্নচাপৰ সৃষ্টি হয়। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে।

(ঘ) মেৰদেশীয় উচচচাপ – পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয় ৷

৬/ পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা।

উত্তৰ – পৃথিৱীত অনুকূল প্রাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰএটা অতি গুৰুত্বপূর্ণ উপাদান। বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশ, সৃষ্টি সম্ভৱ কৰিছে। জীৱজগতত থকা মানুহ আৰু উদ্ভিদ-প্ৰাণীৰ বাবে প্রয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছসমূহ এক সঠিক অনুপাতত আছে বাবেই ভূপৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক উষ্ণতা বিৰাজ কৰে। বায়ু গতিশীল হোৱা বাবে আকৌ বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্রকোপৰ পৰা কিছু হলেও সকাহ পায়। এই বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা প্রদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱর্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ, প্রাণী জীয়াই থাকে। মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত জীৱৰ অস্তিত্বৰ কথা ভাবিবুই নোৱাৰি।

৭/ বায়ুপ্রবাহ কাক বোলে ? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা।

উত্তৰ – সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে ৷ বায়ুৱে গতি কৰিলেই ইয়াক বতাহ বা বায়ুপ্ৰবাহ বোলা হয় ৷

      বতাহ বা বায়ুপ্রবাহৰ উৎপত্তি মূলতঃ বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্রোতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ ওপৰত নিৰ্ভৰ কৰে ৷ সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ভূ-পৃষ্ঠৰ সকলো ঠাই সমানে উত্তাপিত নহয় ৷ বিষুৱ অঞ্চলত সূর্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে তাত উষ্ণতা সর্বাধিক হয়। আনহাতে সূৰ্যৰ ৰশ্মি ক্রমান্বয়ে হেলনীয়াকৈ পৰাৰ বাবে উষ্ণতাও হ্ৰাস পায় ৷ বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্ন চাপৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে তুলনামূলকভাবে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বায়ু প্রবাহিত হয় ৷ বিষুৱ অঞ্চলত ভূ-পৃষ্ঠৰ পৰা উষ্ণ বায়ু ওপৰলৈ উঠে, আৰু ওপৰেদি উচ্চ অক্ষশৰ পিনে গতি কৰি মেৰু অঞ্চলত নিম্নগামী হয়। আকৌ সেই বায়ু বায়ুমণ্ডলৰ নিম্ন স্তৰেদি মেৰু অঞ্চলৰ পৰা বিষুৱ অঞ্চললৈ চেঁচা বায়ু হিচাপে গতি কৰে।

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

৮/ বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নির্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।

উত্তৰ – বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো হ’ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্যৰ বাবে সৃষ্টি হোৱা চাপনতি ৷

     বায়ুপ্রবাহৰ গতি আৰু দিশ নির্ধাৰণৰ কাৰকসমূহ তলত আলোচনা কৰা হ’ল –

(i) চাপনতি শক্তি –  ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়। চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নির্ভৰ কৰে দুখন ঠাইৰ মাজত থকা চাপৰ পার্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পার্থক্য বেছি হ’লে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্রাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ  অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্রবাহৰ দিশো নির্ণয় কৰে।

(ii) মাধ্যাকর্ষণ শক্তি –  পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্র বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকর্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্রাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্রাস পায় । এইদৰেই বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্বিক বায়ুপ্রবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পার্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ (উচ্চ চাপ) পৰা পৰ্বতলৈ (নিম্ন চাপ) বায়ু প্রবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকর্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্রবাহিত বায়ুৰ গতি সম্পূর্ণ সৰলৰৈখিক নহৈ কিছু বক্রাকাৰ হয়।

(iii) অপকেন্দ্রিক শক্তি – পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্রয় কৰি ঘূৰি থকাৰ (আবর্তন গতি) বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বোলা হয়। এই অপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এই শক্তিটো ‘কোৰিওলিচ বল’ হিচাপে জনাজাত।

      বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া এই কোৰিওলিচৰ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলার্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে । ইয়াকে ফেৰেলৰ সূত্র বুলি কোৱা হয়। এই বলৰ মান বিষুৱৰেখাত শূণ্য আৰু ই মেৰুৰফালে ক্রমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সর্বোচ্চ হয়।

(iv) ঘর্ষণ শক্তি – বতাহৰ গতিবেগত ঘর্ষণ শক্তিয়ে ঋণাত্মক ক্ৰিয়া কৰে । যদি ভু-পৃষ্ঠ পর্বত-পাহাৰ, ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘর্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্রবাহ হলে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়ে ভূ-পৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্রবাহ হলে ঘৰ্ষণৰ মাত্রা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে । ঠিক সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগ ঘর্ষণ শক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়। ঘর্ষণ শক্তিৰ বাবে বতাহৰ গতিবেগ কমাৰ ওপৰিও বতাহৰ দিশৰো কিছু পৰিবর্তন হয় ।

৯/ ‘কোৰিওলিচ বল’ বুলিলে কি বুজায় ? বতাহৰ গতিদিশ নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ চমুকৈ বর্ণনা কৰা ৷

উত্তৰ – পৃথিৱীৰ আবর্তন গতিৰ দ্বাৰা সৃষ্ট অপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতি দিশৰ কিছু বিক্ষেপন ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পোন প্রথমে গেচপার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদঘাটন কৰা বাবে এই শক্তিটোক ‘কোৰিওলিচ বল’ বুলি কোৱা হয় ৷

বতাহৰ গতিদিশ নির্ধাৰণত ‘কোৰিওলিচ বল’ৰ  ভূমিকা –

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
চিত্ৰ – কোৰিওলিচ বলৰ প্ৰভাৱত বতাহৰ বিক্ষেপণ

বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ বলে তেতিয়া কোৰিওলিচৰ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলার্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে । ইয়াকে ফেৰেলৰ সূত্র বুলি কোৱা হয়। এই বলৰ মান বিষুৱৰেখাত শূণ্য আৰু ই মেৰুৰফালে ক্রমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সর্বোচ্চ হয়।

১০। ‘চাপনতি শক্তি’ বুলিলে কি বুজায় ? বায়ুপ্ৰবাহত ইয়াৰ ভূমিকা কি ?

উত্তৰ –  ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলা হয়।

      চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নির্ভৰ কৰে দুখন ঠাইৰ মাজত থকা চাপৰ পার্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পার্থক্য বেছি হ’লে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্রাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ  অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্রবাহৰ দিশো নির্ণয় কৰে। এখন অঞ্চলৰ চাপনতিৰ মান বেছি হ’লে বতাহৰ গতিবেগ বৃদ্ধি হোৱাৰ উপৰি তাত এক অস্থিৰ বায়ুমণ্ডলীয় অবস্থা বিৰাজ কৰে। আনহাতে, চাপনতিৰ মান একেবাৰে কম হলে তাত বায়ুপ্রবাহ প্রায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়।

১১। বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰ – পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্র বায়ুমণ্ডলখনকেই পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখিছে। তাৰোপৰি বায়ুৰ ওজন বা চাপ মূলতঃ মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। বায়ুক আকৃষ্ট কৰি ধৰি ৰখা মাধ্যাকর্ষণ শক্তি যিহেতু উচ্চতাৰ লগে লগে হ্রাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বঢ়াৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুচাপ হ্রাস পায় । এইদৰেই বায়ুমণ্ডলত উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উল্লম্বিক বায়ুপ্রবাহো চলি থাকে। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন ভূ-অবয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে এইদৰে চাপৰ পার্থক্য হয় আৰু ইয়াৰ ফলত ভৈয়ামৰ (উচ্চ চাপ) পৰা পৰ্বতলৈ (নিম্ন চাপ) বায়ু প্রবাহ চলে। তাৰোপৰি অন্যান্য শক্তিৰ লগতে মাধ্যাকর্ষণ শক্তিৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্রবাহিত বায়ুৰ গতি সম্পূর্ণ সৰলৰৈখিক নহৈ কিছু বক্রাকাৰ হয়।

১২। বতাহৰ নামকৰণ বুলিলে কি বুজায় ! এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয় ?

উত্তৰ – বতাহৰ প্ৰবাহ-দিশ অনুযায়ী কৰা নামকৰণকে বতাহৰ নামকৰণ বোলে ৷

      এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি কৰা হয় ৷ উদাহৰণ স্বৰূপে পশ্চিম দিশৰ পৰা প্রবাহিত বায়ুক পশ্চিমা বতাহ, উত্তৰ-পূব দিশৰ পৰা বলা বাহক উত্তৰ-পূব বতাহ বোলে। ভূ-পৃষ্ঠৰ যি দিশৰ পৰা বতাহ আহে তাক পৱনমুখী আৰু যি দিশলৈ বলে তাক পৱনবিমুখ বোলা হয়।

১৩। বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ গতিবেগৰ এককবোৰ কি ?

উত্তৰ – বতাহৰ গতিবেগ এনিম’মিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়। আজিকালি অৱশ্যে বহুধৰণৰ এনিম’মিটাৰ যন্ত্ৰ ওলাইছে। ইয়াৰে এনিম’গ্রাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্রিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয় ৷ বতাহৰ গতিবেগ নটত প্রকাশ কৰা হয়। বতাহৰ গতিবেগ এক নট মানে প্রতি ঘণ্টাত ১ নটিকেল মাইল। অর্থাৎ প্রতি ঘণ্টাত ১.৮৫৪ কিলোমিটাৰ বা প্রতি মিনিটত ৩০.৯ মিটাৰ ।

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

Advertisement

১৪। বতাহৰ শ্রেণীবিভাজন কেনেকৈ কৰা হয়। উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ – বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহলভাৱে বায়ুপ্ৰবাহক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি –

(i) মুখ্য বা প্রাথমিক বায়ুপ্রবাহ,

(ii) গৌণ বায়ু প্রবাহ আৰু

(iii)স্থানীয় বায়ুপ্রবাহ

(i) প্রাথমিক বায়ুপ্রবাহ – পৃথিৱী-পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্র পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্রাথমিক বা মূখ্য বায়ুপ্রবাহ বোলে। বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ প্রাথমিক বায়ুপ্রবাহতন্ত্ৰৰ অন্তৰ্গত৷

(ii) গৌণ বায়ু প্রবাহ – ভূ-অবয়ৱৰ প্রকৃতি আৰু ভূমি-জল ভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্রবাহবোৰ সাধাৰণভাৱে গৌণ বায়ুপ্রবাহ বুলিব পাৰি। ঘূর্ণীবতাহ বা চক্ৰবাত, প্রতীপ ঘূর্ণীবতাহ, বায়ুৰাশি, বাতাগ্র, মৌচুমী বতাহ আদিয়েই প্রধানকৈ গৌণপ্রবাহৰ অন্তৰ্গত।

(iii) স্থানীয় বায়ুপ্রবাহ –  সম্পূর্ণভাৱে কিছুমান স্থানীয়কাৰক, যেনে- ভূ-অবয়বৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি  যি বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্রবাহ বা তৃতীয়ক বায়ুপ্রবাহবোলা হয়। ইয়াক অস্থায়ী বা অনিয়মিত বায়ুপ্রবাহ বুলিও কোৱা হয়। যদিও কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত এনে বায়ুপ্রবাহৰ প্ৰভাৱ মন কৰিবলগীয়া – ইয়াৰ পৰিসীমা তেনেই সীমিত। স্থানীয় বায়ুপ্রবাহৰ ভিতৰত জল বতাহ, স্হল বতাহ, পাৰ্বত্য বতাহ, ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য।

১৫। প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায় ? এখন চিএত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ – পৃথিৱী-পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলয়ৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্র পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকেই প্রাথমিক বা মূখ্য বায়ুপ্রবাহ বোলে ৷ বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদেশীয় বতাহ প্রাথমিক বায়ুপ্রবাহতন্ত্ৰৰ অন্তৰ্গত৷

প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ-

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
চিত্ৰ – প্ৰাথমিক বায়ুপ্ৰবাহ

প্রাথমিক বায়ুপ্রবাহ বৈশিষ্ট্য –    

     প্রাথমিক বায়ুপ্রবাহৰ প্রধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

(i) প্রাথমিক বায়ুপ্রবাহেই অন্য নিম্ন পর্যায়ৰ বায়ুপ্রবাহৰ পৰিৱেশ সৃষ্টি কৰে।

(ii) এনে স্থায়ী বায়ুপ্রবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলার্ধৰ উপক্রান্তীয় আৰু মেৰুদেশীয় উচ্চ চাপ বলয়ৰ পৰা                     নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ চলি থাকে।

১৬। গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বর্ণনা কৰা।

উত্তৰ –  ভূ-অবয়ৱৰ প্রকৃতি আৰু ভূমি-জল ভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ-তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্রবাহবোৰ সাধাৰণভাৱে গৌণ বায়ুপ্রবাহ বুলিব পাৰি। ঘূর্ণীবতাহ বা চক্ৰবাত, প্রতীপ ঘূর্ণীবতাহ, বায়ুৰাশি, বাতাগ্র, মৌচুমী বতাহ আদিয়েই প্রধানকৈ গৌণপ্রবাহৰ অন্তৰ্গত।

       এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত গৌণ বতাহে বিভিন্ন ধৰণে সক্ৰিয় ভূমিকা লয় –

(i)  বায়ুৰাশি – উত্তাপ, আদ্রর্তা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে। এক বিশেষ গুণসম্পন্ন বায়ুৰাশি সৃষ্টি হলেই অপসাৰী হৈ যি অঞ্চলৰ  ওপৰেদি প্রবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে।গতিশীল বায়ুৰাশিৰ প্ৰবাহৰ বাবেই উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহণ হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয়। বায়ুৰাশি উচ্চভূমিৰ পৰা অপসাৰী হৈ প্রবাহিত হওঁতে বতৰৰ পৰিবর্তন ঘটায় ৷

(ii) বাতাগ্ৰ – যেতিয়া উত্তাপ, আর্দ্রতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰম্পৰৰ সম্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্রণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্র বোলা হয়। বাতাগ্ৰ অঞ্চলত চাপনতি বিপৰীতমূখী হোৱাৰ ফলত বায়ুৰ অপসৰণ হয় আৰু বাতাগ্ৰ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আর্দ্রতাৰ পৰিবৰ্তনৰ ফলত বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়।

(iii) ঘূৰ্ণীবতাহ – বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্হাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে ৷

                    ক্রান্তীয় চক্রবাত সম্পূর্ণভাবে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্রীষ্মকালতেই উৎপত্তি হয়। ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূর্ণ হোৱাৰ পিছত ই সাগৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাবিত হয়। একোটা পূর্ণ পর্যায়ৰ ক্রান্তীয় ঘূর্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নির্গত হয় বাবে এনে চক্রবাতবোৰ ভয়ঙ্কৰ, ধ্বংসকাৰী আৰু ক্ষতিকাৰক ।

      বহিঃক্ৰান্তীয় ঘূর্ণীবতাহবোৰ বছৰৰ যিকোনো সময়তে সৃষ্টি হ’ব পাৰে। এনে ঘূর্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হলে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। অৱশ্যে ৰিৰিব বতাহ চলি থাকে বাবে কিছু ঠাণ্ডা অনুভৱ হয়।

       এনেদৰে বিভিন্ন ধৰণৰ গৌণ বতাহে কোনো ঠাইৰ জলবায়ু নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

১৭। স্থানীয় বতাহ কাক বোলে। স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়। উদাহৰণসহ চমুকৈ আলোচনা কৰা।

উত্তৰ – সম্পূর্ণভাৱে কিছুমান স্থানীয়কাৰক, যেনে- ভূ-অবয়বৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি  যি বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে স্থানীয় বায়ুপ্রবাহ বা তৃতীয়ক বায়ুপ্রবাহবোলা হয়। ইয়াক অস্থায়ী বা অনিয়মিত বায়ুপ্রবাহ বুলিওকোৱা হয়। যদিও কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত এনে বায়ুপ্রবাহৰ প্ৰভাৱ মন কৰিবলগীয়া – ইয়াৰ পৰিসীমা তেনেই সীমিত। স্থানীয় বায়ুপ্রবাহৰ ভিতৰত জল বতাহ, স্হল বতাহ, পাৰ্বত্যবতাহ, ভৈয়ামৰ বতাহ আদি উল্লেখযোগ্য।

       স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। ইয়াৰ বিষয়ে তলত আলোচনা কৰা হ’ল –

(i) জলবতাহ আৰু স্থলবতাহ –  স্থলভাগে দিনৰ ভাগত অতি লেহেম গতিত তাপ শোষণ কৰে, ঠিক সেইদৰে ৰাতি লেহেম গতিত তাপ এৰি দিয়ে। সেয়ে স্থলভাগ আৰু জলভাগৰ মাজত উষ্ণতাৰ পার্থক্য হয়— দিনত জলভাগতকৈ স্থলভাগৰ উষ্ণতা বেছি হয় আৰু ৰাতি স্থলভাগতকৈ জলভাগৰ উষ্ণতা বেছি হয়। এনে উষ্ণতাৰ তাৰতম্যৰ বাবে স্থানীয়ভাৱে বায়ুৰ চাপৰে তাৰতম্য হয়– দিনত জলভাগত উচ্চচাপ আৰু ৰাতি স্থলভাগত উচ্চচাপ সৃষ্টি হয়।  ইয়াৰে দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা প্রবাহক জলবতাহ বোলে। আনহাতে, ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা প্রবাহক স্থলবতাহ বোলা হয়৷

(ii) উপত্যকা আৰু পাৰ্বত্য বতাহ – স্থানীয় বায়ুপ্রবাহে সাময়িকভাবে হলেও একোখন ঠাইৰ বতৰ নিৰ্ধাৰণত প্ৰভাৱ পেলায়। পর্বত-পাহাৰৰ পাদভূমি জলবতাহ স্থলবতাহৰ দৰে এক প্ৰকাৰৰ বায়ু প্রবাহিত হয়। উচ্চভূমিৰ বায়ু সেৰেঙা বাবে তাপ শোষণ ক্ষমতাও কম। আনহাতে ভৈয়ামৰ ঘনবায়ু সোনকালে উত্তপ্ত হয়। ফলত দিমৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ঢালেদি উৰ্ধমূখী হয়। এইদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা উৰ্ধমূখী প্রবাহক উপত্যকা বতাহ বোলা হয়। কিন্তু ৰাতি উচ্চভূমি, অৰ্থাৎ পর্বতশিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়। ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে পাৰ্বত্য বতাহ বোলে।

(iii) অন্যান্য স্থানীয় বতাহ পৃথিৱীৰ উপৰিভাগৰ স্থানীয় পর্যায়ত থকা ভূপ্রকৃতিৰ পার্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে বহুতো স্থানীয় বতাহ বলে। ইয়াৰ ভিতৰত চিনুক, ফ’ন, চিৰোক্কো, মিষ্ট্রেল, লু আদি বিশেষভাৱে উল্লেখযোগ্য।

১৮। ‘ঘূর্ণীবতাহ’ কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা।

উত্তৰ – বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্হাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে ৷

      ঘূর্ণীবতাহ প্রধানকৈ দুই প্রকাৰৰ – ক্রান্তীয় ঘূর্ণীবতাহ আৰু  বহিঃক্ৰান্তীয় বা মধ্যঅংক্ষাংশীয় ঘূর্ণীবতাহ।

       ঘূর্ণীবতাহে এখন ঠাইৰ বতৰ বা জলবায়ুত বিশেষ ভাৱে প্ৰভাৱ পেলায় –

ক্রান্তীয় ঘূর্ণীবতাহ – ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্রবেগী বতাহে যেতিয়া চক্রাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাকে ক্রান্তীয় ঘূর্ণীবতাহ বোলা হয়। ক্রান্তীয় চক্রবাত সম্পূর্ণভাবে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্রীষ্মকালতেই উৎপত্তি হয়। ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূর্ণ হোৱাৰ পিছত ই সাগৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাবিত হয়। একোটা পূর্ণ পর্যায়ৰ ক্রান্তীয় ঘূর্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নির্গত হয় বাবে এনে চক্রবাতবোৰ ভয়ঙ্কৰ, ধ্বংসকাৰী আৰু ক্ষতিকাৰক ।

বহিঃক্ৰান্তীয় ঘূর্ণীবতাহ –  নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্রান্তীয় ঘূর্ণীবতাহ বোলা হয়। বহিঃক্ৰান্তীয় ঘূর্ণীবতাহবোৰ বছৰৰ যিকোনো সময়তে সৃষ্টি হ’ব পাৰে। এনে ঘূর্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হলে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময় পিছতেই বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। অৱশ্যে ৰিৰিব বতাহ চলি থাকে বাবে কিছু ঠাণ্ডা অনুভৱ হয়।

       এনেদৰে বিভিন্ন ধৰণৰ ঘূর্ণীবতাহে কোনো ঠাইৰ জলবায়ু নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

১৯। ‘বায়ুৰাশি’ কাক বোলে ? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয় ? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি ?

উত্তৰ – উত্তাপ, আদ্রর্তা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে।

     বায়ুৰাশিৰ উৎস স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ চাৰিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি –

(i) এন্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি,

(ii) ক্রান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি,

(iii) মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি আৰু

(iv) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি |

জলবায়ু নিৰ্ধাৰণত বায়ুৰাশিৰ ভূমিকা – এক বিশেষ গুণসম্পন্ন বায়ুৰাশি সৃষ্টি হলেই অপসাৰী হৈ যি অঞ্চলৰ  ওপৰেদি প্রবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰণ কৰে।গতিশীল বায়ুৰাশিৰ প্ৰবাহৰ বাবেই উষ্ণ অঞ্চলৰ পৰা শীতল অঞ্চললৈ তাপ পৰিবহণ হয় আৰু বায়ুমণ্ডলৰ উত্তাপৰ সমতা ৰক্ষা হয়। বায়ুৰাশি উচ্চভূমিৰ পৰা অপসাৰী হৈ প্রবাহিত হওঁতে বতৰৰ পৰিবর্তন ঘটাৱাৰ উপৰি নিজৰো উত্তাপ-আদ্ৰতাৰ পৰিবৰ্তন হয় ৷

২০। ‘বাতাগ্র’ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? জলবায়ু আৰু তাৰ সম্পর্ক চমুকৈ আলোচনা কৰা ।

উত্তৰ – যেতিয়া উত্তাপ, আর্দ্রতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰম্পৰৰ সম্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্রণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ু পৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্র বোলা হয়।

      বাতাগ্র সৃষ্টি হ’বলৈ বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্রয়োজন –

(i) দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ’ব লাগিব আৰু

(ii) বায়ুপ্রবাহ অভিসাৰী হ’ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমূখে প্রবাহিত হয় |

      বিপৰীত গুণসম্পন্ন এনে দুটা বায়ুৰাশিৰ মিলন হলে তুলনামূলকভাৱে উষ্ণ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অবতৰণ কৰি এক সাম্য বা সুস্থিৰ অৱস্থাত থাকে। বাতাগ্ৰ অঞ্চলত চাপনতি বিপৰীতমূখী হোৱাৰ ফলত বায়ুৰ অপসৰণ হয় আৰু বাতাগ্ৰ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আর্দ্রতাৰ পৰিবৰ্তনৰ ফলত বাতাগ্ৰ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়।

২১। ‘মৌচুমী বতাহ’ বুলিলে কি বুজায় ? ই কেনেকৈ সৃষ্টি হয় ? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট ?

উত্তৰ – ঋতুভেদে, অর্থাৎ ঋতু পৰিবৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ুপ্রবাহক মৌচুমী বতাহ বোলে।

      মৌচুমী এক প্ৰকাৰৰ পৃষ্ঠীয়বায়ুপ্রবাহ, যাৰ গ্ৰীষ্মকালৰ গতিদিশ শীতকাল সম্পূর্ণ বিপৰীত। গ্রীষ্মকালত জলপৃষ্ঠৰ তুলনাত ভূ-ভাগৰ উষ্ণতা বৃদ্ধিৰ বাবে সেই ঠাইত উল্লেখনীয়ভাৱে চাপ হ্রাস পায় অর্থাৎ তুলনামূলকভাবে ভূভাগত নিম্নচাপ আৰু জল ভাগত উচ্চচাপৰ সৃষ্টি হয়। সেয়ে গ্রীষ্মকালত মধ্যসাগৰীয় চাপ অঞ্চলৰ পৰা দ্রুতগতিত কম-বেছি পৰিমাণে চেঁচা আৰু সেমেকা বায়ু ভূ-ভাগলৈ বলে । এনে উচ্চচাপ অঞ্চলৰ পৰা বহিঃমূখী সেমেকা বায়ুপ্রবাহে ভূ- ভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি উর্ধমুখী হৈ বা পৰ্বত-পাহাৰত খুন্দা খাই ধাৰাসৰ বৰষুণ দিয়ে। এনে কাৰণতে গ্রীষ্মকালত আৰব সাগৰ আৰু বঙ্গোপসাগৰৰ পৰা প্ৰাবাহিত দক্ষিণ-পশ্চিম আৰু দক্ষিণ-পূব মৌচুমী বতাহে মেঘালয়ৰ দক্ষিণ অংশ, অসমৰ পাৰ্বত্য অঞ্চলৰ পাদভূমিত আৰু পশ্চিমঘাট পর্বতমালাৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ দিয়ে।

      কিন্তু শীতকালত মৌচুমি বতাহৰ দিশ সলনি হয়। কাৰণ শীতকালত ভূ-ভাগৰ তুলনাত জলপৃষ্ঠৰ উষ্ণতা বেছি হয় বাৰে জল ভাগত নিম্নচাপ সৃষ্টি হয়, অর্থাৎ ভূ-ভাগত উচ্চ চাপ সৃষ্টি হয়। সেয়ে শীতকালত মহাদেশীয় উচ্চচাপ অঞ্চলৰ পৰা শুকান আৰু কিছু চেঁচা বতাহ জলভাগলৈ প্রবাহিত হয়। শুকান বতাহ সাগৰৰ ওপৰেদি কিছু দূৰ প্ৰবাহিত হোৱাৰ পিছত উষ্ণ সাগৰৰ পৰা জলীয়বাষ্প আহৰণ কৰে। ঠিক এইদৰেই শীতকালত শুকান উত্তৰ-পূৰ মৌচুমী বতাহে বঙ্গোপসাগৰৰ পৰা জলীয় বাষ্প শোষণ কৰি পিছত দক্ষিণ ভাৰতৰ তামিলনাড়ু উপকূলত কিছু বৰষুণ দিয়ে।

        যদিও পৃথিৱীৰ বিভিন্ন অঞ্চলত, যেনে- দক্ষিণ আফ্রিকা, যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পূৰ উপকূল আৰু দক্ষিণ-পশ্চিম উপকূল, মেক্সিকো উপসাগৰীয় অঞ্চল, উত্তৰ-পূৰ অষ্ট্রেলিয়া আদিত মৌচুমী বায়ু প্রবাহ পৰিলক্ষিত হয়, তথাপি এছিয়া মহাদেশৰ বিশেষকৈ ইয়াৰ দক্ষিণ আৰু দক্ষিণ-পূব অংশত মৌচুমীৰ প্ৰভাৱ আটাইতকৈ সুস্পষ্ট আৰু প্ৰবল ।

২২। কাৰণ দৰ্শাই উত্তৰ লিখাঃ

Advertisement

(ক) ট্ৰপস্ফিয়েৰ স্তৰটোতে প্রধানকৈ বতৰৰ ক্ৰিয়া-কলাপ কিয় সংঘটিত হয় ?

উত্তৰ – বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি-চতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্রপস্ফিয়েৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্রমান্বয়ে হ্রাস পায়। সেইবাবে ট্ৰপস্ফিয়েৰ স্তৰটোতে প্রধানকৈবতৰৰ প্রায় সকলো ধৰণৰ ক্ৰিয়া-কার্য যেনে – মেঘ, বৰষুণ, ঘূর্ণীবতাহ, ধুমুহা বৃষ্টি আদি সংঘটিত হয়।

(খ) বায়ুমণ্ডলত কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ’ব ?

উত্তৰ – কার্বন ডাই-অক্সাইড এবিধ সেউজ গৃহ গেছ ৷ ইয়াৰ পৰিমাণ বৃদ্ধি পালে বায়ুমণ্ডলত নেতিবাচক প্ৰভাৱ পৰিব ৷ এনে প্ৰভাবৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে প্ৰধান ৷ ইয়াৰ ওপৰিও কার্বন ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হ’লে অ’জন স্তৰৰ অৱক্ষয় ঘতিব যাৰ ফল স্বৰূপে পৃথিৱীত ক্ষতিকাৰক বেঙুণীয়া ৰশ্মীৰ প্ৰৱেশ ঘটিব ৷

(গ) আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি ?

উত্তৰ – আৰ্দ্ৰ বায়ুত প্ৰচুৰ পৰিমাণৰ জলীয় বাষ্প থকা বাবে ঘনত্ব কম আনহাতে শুষ্ক বায়ুত ন্যূনতম পৰিমণৰহে জলীয় বাষ্প থকা বাবে ঘণত্ব অধিক ৷ যিহেতু জলীয় বাষ্প কম হ’লে বায়ুৰ ঘনত্ব বাঢ়ে ফলত বায়ুমণ্ডলীয় চাপ বাঢ়ে ৷ সেয়েহে আর্দ্র বায়ুতকৈ শুষ্ক বায়ুৰ চাপ বেছি৷

(ঘ) অ’জন গেছৰ স্তৰটোৱে কেনেকৈ জীৱজগতৰ উপকাৰ সাধে ?

উত্তৰ – ষ্ট্ৰেট’স্ফিয়েৰত অ’জন গেছৰ এটা স্তৰ আছে। অ’জন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি জীৱজগতক ছালৰ কৰ্কট ৰোগৰ নিচিনা আন বহু ৰোগৰ পৰা সুৰক্ষা প্ৰদাণ কৰে ৷

(ঙ) সাগৰপৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি ?

উত্তৰ – ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটি বায়ুমণ্ডলত উচ্চাপ আৰু নিম্নচাপৰ সৃষ্টি হয় ৷ সাগৰ পৃষ্ঠ যিহেতু আটইতকৈ কম উচ্চতাত অৱস্হিত সেয়েহে সাগৰপৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি হয় ৷

(চ) ট্রপস্ফিয়েৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুবীয় অঞ্চলত কিয় বেলেগ বেলেগ ?

উত্তৰ – ট্ৰপস্ফিয়েৰ বা টুপমণ্ডলৰ গড় উচ্চতা প্রায় ১২ কিলোমিটাৰ যদিও এই উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুবীয় অঞ্চলত ইয়াৰ সর্বোচ্চ উচ্চতা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলত ৮ কিলোমিটাৰ। মেৰু অঞ্চলত পৃথিৱীৰ কৌণিক অৱস্হানৰ বাবে এনে পাৰ্থক্য দেখা যায় ৷

(ছ) নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয় ?

উত্তৰ – নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊর্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো অনুভূত নহয়।

২৩। তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া –

(ক) বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত ?

উত্তৰ – বায়ুমণ্ডল প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বিস্তৃত ৷

(খ) ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে ?

উত্তৰ – ভূ-পৃষ্ঠৰ পৰা ৮০ কিলোমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে৷

(গ) হ’ম’স্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম কি?

উত্তৰ – হ’ম’স্ফিয়েৰ আৰু হেটেৰ’স্ফিয়েৰৰ মাজৰ সীমাটোৰ নাম মেছ’পজ ৷

(ঘ) ফেৰেলৰ সূত্ৰটো কি ?

উত্তৰ –  পৃথিৱীৰ আবৰ্তনৰ বাবে সৃষ্টি হোৱা কোৰিওলিচৰ বলে উত্তৰ গোলার্ধৰ বায়ু প্রবাহক ঘড়ীৰ কাটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলার্ধৰ বায়ুপ্রবাহক ঘড়ীৰ কঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত। কৰে। ইয়াকে ফেৰেলৰ সূত্র বুলি কোৱা হয়।

(ঙ) বিউফ’ৰ্ট স্কেল কি ? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পর্কে চমুকৈ লিখা ।

উত্তৰ – ১৮০৫ চনত বৃটিছ বিজ্ঞানী চাৰ ফ্রেঞ্চিচ বিউফ’র্টে প্রস্তুত কৰা ০ – ১২ নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্রকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফ’ৰ্ট স্কেল বুলি কোৱা হয় ৷

(চ) লেপচ হাৰ কি চমুকৈ লিখা।

উত্তৰ – সাধাৰণতে ট্ৰপ’স্ফিয়েৰৰ প্রতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত ৬.৫° চেন্টিগ্রেডকৈ বায়ুৰ উষ্ণতা হ্রাস পায়। ইয়াকে লেচ হাৰ বোলা হয়।

২৪। চমু টোকা লিখা ?

Advertisement

(ক) হ’ম’স্ফিয়েৰ

উত্তৰ – বায়ুমণ্ডলৰ একেবাৰে নিম্ন স্তৰটোক হ’মস্ফিয়েৰ বোলে ৷ ই ভূ-পৃস্হৰ পৰা প্রায় ৮০ কিলোমিটাৰ উচ্চতা পর্যন্ত বিস্তৃত আৰু ইয়াৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে৷ উল্লেখযোগ্য যে ভূ-পৃষ্ঠৰ পৰা প্রায় ৩২ কিলোমিটাৰ উচ্চতাৰ ভিতৰতেই বায়ুমণ্ডলত থকা উপাদানৰ মুঠ ভৰৰ প্রায় ৯৯ শতাংশ আছে। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্য পার্থক্যৰ বাবে হ’ম’স্ফিয়েৰ স্তৰটোক পুনৰ ভূ-পৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপ’স্ফিয়েৰ, ষ্ট্রেট’স্ফিয়েৰ আৰু মেছ’স্ফিয়েৰ হিচাপে বিভক্ত কৰা হৈছে।

(খ) হেটেৰ’স্ফিয়েৰ

উত্তৰ – মেছ’স্ফিয়েৰস্তৰৰ পিছৰ পৰা, অর্থাৎ ৮০ কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰবিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোকহেটেৰ’স্ফিয়েৰ বোলা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্রজেন, অক্সিজেন, হিলিয়ামআৰু হাইড্রজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি চাৰিটা তৰপৰ সৃষ্টি কৰিছে।উচ্চতা অনুসৰি এই তৰপকেইটা হৈছে ক্ৰমে নাইট্রজেন তৰপ (৮০ কিলোমিটাৰৰপৰা, ২০০ কিলোমিটাৰ উচ্চতা পর্যন্ত), অক্সিজেন তৰপ (১১২৫ কিলোমিটাৰ উচ্চতাপর্যন্ত) হিলিয়াম তৰপ (৩৫৪০ কিলোমিটাৰ উচ্চতা পর্যন্ত) আৰু হাইড্রজেন তৰপ(প্রায় ১০,০০০ কিলোমিটাৰ উচচতা পর্যন্ত)। এই তৰপ কেইটাই আকৌ থার্ম স্ফিয়েৰ আৰু এক্স’স্ফিয়েৰ স্তৰৰ অন্তৰ্গত। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব তেনেই নগণ্য।

(গ) বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পর্ক ৷

উত্তৰ – ভূপৃষ্ঠৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বাবে বায়ুৰ চাপৰ তাৰতম্য ঘটি বায়ুমণ্ডলত উচ্চাপ আৰু নিম্নচাপৰ সৃষ্টি হয় ৷ কোনো পৃষ্ঠ কম উচ্চতাত অৱস্হিত হ’লে তেনেপৃষ্ঠত বায়ুৰ চাপ আটাইতকৈ বেছি হয় ৷ আনহাতে কোনো পৃষ্ঠৰ উচ্চতা বেছি হ’লে তাত বায়ুৰ চাপ কম  হয় ৷ একেদৰে বায়ুৰ উষ্ণতা বেছি হ’লে বায়ুৰ ঘনত্ব কম হয় ৷ কম ঘনত্বই নিম্ন চাপৰ সৃষ্টি কৰে ৷ আনহাতে বায়ুৰ উষ্ণতা কম হ’লে বায়ুৰ ঘনত্ব বাঢ়ে৷ বেছি ঘনত্বই উচ্চ চাপৰ সৃষ্টি কৰে ৷

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়

উত্তৰ – পোনপটীয়া সূৰ্যৰ ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচচচাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয় ৷

(ঙ) বায়ুপ্রবাহ তন্ত্র

উত্তৰ – বায়ুৱে যেতিয়া ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্রবাহ বোলে । বায়ুৰ এই গতি সদায় অনুভূমিক। আনহাতে বায়ু যেতিয়া উৰ্দ্ধগামী হয় তেতিয়া তাক উলম্বিক প্রবাহ বা স্রোত বোলে। বায়ুপ্ৰবাহ বায়ুমণ্ডলত সংঘটিত বহু ক্ৰিয়াকলাপৰ এটা অতি প্ৰয়োজনীয় মাধ্যম যি অহৰহ উত্তাপ, আৰ্দ্ৰতা আৰু বায়ুমণ্ডলৰ অন্যান্য বহু ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াত সহায় কৰে ৷ সেয়ে বহল অৰ্থত ইয়াক, বায়ুপ্ৰবাহ তন্ত্ৰ বোলা হয় ৷

(চ) চাপনতি

উত্তৰ – বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপতি শক্তি বোলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নির্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পার্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পার্থক্য বেছি হলে বায়ুপ্রবাহৰ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্রাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্রবাহৰ দিশো নির্ণয় কৰে।

(ছ) বাণিজ্য বতাহ

উত্তৰ – ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ আশেপাশে অবস্থিত উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়ৰ ফালে প্রবাহিত পৃষ্ঠরায়ুক বাণিজ্য বতাহ বলে। কোৰিওলিচ বলৰ বাবে এই বতাহ উত্তৰ গোলার্ধত উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম দিশত আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূবৰ পৰা উত্তৰ পশ্চিম দিশত বলে। সেয়ে ইয়াক উত্তৰ গোলার্ধত উত্তৰ পূব বাণিজ্য বতাহ আৰু দক্ষিণ গোলার্ধত দক্ষিণ-পূর্ব বাণিজ্য বতাহ বোলে।

(জ) অশ্ব অক্ষাংশ

উত্তৰ – উত্তৰৰ কৰ্কটক্রান্তি আৰু দক্ষিণ মকৰক্ৰান্তিৰ ওচৰত গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্রধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ বা বায়ুপ্রবাহ অনুভূত হয়। এই অঞ্চলত বায়ুপ্রবাহ ইমানেই কম হয় যে কেতিয়াবা সাগৰত জাহাজ চলাচলো কৰিব নোৱাৰা হয়। মধ্যযুগত ইউৰোপীয় নাৱিকসকলে এই অঞ্চলত জাহাজ চলোৱাত যথেষ্ট অসুবিধা পাইছিল। বতাহৰ চলাচল প্রায় নথকাৰ ফলত জাহাজ চলাব নোৱাৰাৰ বাবে নাৱিকসকলে জাহাজৰ বোজা কমাবলৈ জাহাজত অনা ঘোঁৰাবিলাককে সাগৰৰ পানীত পেলাই দিছিল। এইবাবেই উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ বুলি জনা যায়।

(ঝ) গর্জনমুখৰ চল্লিশ

উত্তৰ – দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ ৪০°ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অধিক হয়। সেয়ে মহাসাগৰীয় নাবিকসকলে চল্লিশ দশকৰ অক্ষাংশ অঞ্চলক গর্জনমুখৰ চল্লিশ হিচাপে অভিহিত কৰে ৷

(ঞ) প্রতীপ ঘূর্ণীবতাহ

উত্তৰ – যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্রাকাৰে অপসাৰী বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে প্রতীপ ঘূর্ণীবতাহ বোলা হয়। প্রতীপ ঘূর্ণীবতাহৰ কেন্দ্ৰত চাপ সর্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্রও বোলে । এই উচ্চ চাপ কেন্দ্র চক্রাকাৰ নহৈ কিছু দীঘলীয়া হ’লে ইয়াক ‘উধান’ বোলা হয়।

(ট) জেট প্রবাহ

উত্তৰ – ক্ৰান্তীয় অঞ্চলৰ উচ্চস্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয় ৷ ইয়াকে জেট প্ৰবাহ বোলা হয় ৷ এই জেট প্ৰবাহ এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমুল পৰিৱৰ্তন ঘটায় ৷

(ঠ) সমচাপ ৰেখা

উত্তৰ – যি ৰেখাই সমান চাপ থকা ঠাইক সংযোগ কৰে তেনে ৰেখাক সমচাপ ৰেখা বোলে ৷

(ড) ক্রান্তীয় ঘূর্ণীবতাহ

উত্তৰ – ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্রবেগী বতাহে যেতিয়া চক্রাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাকে ক্রান্তীয় ঘূর্ণীবতাহ বোলা হয়। ক্রান্তীয় চক্রবাত সম্পূর্ণভাবে সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্রীষ্মকালতেই উৎপত্তি হয়। ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূর্ণ হোৱাৰ পিছত ই সাগৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাবিত হয়। একোটা পূর্ণ পর্যায়ৰ ক্রান্তীয় ঘূর্ণীবতাহৰ পৰা বহু উচ্চ পৰিমাণৰ শক্তি নির্গত হয় বাবে এনে চক্রবাতবোৰ ভয়ঙ্কৰ, ধ্বংসকাৰী আৰু ক্ষতিকাৰক ।

২৫। পার্থক্য লিখা ?

Advertisement

(ক) অনুভূমিক প্রবাহ আৰু উল্লম্বিক প্রবাহ

উত্তৰ – বায়ুৱে যেতিয়া ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই অনুভূমিক প্রবাহবোলে। আনহাতে বায়ু যেতিয়া উৰ্দ্ধগামী হয় তেতিয়া তাক উলম্বিক প্রবাহ বা স্রোত  বোলে।

(খ) বায়ুপ্রবাহ আৰু বায়ুৰাশি

উত্তৰ – বতৰ বিজ্ঞানৰ মতে বায়ুৱে যেতিয়া ভূ-পৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ুপ্রবাহ বোলে । আনহাতে উত্তাপ, আদ্রর্তা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একো একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে।

(গ)  ক্রান্তীয় ঘূর্ণীবতাহ আৰু বহিঃক্রান্তীয় ঘূর্ণীবতাহ

উত্তৰ – ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্রবেগী বতাহে যেতিয়া চক্রাকাৰে বলি এক ভয়ঙ্কৰ ৰূপ লয়, তাকে ক্রান্তীয় ঘূর্ণীবতাহ বোলা হয়। আনহাতে নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্রান্তীয় ঘূর্ণীবতাহ বোলা হয়।

(ঘ)  জলবতাহ আৰু স্থলবতাহ

উত্তৰ – স্থলভাগে দিনৰ ভাগত অতি কম সময়ত তাপ শোষণ কৰি উত্তপ্ত হয় আৰু ঠিক সেইদৰে ৰাতি অতি সোনকালে তাপ এৰি দি চেঁচা হয়। কিন্তু জলভাগৰ ক্ষেত্ৰত এইটো সম্পূর্ণ বিপৰীত- যিদৰে দিনৰ ভাগত অতি লেহেম গতিত তাপ শোষণ কৰে, ঠিক সেইদৰে ৰাতি লেহেম গতিত তাপ এৰি দিয়ে। সেয়ে স্থলভাগ আৰু জলভাগৰ মাজত উষ্ণতাৰ পার্থক্য হয় — দিনত জলভাগতকৈ স্থলভাগৰ উষ্ণতা বেছি হয় আৰু ৰাতি স্থলভাগতকৈ জলভাগৰ উষ্ণতা বেছি হয়। এনে উষ্ণতাৰ তাৰতম্যৰ বাবে স্থানীয়ভাৱে বায়ুৰ চাপৰো তাৰতম্য হয় – দিনত জলভাগত উচ্চচাপ আৰু ৰাতি স্থলভাগত উচ্চচাপ সৃষ্টি হয়। স্থানীয় পর্যায়ত বায়ুৰ চাপৰ এনে তাৰতম্যই বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াৰে দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ বলা প্রবাহক জলবতাহ বোলে। আনহাতে, ৰাতি স্থলভাগৰ পৰা জলভাগলৈ বলা প্রবাহক স্থলবতাহ বোলা হয়৷

(ঙ) পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ

উত্তৰ – পৃথিৱীৰ ভিন ভিন ঠাইত ঋতু অনুযায়ী স্থানীয়ভাৱে উষ্ণ আৰু শীতল বতাহ বলে। এনে স্থানীয় বায়ুপ্রবাহে সাময়িকভাবে হলেও একোখন ঠাইৰ বতৰ নিৰ্ধাৰণত প্ৰভাৱ পেলায়। পর্বত পাহাৰৰ পাদভূমি জলবতাহ স্থলবতাহৰ দৰে এক প্ৰকাৰৰ বায়ু প্রবাহিত হয়। উচ্চভূমিৰ বায়ু সেৰেঙা বাবে তাপ শোষণ ক্ষমতাও কম। আনহাতে ভৈয়ামৰ ঘনবায়ু সোনকালে উত্তপ্ত হয়। ফলত দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ঢালেদি উৰ্ধমূখী হয়। এইদৰে দিনৰ ভাগত নদী উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি হোৱা উৰ্দ্ধমূখী প্রবাহক উপত্যকা বতাহ বা ভৈয়ামৰ বতাহ বোলা হয়। কিন্তু ৰাতি পৰিস্থিতি সম্পূর্ণ বিপৰীত হয়। সেই সময়ত উচ্চভূমি, অৰ্থাৎ পর্বতশিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়। ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে পাৰ্বত্য বতাহ বোলে।

(চ) ঘূর্ণীবতাহ আৰু প্রতীপ ঘূর্ণীবতাহ

উত্তৰ – বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্হাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰ গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে ৷ আনহাতে,  যেতিয়া এক ব্যাপক অঞ্চল জুৰি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্রাকাৰে অপসাৰী বায়ুপ্রবাহৰ সৃষ্টি হয় তাকে প্রতীপ ঘূর্ণীবতাহ বোলা হয়। প্রতীপ ঘূর্ণীবতাহৰ কেন্দ্ৰত চাপ সর্বোচ্চ হয় বাবে ইয়াক উচ্চ চাপ কেন্দ্রও বোলে ৷এই উচ্চ চাপ কেন্দ্র চক্রাকাৰ নহৈ কিছু দীঘলীয়া হ’লে ইয়াক ‘উধান’ বোলা হয়।

(ছ) শীতল বাতাগ্র আৰু উষ্ণ বাতাগ্র

উত্তৰ – যি বাতাগ্ৰত শীতল বায়ুৰাশিয়ে উষ্ণ বায়ুৰাশিৰ স্হানান্তৰ কৰে তাক শীতল বাতাগ্ৰ বোলে ৷

    আনহাতে , যি বাতাগ্ৰত অগ্ৰগামী উষ্ণ বায়ুৰাশিয়ে শীতল বায়ুৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্হানান্তৰিত কৰে তাকে উষ্ণ বাতাগ্ৰ বোলে ৷

(জ) ট্ৰপ’স্ফিয়েৰ আৰু ষ্টেট’স্ফিয়েৰ

উত্তৰ – ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্ৰপ’স্ফিয়েৰ বা ট্ৰপ’মণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্রায় ১২ কিলোমিটাৰ। অৱশ্যে এই উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বিষুবীয় অঞ্চলত ইয়াৰ সর্বোচ্চ উচ্চতা ১৬ কিলোমিটাৰ আৰু মেৰু অঞ্চলত ৮ কিলোমিটাৰ। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি-চতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্রপস্ফিয়েতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্রমান্বয়ে হ্রাস পায়।

    আনহাতে ট্ৰপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল ষ্ট্ৰেট’স্ফিয়েৰ বা অবমণ্ডল। দৰাচলতে ট্ৰপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোকেই ট্রপ’পজ বুলি কোৱা হয়। মেঘ সৃষ্টিকে আদি কৰি কোনো ধৰণৰ বতৰজনিত কার্যকলাপ বায়ুমণ্ডলৰ এই স্তৰটোত দেখা নাযায়। অৱশ্যে ট্রপ’পজৰ পৰা ওপৰলৈ ষ্ট্ৰেট’স্ফিয়েৰ বায়ুৰ উচ্চতা ক্রমে বৃদ্ধি পায়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্রায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হৈছে।

২৬। শুদ্ধ উত্তৰটো বাছি উলিওৱা ?

(ক) অ’জন গেছৰ স্তৰটো কত অৱস্থিত ?

(১) ট্ৰপস্ফিয়েৰ

(২) স্ট্রেট’স্ফিয়েৰ

(৩) মেছ’স্ফিয়েৰ

(৪) থার্ম’স্ফিয়েৰ

উত্তৰ – স্ট্রেট’স্ফিয়েৰ

(খ) বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?

(১) ২০.৯৪%

(২) ২৯.০১%

(৩) ৩২.৪৭%

(৪) ৭৮.০৮%   

উত্তৰ – ২০.৯৪%

(গ) বায়ুপ্রবাহৰ মূল কাৰণটো হ’ল-

(১) আদ্রতাৰ তাৰতম্য

(২) চাপৰ তাৰতম্য

(৩) মাধ্যাকর্ষণ শক্তি

(৪) অপকেন্দ্রিক বল

উত্তৰ – চাপৰ তাৰতম্য

 (ঘ) বতাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ’ল-

(১) উইণ্ড ভেন

(২) এনিম’মিটাৰ

(৩) বিউফ’র্ট স্কেল

(৪) হাইড্র’মিটাৰ

উত্তৰ – এনিম’মিটাৰ

(ঙ) বতাহৰ গতিবেগৰ এককটো হল—

(১) ন’ট

(২) মিলিবাৰ

(৩) শতাংশ

(৪) ডিগ্রী

উত্তৰ – ন’ট

(চ) মৌচুমী বতাহ তলৰ কোন শ্রেণীৰ অন্তৰ্গত?

(১) স্থানীয় বতাহ

(২) প্রাথমিক বতাহ

(৩) গৌণ বতাহ

(৪) নিয়মিত বতাহ

উত্তৰ – গৌণ বতাহ

(ছ) প্রাচ্যৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূর্ণীবতাহৰ নামটো হ’ল—

(১) চাইনি

(২) হাৰিকেন

(৩) উইলী উইলী

(৪) টাইফুন 

উত্তৰ – টাইফুন  

Read More:

Advertisement
অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায় ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

7 Replies to “বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ”

Leave a Reply

Your email address will not be published. Required fields are marked *