ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- ১২ বিদ্যুৎ (Electricity) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
অধ্যায়- ১২ বিদ্যুৎ(Electricity)– প্ৰশ্নাৱলী, Page No- 200
1.এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা ?
উত্তৰ – বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৈদ্যুতিক বৰ্তনী বোলে৷
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া ৷
উত্তৰ – প্ৰবাহৰ একক হ’ল এম্পিয়াৰ ৷ প্ৰতি ছেকেণ্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এমলপিয়াৰ বুলি কোৱা হয় ৷
3. এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা ৷
উত্তৰ –

প্ৰশ্নাৱলী, Page No- 202
1.পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা ৷
উত্তৰ – পৰিবাহীত বিভৱভেদ ৰখা সঁজুলি এটাৰ উদাহৰণ হ’ল- বেটেৰী ৷
2. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক’লে কি বুজায় ?
উত্তৰ – দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 V, ইয়াৰ অৰ্থ হ’ল, প্ৰবাহযুক্ত পৰিবাহী এডালত এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1কুলম্ব আধান চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হৈছে ৷
3. 6V বেটাৰী এটাৰ মাজেৰে চালিত হঁওতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?
উত্তৰ –

এতেকে, 6V বেটাৰী এটাৰ মাজেৰে চালিত হঁওতে প্ৰতি কুলম্ব আধানক 6 J শক্তি দিয়া হয় |
প্ৰশ্নাৱলী, Page No- 209
1.পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰ -পৰিবাহীৰ ৰোধ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে –
- পৰিবাহীৰ দৈৰ্ঘ ,
- পৰিবাহীৰ প্রস্থচ্ছেদৰ কালি,
- পৰিবাহীৰ পদাৰ্থৰ প্ৰকৃতিৰ আৰু
- পৰিবাহীৰ উষ্ণতাৰ ওপৰত ৷
2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয়? আৰু কিয় ?
উত্তৰ- একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰ একেটা উৎসত সংযোগ কৰিলে শকত তাঁৰডালত বেছি সহজে প্ৰবাহ চালিত হয় ৷ ইয়াৰ কাৰণ হ’ল ওমৰ সূত্ৰ মতে পৰিবাহীৰ ৰোধ তাৰ প্ৰস্হচ্ছেদৰ কালিৰ ব্যস্তানোপাতিক ৷
3. ধৰাহওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে ৷ ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ’ব ?
উত্তৰ-

4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?
উত্তৰ- সংকৰ ধাতুৰ ৰোধকতা সাধাৰনতে ইয়াক গঠনকাৰী ধাতু কেইতাকৈ বেছি ৷ উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘতে ৷ সেইবাবে পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় ৷
অধ্যায়- ১২ বিদ্যুৎ (Electricity)– প্ৰশ্নাৱলী, Page No- 213
1.প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটাৰী, এটা 5Ω ৰ ৰোধক, এটা 8Ω ৰ ৰোধক, এটা 12Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকন কৰা ৷
উত্তৰ-

2.ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12 Ω ৰোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা ৷ এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব ?
উত্তৰ-


অধ্যায়- ১২ বিদ্যুৎ (Electricity)– প্ৰশ্নাৱলী, Page No- 216
1. নিম্নোক্তবােৰৰ সমান্তৰাল সংযােজন ৰােধ নির্ণয় কৰা। – (a) 1Ω আৰু 106 Ω ((b) 1Ω, 103Ω আৰু 106 Ω |
উত্তৰ-
(a) 1Ω আৰু 106 Ω

(b) 1Ω, 103Ω আৰু 106 Ω |

2. 100 Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পৰুটি সেকা সঁজুলি আৰু 500 Ω ৰােধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযােগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযােগ কৰা হয় আৰু যদি ই আন তিনিওটাই লােৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰােধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব ?
উত্তৰ-

3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবােৰ শ্রেণীবদ্ধ সজ্জাত সংযােগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযােগ কৰিলে কি কি সুবিধা হয় ?
উত্তৰ- এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবােৰ শ্রেণীবদ্ধ সজ্জাত সংযােগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযােগ কৰিলে সুবিধা হয় ৷
- শ্ৰেণিবদ্ধ সজ্জাত বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহৰ মান গতেই বৰ্তনীটোত একেই থাকে ৷ কিন্ত সমান্তৰাল সজ্জাত প্ৰবাহৰ মান বৈদ্যুতিক সঁজুলিৰ প্ৰয়োজন সাপেক্ষে পৃথক হয় বাবে বৈদ্যুতিক সঁজুলিবোৰ সঠিকভাৱে চলাব পাৰি ৷
- শ্ৰেণীবদ্ধ সজ্জাত কোনো এটা উপাদান বিকল হ’লে বাকী উপাদানবোৰে কাম নকৰে কিন্তু সমান্তৰাল সজ্জাত তেনে হ’লে বাকী উপাদানবোৰে কাম কৰি থাকে ৷
- শ্ৰেণীবদ্ধ সজ্জাত বৈদ্যুতিক সঁজুলিবোৰৰ মাজেৰে যোৱা প্ৰবাহক বিভক্ত নকৰে আনহাতে সমান্তৰাল সজ্জাত সঁজুলিবোৰৰ মাজেৰে যোৱা প্ৰবাহক বিভক্ত কৰে ৷ সেয়েহে সমান্তৰাল সজ্জাত কোনো উপাদান বেয়া হ’লে সহজে বিছাৰি উলিয়াব পাৰি ৷
- শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ মান বাঢ়ে আনহাতে সমান্তৰাল সজ্জাত ই কমে ৷
4. 2 Ω, 3 Ω আৰু 6Ω ৰ তিনিটা ৰােধক কেনেকৈ সংযােগ কৰিলে সিহঁতৰ মুঠ ৰােধ (a) 4 Ω আৰু (b) 1 Ω পােৱা যাব ?
উত্তৰ-


5. 5 Ω, 8 Ω, 12 Ω আৰু 24Ω ৰােধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ আৰু (b) সর্বনিম্ন মুঠ ৰােধৰ মান কিমান হ’ব ?
উত্তৰ- (a)সর্বোচ্চ
5 Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ কুণ্ডলী চাৰিটা শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে মুঠ ৰোধৰ মান সৰ্বোচ্চ হ’ব ৷
Rs = R1 + R2 + R3 + R4
= 5 + 8 + 12 + 24
= 49 Ω
(b) সর্বনিম্ন

প্ৰশ্নাৱলী, Page No- 218
1.বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল (heating element) দীপ্ত হয়; কিন্তু সংযােগী তাঁৰ বােৰ এনে নহয়, কিয় ?
উত্তৰ- বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল সংকৰ ধাতুৰে তৈয়াৰ কৰা হয় ৷ সংকৰ ধাতুৰ ৰোধ বেছি ৷ সেইবাবে বিদ্যুত প্ৰবাহ হ’লে বৈদ্যুতিক হিটাৰৰ তাপ উপাদান ডাল দীপ্ত হয়৷ আনহাতে সংযােগী তাঁৰবােৰৰ ধাতুৰ ৰোধ কম বাবে এনে নহয়৷
2.9600 কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হলে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
উত্তৰ-

3. 20Ω ৰােধৰ এটা বৈদ্যুতিক ইস্ত্রিয়ে 5 A প্রবাহ লয়। 30 ছেকেণ্ডতত উৎপন্ন হােৱা তাপৰ পৰিমাণ গণনা কৰা।
উত্তৰ-

প্ৰশ্নাৱলী, Page No- 220
1.এটা বৈদ্যুতিক প্রবাহে যােগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
উত্তৰ- বৈদ্যুতিক বৰ্তনী এটাত বৈদ্যুতিক সঁজুলি এটাই কৰা শক্তিৰ খৰছ বা অপচয়ৰ হাৰে হ’ল সঁজুলিটোৰ ক্ষমতা ৷ সেয়েহে এটা বৈদ্যুতিক প্রবাহে যােগান ধৰা শক্তিৰ হাৰ ক্ষমতাই নিৰূপণ কৰে ৷
2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 A প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।
উত্তৰ-

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
অধ্যায়- ১২ বিদ্যুৎ (Electricity) অনুশীলনী
5.দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযােগ কৰিবা ?
উত্তৰ- দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ বিভৱভেদ জুখিব লগা বিন্দু দুটাৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হয়৷
6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰােধকতা 1.6 x 104 (2 m. 10 2 ৰােধ পাবৰ বাবে এইতাঁৰডালৰ দৈর্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰালৰ ব্যাস দুগুণ কৰা হ’ল, ৰােধৰ পৰিবর্তন কিমান হ’ব ?
উত্তৰ-


8. যেতিয়া এটা অজ্ঞাত ৰােধ 12v ৰ এটা বেটেৰীৰ লগত সংযােগ কৰা হয় তাত 2.5 mA প্রবাহ চালিত হয়।ৰােধকটোৰ ৰােধ উলিওৱা।
উত্তৰ-

9. এটা 9 v বেটাৰীৰ লগতলগত 0.22, 0.32, 0.42 , 0.52 আৰু 12 2. ৰােধক কেইটা শ্রেণীৱদ্ধভাৱে সংযােগ কৰা হৈছে। 12 2 ৰােধৰ ৰােধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?
উত্তৰ-

10. 176 Ω ৰ কিমানটা ৰােধক(সমান্তৰাল সংযোগ) হলে 220V ৰ লাইন এটাত 5 A প্রবাহ পােৱা যাব ?
উত্তৰ-

11. প্ৰতিটো 6 Ω ৰােধৰ তিনিটা ৰােধক কেনেদৰে সংযােগ কৰিলে সজ্জাটোৰ সমতুল্য ৰােধ (i) 9 Ω আৰু (ii) 4 Ω হ’ব ?
উত্তৰ-




12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10W ৰে চিন্হত কৰা হৈছে ৷ যদি চালিত হােৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰাল ভাৱে 220 V লাইনৰ লগত সংযােগ কৰিব লাগিব ?
উত্তৰ-

13. 220 V লাইনৰ লগত সংযােগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰােধ কুণ্ডলী A আৰু B আছে আৰু প্রত্যেকৰে ৰােধৰ মান 24Ω , যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযােগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ’ব ?
উত্তৰ-


14. 2 Ω ৰােধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (6) 1 Ω আৰু 2Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে, আৰু (ii) 12Ω আৰু 2 Ω ৰ ৰােধক এটা 4 V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযােগ
উত্তৰ-


15.এটা 220V ত 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 w চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যােগানৰ লগত সমান্তৰালভাৱে সংযােগ কৰা হৈছে। যদি যােগান বিভৱ 220V হয়, কিমান প্রবাহ ই ল’ব।
উত্তৰ-

16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 25OW ৰ TV চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে ?
উত্তৰ-


17. 8 Ω ৰােধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলােতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হােৱা হাৰ উলিওৱা।
উত্তৰ-

18. ব্যাখ্যা কৰা
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?
উত্তৰ- বৈদ্যুতিক চাকিৰ ফিলামেন্টডালে যিমান পাৰে সিমান তাপ ধৰি ৰাখিব লাগে যাতে অতিশয় উত্তপ্ত হৈ পোহৰ নিৰ্গত কৰিব পাৰে ৷ এনে উচ্চ উষ্ণতাত ফিলামেন্টডাল গলিব নালাগিব ৷ টাংষ্টেন এবিধ উচ্চ গলনাংকৰ শক্তিশালঈ ধাতু সেইবাবে বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট ব্যৱহাৰ কৰা হয় ৷
(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিত বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰ – সংকৰ ধাতুৰ ৰোধকতা সাধাৰনতে ইয়াক গঠনকাৰী ধাতু কেইতাকৈ বেছি ৷ উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘতে ৷ সেইবাবে বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰত বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু ব্যৱহাৰ কৰা হয় ৷
(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ?
উত্তৰ – ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয় কাৰণ –
- শ্ৰেণিবদ্ধ সজ্জাত বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহৰ মান গতেই বৰ্তনীটোত একেই থাকে ৷ এনেধৰণৰ বৰ্তনীত বৈদ্যুতিক সঁজুলিবোৰ সঠিকভাৱে চলাব নোৱাৰি৷
- শ্ৰেণীবদ্ধ সজ্জাত কোনো এটা উপাদান বিকল হ’লে বাকী উপাদানবোৰো কাম নকৰা হয় ৷
- শ্ৰেণীবদ্ধ সজ্জাত বৈদ্যুতিক সঁজুলিবোৰৰ মাজেৰে যোৱা প্ৰবাহক বিভক্ত নকৰে ৷ ফলত শ্ৰেণীবদ্ধ সজ্জাত কোনো উপাদান বেয়া হ’লে সহজে বিছাৰি উলিয়াব নোৱাৰি ৷
- শ্ৰেণীবদ্ধ সজ্জাত মুঠ ৰোধৰ মান বাঢ়ে ৷
(d) এডাল পৰিবাহীৰ ৰােধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয়
উত্তৰ- এডাল পৰিবাহীৰ ৰােধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক ৷ পৰিবাহীডালৰ প্রস্থচ্ছেদৰ কালি বাঢ়িলে ৰোধ কমিব আৰু প্রস্থচ্ছেদৰ কালি কমিলে ৰোধ বাঢ়িব ৷
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয
উত্তৰ- তাম আৰু এলুমিনিয়াম বিদ্যুতৰ সু-পৰিবাহী ৷ সিহঁতৰ ৰোধকতা অন্য ধাতুৰ তুলনাত ক’ম ৷ সেইবাবে বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ ব্যৱহাৰ কৰা হয ৷
NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায়- ৯ – বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায়-১১ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
For Current Affairs, Please click here….
আপোনালৈ অশেষ ধন্যবাদ৷
ভাল লাগিল ৷ আমাৰ ৱেবচাইট ব্যৱহাৰ কৰা বাবে ধন্যবাদ ৷