ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন (Advent of the Europeans into India ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – অনুশীলনী

অতি চমু/চমু উত্তৰৰ প্ৰশ্ন –

১/ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পর্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্রথমে উপস্থিত হৈছিল ?

উত্তৰ – ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পর্তুগীজ নাৱিকজন হ’ল ভাস্কো-ডা-গামা ।

     তেওঁ ১৪৯৮ খ্রীষ্টাব্দত, দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোন প্রথমে উপস্থিত হৈছিল ।

২/ জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমর্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল ?

উত্তৰ – জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমর্থ হোৱা ইংৰাজ নাৱিকজনহ’ল ফ্রান্সিছ ড্রেক।

৩/ ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে অনুমতি পত্ৰলৈ কেতিয়া প্ৰৱেশ কৰিছিল?

উত্তৰ – ইংৰাজ নাৱিক জন মিলডেন হলে ১৫৯৯ খ্রীষ্টাব্দত ভাৰত ভূমিত পোন প্রথমে অনুমতি পত্ৰলৈ প্ৰৱেশ কৰিছিল ৷

৪/ ‘ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক’ত গঠন হৈছিল ?

উত্তৰ – ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ১৬০০ খ্রীষ্টাব্দত লণ্ডনত গঠন হৈছিল।

৫/ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।

উত্তৰ – ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য –

(i) ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিল বেহা বেপাৰ কৰা।

(ii) বেহা বেপাৰক কেন্দ্ৰ কৰি গোজেই গজালি মেলি পিছলৈ ৰাজ্য শাসন কৰা ৷

৬/ ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?

উত্তৰ – ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ১৬১১ খ্রীষ্টাব্দত ভাৰতৰ মছলিপট্টমত স্থাপিত হৈছিল।

৭/ ‘ফট উইলিয়াম’ কি ?

উত্তৰ – ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানার্থে কলিকতাত নির্মাণ কৰা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফ’র্ট উইলিয়াম’ ৷

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

৮/ পৰাধীন ভাৰতৰ ব্রিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা।

উত্তৰ – পৰাধীন ভাৰতৰ ব্রিটিছ শাসনৰ সময়ছোৱাক তলত উল্লেখ কৰা মূল ভাগ দুটাত ভগাব পাৰি –

(i) প্রথমটো হৈচে, মোগল সাম্রাজ্যৰ পতন পৰা আৰম্ভ কৰি(প্রায় ১৭১৭ খ্রীষ্টাব্দ) ১৮৫৭ খ্রীষ্টাব্দৰ চিপাহী বিদ্রোহলৈকে।

(ii) দ্বিতীয়টো হৈছে, ১৮৫৮ খ্রীষ্টাব্দৰ পৰা ১৯৪৭ খ্রীষ্টাব্দত ভাৰতীয়সকলৰ হাতত ক্ষমতা     হস্তান্তৰালৈকে।

৯/ ‘ভাৰত চৰকাৰ আইন’ কোনে, কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল ?

উত্তৰ – ব্ৰিতিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট আৰিখে ‘ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল ৷ এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল ৷

১০/ “ভাৰতীয় পৰিষদ আইন” কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল ?

উত্তৰ – “ভাৰতীয় পৰিষদ আইন” ১৮৬১ খ্রীষ্টাব্দত ব্রিটিছ সংসদৰ দ্বাৰা প্রণয়ন কৰা হৈছিল৷

     এই আইনখনৰ উদ্দশ্য আছিল ১৮৫৮ খ্রীষ্টাব্দৰ ‘ভাৰত চৰকাৰ আইনখনৰ’ আধাৰত গঢ়ি উঠা আধুনিক প্ৰশাসন ব্যৱস্হাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া ৷

চমু/দীঘল উত্তৰৰ প্ৰশ্ন-

Advertisement

১/ ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্রচেষ্টা কেতিয়া সম্পূর্ণ হৈছিল, তাৰ পদক্ষেপ সমূহ সংক্ষেপে লিখা।

উত্তৰ – ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিবলৈ ইংৰাজসকলে অশেষ চেষ্টা কৰিছিল। ১৭১৫ খ্রীষ্টাব্দত সম্রাট ফাৰুখছিয়াৰপৰা তিনিখন ফৰমান আদায় কৰিবলৈ সক্ষম হৈছিল ৷ এই সফলতা লাভ কৰাৰ আগতে তেওঁলোকে ভাৰতৰ সৈতে বাণিজ্যিক সম্বন্ধ স্থাপনৰ বাবে কৰা বিভিন্ন প্রচেষ্টাসমূহ সংক্ষেপে তলত উল্লেখ কৰা হ’ল –

(i) ১৫৯৯ খ্রীষ্টাব্দত – ১৫৯৯ খ্রীষ্টাব্দত বাণিজ্যিক সুবিধা লাভৰ উদ্দেশ্যৰে জন মিলডেন হল     নামৰ এজন ইংৰাজ নাৱিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰৰ লৈ ভাৰত  ভূমিত প্ৰৱেশ কৰিছিল।

(ii) ১৬০৫-১৬২৭ খ্রীষ্টাব্দৰ ভিতৰত –

     ১৬০৮ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্রথম জেমছে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্রাট জাহাংগীৰলৈ এখন আৱেদন-পত্ৰ প্ৰেৰণ কৰিছিল ৷ সম্রাটে কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্যিক চুক্তিৰ আৱেদন নামঞ্জুৰ কৰিছিল।

       ১৬১৫ খ্রীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্রথম জেমছে ছাৰ টমাছ ৰ’ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল ৷ টমাছ ৰ’ৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপন কৰিবলৈ অনুমতি প্রদান কৰিছিল।

       ১৭১৫ খ্রীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত অহা ইংৰাজ লোকৰ সঁজাতী দল এটাই মোগল সম্রাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্রস্তাৱ আগবঢ়াইছিল। এই সজাতী দলটোৰে এজন চিকিৎসক সদস্য ডাঃ হেমিলটনে ৰোগাক্ৰান্ত সম্রাট ফাৰুখছিয়াৰক সুস্থ কৰি তুলিছিল। সঁজাতী দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাব দেখুৱাইছিল ৷ এই সুযোগতে তেওঁৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে ৷

২। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্র স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পর্কে লিখা।

উত্তৰ –  ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তলত উল্লেখ কৰা ধৰণে ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্যকেন্দ্র স্থাপ কৰিছিল –

(i) ১৬১১ খ্রীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে  মছলিপট্টমত এটা বাণিজ্য কেন্দ্র স্থাপন কৰিছিল ৷

(ii) ১৬৩৬ খ্রীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্র স্থাপন   কৰিছিল। ১৬৩৯ খ্রীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চন্দ্রগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্রটোৰ নতুন নাম দিয়া হৈছিল ফর্ট ছেন্ট জৰ্জ ।

(iii) ১৬৯০ খ্রীষ্টাব্দত জব চার্ণক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ বিনিময়ত কালীঘাটা(কলিকতা), সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্র আৰম্ভ কৰিছিল। তিনিখন ঠাইৰ সমষ্টিয়ে পিছলৈ  কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল।

৩/ ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেযোগ্য ব্যক্তিজন কোন আছিল? তেওঁ কি কি কৌশলেৰে ব্রিটিছ সাম্রাজ্যৰ লাইখুঁটা স্থাপন কৰিছিল। চাৰিটা যুক্তিৰে লিখা ৷

উত্তৰ –  ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেযোগ্য ব্যক্তিজন কোম্পানিৰে এজন সাধাৰণ কৰ্মচাৰী আছিল ৷ তেওঁৰ নাম ৰবার্ট ক্লাইৱ ৷ 

      তেৱেঁই বিভিন্ন কৌশলেৰে ভাৰতত ব্রিটিছ সাম্রাজ্য লাইখুঁটা স্হাপন কৰিছিল ৷ এই উক্তিটোৰ সমৰ্থনত চৰিটা যুক্তি আগ বঢ়োৱা হ’ল –

(i) ৰবার্ট ক্লাইৱে ভাৰতত ঔপনিৱেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কুটনৈতিক কলা-কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল৷  তেওঁ নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ  বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।

(ii)তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক  কোম্পানিৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল ৷

(iii) তেওঁ বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিক কোম্পানিৰ সৈতে মিত্ৰতা কৰাই দিছিল ফলত প্ৰত্যেকে নিজৰ নিজৰ ৰাজ্যৰ কর্তৃত্ব বিসৰ্জন দিব লগা হৈছিল।

(iv) পলাশীৰ যুদ্ধত(১৭৫৭ খ্রীষ্টাব্দ) বংগ, বিহাৰ আৰু উৰিষ্যাৰ নৱাব ছিৰাজ উদদৌলাক চল-চাতুৰিৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্রিটিছ সাম্রাজ্যৰ লাইখুঁটা স্হাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল।

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

৪/ চিপাহী বিদ্রোহ সৃষ্টিৰ কাৰণবোৰ লিখা।

 উত্তৰ –  চিপাহী বিদ্রোহ সৃষ্টিৰ কাৰণবোৰ তলত উল্লেখ কৰা হ’ল –

(i) ব্ৰিটিছৰ সাম্রাজ্যবাদী নীতিৰ কাৰণে ভাৰতীয় ৰাজকীয় শ্ৰেণী আৰু জনগনৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল ৷

(ii) চিপাহী বিদ্রোহ সংঘটিত হোৱাৰ আন এক অন্যতম কাৰণ আছিল ১৮৩৫ খ্ৰীষ্টাব্দত ইষ্ট     ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্রাটৰ নাম আঁতৰাই দিয়া হৈছিল ।

(iii) ৰাজকীয় পাৰ্চী ভাষাক উচ্ছিদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষাৰ প্ৰচলন কৰাৰ প্ততিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি-অসন্ত্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল ।

(iv) লৰ্ড ডেলহাউছীৰ প্ৰতিক্ৰীয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল৷

৫/ চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।

উত্তৰ –  চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল তলত উল্লেখ কৰা হ’ল –

(ক) সাংবিধানিক পৰিৱর্তনঃ

(i) ব্ৰিতিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট আৰিখে ‘ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল ৷ এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল ৷  ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰুপে কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰন পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটিছিল ৷

(ii) ১৮৫৮ খ্রীষ্টাব্দৰ ১ নৱেম্বৰ তাৰিখে এলাহাবাদত এখন দৰবাৰ আয়োজন কৰি ভাইচৰয় লর্ড কেনিঙে নিজকে মহাৰাণী ভিক্টোৰিয়াৰ প্রতিনিধি বুলি ঘাষোণা কৰি এখন ঘাষোণাপত্র পাঠ কৰিছিল। এই ঘোষণাৰ মাজেদি ভাৰতীয় প্ৰজা আৰু দেশীয় শাসকৰ মনত সৃষ্টি হোৱা অশান্তি আৰু সন্দেহ আদি আঁতৰাবলৈ বিচৰা হৈছিল ৷

(খ) সামাজিক পৰিৱৰ্তন –

(i) বিদ্ৰোহৰ পৰোক্ষ ফল হিচাপে ভাৰতিয় সমাজত থকা সামন্তযুগীয় স্হবিৰতা অৱসান ঘটিছিল আৰু আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্ৰতি ভাৰতীয় সকল আকৰ্ষিত হৈছিল ৷

(ii) চিপাহী বিদ্ৰোহৰ পিছত, ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাব জগাই তুলিছিল ৷ বিভিন্ন জাতি-জনগোষ্ঠী আৰু সম্প্রদায়ৰ মনত ‘আমি ভাৰতীয় জনগণ’ এনে এক চেতনা জাগ্ৰত হৈছিল ৷

৬/ “ভাৰত চৰকাৰ আইন”ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰ –  “ভাৰত চৰকাৰ আইনৰ” জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তনৰ বিষয়ে তলত উল্লেখ কৰা হ’ল –

(i) “ভাৰত চৰকাৰআইন”এ ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল ৷ ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰুপে কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰন পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল ৷

(ii) নতুন আইন অনুসৰি  ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰটিছ মন্ত্ৰিসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হৈছিল ৷ সেই মন্ত্ৰীজনক “ভাৰত সচিব” বোলা হৈছিল৷ তেওঁক সহায় কৰিবলৈ ১৫ জনীয়া সদস্যৰে এখন পৰিষদ গঠন কৰা হৈছিল৷ পৰিষদখনৰ ১৫ জন সদস্যৰ ৮ জন ইংৰাজ চৰকাৰৰ আৰু বাকী ৭ জন সদস্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্রতিনিধি আছিল।

(iii) এই আইনখনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বী(গৱৰ্ণৰ)জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰিছিল ৷

(iv) এই আইনখনে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।

৭/ লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।

উত্তৰ –  লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়েতলত উল্লেখ কৰা হ’ল –

(i)১৮৫৯ খ্রীষ্টাব্দত ‘বংগ ৰাজহ’ নামৰ আইন প্ৰনয়ন কৰি চিৰস্থায়ী বন্দবস্তিয়ে সৃষ্টি কৰি     যোৱা খেলি-মেলিৰ অৱসান ঘটাইছিল ৷ এই আইনে ৰায়তসকলক ভূমিৰ ওপৰত নিজস্ব কৰ্তৃত্ব প্ৰদান কৰিছিল৷ নীল খেতিয়কসকলক নীল ব্যৱসায়ীসকলৰ পৰা সুৰক্ষিত কৰিছিল।

(ii) লর্ড কেনিঙে শিক্ষা ব্যৱস্হাটোৰ উন্মতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনি’খন ভাৰতত প্ৰৱৰ্তন কৰি প্রত্যেক প্রদেশতে এজন সচিবৰ তলত এটাকৈ শিক্ষা বিভাগ মুকলি কৰিছিল ৷

৮/ ‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।

উত্তৰ –   ‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ –

(i) ভাৰতীয় পৰিষদ আইনে আইনী প্রক্রিয়াৰে সর্বোচ্চ প্রশাসনত ভাৰতীয় প্ৰতিনিধিত্বৰ বুনিয়াদ ৰচনা কৰি ভাৰতীয়ক বিধায়িনী ক্ষমতাত অংশ গ্ৰহণৰ ক্ষমতা দিছিল ৷

(ii) এই আইনে কেন্দ্রীয় বিধানমণ্ডলক ৰাজহ, বিও, প্ৰতিৰক্ষা বাহিনীৰ ৰক্ষণাবেক্ষণ, দেশীয় ৰাজ্য আৰু ব্রিটিছভাৰত অধিকৃত ৰাজ্যৰ সীমা সুৰক্ষা আদি বিষয়ত পৰামৰ্শ আৰু আইন তৈয়াৰ কৰাৰ ক্ষমতা দিছিল ৷

‘ভাৰতীয় পৰিষদ আইন’ৰ দুটা দোষ –

(i) এই আইনখনে বংগৰ গৱৰ্ণৰ জেনেৰেলক অপৰীসীম ক্ষমতাৰ অধিকাৰী কৰিছিল ৷ ফলস্বৰূপে প্রাদেশিক পৰিষদসমূহৰ আইনী ক্ষমতা বহু ক্ষেত্ৰত সংকুচিত হৈছিল। 

(ii) গৱৰ্ণৰৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল ৷ তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল ৷

৯/ ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিবর্তনসমূহ আলোচনা কৰা।

উত্তৰ –   ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিবর্তনসমূহ তলত আলোচনা কৰা হ’ল –

(i)১৮৭০ খ্ৰীষ্টাব্দৰ ১৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্হ্য,পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশ বিলাকক দিয়া হৈছিল৷

(ii) লৰ্ড ৰিপণে ১৮৮২ খ্ৰীষ্টাব্দৰ ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল ব’ৰ্ড(আঞ্চলিক পৰিষদ) গঠন কৰে ৷ প্ৰয়োজন অনুসৰি প্ৰত্যেকখন লোকেল ব’ৰ্ডৰ অধীনত থকা গ্ৰামাঞ্চলৰ লাটসমূহত একোখনকৈ প্ৰাথমিক ব’ৰ্ড গঠনৰ ব্যৱস্হা ৰাখিছিল ৷

(iii) ১৮৮২ খ্ৰীষ্টাব্দৰ স্হানীয় প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন কৰিছিল ৷ পৌৰসভা আৰু নগৰপালিকাৰ নিকায়সমূহৰ শতকৰা ৭৫ জন সদস্যক নিৰ্বাচনৰ যোগেদি বাছনি কৰি লোৱাৰ ব্যৱস্হা কৰা হৈছিল ৷

(iv) ১৮৮৫ খ্ৰীষ্টাব্দৰ স্বায়ত্ত শাসন আইনখনে জিলা উপায়ুক্তসকলক লোকে ব’ৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল৷

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

Advertisement

১০/ অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল? এই সেৱাৰ বিকাশ সম্পর্কে আলোচনা কৰা।

উত্তৰ – ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসন কালত ভাৰতবৰ্ষৰ লোক সেৱা পদবিসমূহ কেৱল ইংৰাজ লোকৰ দ্বাৰাহে পূৰণ কৰা হৈছিল। ভাৰত চৰকৰ পৰিচালনাৰৰ দায়িত্ব ব্ৰিটিছ চৰকাৰৰ হাতলৈ (১৮৫৮ খ্রীষ্টাব্দ) যোৱাৰ পিছত ভাৰতীয় শিক্ষিত সকলেও লোকসেৱাৰ পদবিত দেশীয় ব্যক্তিক অন্তর্ভুক্ত কৰাৰ বাৰে আগ্রহ প্রকাশ কৰিছিল ।

       ১৮৩৩ খ্রীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবিত মকৰল কৰাৰ বাবে নিযুক্তিৰ অৰ্হতা নির্ধাৰণৰ ব্যৱস্থা ল’বলৈ নির্দেশ দিছিল৷ কোম্পানিৰ ডাইৰেক্টৰসকলৰ বিৰোধিতাৰ স্বতেও ১৮৩৩ খ্রীষ্টাব্দত ডেপুটি মেজিষ্ট্রেট আৰু ১৮৪৩ খ্রীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবিৰ সৃষ্টি কৰি দুয়োটা পদবিৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হ’ব বুলি জানিবলৈ দিছিল।

        ১৮৫৩ খ্রীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল যদিও ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে অতি সামান্যসংখ্যক ভাৰতীয়ইহে ইয়াত অৱতীৰ্ণ হ’ব পাৰিছিল। ১৮৫৮ খ্রীষ্টাব্দৰ মহাৰাণীৰ ঘোষণাপত্রই দেশীয় লোককে নিৰপেক্ষভাৱে লোকসেৱাৰ পদবিত নিয়োগ কৰাৰ আশ্বাস দিছিল। এই আশ্বাসৰ ভিত্তিত ভাৰত সচিবে গঠন কৰা কমিটীয়ে ভাৰতীয় লোকসেৱাৰ বাবে প্রতিযোগিতামূলক পৰীক্ষা ভাৰতত অনুষ্ঠিত কৰাৰ উপদেশ দিছিল। কিন্তু ১৮৬২ খ্রীষ্টাব্দৰ চিভিল ছাৰ্ভিচ আইনত সন্নিবিষ্ট ধাৰাৰ বাবে কমিটীৰ এই উপদেশ কার্যকৰী কৰা নাছিল।

        ১৮৬৫ খ্রীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সর্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু ১৮৬৬ খ্রীষ্টাব্দত এই সর্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কমসংখ্যক ভাৰতীয়ইহে এই পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিছিল। ১৮৬৪ খ্রীষ্টাব্দত প্রথমজন ভাৰতীয় ব্যক্তি সত্যেন্দ্র নাথ ঠাকুৰ, ১৮৭১ খ্রীষ্টাব্দত তিনিজন ভাৰতীয় ক্রমে সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়, ৰমেশ চন্দ্র দত্ত আৰু বিহাৰী লাল গুপ্ত, ১৮৭২ খ্রীষ্টাব্দত শ্রীপদ বাবাজী ঠাকুৰ আৰু আনন্দৰাম বৰুৱাই এই লোকসেৱা পৰীক্ষাত কৃতকার্যতা লাভ কৰিছিল।

         ভাইচৰয় লর্ড লিটনৰ কার্যকালত (১৮৭৬-৮০) ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কৰিছিল। কিন্তু সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়ে ইয়াৰ বিৰুদ্ধে এটা তীব্ৰ জনজাগৰণ গঢ়ি তুলাত ইংলেণ্ডৰ চৰকাৰে ভাৰতীয় লোকসেৱাত পৰীক্ষাৰ্থীৰ বয়স পুনৰ ২২ বছৰ কৰিবলৈ বাধ্য হৈছিল।

          লর্ড লিটনৰ কার্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সম্বন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবি অংগীকাৰবদ্ধ পদবী ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল সেই পদবিসমূহ স্থানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ নিজাকৈ পদবিসমূহৰ বাবে উচ্চবংশজাত ভাৰতীয় ব্যক্তিক বাছনি কৰাৰ নির্দেশ দিছিল ৷ কিন্তু উচ্চ শ্রেণীভুক্ত ভাৰতীয়ক আকর্ষণ কৰিব নোৱাৰাত গোটেই ব্যৱস্থাটো কার্যকৰী কৰিব পৰা নাছিল।

          ১৮৮৬ খ্রীষ্টাব্দত পঞ্জাবৰ লেফটেনেন্ট গৱৰ্ণৰ ছাৰ চাৰ্লছ আইচিছনৰ পৌৰোহিত্যত গঠন হোৱা আয়োগে লোকসেৱা বিভাগটোক তিনিটা ভাগত ভাগ কৰিছিল –  ইমপেৰিয়েল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, প্রভিন্সিয়েল চিভিল ছাৰ্ভিচ আৰু ছাডিনেট চিভিল ছাৰ্ভিচ। প্রথমটোত ইংৰাজ ব্যক্তিক আৰু বাকী দুটাত দেশীয় লোকক মকৰল কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। ইংলেণ্ডৰ চৰকাৰে আইচিছন কমিছনৰ পৰামৰ্শাৱলী সম্পূর্ণভাৱে মানি লোৱা নাছিল।

         ১৮৯৩ খ্রীষ্টাব্দৰ ২ জুন তাৰিখে ব্রিটিছ সংসদে ইংলেণ্ড আৰু ভাৰতত একে সময়তে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্রস্তাৱ গ্ৰহণ কৰিছিল যদিও বেয়া পৰিবেশ পৰিস্থিতিৰ অজুহাত দেখুৱাই এই প্রস্তাৱ চৰকাৰে কাৰ্যকৰী কৰা নাছিল। ১৯২২ খ্রীষ্টাব্দত ব্রিটিছ চৰকাৰে লর্ড ইচলিংটনৰ নেতৃত্বত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰিছিল। কিন্তু এই কমিছনখনেও এই ক্ষেত্ৰত কোনো কার্যকৰী ব্যৱস্থা ল’ব পৰা নাছিল।

        মন্টেগু-চেমচফোর্ড প্রতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল। মন্টেগু-চেমচফোর্ড প্রতিবেদন আৰু ১৯১৯ খ্রীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নির্দেশনা কার্যকৰী কৰিবলৈ ১৯২৩ খ্রীষ্টাব্দত ব্রিটিছ চৰকাৰে লী আয়োগ গঠন কৰিছিল। লী আয়োগে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ১৫টা বছৰৰ ভিতৰত লোকসেৱাৰ পদবিত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ উপদেশ দিছিল।

        ১৯৩৫ খ্রীষ্টাব্দত ব্ৰিটিছ সংসদত গৃহীত হোৱা ভাৰত চৰকাৰ আইনখনে ‘যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ’ আৰু ‘প্রাদেশিক লোকসেৱা আয়োগ’ গঠনৰ প্ৰস্তাৱ দিছিল যদিও প্রস্তাৱিত লোকসেৱাৰ নতুন ব্যৱস্থাপনাৰ প্রতি শিক্ষিত ভাৰতীয়ৰ মনত কোনো আগ্রহ ফুটি উঠা নাছিল। ভাৰতীয়ক নেতৃত্ব দিয়া জাতীয় কংগ্ৰেছেও ভাৰতীয়ক নিৰপেক্ষভাৱে লোকসেৱাত নিযুক্ত নকৰা বুলিহে আপত্তি তুলিছিল।

        ভাৰতবর্ষ স্বাধীন হোৱাৰ পিছত সৰ্বভাৰতীয় পর্যায়ত মুকলি প্রতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হ’ল। সৰ্বভাৰতীয় লোকসেৱা আয়োগে আৰু প্রাদেশিক পর্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হ’ল।

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

১১/ ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য উল্লেখ কৰা।

উত্তৰ – ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পর্কে তিনিটা পার্থক্য তলত দিয়া হ’ল –

ব্রিটিছ অধীন ভাৰতৰ অসামৰিক লোকসেৱা   স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা
ব্রিটিছ অধীন ভাৰতৰ লোকসেৱাৰ পৰীক্ষাসমূহ ইংলেণ্ডত অনুষ্ঠিত হৈছিল।স্বাধীন ভাৰতৰলোকসেৱাৰ পৰীক্ষাসমূহ ভাৰততে অনুষ্ঠিত হয়৷
ব্রিটিছ অধীন ভাৰতৰ লোকসেৱাৰ পদবীসমূহ অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তি আৰু উচ্চশ্ৰেণীৰ ভাৰতীয়সকলৰ ববে সংৰক্ষিত কৰি ৰাখিছিল ৷স্বাধিন ভাৰতত এনে কোনো আৰক্ষণৰ ব্যৱস্হা নাই ৷
ব্রিটিছ অধীন ভাৰতত যুক্তৰাষ্ট্ৰীয় লোকসেৱা আয়োগ আৰু প্রাদেশিক লোকসেৱা আয়োগৰ যোগেদি লোকসেৱাত নিয়োগৰ কৰা হৈছিল।স্বাধিন ভাৰতত সর্বভাৰতীয় আৰু ৰাজ্যিক পর্যায়ত দুখন লোকসেৱা আয়োগ গঠন কৰা হৈছে।  

Read More:

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস –

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল-

অধ্যায় ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

Advertisement

9 Replies to “ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন”

Leave a Reply

Your email address will not be published. Required fields are marked *