ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান , ইতিহাস নৱম শ্ৰেণীৰ, অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

১/ কোনজন পৰ্টুগীজ নাৱিকে ১৪৮৭ খ্ৰীষ্টাব্দত আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপত উপস্থিত হৈছিল ?

উত্তৰ – ১৪৮৭ খ্ৰীষ্টাব্দত পৰ্টুগীজ নাৱিক বাৰ্থ’ল’ মিউ ডিয়াজে আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তমাশা অন্তৰীপত উপস্থিত হৈছিল ৷

২/ ইংৰাজ নাৱিক ফ্রান্সিছ ড্রেকে কোন চনত জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমর্থ হৈছিল ?

উত্তৰ – ইংৰাজ নাৱিক ফ্রান্সিছ ড্রেকে ১৫৮০ খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমর্থ হৈছিল ৷

৩/ ১৫৮২ খ্ৰীষ্টাব্দত ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি কোনজন নাৱিকে ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল ?

উত্তৰ – ১৫৮২ খ্ৰীষ্টাব্দত ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি ৰালফ ফিট্চ নামৰ এজন নাৱিকে ইংৰাজ জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল ৷

৪/ ১৫৯৯ খ্ৰীষ্টাব্দত জন মিলডেন হলে কাৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ পোন প্রথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল ?

উত্তৰ – ১৫৯৯ খ্ৰীষ্টাব্দত জন মিলডেন হলে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ-পত্ৰ লৈ পোন প্রথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল ৷

৫/  ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে কাৰ যোগেদি ভাৰতৰ সৈতে বেহা-বেপাৰ কৰিবলৈ সম্ৰাট জাহাংগীৰলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল ?

উত্তৰ – ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি ভাৰতৰ সৈতে বেহা-বেপাৰ কৰিবলৈ সম্ৰাট জাহাংগীৰলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল ৷

৬/ ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে কোন চনত ভাৰতৰ সৈতে বেহা-বেপাৰ কৰিবলৈ সম্ৰাট জাহাংগীৰলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল ?

উত্তৰ – ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ১৬০৮ খ্ৰীষ্টাব্দত ভাৰতৰ সৈতে বেহা-বেপাৰ কৰিবলৈ সম্ৰাট জাহাংগীৰলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছিল ৷

৭/ ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে কোনজন ইংৰাজক জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল ?

উত্তৰ – ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে টমাচ ৰ’ নামৰ এজন ইংৰাজক জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল ৷

৮/ ১৭১৫ খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰিছিল ?

উত্তৰ – ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰিছিল ৷

৯/ ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰিবলৈ যোৱা ইংৰাজ লোকৰ সঁজাতী দলটোৰ চিকিৎসকজনৰ নাম কি ?

উত্তৰ – ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰিবলৈ যোৱা ইংৰাজ লোকৰ সঁজাতী দলটোৰ চিকিৎসকজনৰ নাম ডাঃ হেমিলটন ৷

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১০/ ১৬১১ খ্রীষ্টাব্দত ভাৰতৰ মছলিপট্টমত স্থাপিত হোৱা বাণিজ্য কেন্দ্ৰটো কাৰ পৰা অনুমতি লৈ স্থাপন কৰা হৈছিল ?

উত্তৰ – ১৬১১ খ্রীষ্টাব্দত ভাৰতৰ মছলিপট্টমত স্থাপিত হোৱা বাণিজ্য কেন্দ্ৰটো গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ স্থাপন কৰা হৈছিল ৷

১১/ ১৬৬১ খ্ৰীষ্টাব্দত কোনজন ৰজাই পৰ্টুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল ?

উত্তৰ – ১৬৬১ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ দ্বিতীয় ৰজা চাৰ্লছে পৰ্টুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিল ৷

১২/ কাৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’ ৰখা হৈছিল ?

উত্তৰ – ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’ ৰখা হৈছিল ৷

১৩/ পলাচী যুদ্ধ কেতিয়া হৈছিল ?

উত্তৰ – পলাচী যুদ্ধ ১৭৫৭ খ্ৰীষ্টাব্দত হৈছিল ৷

১৫/  এলাহাবাদ চুক্তি কোন চনত আৰু কাৰ কাৰ মাজত সম্পন্ন হৈছিল ?

উত্তৰ – এলাহাবাদ চুক্তি ১৭৬৫ চনত মোগল সম্ৰাট ছাহ আলম আৰু ক্লাইবৰ মজত সম্পন্ন হৈছিল ৷

১৬/ ১৭৬৫ চনত সম্পন্ন হোৱা এলাহাবাদ চুক্তিৰ ফলাফল কি আছিল ?

উত্তৰ – ১৭৬৫ চনত সম্পন্ন হোৱা এলাহাবাদ চুক্তিৰ ফলাফল ৰূপে কোম্পানিয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কতৃত্ব লাভ কৰিছিল ৷ সম্ৰাটে কোম্পানিক দেৱানী অৰ্থাৎ ৰাজহ সংগ্ৰহ আৰু অসামৰিক প্ৰশাসনৰ দায়িত্ব প্ৰদানৰ যোগেদি বংগত দ্বৈতশাসন প্ৰৱৰ্তন কৰিছিল ৷

১৭/ ১৭৮৪ খ্ৰীষ্টাব্দত কোনখন আইনে ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল ?

উত্তৰ – ১৭৮৪ খ্ৰীষ্টাব্দত পিটৰ ভাৰত আইনে ভাৰতবৰ্ষত দুই খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল ৷ এই আইনৰ যোগেদি কোম্পানিয়ে ভাৰতবৰ্ষ শাসন কৰিছিল; আনহাতে কোম্পানি পৰিচালিত হৈছিল বৃটেইনৰ গৃহ চৰকাৰৰ যোগেদি ৷

 ১৮/ চিপাহী বিদ্ৰোহৰ সূচনা কোন চনত হৈছিল ?

উত্তৰ – চিপাহী বিদ্ৰোহৰ সূচনা ১৮৫৭ খ্ৰীষ্টাব্দৰ ২৯ মাৰ্চত হৈছিল ৷

১৯/ চিপাহী বিদ্ৰোহৰ সূচনা কোনজন চিপাহীয়ে কেনে ধৰণে কৰিছিল ?

উত্তৰ – ১৮৫৭ খ্ৰীষ্টাব্দৰ ২৯ মাৰ্চ তাৰিখে  ৩৪ নং দেশীয় পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডেই বেৰেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলিবৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল ৷

২০/ কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো কোন চনত আতৰাই দিয়া হৈছিল ?

উত্তৰ – কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো ১৮৩৫ খ্ৰীষ্টাব্দত আতৰাই দিয়া হৈছিল ৷

২১/ ভাইচৰয় লৰ্ড কেনিঙে কোন চনত ভাৰত শাসনৰ প্ৰথমখন ঘোষণা-পত্ৰ পাঠ কৰিছিল ?

উত্তৰ –  ভাইচৰয় লৰ্ড কেনিঙে ১৮৫৮ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰ তাৰিখে ভাৰত শাসনৰ প্ৰথমখন ঘোষণা-পত্ৰ পাঠ কৰিছিল ৷

২২/  ১৮৬৫ খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা কিমান আছিল ?

উত্তৰ – ১৮৬৫ খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা  আছিল ২২ বছৰ ৷

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

২৩/ ভাৰতীয় লোকসেৱাৰ পদবি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন  ভাৰতীয় ব্যক্তি কোন আৰু তেওঁ কোন চনত এই সফলতা লাভ কৰিছিল  ?

উত্তৰ – ভাৰতীয় লোকসেৱাৰ পদবি লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন  ভাৰতীয় ব্যক্তি হ’ল সত্যেন্দ্ৰ নাথ ঠাকুৰ ৷ তেওঁ ১৮৬৪ খ্ৰীষ্টাব্দত এই সফলতা লাভ কৰিছিল  ৷

২৫/ পাব্লিক ছাৰ্ভিছ কমিছন কোনে আৰু কেতিয়া গঠন কৰিছিল ?

উত্তৰ – ১৮৮৬ খ্ৰীষ্টাব্দত ভাইছৰয় লৰ্ড ডাফৰিনে পাব্লিক ছাৰ্ভিছ কমিছন গঠন কৰিছিল ৷

২৬/ লী আয়গ কেতিয়া গঠন কৰা হৈছিল ? লী আয়গৰ উদ্দেশ্য কি আছিল ?

উত্তৰ – লী আয়গ ১৯২৩ খ্ৰীষ্টাব্দত গঠন কৰা হৈছিল ৷ মন্টেগু-চেমচফোৰ্ড প্ৰতিবেদন আৰু ১৯১৯ খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ লী আয়গৰ গঠন কৰা হৈছিল ৷

Read More:

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – অনুশীলনী

ইতিহাস –

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- 4 অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ )

ৰাজনীতি বিজ্ঞান –

অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান

অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement