ভাৰতবৰ্ষৰ ভূগোল – Notes

ভাৰতবৰ্ষৰ ভূগোল - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- 3 ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

ভাৰতবৰ্ষৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১. ভাৰত বৰ্ষৰ মুঠ মাটি কালি কিমান ?

উত্তৰ – ভাৰত বৰ্ষৰ মুঠ মাটি কালি ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ ৷

২.  উত্তৰ ভাৰতৰ প্ৰধান পৰ্বত শ্ৰেণীৰ নাম লিখা ৷

উত্তৰ – হিমালয় আৰু ইয়াৰ শাখা পর্বতমালা ৷

৩.  দক্ষিণ ভাৰতৰ প্ৰধান পৰ্বত শ্ৰেণীৰ নাম লিখা ৷

উত্তৰ –  আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল, পূর্বঘাট, পশ্চিমঘাট আদি ৷

৪. ভাৰতৰ প্ৰধান হ্ৰদসমূহৰ নাম লিখা ৷

উত্তৰ – ভাৰতৰ প্ৰধান হ্ৰদসমূহ হ’লকাশ্মীৰৰ উলাৰ, ৰাজপূতনাৰ পুস্কৰ আৰু সম্বৰ, উৰিষ্যাৰ চিল্কা, তামিলনাডুৰ কোলাৰ আৰু পলিকট আৰু মণিপুৰৰ লগ্টক হ্ৰদ ৷

৫. উত্তৰ ভাৰতৰ দুখন প্ৰধান নদীৰ নাম লিখা ৷

উত্তৰ – গঙ্গা আৰু ব্ৰহ্মপুত্ৰ ৷

৬. দক্ষিণ ভাৰতৰ ছয়খন প্ৰধান নদীৰ নাম লিখা ৷

উত্তৰ -নর্মদা, তাপ্তী, মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী ৷

৭.  হিমালয় কোনখন সাগৰৰ পৰা উদ্ভৱ হৈছে ?

উত্তৰ – হিমালয় টেথিছ সাগৰৰ পৰা উদ্ভৱ হৈছে ৷

৮. ব্ৰহ্মপুত্ৰ নদী কৰ পৰা উৎপত্তি হৈছে ?

Advertisement

উত্তৰ – ব্রহ্মপুত্র নদী চীনদেশৰ তিব্বত মালভূমিত থকা চেমা-য়ুংদুং নামৰ হিমবাহৰ পৰা উৎপত্তি হৈছে।

৯. অসমত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান ?

উত্তৰ – অসমত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য ৭০০ কিলোমিটাৰ ৷

১০. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহৰ নাম লিখা ৷

উত্তৰ – সোৱণশিৰি, জীয়াভৰালী, ধনশ্রী (উত্তৰ), পুঠিমাৰী, পাগলাদিয়া, মানাহ, চম্পাৱতী আদি ৷

১১. ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ নাম লিখা ৷

উত্তৰ – বুঢ়ীদিহিং, দিচাং দিখৌ, ধনশ্রী (দক্ষিণ), কপিলী আৰু কৃষ্ণাই।

১২. ভাৰতৰ কোনটো মালভূমি ত্ৰিভূজ আকাৰৰ ?

উত্তৰ – ভাৰতৰ দক্ষিণাত্য মালভূমি ত্ৰিভূজ আকাৰৰ ৷

১৩. পূব উপকুলত থকা তিনিটা হ্রদৰ নাম লিখা ৷

উত্তৰ – পূব উপকুলত থকা তিনিটা হ্রদৰ নাম  চিল্কা, কোলাৰ আৰু পলিকট ৷

১৪. ভাৰতীয় দ্বীপসমূহৰ গোট দুটাৰ নাম লিখা ৷

উত্তৰ – ভাৰতীয় দ্বীপসমূহ দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটাক লাক্ষাদ্বীপপুঞ্জ আৰু আনটোক আন্দামান-নিকোবৰ দ্বীপপুঞ্জ বোলা হয় ৷

১৫. লাক্ষাদ্বীপপুঞ্জ আৰু  আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি ?

উত্তৰ – লাক্ষাদ্বীপপুঞ্জ আৰু  আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ক্ৰমে কাভাৰাট্টি আৰু প’ৰ্ট্ ব্লেয়াৰ ৷

১৬.  ভাৰতৰ ঝতু কেইটা কি কি ?

উত্তৰ – ভাৰতত বছৰটোৰ ভিতৰত প্ৰধানকৈ চাৰিটা ঝতু অনুভৱ হয় – শীকাল, প্ৰাক্ বৰ্ষা কাল, বৰ্ষাকাল আৰু প্ৰাক্ শীতকাল ৷

১৭.  মৌচুমি উদ্ভিদৰ উদাহৰণ দিয়া ৷

উত্তৰ –  শাল, চেগুন, শিৰিশ, শিশু, অৰ্জুন ইত্যাদি ৷

১৮. কাইটীয়া মৰু উদ্ভিদৰ উদাহৰণ দিয়া ৷

উত্তৰ – একাচিয়া, খেজুৰ, বগৰী আদি ৷

১৯. তৃণজাতীয় উদ্ভিদৰ উদাহৰণ দিয়া ৷

উত্তৰ – নল, খাগৰি, ইকৰা আদি ৷

২০. পাৰ্বত্য উদ্ভিদৰ উদাহৰণ দিয়া ৷

উত্তৰ – দেৱদাৰু, সৰল গছ ইত্যাদি ৷

Read More:

Advertisement
অধ্যায়- 3 ভাৰতবৰ্ষৰ ভূগোলঅনুশীলনী
ইতিহাস –

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )

অধ্যায়- ২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ৪ – অসমৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ভাৰতৰ ৰাজনৈতিক দল – Notes

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান

অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

3 Replies to “ভাৰতবৰ্ষৰ ভূগোল – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *