ভাৰতবৰ্ষৰ ভূগোল

ভাৰতবৰ্ষৰ ভূগোল - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ৩ ভাৰতবৰ্ষৰ ভূগোল ( Geography of India ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

ভাৰতবৰ্ষৰ ভূগোল – অনুশীলনী

১/ ভাৰতৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা।

উত্তৰ – পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়াৰ দক্ষিণাংশত ভাৰতবৰ্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পর্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰৱ সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূ-খণ্ড উত্তৰ-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকালৈকে আৰু পূর্ব-পশ্চিমাকৈ অৰুণাচল প্রদেশৰ পূৰ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। এই দেশ ৮°4২৮“উত্তৰৰ পৰা ৩৭°১৭৫ উত্তৰ অক্ষৰেখা আৰু ৬৮°পূর্বৰ পৰা ৯৭°২৪৪৭ পূর্ব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত। মন কৰিবলগীয়া যে, ২৩°৩ উত্তৰ অক্ষৰেখা বা কর্কটক্রান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে। এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে। ইয়াৰে দক্ষিণৰ ভাগটো পূর্বে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত। উত্তৰ-দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূ-খণ্ড প্রায় ৩,২১৪ কিলোমিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্রায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। সুদীর্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূ-খণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভূটান, পূবে চীন আৰু দক্ষিণ-পূবত ম্যানমাৰ আৰু বাংলাদেশ ৷

২/ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য কিমান ?

উত্তৰ – ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য ৬১০০ কিলোমিটাৰ ৷

৩/ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ?

উত্তৰ – ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য ১৫২০০ কিলোমিটাৰ ৷

ভাৰতবৰ্ষৰ ভূগোল

৪/ ভাৰতৰ ভূ-খণ্ড সম্পর্কে এটি চমুটোকা লিখা।

উত্তৰ – ভূ-প্রকৃতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বৈচিত্র্যময় দেশ। এই দেশত প্রায় সকলো প্রকাৰৰ ভূ-অৱয়ব দেখা যায়। পর্বত, পাহাৰ, মালভূমি, সমভূমি আদি মুখ্য ভূ-অৱয়ববোৰৰ লগতে সেইবোৰৰ বুকুত গঢ়ি উঠা গৌণ ভূ-অৱয়বসমূহে ভাৰতৰ ভূ-প্রাকৃতিক অৱস্থাক বিশেষভাৱে বৈশিষ্টপূৰ্ণ কৰি তুলিছে।

           ভাৰতৰ মুঠ মাটিকালিৰ ১০.৭ শতাংশ পর্বতেৰে, ১৮.৬ শতাংশ পাহাৰেৰে, ২৭.৭ শতাংশ মালভূমিৰে আৰু ৪৩.৩ শতাংশ সমভূমিৰে আবৃত হৈ আছে।

            ভাৰতৰ সমগ্ৰ উত্তৰ আৰু উত্তৰ-পূব সীমাত উচ্চ হিমালয় আৰু ইয়াৰ শাখা পর্বতমালা অৱস্থিত।  হিমালয় পাদদেশত শাৰী শাৰী অনুচ্ছ পাহাৰ বিস্তৃত হৈ আছে। উত্তৰ ভাৰতৰ হিমালয় আৰু ইয়াৰ শাখা পর্বতমালাৰ দৰে দক্ষিণ ভাৰতত আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল, পূর্বঘাট, পশ্চিমঘাট আদি প্রধান পর্বতশ্রেণী অৱস্থিত।

             পার্বত্য অঞ্চলতকৈ কিছু চাপৰ বিস্তৃত মালভূমি অঞ্চল দক্ষিণ ভাৰতত দেখা যায়। এই মালভূমি অঞ্চলক দাক্ষিণাত্য মালভূমি বুলি জনা যায়।

               ভাৰতত বিস্তৃত সমভূমি আছে। উত্তৰ ভাৰতত হিমালয় পার্বত্য অঞ্চলৰ পৰা বৈ অহা নদ-নদীসমূহৰ দ্বাৰা বিশাল সমভূমিৰ সৃষ্টি হৈছে। প্ৰধানকৈ সিন্ধু, গঙ্গা, ব্রহ্মপুত্র নদী আৰু ইহঁতৰ অলেখ উপনৈয়ে গঠন কৰা এই পলসুৱা বৃহৎ সমভূমিক সিন্ধু-গঙ্গা-ব্রহ্মপুত্র সমভূমি বোলা হয়। আকৌ ভাৰতৰ পশ্চিমাংশত ৰাজস্থান সমভূমি অৱস্থিত। এই সমভূমি অৱশ্যে শুকান আৰু বালিময়। ইয়াক থৰ মৰুভূমি বুলি জনা যায়। ইয়াৰ উপৰি ভাৰতৰ পূব আৰু পশ্চিম উপকূলত ঠেক উপকূলীয়া সমভূমি আছে।

               ভাৰতত হ্ৰদৰ সংখ্যা কম। হ্ৰদৰ ভিতৰত কাশ্মীৰৰ উলাৰ, ৰাজপূতনাৰ পুস্কৰ আৰু সম্বৰ, উৰিষ্যাৰ চিল্কা, তামিলনাডুৰ কোলাৰ আৰু পলিকট আৰু মণিপুৰৰ লগ্টক হ্ৰদেই প্রধান ৷

           নদ-নদীৰ ক্ষেত্ৰত অৱশ্যে ভাৰত এখন লেখত ল’ব লগীয়া দেশ। এই দেশক নদীমাতৃক দেশ বুলি কোৱা হয়। ইয়াত গঙ্গা আৰু ব্ৰহ্মপুত্ৰৰ দৰে পৃথিৱীৰ ভিতৰতে উল্লেখযোগ্য নদী থকাৰ উপৰি আন ভালেমান ডাঙৰ নদী আছে। গঙ্গা আৰু ব্ৰহ্মপুত্ৰই হৈছে উত্তৰ ভাৰতৰ প্ৰধান নদী। আনহাতে, দক্ষিণ ভাৰতৰ প্ৰধান নদীবিলালাৰ ভিতৰত নর্মদা, তাপ্তী, মহানদী, গোদাবৰী, কৃষ্ণা আৰু কাবেৰী উল্লেখযোগ্য।

ভাৰতবৰ্ষৰ ভূগোল

Advertisement

৫/ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য লিখা।

উত্তৰ – উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পার্থক্য তলত উল্লেখ কৰা হ’ল –

            (ক) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পর্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰ জুৰি পানীৰ সোঁত থাকে। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক খৰালি কালত প্ৰায়েই শুকাই যায়।

            (খ) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি- এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে, কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ ক্ষেত্ৰত এই তিনিটা গতি স্পষ্টকৈ দেখা নেযায়।

             (গ) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু এই নদীবোৰ বহুদূৰ সমতলৰ মাজেদি বৈ যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য। কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্রোতা। সেয়েহে এই নদীবোৰ নাব্য নহয় ৷

             (ঙ) উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘন বসতিপূর্ণ, কিন্তু দক্ষিণ ভাৰতৰ নদী অৱবাহিকাসমূহ সিমান সাৰুৱা নহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।

ভাৰতবৰ্ষৰ ভূগোল

৬/ ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি ?

উত্তৰ – ভূ-প্রাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ চাৰিটা ভূ-প্রাকৃতিক ভাগত ভগাব পাৰি, যেনে-

         (ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল,

         (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল

         (গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু

         (ঘ) উপকূল অঞ্চল ৷

         ইয়াৰ উপৰি বঙ্গোপসাগৰ আৰু আৰৱ সাগৰত থকা ভাৰতৰ অন্তৰ্গত দ্বীপসমূহক বেলেগ ভূ-প্রাকৃতিক গোট হিচাপে বিবেচনা কৰিব পাৰি।

৭/ উত্তৰ ভাৰতৰ হিমালয় পার্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰ – হিমালয় পৃথিৱীৰ সর্বোচ্চ পর্বত। হিমালয় আৰু ইয়াৰ ঠাল-ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পর্বতমালা বুলি কোৱা হয়। এই পর্বতমালা ভাৰতৰ বাহিৰেও নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে।

       ভাৰতৰ হিমালয় পার্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্রদেশৰ পূব সীমা পর্যন্ত পূর্ব- পশ্চিমাকৈ বিস্তৃত হৈ আছে।  ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২,৫০০ কিলোমিটাৰ,  বহল ২৪০ কিলোমিটাৰৰ পৰা ৫০০ কিলোমিটাৰ আৰু  উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক।

         হিমালয় পর্বতমালা টাৰচিয়েৰি যুগৰ সহজে ক্ষয়প্রাপ্ত হোৱা কোমল শিলাৰে গঠিত বাবে ইয়াৰ পৰা ওলোৱা নদনদীবিলাকে অধিক পৰিমাণৰ গেদ কঢ়িয়াই আনে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয়। এই তুষাৰ নৈবোৰেই হৈছে হিমালয় অঞ্চলৰ পৰা ওলোৱা নদ- নদীবিলাকৰ পানীৰ প্রধান উৎস। পূবা-পশ্চিমাকৈ প্রায় সমান্তৰালভাৱে হিমালয় পর্বতমালাক তিনিটা শাৰীত বিভক্ত কৰিব পাৰি, যেনে-উচ্চ হিমালয়, মধ্য হিমালয় আৰু শিৱালিক বা বহিঃহিমালয়। ইয়াৰে উচ্চ হিমালয় শ্রেণীটো একেবাৰে উত্তৰ অংশত পূর্ব-পশ্চিমাকৈ বিস্তৃত।  এই পৰ্বতশ্ৰেণীৰ উচ্চতা গঢ়ে প্ৰায় ৬০০০মিটাৰ ৷  উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পর্বতশ্রেণীটোৱেই হৈছে মধ্য হিমালয়। ইয়াৰ গঢ় উচ্চতা হৈছে ৪,০০০ মিটাৰ। ই বহলে ৬০-৮০ কিলোমিটাৰ। এই মধ্য হিমালয় পর্বতশ্রেণীৰ দক্ষিণলৈ লগতে লাগি আছে বহিঃহিমালয়। এই পর্বতশ্রেণী তুলনামুলকভাৱে চাপৰ আৰু ইয়াৰ গড় উচ্চতা ১,০০০  বহিঃহিমালয়ক ঠায়ে ঠায়ে শিৱালিক হিমালয় বুলিও জনা যায়। উত্তৰ-পূব ভাৰতৰ পূব আৰু দক্ষিণাংৰ পার্বত্য অঞ্চলটো হিমালয় পর্বতমালাৰ লগত সংলগ্ন হৈ আছে। সেয়েহে এই পার্বত্য অঞ্চলটোকো হিমালয় পাৰ্বত্য অঞ্চলৰ লগত সামৰি ল,ব পাৰি ৷

ভাৰতবৰ্ষৰ ভূগোল

৮/ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ৷

উত্তৰ – উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভুমি অঞ্চলৰ মাজৰ বিশাল  সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভুমি  অঞ্চল পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্রায় ২,৪০০ কিলোমিটাৰ বিস্তৃত । ইয়াকে প্রধান সিন্ধু-গঙ্গা-ব্রহ্মপুত্র সমভূমি বুলি জনা যায়।

            দৰাচলতে পাঁচখন সৰু বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই পাঁচখন সমভূমি হৈছে– পশ্চিম সমভূমি, পঞ্জাব-হাৰিয়ানা সমভূমি, গঙ্গ সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমি।

             হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্রধান নদী – সিন্ধু, গঙ্গা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে। পঞ্জাব আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি লৈ পশ্চিম সমভূমি গঠন হৈছে। সিন্ধু নদীৰ উপনৈ বিশেষকৈ শতদ্রু, বিপাশা আৰু ৰবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ পঞ্জাৰ আৰু হাৰিয়ানাৰ পূব অংশত জমা হৈ সাৰুৱা পঞ্জাব-হাৰিয়ানা সমভূমি গঠিত হৈছে৷ গঙ্গা আৰু যমুনা নদীয়ে সৃষ্টি কৰা উত্তৰ প্রদেশ, বিহাৰ আৰু পশ্চিমবংশৰ সমতলভূমিক লৈ গঙ্গা সমভূমি গঠিত হৈছে। হিমালয়ৰ পৰা নামি অহা নদ-নদীয়ে উত্তৰবঙ্গ সমভূমিৰ সৃষ্টি কৰিছ। হিমালয় অঞ্চলত উৎপত্তি হোৱা আন এখন প্রধান নদী ব্ৰহ্মপুত্ৰই ইয়াৰ উপনৈসমূহৰ সৈতে মিলিত হৈ অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে। ব্রহ্মপুত্র নদী চীনদেশৰ তিব্বত মালভূমিত থকা চেমা-য়ুংদুং নামৰ হিমবাহৰ পৰা উৎপত্তি হৈছে। ভাৰতীয় ভূখণ্ডত প্রৱেশ কৰি এই নদী অৰুণাচল প্রদেশ আৰু অসম ৰাজ্যৰ মাজেৰে বৈ আহি বাংলাদেশত প্ৰৱেশ কৰিছে ৷

ভাৰতবৰ্ষৰ ভূগোল

৯/ দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উত্তৰ –  উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি।  ইয়াৰ উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পর্বত আৰু উত্তৰ-পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে এই সমগ্র মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত। কিন্তু দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ। এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পর্যন্ত বিস্তৃত। দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বতশ্রেণী আৰু পূর্ব সীমাত আছে পুর্বঘাট পর্বতশ্রেণী। দাক্ষিণাত্য মালভূমিৰ ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্রায় আটাইবোৰ প্ৰধান নদী মহানদী, গোদাবৰী, কৃষা, পেনাৰ আৰু কাবেৰী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে। অৱশ্যে বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ ঢাল খোৱা বাবে নর্মদা আৰু তাপ্তী নামৰ দুখন প্রধান নদী পশ্চিমলৈ বৈ গৈ কাম্বে উপসাগৰত পৰিছে।

১০/ উপকূল অঞ্চলৰ বৈশিষ্ট্য উল্লেখ  কৰা ?

উত্তৰ – দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰৱ সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক ৷ ইয়াক পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি। পূর্ব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূর্বঘাট পর্বতশ্রেণীৰ মাজত অৱস্থিত। ই গঙ্গা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। প্রায় ১,১০০ কিলোমিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে ১২০ কিলোমিটাৰ বহল। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্রধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব-দ্বীপৰ দ্বাৰা গঠিত।  পূর্ব উপকূলটোৰ উত্তৰ আৰু দক্ষিণ অংশ দুটা বেলেগ বেলেগ নামেৰে পৰিচিত – উত্তৰৰ অংশটো ‘উত্তৰ সৰকাৰ উপকূল’ আৰু দক্ষিণৰ অংশটো কৰমণ্ডল উপকূল’ নামে জনাজাত।

        পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পর্বতৰ মাজত অৱস্থিত। ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈ বিস্তৃত।  ইয়াৰ দৈর্ঘ্য প্রায় ১,৫০০ কিলোমিটাৰ আৰু প্রস্থ ১০ কিলোমিটাৰৰ পৰা  ১৫ কিলোমিটাৰৰ ভিতৰত। ইয়াৰো উত্তৰ আৰু দক্ষিণৰ অংশ দুটাৰ নামো বেলেগ বেলেগ – উত্তৰ অংশটোৰ নাম হৈছে ‘কংকন উপকূল’ আৰু দক্ষিণৰ অংশটোৰ নাম হৈছে ‘মালাৱাৰ উপকূল’।

ভাৰতবৰ্ষৰ ভূগোল

১১/  ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।

উত্তৰ – ভাৰতবর্ষৰ অঞ্চলভেদে জলবায়ু প্রধান উপাদান, যেনে- উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আদ্ৰতাৰ তাৰতম্য ঘটে বাবে ইয়াত নানা প্রকাৰৰ জলবায়ু অনুভূত হয়। প্রধানকে দেশখনৰ বিশালতা বিষুবৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নির্ভৰ কৰে।  ভাৰতৰ প্রায় সোঁমাজেদি যোৱা কর্কটক্রান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্রীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰত গৰম বেছি।

             ভাৰতৰ ভূখণ্ড পর্বত-পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূপ্রকৃতিৰে গঠিত  বাবে ঠাইবিলাকৰ মাজত উচ্চতাৰ পার্থক্য আছে। একে অক্ষাংশত অৱস্থিত হ’লেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আদ্ৰতাৰ পাৰিমাণ কম-বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবেই আগ্রা আৰু দার্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্রভেদ দেখা যায়। আনহাতে, হিমালয় পর্বতমালাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু যিমান শীতল হ’ব লাগিছিল সিমান শীতল নহয়। আকৌ দক্ষিণ ভাৰত যদিও গ্রীষ্মমণ্ডলত পৰিছে তথাপি ইয়াৰ ভূ-প্রকৃতি মালভূমিয়ে নির্ধাৰণ কৰাৰ কাৰণে জলবায়ু কিছু পৰিমাণে মৃদু। সাগৰৰ সান্নিধ্যৰ বাবেও কোনো এখন ঠাইৰ জলবায়ু সমভাৱাপন্ন হ’ব পাৰে। এনে ঠাইত জাৰ-জহৰ তাৰতম্য বেছি নহয়। মুম্বাইৰ অৱস্থান সাগৰৰ পাৰত হোৱাৰ বাবেই ইয়াৰ জলবায়ু সমভাৱাপন্ন।

ভাৰতবৰ্ষৰ ভূগোল

১২/ ভাৰতত মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে এটা টোকা লিখা।

Advertisement

উত্তৰ – ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে। গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রবাহিত হয়। দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্রবাহিত হৈ ভাৰতত সোমায়।  আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয়া ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে।  এই বায়ুৰে এটা অংশ পশ্চিমঘাট পর্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ পূৰ্ণলত প্রবেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে।

           আনহতে, উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্রবাহিত হয়৷  উত্তৰৰ হিমালয় পর্বতে এই চেচা বতাহ অহাত বাধা দিয়াৰ ফলত ভাৰতত প্রচণ্ড শীত অনুভৱ নহয়। ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান। সেয়েহে ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু, এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ আহৰণ কৰে ৷ এই বতাহ আহি যেতিয়া পূর্বঘাট পর্বতত ঠেকা খায় তেতিয়া ভাৰতৰ পূৰ উপকূলত বিশেষকৈ কৰমণ্ডল উপকূলত বৰষুণ হয়।

১৩/ ভাৰতৰ বৰষুণৰ বিতৰণ সম্পর্কে এটি আভাস দিয়া।

উত্তৰ – ভাৰতবৰ্ষত মৌচুমী বতাহৰ ফলত হাোৱা বৰষুণৰ বাবে শস্যৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হয়। ভাৰতত বৰষুণৰ বিতৰণ  সকলো ঠাইতে একে নহয়।

            উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয়ৰ নামনি অংশ, মেঘালয় মালভূমিৰ দক্ষিণাংশ আৰু পশ্চিমঘাট পর্বতৰ পশ্চিম ঢালত অধিক বৰষুণ হয়  । অৰুণাচল প্রদেশৰ বহিঃহিমালয় অঞ্চলত বৰষুণ যথেষ্ট হোৱা দেখা যায়। এই অঞ্চলটোত বার্ষিক গড় বৰষুণৰ পৰিমাণ ৪০০ চেণ্টিমিটাৰতকৈও বেছি। ইয়াৰ বিপৰীতে ৰাজস্থানৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বছৰি গড়ে ৫০ চেণ্টিমিটাৰৰো কম বৰষুণ হয়। উল্লেখযোগ্য যে, থৰ মৰুভূমিৰ কোনো কোনো ঠাইত বৰষুণ নিচেই কম অর্থাৎ ২০ চেণ্টিমিটাৰৰো কম। ইয়াৰ উপৰি দাক্ষিণাত্য মালভূমিৰ উত্তৰ আৰু পশ্চিম অংশ আৰু গুজৰাট অঞ্চলতো বৰষুণ কম হয়। এই অঞ্চলত ৫০ চেণ্টিমিটাৰৰ পৰা ১০০ চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয়। কিন্তু ব্ৰহ্মপুত্র সমভূমিকে ধৰি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলত বৰষুণ মধ্যমীয়া। বার্ষিক গড়ে ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেন্টিমিটাৰ পর্যন্ত এই অঞ্চলত বৰষুণ হয়।

১৪/ ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা।

উত্তৰ – ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে ছয় ভাগত ভগাব পাৰি –

          (i) চিৰ সেউজীয়া উদ্ভিদ,

          (ii) মৌচুমীয় উদ্ভিদ,

          (iii) কাইটীয়া মৰু উদ্ভিদ,

          (iv) তৃণজাতীয় উদ্ভিদ,

          (v)  ব-দ্বীপীয় উদ্ভিদ আৰু

          (vi)  পার্বত্য উদ্ভিদ।

১৫/  ভাৰতৰ চিৰসেউজীয় উদ্ভিদৰ বৈশিষ্ট্য কি ?

উত্তৰ – যি অঞ্চলত বার্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ তাধিক আৰু বার্ষিক গড় উত্তাপ ২৫° চেণ্টিগ্রেডৰ পৰা ২৭° চেণ্টিগ্রেড, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ  দেখা যায়। চিৰসেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাক ৪৫ মিটাৰ পর্যন্ত ওখ হয়। ওখ গছৰ উপৰি, বেত, বাঁহ, ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। বছৰৰ কোনো ঋতুতে এইবিলাকৰ পাত নসৰে। সেয়েহে ইহঁতক চিৰসেউজীয়া উদ্ভিদ বোলে। এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। পশ্চিমঘাট পর্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনিভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পার্বত্য অঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়।

১৬/ ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা ।

উত্তৰ –  পার্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখা যায়। ভাৰতৰ হিমালয় অঞ্চলটো উচ্চতাভেদে বিভিন্ন শ্রেণীৰ উদ্ভিদ পোৱা যায়।

          বহিঃ হিমালয়ৰ শিৱালিক পর্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পর্বতমালা ডাঠ মৌচুমীয় অৰণ্যৰে আবৃত। ইয়াত শাল গছকে ধৰি ভালেমান মূল্যৱান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায়। ইয়াৰ ঠিক উত্তৰৰ ১,০০০ মিটাৰৰ পৰা ২,০০০ মিটাৰ উচ্চতাৰ পার্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ-পূৰ্বাঞ্চলৰ পার্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাঞ্চল, দার্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন প্রজাতিৰ সৰল গছৰ অৰণ্য আছে। ইয়াতকৈ অধিক উচ্চতাৰ পার্বত্য অঞ্চলত কেৱল আল্পীয় উদ্ভিদহে গজে।

১৭/  ভাৰতৰ বর্তমান জনসংখ্যা কিমান ? ইয়াৰ ঘনত্ব কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়লৰ মতে ভাৰতৰ বর্তমান জনসংখ্যা ১,২১০,৭২৬,৯৩২ জন ৷ ইয়াৰ ঘনত্ব হ’ল প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন ৷

১৮/ জনপ্ৰব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰ – জনপ্ৰব্ৰজন প্ৰধানকৈ দুই প্ৰকাৰৰ – আভ্যন্তৰিন প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজন ৷

আভ্যান্তৰিন প্ৰব্ৰজন – দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্যান্তৰিন প্ৰব্ৰজন বোলে ৷ এই প্রকাৰৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিও জনা যায়।

বাহ্যিক প্ৰব্ৰজন – কোনো দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক বাহ্যিক প্ৰব্ৰজন বোলে ৷ এই প্রকাৰৰ প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিও জনা যায়।

             ভাৰতত সংঘটিত হোৱা আভ্যন্তৰীণ প্রব্রজনক আন্তঃৰাজ্যিক প্রব্রজন আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্রব্রজন হিচাপে ভাগ কৰিব পাৰি। আন্তঃৰাজ্যিক প্রব্রজন দেশখনৰ ৰাজ্যবিলাকৰ মাজত হয়। সেইদৰে ৰাজ্যৰ আভ্যন্তৰীণ প্রব্রজন কোনো ৰাজ্যৰ ভিতৰতে জিলাসমূহ বা অঞ্চলসমূহৰ মাজত সংঘটিত হয়।

ভাৰতবৰ্ষৰ ভূগোল

১৯/ জনপ্রব্ৰজনৰ ফলত ভৰতত কেনে প্ৰভাৱ পৰিছে ?

উত্তৰ –   জনপ্ৰব্ৰজনৰ ফলত দেশৰ সামাজিক, অর্থনৈতিক, পাৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্রসমূহলৈ কিছুমান তাৎপর্যপূর্ণ পৱিৰ্তন আহিছে। প্ৰৱজনৰ কেইটামান বিশেষ প্ৰভাৰ তলত উল্লেখ কৰা হল—

             (ক) প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধর্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু ফলত বাৰেৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে।

             (খ) প্ৰব্ৰজনৰ ফলত দেশৰ অর্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ- বাণিজ্যৰ প্ৰসাৰ ঘটিছে।

              (গ) প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতৰ হাৰ সলনি হৈছে। কোনো কোনো অঞ্চলত প্ৰব্ৰজনকাৰীৰ সংখ্যা ভূমিপুত্ৰসকলৰ সংখ্যাতকৈ অধিক হোৱাৰ ফলত ভাষা, ধর্ম, সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে।

             (ঘ) প্ৰব্ৰজনে প্রত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে যাৰ  ফলত দেশৰ ভূমিসম্পদৰ ওপৰত অত্যধিক হেঁচা পৰিছে, অৰণ্য আৰু ‘আর্দ্রভূমিৰ পৰিৱেশতন্ত্র বিঘ্নিত হৈছে আৰু নিয়োগৰ সমস্যাৰ লগতে স্বাস্থ্য আৰু শিক্ষা খণ্ডতো সমস্যাৰ সৃষ্টি হৈছে।

            (ঙ) প্ৰব্ৰজনৰ ফলত কেতিয়াবা উদ্ভৱ হওৱা ধর্মীয় আৰু সামাজিক সংঘাতে সামাজিক আৰু ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।

            (চ) প্ৰব্ৰজনকাৰীসকলে নতুন ঠাই আৰু সমাজত কেতিয়াবা মিলি যাব নোৱাৰি মানসিক চাপত ভোগে।

             (ছ) প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল  গঢ়ি উঠিছে। এনে বস্তি অঞ্চলসমূহত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত নগৰীয়া পৰিৱেশ প্ৰদূষিত হৈ পৰিছে।

             (জ) প্ৰব্ৰজনৰ ফলত দেশখনৰ বা ৰাজ্যসমুহৰ ৰাজনৈতিক পৰিস্থিতিৰ পট পৰিবৰ্তন হোৱাৰ উপক্ৰম হৈছে।

২০/ ভাৰতৰ অর্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা।

Advertisement

উত্তৰ – ভাৰতৰ অর্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ’ল –

             (ক) নিম্ন জনমূৰি আয়,

             (খ) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি,

             (গ) অত্যাধিক জনসংখ্যাৰ চাপ,

             (ঘ) দাৰিদ্ৰতা,

             (ঙ) কৃষি-নিৰ্ভৰশীলতা,

             (চ) বর্ধিত নিবনুৱা সমস্যা আৰু

             (ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন।

২১/ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি ?

উত্তৰ –  বৰ্তমান ভাৰতৰ আঠটা কেন্দ্ৰীয় শাসিত অঞ্চল আছে –

             ১. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

             ২.  চণ্ডীগড়

             ৩ .  দিল্লী

             ৪.  দাদ্ৰা আৰু নগৰ হাভেলী আৰু ডমন আৰু ডিউ

             ৫. জম্মু আৰু কাশ্মীৰ

             ৬ . লাক্ষাদ্বীপ

             ৭. পণ্ডিচেৰী

              ৮. লাডাখ ৷

২২/ ভাৰতৰ বৰ্তমান ৰাজ্য কেইখন আৰু কি কি নাম লিখা ।

উত্তৰ – ভাৰতৰ বৰ্তমান ৰাজ্য ২৮খন ৷ ৰাজ্য বিলাকৰ নাম তলত উল্লেখ কৰা হ’ল –

অন্ধ্রপ্রদেশহাৰিয়ানামণিপুৰছিকিম
অৰুণাচল প্রদেশহিমাচল প্রদেশমেঘালয়তামিলনাডু
অসমঝাৰখণ্ডমিজোৰামতেলেংগানা
বিহাৰকর্ণাটকনগালেণ্ডত্ৰিপুৰা
চত্তিশগড়কেৰেলাওড়িশাউওৰাখণ্ড
গোৱামধ্যপ্রদেশপঞ্জাবউত্তৰ প্ৰদেশ
গুজৰাটমহাৰাষ্ট্রৰাজস্থানপশ্চিমবংগ

২৩/ ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি ? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান ?

উত্তৰ – ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হৈছে তেলেংগানা ৷ ইয়াৰ সৰ্বমুঠ মাটিকালি ১,১৪,৮৪০ বৰ্গ কিলোমিটৰ আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৩,৫২,৮৬,৭৫৭ জন ৷

Read More:

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায় ১ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

Advertisement