ভাৰতীয় গণতন্ত্ৰ – Notes

ভাৰতীয় গণতন্ত্ৰ - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ৰাজনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১। ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল ?

উত্তৰ – ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে  স্বাধীনতা লাভ কৰিছিল ৷

২। সংবিধান সভাৰ প্রথমখন বৈঠক কেতিয়া বহিছিল ?

উত্তৰ – সংবিধান সভাৰ প্রথমখন বৈঠক ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে বহিছিল ৷

৩। সংবিধান সভাই খচৰা কমিটি কেতিয়া গঠন কৰিছিল ?

উত্তৰ – সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত খচৰা কমিটিখন গঠন কৰিছিল ৷

৪। খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি কেতিয়া আৰু কাৰ ওচৰত দাখিল কৰিছিল ?

উত্তৰ – খচৰা কমিটিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি ১৯৪৭ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতিড° ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিল ৷

৫। আমাৰ দেশৰ সংবিধানখন কেতিয়া বলবৎ কৰা হয় ?

উত্তৰ – আমাৰ দেশৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে বলবৎ কৰা হয় ৷

৬। নেহৰুৱে তেওঁৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা কেতিয়া উণ্থাপন কৰিছিল ?

উত্তৰ – নেহৰুৱে তেওঁৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত উণ্থাপন কৰিছিল ৷

৭। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱখিনি সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল ?

উত্তৰ – নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱখিনি সংবিধান সভাই ১৯৪৭ চনৰ ২২ জানুৱাৰী তাৰিখে গ্ৰহণ কৰিছিল ৷

৮। যুক্তৰাষ্ট্র কাক বোলে ?

উত্তৰ – যুক্তৰাষ্ট্র হ’ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি ৷

৯। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰথমে ক’ত প্ৰৱৰ্তন হৈছিল ?

উত্তৰ – পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱৰ্তন হৈছিল ৷

১০। ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান অনুসৰণ কৰা হৈছিল ?

উত্তৰ – ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুসৰণ কৰা হৈছিল৷

ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

১১। সংবিধানৰ কিমান নং অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ বুলি ঘোষণা কৰা হৈছে ?

উত্তৰ – সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ বুলি ঘোষণা কৰা হৈছে ৷

১২। ‘ছাৰকাৰিয়া আয়োগ’ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ – ‘ছাৰকাৰিয়া আয়োগ’ ১৯৮৩ চনত গঠন হৈছিল ৷

১২। সংসদীয় গণতন্ত্ৰ কি ?

উত্তৰ – সংসদীয় গণতন্ত্ৰ হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্ৰনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয় ৷

১৩।  আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰা হৈছিল ?  

উত্তৰ –  আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰা হৈছিল ৷  

১৪। ইংলেণ্ডৰ সংসদীয় গণতন্ত্রৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ মূল পার্থক্যকেইটা লিখা ৷

উত্তৰ – ইংলেণ্ডৰ সংসদীয় গণতন্ত্রৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ মূল পার্থক্যকেইটা হ’ল –

(ক) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্র গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্রৰ ৰাষ্ট্রপ্রধানজন পুৰুষানুক্রমে হোৱা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্রপ্রধান (ৰাষ্ট্রপতি)জন জনগণৰ দ্বাৰা নির্বাচিত হোৱা ব্যক্তি।

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লর্ডছতকৈ বহু পৃথক।

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অত্যন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়।

Read More :

ধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ – অনুশীলনী

ইতিহাস

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

9 Replies to “ভাৰতীয় গণতন্ত্ৰ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *