ভাৰতীয় গণতন্ত্ৰ

ভাৰতীয় গণতন্ত্ৰ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ৰাজনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ ( Indian Democracy) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

ভাৰতীয় গণতন্ত্ৰ – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন –

১। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ?

উত্তৰ – ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত  শ্রমিক দলজয়ী হৈছিল ৷

২। ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল ?

উত্তৰ – ‘কেবিনেট মিছন’ ভাৰতলৈ ১৯৪৬ চনৰ মাৰ্চ মাহত আহিছিল ৷

৩। সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল ?

উত্তৰ – সংবিধান সভাৰ প্রথম সভাপতি আছিল ড° সচ্ছিদানন্দ সিন্হা ৷

৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?

উত্তৰ – খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম আছিল ড° বি. আৰ. আম্বেদকাৰ।

৫। সমাজবাদী’ আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্রস্তাৱনাত     সন্নিৱিষ্ট হৈছিল ?

উত্তৰ – সংবিধানৰ ৪২তম সংশধনৰ জৰিয়তে ‘সমাজবাদী’ আৰু ’ধর্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল।

ভাৰতীয় গণতন্ত্ৰ

Advertisement

৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে  ?

উত্তৰ – ইংৰাজী ‘Federation’ শব্দটো লেটিন শব্দ ‘Foedus’ৰ পৰা আহিছে।

৭। ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়।

উত্তৰ –  ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি  আমেৰিকা যুক্তৰাষ্ট্রক কোৱা হয়।

৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰ – ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।

৯।ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?

উত্তৰ – ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ৷

চমু উত্তৰৰ প্ৰশ্ন –

১। ব্রিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল ?

উত্তৰ – ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি  চলাবৰ অৰ্থে ব্রিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক ভাৰতলৈ পঠাইছিল ৷

২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল ?

উত্তৰ – ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত চলিছিল আৰু আইনখন ইংলেণ্ডৰ সংসদে প্রস্তুত কৰিছিল।

৩। প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে ?

উত্তৰ – প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি ৷

৪। ‘সার্বভৌম’ মানে কি বুজা ?

উত্তৰ – সার্বভৌমত্ব হৈছে ৰাষ্ট্রৰ সর্বোচ্চ ক্ষমতা। ভাৰতবৰ্ষৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ হ’ল বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবর্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

ভাৰতীয় গণতন্ত্ৰ

Advertisement

৫। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিদানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে।

উত্তৰ – ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত হোৱা সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধর্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল ।

৬। ‘অর্ধ যুক্তৰাষ্ট্র’ কাক বোলে ?

উত্তৰ – কোনো ৰাষ্ট্রৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্রিক চৰকাৰ উভয়ৰে বৈশিষ্ট্য থাকিলে তেনে ৰাষ্ট্ৰক ‘অর্ধ-যুক্তৰাষ্ট্র’ বুলি কোৱা হয়।

৭। কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ – ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্রৱৰ্তন কৰিছিল।

দীঘল উত্তৰৰ প্রশ্ন –

১। ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।

উত্তৰ – প্রস্তাৱনা হ’ল সংবিধানৰ পাতনি। ভাৰতবৰ্ষৰ সংবিধানৰ প্রস্তাৱনাত সংবিধানৰ মূল বিষয়বস্তু (আদর্শ আৰু লক্ষ্য) সম্পর্কে বিৱৰণ আছে। সেই বাবেই বহুতে প্রস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে।

          ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নির্দিষ্ট আদর্শ। প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

           প্রস্তাৱনাত থকা গুৰুত্বপুর্ণ শব্দকেইটা হ’ল— সার্বভৌম’ (Sovereign), সমাজবাদী’ (Socialist), ‘ধর্মনিৰপেক্ষ’ , ‘গণতান্ত্রিক’ আৰু ‘প্রজাতন্ত্র’ । এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদর্শ প্রতিফলিত হৈছে।

           ইয়াৰ উপৰি প্ৰস্তাৱনাত উল্লেখ আছে যে ভাৰতৰ জনগণই দেশখনত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্রতিষ্ঠা কৰিব। ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ প্রতিষ্ঠাৰ উল্লেখেৰে সংবিধান প্রণেতাসকলে সংবিধানৰ আদৰ্শ আৰু লক্ষ্যক বিশেষভাৱে প্রতিফলিত কৰিছে।

২। ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধর্মনিৰপেক্ষ’, ‘গণতান্ত্রিক আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বহলাই লিখা।

উত্তৰ – ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধর্মনিৰপেক্ষ’, ‘গণতান্ত্রিক আৰু ‘গণৰাজ্য’ – এই শব্দ কেইটা তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি –

সার্বভৌম –  সার্বভৌমত্ব হৈছে ৰাষ্ট্রৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

সমাজবাদী –  ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট্র। সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্রস্তাৱনাত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ’ব। জাতীয় আয়ৰ সমবিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্র অর্থনীতিৰ জৰিয়তে সমাজবাদ প্রতিষ্ঠা হ’ব। দেশৰ অর্থনীতি জনসাধাৰণে নির্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্বাৰা দেশৰ অর্থনীতি নির্ধাৰণ নহ’ব।

ধর্মনিৰপেক্ষ – ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হ’ব। ইয়াত চৰকাৰী ধর্ম  বুলি কোনো ধর্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধর্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্রতি বিশেষ অনুগ্রহ প্রদর্শন নকৰিব। উল্লেখ্য যে এই ধর্মনিৰপেক্ষ শব্দটো প্রস্তাৱনাত ৪২ নং সংশোধনী মতে সন্নিবিষ্ট হৈছে।

গণতান্ত্রিক – ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হ’ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্রশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ’ব।

গণৰাজ্য – ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্রপ্রধানজন(ৰাষ্ট্রপতি) জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি হ’ব। ৰাষ্ট্রপ্রধানৰ পদবীটো বংশানুক্রমিক নহ’ব অথবা কোনোবাই বাছনি কৰা বিশেষ ব্যক্তি নহ’ব।

ভাৰতীয় গণতন্ত্ৰ

Advertisement

৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা।

উত্তৰ – নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা এনে ধৰণৰ –

১।  সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সার্বভৌম, গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ।

২।  ব্রিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তর্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হব।

৩। ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্রকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা৷

৪।  অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।

৫। দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হ’ব ৷

৬। আন্তর্জাতিক সুসম্পর্ক, বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযোগিতা আগবঢ়াব।

৭। জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।

৮। সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মর্যাদা লাভ কৰিব।

8।ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ – ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল –

১।সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক অর্ধ-যুক্তৰাষ্ট্র, ব্যতিক্রমধর্মী যুক্তৰাষ্ট্র, কেন্দ্রীভূত যুক্তৰাষ্ট্র’ , ‘গঠনত যুক্তৰাষ্ট্র কিন্তু আদর্শত এককেন্দ্রিক’ বুলি অভিহিত কৰিছে।

২। আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হোৱা অথবা আঁতৰি যোৱাৰ অধিকাৰ নাই।

৩। আমাৰ অংগৰাজ্যসমূহৰ সুকীয়া সংবিধানৰ ব্যৱস্থা নাই। সমগ্ৰ ভাৰতবর্ষ যুক্তৰাষ্ট্রৰ বাবে এখন সংবিধান আৰু সেইখন হ’ল ভাৰতীয় সংবিধান ।

৪।  ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী।

৫। যদিও সংবিধানে তিনিধন সূচীৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ কৰিছে তথাপি সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্রীভূত হৈ থাকে।

৬। ৰাজ্যপালসকলৰ নিযুক্তিৰ প্রক্রিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্ৰ প্ৰদান কৰা নাই । ৰাজ্যপালে ৰাজ্যখনত কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে।

৭।ভাৰতবর্ষত ‘দ্বৈত নাগৰিকত্ব’ৰ ব্যৱস্থা নাই। এজন নাগৰিক একমাত্র ভাৰতবৰ্ষৰ নাগৰিক। তেওঁ কোনো অংগৰাজ্যৰ নাগৰিক হ’ব নোৱাৰে ৷

৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।

উত্তৰ – ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

১। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত – লোকসভা আৰু ৰাজ্যসভা ৷

২। লোকসভা আৰু ৰাজ্যসভা নামৰ এই দুখন সদনৰ লগতে ভাৰতৰ ৰাষ্ট্রপতিজনো ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ।

৩।  সংবিধান অনুসৰি ভাৰতবৰ্ষত প্রচলিত হোৱা সংসদীয় গণতন্ত্রই জনসাধাৰণৰ ওচৰত বিশেষভাৱে দায়বদ্ধ এখন চৰকাৰ গঠন কৰিছে।

৪।  ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱা ব্যক্তি ৷

Read More:

অধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

ধ্যায় ২ – আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

Advertisement