ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes

১।  কোনটো সময়ছোৱাক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয় ?

উত্তৰ – ১৮২৬ চনৰপৰা ১৮৫৮ চনলৈ সময়ছোৱাক কোম্পানিৰ দিন বা কোম্পানিৰ আমোল বুলি কোৱা হয় ৷

২। জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ – জ্ঞান প্ৰদায়িনী সভা ১৮৫৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল ৷

৩। ‘জ্ঞান প্ৰদায়িনী সভা’ কাৰ উদ্য়োগত প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ – আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণভিৰাম বৰুৱাৰ উদ্য়োগত জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা কৰা হৈছিল ৷

৪। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ কেতিয়া গঠন হৈছিল ?

উত্তৰ – ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ ১৮৭২ চনত গঠন হৈছিল ৷

৫। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ কাৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ – ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ দেৱীচৰন বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা হৈছিল ৷

৬। অসমীয়া ভাষা উন্নতি সাধিনী(অঃ ভাঃ উঃ সাঃ) সভা কেতিয়া গঠন হৈছিল ?

উত্তৰ –  অসমীয়া ভাষা উন্নতি সাধিনী(অঃ ভাঃ উঃ সাঃ) সভা ১৮৮৮ চনত গঠন হৈছিল ৷

৭। ‘হেমকোষ ‘ কাৰ সৃষ্টি ?

উত্তৰ – হেমচন্দ্ৰ বৰুৱা ৷

৮। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰ – জোনাকীৰ প্ৰথম সম্পাদক আছিল আনন্দচন্দ্ৰ আগৰৱালা ৷

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes

Advertisement

৯। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক বুজা ?

উত্তৰ – জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালাক বুজো ৷

১০। ‘মোৰ দেশ’ কোনে ৰচনা কৰিছিল ?

উত্তৰ -লক্ষ্মীনাথ বেজবৰুৱা ৷

১১। ‘অসম সংগীত’ কোনে ৰচনা কৰিছিল ?

উত্তৰ – লক্ষ্মীনাথ বেজবৰুৱা ৷

১২। ‘বীণ ব’ৰাগী’ কোনে ৰচনা কৰিছিল ?

উত্তৰ -লক্ষ্মীনাথ বেজবৰুৱা ৷

১৩। ‘অসম ছাত্ৰ সন্মিলন’ কেতিয়া গঠন হৈছিল ?

উত্তৰ – ‘অসম ছাত্ৰ সন্মিলন’ ১৯১৬ চনত গঠন হৈছিল ৷

১৪। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনখন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ – সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনখন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈছিল ৷

১৫। সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনখন কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল ?

উত্তৰ – সদৌ অসম ৰায়ত সভাৰ প্ৰথম অধিৱেশনখন কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল ৷

১৬। আহোম সভাৰ প্ৰতিষ্ঠা কাৰ নেতৃত্বত হৈছিল ?

উত্তৰ – আহোম সভাৰ প্ৰতিষ্ঠা পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত হৈছিল ৷

১৭। আহোম সভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল ?

উত্তৰ – আহোম সভাৰ প্ৰতিষ্ঠা ১৮৯৩ চনত হৈছিল ৷

১৮। আহোম সভাৰ প্ৰথম অধিৱেশনখন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰ – আহোম সভাৰ প্ৰথম অধিৱেশনখন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল ৷

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes

১৯। কোন চনত ‘আহোম সভাক’ ‘সদৌ অসম আহোম এছ’চিয়েচন’ নামেৰে নামাকৰণ কৰা হৈছিল ?

উত্তৰ – ১৯১০ চনত ‘আহোম সভাক’ ‘সদৌ অসম আহোম এছ’চিয়েচন’ নামেৰে নামাকৰণ কৰা হৈছিল ৷

২০। আছাম এছ’চিয়েছন কেতিয়া আৰু কাৰ নেতৃত্বত জন্ম হৈছিল ?

উত্তৰ – ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েছনৰ জন্ম হৈছিল ৷

২১। আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখন কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰ – আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখন ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হৈছিল ৷

২২। আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখনৰ সভাপতি কোন আছিল ?

উত্তৰ – আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখনৰ সভাপতি আছিল গৌৰীপুৰৰ ৰাজা প্ৰভাতচন্দ্ৰ বৰুৱা ৷

২৩। আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখনৰ উপ-সভাপতি কোন আছিল ?

উত্তৰ – আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখনৰ উপ-সভাপতি আছিল জগন্নাথ বৰুৱা ৷

২৪। আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখনৰ সম্পাদক কোন আছিল ?

উত্তৰ – আছাম এছ’চিয়েছনৰ প্ৰথম অধিৱেশনখনৰ সম্পাদক আছিল মাণিক চন্দ্ৰ বৰুৱা ৷

২৫। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – ভাৰতীয় জাতীয় কংগ্ৰেছ ১৮৮৫ চনত স্থাপন হৈছিল ৷

২৬।  ভাষাৰ ওপৰত ৰাজ্য পুনৰ্গঠনৰ প্ৰস্তাৱ কেতিয়া আৰু ক’ত গৃহীত হৈছিল ?

উত্তৰ – ভাষাৰ ওপৰত ৰাজ্য পুনৰ্গঠনৰ প্ৰস্তাৱ ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোভা জাতীয় কংগ্ৰেছৰ অধিৱেশনত গৃহীত হৈছিল ৷

২৭। ‘বন্দিনী ভাৰত’ নামৰ নাটকখন কোনে ৰচনা কৰিছিল ?

উত্তৰ – ‘বন্দিনী ভাৰত’ নামৰ নাটকখন অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ৰচনা কৰিছিল ৷

২৮। গুৱাহাটীত ‘তিলক সোঁৱৰণী স্কুল’ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ – গুৱাহাটীত ‘তিলক সোঁৱৰণী স্কুল’ ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা হৈছিল ৷

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes

২৯। ‘কৰিম কিম্বা মৰিম’ – এই শ্লোগানেৰে জনতাক কোনে আন্দোলনলৈ আহ্বান জনাইছিল ?

Advertisement

উত্তৰ – ‘কৰিম কিম্বা মৰিম’ – এই শ্লোগানেৰে জনতাক গান্ধীজীয়ে আন্দোলনলৈ আহ্বান জনাইছিল ৷

৩০। ‘অসম পশু মহাবিদ্যালয়’ কেতিয়া আৰু ক’ত প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ – ‘অসম পশু মহাবিদ্যালয়’ ১৯৪৮ চনত নগাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল ৷

৩১। ‘অসম কৃষি মহাবিদ্যালয়’ কেতিয়া আৰু ক’ত প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ – ‘অসম কৃষি মহাবিদ্যালয়’ ১৯৪৮ চনত যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল ৷

৩২। ‘অসম কৃষি বিশ্ববিদ্যালয়’ কোনদুখন মহাবিদ্যালয় সামৰি স্থাপন কৰা হৈছিল ?

উত্তৰ – ‘অসম পশু মহাবিদ্যালয়’ আৰু ‘অসম কৃষি মহাবিদ্যালয়’ক সামৰি  ‘অসম কৃষি বিশ্ববিদ্যালয়’ স্থাপন কৰা হৈছিল ৷

৩৩। ‘অসম কৃষি বিশ্ববিদ্যালয়’ কোন চনত স্থাপন কৰা হৈছিল ?

উত্তৰ – ‘অসম কৃষি বিশ্ববিদ্যালয়’ ১৯৬৯ চনত স্থাপন কৰা হৈছিল ৷

৩৪। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভা কেতিয়া অনুস্থিত হৈছিল ?

উত্তৰ – গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভা ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে অনুস্থিত হৈছিল ৷

৩৫। উত্তৰ- পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম লিখা ৷

উত্তৰ –  উত্তৰ- পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ৰ নাম হ’ল অসম চিকিৎসা মহাবিদ্যালয় ৷

৩৬। শিলচৰ মেডিকেল কলেজ কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ – শিলচৰ মেডিকেল কলেজ ১৯৬৮ চনত স্থাপন কৰা হৈছিল ৷

Read More :

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – অনুশীলনী

ইতিহাস –

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

2 Replies to “ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *