ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ (India Freedom Movement and National Awakening in Assam) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন  ঃ

১।  য়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?

উত্তৰ – য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত হৈছিল |

২। কোম্পানিৰ আমোল বুলিলে কোনটো সময়ক বুজোৱা হয় ?

উত্তৰ – ১৮২৬ চনৰপৰা ১৮৫৮ চনলৈ সময়ছোৱাক কোম্পানিৰ আমোল বুলি কোৱা হয় ৷

৩। অসমত বাংলা ভাষা প্রচলন কেতিয়া হৈছিল ?

উত্তৰ – অসমত বাংলা ভাষা প্ৰচলন১৮৩৬ চনত হৈছিল ৷

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰ – বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল ৷

৫। অসম ছাত্র সন্মিলনৰ মুখপত্ৰখন কি আছিল ?

উত্তৰ – অসম ছাত্র সন্মিলনৰ মুখপত্ৰখন ‘মিলন’ আছিল ৷

৬। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?

উত্তৰ – ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰোজন ৰোধ কৰা ৷

৭। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ?

উত্তৰ – সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনৰ ৮ এপ্ৰিলত হৈছিল

৮। আহোম সভাৰ সম্পাদক কোন আছিল ?

উত্তৰ – আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা ৷

৯। যোৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ?

উত্তৰ – যোৰহাট সার্বজনিক সভা ১৮৮৪ চনত জনন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল ৷

১০| অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি আৰু সম্পাদক কোন আছিল ?

উত্তৰ – অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতিআছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ ৷

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Advertisement

১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল ?

উত্তৰ – অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি আছিল বিষ্ণুৰাম মেধী৷

১২। অসমৰ প্রথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল ?

উত্তৰ – অসমৰ প্রথম প্রধানমন্ত্রী গোপীনাথ বৰদলৈ ৷ তেঁও ১৯৪৬ চনত নিৰ্বাচিত হৈছিল ৷

১৩। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?

উত্তৰ – সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল ৷

১৪। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?

উত্তৰ – ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল ৷

১৫। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয়  ?

উত্তৰ – অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰতৰ নামাংকিত হয়  ৷

১৬। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?

উত্তৰ – গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ চেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৷

চমু উত্তৰৰ প্রশ্ন

১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ –

দেৱীচৰণ বৰুৱা আৰু গুণগোৱিন্দ ফুকনৰননেতৃত্বত ১৮৭২ চনত কলিকতাত অসমীয়া লিটাৰেৰী ছ’চাইটী’ গঠন হৈছিল। এই অনুষ্ঠান প্রধান উদ্দেশ্য আছিল সাহিত্যচর্চা। কিন্তু ৰাজনৈতিক চিন্তাৰো প্রকাশ ঘটিছিল। ১৮৭২ চনত এই সংগঠনৰ প্রসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটীৰ তৰফৰপৰা সেই সময়ৰ ভাইচৰয় লর্ড নর্থব্রুকক এখন স্মাৰক-পত্র দাখিল কৰিছিল। সেই স্মাৰক-পত্ৰত তেওঁলোকে অসমৰ প্রাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্রিয় হৈ আছিল।

২। জোনাকী যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া ।

উত্তৰ – জোনাকী হ’ল অঃ আঃ উঃ সাঃ সভাৰ দ্বাৰা প্রকাশিত এখন আলোচনী ৷ জোনাকীৰ প্রথম সম্পাদক আছিল চন্দ্র কুমাৰ আগৰৱালা। জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক প্রতিভাৱান লোকক উলিয়াই আনিবলৈ সক্ষম হৈছিল। জোনাকীৰ প্রথম সংখ্যাত এটা বিষয় স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰপৰা সম্পূর্ণ মুক্ত হৈ থাকিব। কিন্তু কালক্ৰমত স্বাভাৱিকভাৱেই জোনাকীত প্রকাশিত কবিতা, প্রবন্ধ- নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্রতিফলন ঘটিছিল।

            ব্রিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্রভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এই ক্ষেত্ৰত কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচার্যই নিয়মীয়াকৈ অসমৰ অর্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্রকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, ‘অসম সংগীত’, ‘বীণ ব’ৰাগী’ আদি আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাই দেশপ্রেমৰ জয়গান গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্রত কৰিছিল।

৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।

উত্তৰ – আহোম সভাৰ ৰাজনৈতিক দাবী আছিল – ‘আহোসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা ৷

৪। আছাম এছচিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল ?

উত্তৰ – আছাম এছচিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ তলত উল্লেখ কৰা হ’ল –

(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।

(ii) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল ৷

(iii) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(iv) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছচিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল ।

(v)  বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ চৰকাৰক দাবী জনাইছিল ৷

(vi) ১৯১৮ চনৰ মন্টেগ’ছেমছফৰ্ড ৰিপ’ৰ্টৰ আধাৰত প্ৰস্তাবিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল ৷

(vii) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল ৷

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Advertisement

৫। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ – অসমত চন্দ্রনাথ শর্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত  যুৱকসকলে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল।  সেইসকলৰ অগ্রগণ্য কেইজনমান হ’ল– লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শর্মা আদি। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্রহণ কৰিছিল।

৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা।

উত্তৰ – ১৯৩০ চনৰ ৬ আৰু ১৪ মে’ তাৰিখে নেহৰু আৰু গান্ধীক গ্ৰেপ্তাৰৰ প্ৰতিবাদ হিচাপে  ব্রহ্মপুত্র উপত্যকাৰ ছাত্ৰসকলে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বর্জন কৰিছিল। সেই সময়তে জে আৰ কানিংহামে ১৯৩০ চনত কানিংহাম চাৰ্কুলাৰ প্ৰকাশ কৰে ৷ এই চাকুলাৰ মতে, ছাত্র আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনাো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱা সকলক জৰিমনা বিহাৰ লগতে ছাত্র বৃত্তিৰপৰা বঞ্চিত কৰা হ’ব বুলি এই জাননীত প্ৰকাশ কৰা হৈছিল। ছাত্ৰসকলে এই অপমানজনক নির্দেশনাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল।

৭। গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে চমুকৈ লিখা।

উত্তৰ – গোপীনাথ বৰদলৈৰ চৰকাৰ ১১ ফেব্ৰুৱাৰী, ১৯৪৬ চনত গঠন হৈছিল ৷ গোপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যাসমূহ তলত বৰ্ণনা কৰা হ’ল –

(i) স্বাধীনতাৰ প্ৰাকমুহূর্তত অসমৰ আন্তঃগাঁথনি যথেষ্ট দুর্বল আছিল।

(ii) স্বাধীনতাৰ ঠিক পিছতেই উত্তৰ-পূর্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ’বলগা হৈছিল।

(iii) ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ পূৱ ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল ৷ মাত্ৰ ১২ কিলোমিটাৰ বহল এক সংকীর্ণ ভূখণ্ডইহে উত্তৰ-পূব ভাৰতৰ অন্যান্য অংশৰ লগত সংযোগ কৰিছিল।

(iv) বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহণ হঠাতে পূর্ব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল।

(v) বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চল মাজত থকা জটিল অর্থনৈতিক সম্পর্ক বিঘ্নিত কৰিছিল। বিভাজনৰ পূর্বে এই অঞ্চলটোৱে কৃষি শিল্পজাত সামগ্রী চাহ, নীল মৰাপাট, ৰেচম আদিৰ আন্তর্জাতিক ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু বিভাজনৰ পিছত এই আন্তর্জাতিক পর্যায়ৰ অৰ্থনীতিৰ বিসর্জন

দি প্রত্যেকেই নিজ নিজ জাতীয় অর্থনীতি গঠনত মনোনিৱেশ কৰিছিল।

(vi) অর্থনৈতিক বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰি উত্তৰ-পূব ভাৰতে অনুপ্রৱেশকাৰীৰ সমস্যা আৰু

ভৌগোলিক পুনগঠনৰ সমস্যাৰ সন্মুখীন হৈছিল।

(vii) ১৯৬২ চনৰ চীনৰ ভাৰত আক্রমণে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল।

এইদৰে, বিভাজনৰ পিছত উত্তৰ-পূব অঞ্চলটো ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ পৰিছিল আৰু একে সময়তে নিৰাপত্তাৰ ক্ষেত্ৰত এক স্পর্শকাতৰ অঞ্চললৈ ৰূপান্তৰিত হোৱা বাবে গোপীনাথ বৰদলৈ মন্ত্রীসভাই বহুত সমস্যাৰ সন্মুখীন হৈছিল ৷

৮।অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠান চমু ইতিহাস লিখা।

উত্তৰ – অসম কৃষি বিশ্ববিদ্যালয় গোপীনাথ বৰদলৈ মন্ত্ৰী সভাৰ নেতৃত্বত গঢ়ি উঠা এক অনুষ্ঠান ৷ ১৯১৩ চনত কৰিমগঞ্জত  আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গবেষণা কেন্দ্র প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভলি বুলি ক’ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা  আৰু প্রশিক্ষণ অবিৰমভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যক  হৈ পৰিছিল ৷ সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল ৷ এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয় ৷

৯। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।

উত্তৰ – অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ৷  ১৯০০ চনতে ডিব্ৰুগড়ত ডᵒ জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড° জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।

দীঘল উত্তৰৰ প্রশ্ন ঃ

১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কার্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰ –  অসমীয়া ভাষা উন্নতি সাধিনী সভা ১৮৮৮ চনত গঠিত হৈছিল ৷সেই সময়তকলিকতালৈ উচ্চ শিক্ষাৰ বাবে যাোৱা ছাত্ৰসকলে অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ অর্থে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল। বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্রতাৰ ওপৰত হোৱা আক্ৰমণৰ প্রৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ উদ্দেশ্যেৰে অঃ ভাঃ উঃ সাঃ সভাৰ গঠন কৰিছিল ৷  এই সভাই অমসীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত প্ৰৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। তদুপিৰ, সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে হাতত লৈছিল। এই সভাৰ প্রচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতি হেমকোষ’ প্রকাশৰ কাম হাতত লৈছিল।

           আঃ আঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আৰু ভাষা সম্পর্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্রমান্বয়ে অসমৰ ভিন্ন প্রান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি কহিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অঃ ভাঃ উঃ সাঃ সভাৰ শাখা গঠনৰ বাবে অগ্রণী ভূমিকা লৈছিল ৷ উল্লেখযোগ্য যে এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী ‘জোনাকী’য়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল।

২। অসম ছাত্র সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰ –  ১৯১৬ চনত অসম ছাত্র সম্মিলন গঠন হৈছিল ৷ এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্র সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান-প্রদান কৰি এক সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্রথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্রিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল।

           এই সন্মিলনৰ বার্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্রহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা,পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য । ছাত্র সন্মিলনৰ মুখপত্ৰ আছিল মিলন। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।

৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰ – ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অর্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল।  ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱর্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

            ১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্রাদেশিক কংগ্রেছ সমিতিৰ তত্ত্বাৱধানত অসমত  কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। নদুৱাৰ, ছয়দুৱাৰ, শিৱসাগৰ আৰু দৰঙতো ৰায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল। আইন অমান্য আন্দোলন কার্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০ শতাংশ ভূমি ৰাজহ হ্রাস কৰাৰ দাবী উত্থাপন কৰিছিল ৷

            ৰায়ত সভাসমূহক অধিক সক্রিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্ৰীয় সমিতি সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন কৰা হয়। ইয়াৰ প্রথম অধিৱেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্রিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। ১৯৩৪ চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয়খন অধিৱেশনত কমেও ৩০০০ কৃষকে অংশগ্রহণ কৰিছিল।  ১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্রায় ৩০০খন ৰায়ত সভা আছিল। কংগ্ৰেছ মন্ত্রীসভা গঠন হোৱাত ১৯৩৯ চনৰপৰা ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ আহিছিল আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহ সামৰি লৈছিল।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Advertisement

৪। যোৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সম্পর্কে লিখা।

উত্তৰ – ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজানিক সভা স্থাপিত হয়। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল –

(১) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা

(২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু

(৩) জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা।

              যদিও এই সভাই প্রত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্রিয়ভাৱে মাত মাতিছিল। এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কার্যাৱলী তলত উল্লেখ কৰা হ’ল –

(১) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।

(২) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বর্ধিত কৰৰ বিৰোধ কৰিছিল ৷

(৩) ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰকপত্র দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্রমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল।

         ইয়াৰ ওপৰিও এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ তীব্র বিৰোধিতা কৰিছিল। কিন্তু ১৯০৫ খ্রীষ্টাব্দৰ ১ নৱেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰে গুৱাহাটীত উপস্থিত হৈ  বংগ ভংগই অসমৰ উপকাৰ কৰিব বুলি কোৱাত অসম এছোচিয়েচনৰ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সার্বজনিক সভাৰ সভাপতি জগন্নাথ বৰুৱাই বংগ ভংগবিৰোধী মনোভাব ত্যাগ কৰিছিল। সভাই এই নতুন প্রদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবলৈ দাবী জনাইছিল।

৫। আছাম এছচিয়েচনৰ ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা।

উত্তৰ – অসমৰ কথা সামগ্রিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছচিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। আছাম এছচিয়েছনে ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবেলোৱা কেইটামান পদক্ষেপ তলত উল্লেখ কৰা হ’ল –

(i) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।

(ii) এছ’চিয়েচনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল ৷

(iii) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল।

(iv) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছচিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল ।

(v)  বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূব বংগৰপৰা পৃথক কৰিবলৈ চৰকাৰক দাবী জনাইছিল ৷

(vi) ১৯১৮ চনৰ মন্টেগ’ছেমছফৰ্ড ৰিপ’ৰ্টৰ আধাৰত প্ৰস্তাবিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল ৷

(vii) ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল ৷

৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰ – ১৯০৩ চনত গঠন হোৱা আছাম এছচিয়েছনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশগ্রহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল। তাৰ আপাহতে সংগঠনটোৰ একাংশ নেতা-কর্মীয়ে এছচিয়েছনক কংগ্ৰেছৰ প্রাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল ৷ আছাম এছচিয়েছনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰিত কৰা উদ্দেশ্যৰে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত ১৮ এপ্রিল ১৯২১ চনত যোৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলে। উল্লেখযোগ্য যে ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনর্গঠনৰ প্রস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈয়ে উৎসাহিত কৰি কংগ্ৰেছৰ প্রতি আকর্ষিত কৰি তুলিছিল।

       অসম প্রদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধানত ১৯২১ চনত মহাত্মা গান্ধীক অসমত অহসযোগ আন্দোলন প্রচাৰ কৰিবলৈ নিমন্ত্রণ কৰি আনি অসহযোগ আন্দোলন অসমত অতি সক্রিয় কৰি তুলিছিল। অসম প্রাদেশিক কংগ্ৰেছ সমিতিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১তম বার্ষিক অধিৱেশন আয়োজন কৰিছিল। অসমত প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। তেওঁ ১৯৩০ চনৰপৰা ১৯৩৯ চনলৈ সভাপতিৰ কার্যভাৰ চলাইছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্রদেশৰ প্ৰথমজন প্রধানমন্ত্রী হিচাপে নির্বাচিত হৈছিল। যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ-পূবক পূর্ববংগৰ লগত সাঙুৰি গোট ‘গ’ (Group C)ত সন্নিৱিষ্ট কৰাৰ বাবে আগবাঢ়িছিল তেতিয়া বৰদলৈৰ মন্ত্ৰীসভাই তাৰ তীব্র প্রতিবাদ কৰিছিল। গান্ধীৰ সমর্থন আৰু বৰদলৈৰ নেতৃত্বত হোৱা অন্দোলনৰ ফলত অসম ‘গ’ গোটত অন্তর্ভুক্ত নহ’ল।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰ – ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ বিভাজন কার্যকৰী হোৱাৰ লগে লগে ‘পূর্ব বংগ আৰু অসম’ এখন লেফটেনেন্ট গৱৰ্ণৰ শাসিত প্রদেশ হয়। অসমৰ দুটা ৰাজনৈতিক অনুষ্ঠান ‘যোৰহাট সার্বজনিক সভা আৰু অসম এছোচিয়েচন’ৰ বংগ বিভাজন বিৰোধিতা কৰাত  বিষেশ ভূমিকা নাছিল যদিও  একে সময়তে পদ্মনাথ গোহাঞিবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, ত্রিগুণা বৰুৱা, ৰক্তিম বৰা প্ৰমুখ্যে এচাম মুখিয়াল ব্যক্তিৰ বংগ ভংগ বিৰোধী স্থিতি ষ্পষ্ট আছিল ৷ তেওঁলোকে অসমবাসীৰ মাজত বংগ ভংগৰ বিৰুদ্ধে প্রচাৰ চলাইছিল।

             স্বদেশী আন্দোলনৰ প্রতিক্রিয়া অসমলৈকো বিস্তাৰিত হৈছিল। বিশেষকৈ ব্ৰহ্মপুত্র উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্র ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্রই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে বন্দিনী ভাৰত’ নামৰ এখন বিদ্রোহাত্মক নাটক ৰচনা কৰিছিল ৷ ক্ষুদিৰাম বসু, বাৰীন্দ্র ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। ১৯০৬ খ্রীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যামফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী-শ্বিলং পথত এটা বোমা পুতিছিল। পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰীক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ ১৯১৪ খ্রীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দী ৰূপে থাকিব লগা হৈছিল।

               ব্রিটিছ চৰকাৰে ব্ৰহ্মপুত্র উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ কেইটামান জনহিতকৰ কাম কৰিছিল –

i। অসমীয়া ভাষা-সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেঞ্চ পৰীক্ষাৰ পাঠ্যক্ৰমত  অন্তৰ্ভুক্ত কৰা।

ii। কটন কলেজক উন্নত মানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা।

iii।ব্ৰহ্মপুত্ৰ উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা।

iv।মাটিত কুৰিদফীয়া বন্দোৱক্তিৰ প্ৰৱৰ্তন কৰা ইত্যাদি।

         এয়া স্বদেশী আন্দোলনৰ পৰোক্ষ প্রভাৱ বুলি ক’ব পাৰি।

৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰ – ভাৰতৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূর্ণ অধ্যায়। ১৯২০ চনৰ ডিচেম্বৰত তেজপুৰত বহা অসম এছ’চিয়েছনৰ ১৭ সংখ্যক অধিৱেশনত  অসহযোগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ গ্রহণ হৈছিল ৷ ১৯২১ চনত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন আৰু মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্রিয় কৰি তুলিছিল।

         গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি বিসর্জন দিছিল। চন্দ্রনাথ শর্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্রহণ কৰিছিল। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল ৷ ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান ‘তিলক সোঁৱৰণী স্কুল’ প্রতিষ্ঠা কৰা হৈছিল। অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল– কানিৰ প্ৰচলন বন্ধ। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল— খাদীৰ প্ৰচলন জনপ্রিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।

           বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্রচুৰ সমর্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। মজুৰি বৃদ্ধিৰ দাবী জনোৱাৰ লগতে ‘গান্ধী মহাৰাজৰ জয় ধ্বনি দি তেওঁলোক বাগিচাৰপৰা ওলাই আহিছিল। মালিকসকলে বনুৱাসকলক বল প্রয়োগ কৰি ওভতাই আনিবলৈ জিলা প্রশাসন হেঁচা দিছিল। এনে বল প্রয়োগৰ ফলত বহুতো বনুৱাৰ মৃত্যু হৈছিল আৰু বাকীসকল বাগিচালৈ উভতি আহিবলৈ বাধ্য হৈছিল।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

Advertisement

৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।

উত্তৰ – মহাত্মা গান্ধীয়ে ১৯৩০ চনত আইন অমান্য আন্দোলনৰ আহ্বান জনায়। তেওঁ ১২ মার্চত ৭৮গৰাকী সতীর্থ সহ সৱৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ যাত্ৰা কৰে ৷ ডাণ্ডিত নিজে নিমখ তৈয়াৰ কৰি চৰকাৰী লোন আইন ভংগ কৰে।

             অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলাো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্রহৰ প্রতি নিজৰ আনুগত্য প্রদর্শন কৰিছিল যদিও অসমৰ কংগ্ৰেছ নেতৃত্বই অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্রস্তুত নহয় বোলি ঘোষণা কৰিছিল ৷ অৱশ্যে বিষ্ণুৰাম মেধি, হেমচন্দ্র বৰুৱা, মহম্মদ তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি নিষ্ঠাৱান কর্মীসকলে সীমিত অর্থনৈতিক পৰিসৰৰ মাজত সক্রিয়ভাৱে সাংগঠনিক কাম-কাজ অব্যাহত ৰাখিছিল।

               অমিয় কুমাৰ দাসৰ দৰে যুৱ নেতাই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। ১৯৩০ চনৰ ১৪ এপ্রিল তাৰিখে নেহৰুক আৰু ৫ মে’ তাৰিখে গান্ধীক গ্রেপ্তাৰ কৰাৰ প্ৰতিবাদত ৬ আৰু ১৪ মে’ তাৰিখে ব্রহ্মপুত্র উপত্যকাৰ ছাত্ৰসকলে প্রতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বর্জন কৰিছিল। সেই সময়তে জে আৰ কানিংহামে কানিংহাম চাৰ্কুলাৰ প্ৰকাশ কৰিছিল ৷ এই চাকুলাৰ মতে, ছাত্র আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্র বৃত্তিৰপৰা বঞ্চিত কৰা হ’ব বুলি এই জাননীত প্ৰকাশ কৰা হৈছিল। ছাত্ৰসকলে এই অপমানজনক নির্দেশনাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল।

        অসম ছাত্র সম্মিলনে  গুৱাহাটীত অনুষ্ঠিত কৰা এখন বিশেষ সভাৰ জড়িয়তে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বর্জনৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰা হৈছিল। ৫০ শতাংশ মাটিৰ খাজনা হ্রাসৰ দাবীৰে খেতিয়কসকলো আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল। এই আন্দোলন সুৰমা উপত্যকালৈও প্ৰসাৰিত হৈছিল ৷

১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা।

উত্তৰ – ১৯৪২ চনৰ ৮ আগষ্টত সর্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাইত বিখ্যাত ভাৰত ত্যাগ’ আন্দোলনৰ ঘোষণা কৰিছিল। এই আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে তেওঁৰ শক্তিশালী কৰিম কিম্বা মৰিম ‘ শ্লোগানেৰে জনতাক আন্দোলনলৈ আহ্বান জনাইছিল।

          চৰকাৰে কঠোৰ হাতেৰে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতৰ অন্যান্য প্রান্তৰ দৰে অসমতো কংগ্রেছৰ প্রধান নেতাসকলক গ্রেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰ্তাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল।

          এই আন্দোলনক ব্রিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন কৰিবলৈ চেষ্টা কৰিছিল।অসমত এই আন্দোলন দমন কৰিবলৈ ব্রিটিছসকলে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। সৰুপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। চৰকাৰে অতি কঠোৰ হাতেৰে ১৯৪২ চনৰ আন্দোলন দমন কৰিছিল। নগাঁৱৰ বেবেজীয়া, বাপুজীয়া, বঢ়মপুৰ, জোঙালবলহু গড়, দৰঙৰ গহপুৰ, ঢেকিয়াজুলি, বৰপেটাৰ পাটাছাৰকুছি আৰু গোৱালপাৰাৰ ফকিৰাগ্ৰাম আদি ঠাইত পুলিচৰ গুলিচালনাত ন্যূনাধিক ২৭গৰাকী লোক ছহিদ হৈছিল। শ শ লোকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ ১৪ বছৰীয়া কনকলতা বৰুৱাও আছিল।

             এনে ধৰণে কঠোৰ নীতিৰ দ্বাৰা চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সক্ষম হৈছিল। কিন্তু জেলৰ বাহিৰত থকা কিছুসংখ্যক নেইতা যেনে জয়প্রকাশ নাৰায়ণ, এছ এম যোশী, অৰুণা আছিফ আলী আদিয়ে আত্মগোপন কৰি এই আন্দোলন অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল।

               ব্রিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কর্মসূচী আছিল। অসমৰ বজালী, ঢকুৱাখনা, ৰহা, জামুগুৰি, বাঁহজানি আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতাসকল জেল খাটি থকাৰ সময়তে ১৯৪৪ত ঔপনিৱেশিক চৰকাৰে সর্বশক্তি প্ৰয়োগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশাগ্রস্ত হৈছিল।

১১। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।

উত্তৰ – বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱা হ’ল –

অসম কৃষি বিশ্ববিদ্যালয় – অসম কৃষি বিশ্ববিদ্যালয় গোপীনাথ বৰদলৈ মন্ত্ৰী সভাৰ নেতৃত্বত গঢ়ি উঠা এক অনুষ্ঠান ৷ ১৯১৩ চনত কৰিমগঞ্জত  আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গবেষণা কেন্দ্র প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভলি বুলি ক’ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা  আৰু প্রশিক্ষণ অবিৰমভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যক  হৈ পৰিছিল ৷ সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল ৷ এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয় ৷

গুৱাহাটী বিশ্ববিদ্যালয় – গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়।  ১৯১৭ চনত ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছ’চিয়েছনৰ বার্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্য-পাতি সংগ্রহ আৰু এক উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে ১৯৪০ চনত সূৰ্য্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনৰ ২৬ জানুৱাৰি তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত ১৭খন মহাবিদ্যালয় আৰু ৮টি স্নাতকোত্তৰ বিভাগ আছিল।

অসম চিকিৎসা মহাবিদ্যালয়  – অসম চিকিৎসা মহাবিদ্যালয় উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ৷  ১৯০০ চনতে ডিব্ৰুগড়ত ডᵒ জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ‘বেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ড° জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰপৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।

Read More:

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ)

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

Advertisement

7 Replies to “ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ”

Leave a Reply

Your email address will not be published. Required fields are marked *