অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান , ৰাজনীতি বিজ্ঞানৰ নৱম শ্ৰেণীৰ, অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷
ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
১/ দ্বিদলীয় শাসন ব্যৱস্থা থকা দুখন দেশৰ নাম লিখা।
উত্তৰ – দ্বিদলীয় শাসন ব্যৱস্থা থকা দুখন দেশৰ নাম হ’ল ইংলেণ্ড আৰু আমেৰিকা ৷
২/ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত জন্ম হৈছিল ?
উত্তৰ – ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ১৮৮৫ চনত হৈছিল ৷
৩/ কাৰ নেতৃত্বত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ নামৰ ৰাজনৈতিক দলটো জন্মলাভ কৰিছিল ?
উত্তৰ – এজন অৱসৰপ্ৰাপ্ত আই.চি.এছ বিষয়া এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত ‘ভাৰতীয় জাতীয় কংগ্ৰেছ’ নামৰ ৰাজনৈতিক দলটো জন্মলাভ কৰিছিল ৷
৪/ কোন চনত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ৰ জন্ম হৈছিল ?
উত্তৰ – ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ৰ জন্ম ১৮৭৬ চনত হৈছিল ৷
৫/ ভাৰতীয় জাতীয় কংগ্রেছৰ প্রথম অধিৱেশন ক’ত আৰু কাৰ সভাপতিত্বত বহিছিল ?
উত্তৰ – ভাৰতীয় জাতীয় কংগ্রেছৰ প্রথম অধিৱেশন বোম্বাইত উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত বহিছিল ৷
৬/ মুছলিম লীগৰ জন্ম কোন চনত হৈছিল ?
উত্তৰ – মুছলিম লীগৰ জন্ম ১৯০৬ চনত হৈছিল ৷
৭/ হিন্দু মহাসভাৰ জন্ম কোন চনত হৈছিল ?
উত্তৰ – হিন্দু মহাসভাৰ জন্ম ১৯১৬ চনত হৈছিল ৷
৮/ স্বৰাজ পাৰ্টীৰ জন্ম কোন চনত হৈছিল ?
উত্তৰ – স্বৰাজ পাৰ্টীৰ জন্ম ১৯২২ চনত হৈছিল ৷
ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
৯/ কাৰ নেতৃত্বত স্বৰাজ পাৰ্টীৰ জন্ম হৈছিল ?
উত্তৰ – স্বৰাজ পাৰ্টীৰ জন্ম চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৰ নেতৃত্বত হৈছিল ৷
১০/ ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওপন্থী দলটোৰ নাম লিখা ৷
উত্তৰ – ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওপন্থী দলটোৰ নাম হ’ল ভাৰতীয় সাম্যবাদী দল ৷
১১/ ভাৰতীয় সাম্যবাদী দলৰ জন্ম কোন চনত হৈছিল ?
উত্তৰ – ভাৰতীয় সাম্যবাদী দলৰ জন্ম ১৯২৪ চনত হৈছিল ৷
১২/ ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল ?
উত্তৰ – ভাৰতবৰ্ষৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন ১৯৫২ চনত অনুষ্ঠিত হৈছিল ৷
১৩/ ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম লিখা ৷
উত্তৰ – ভাৰতবৰ্ষৰ প্ৰথমটো আঞ্চলিক দলৰ নাম হ’ল ডি.এম.কে. ( দ্ৰাবিড় মুন্নেত্ৰা কাজাগম ) ৷
১৪/ কেন্দ্ৰত কোন চনত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় ?
উত্তৰ – কেন্দ্ৰত ১৯৭৭ চনত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয় ৷
১৫/ কেন্দ্ৰত কাৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল ?
উত্তৰ – কেন্দ্ৰত মোৰাৰজী দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল ৷
১৬/ এন ডি এ (NDA)ৰ সম্পূর্ণ অর্থ লিখা ?
উত্তৰ – এন ডি এ (NDA)ৰ সম্পূর্ণ অর্থ হ’ল – ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (National Democratic Alliance) ৷
১৭/ বহুদলীয় শাসন ব্যৱস্থা থকা তিনিখন দেশৰ নাম লিখা।
উত্তৰ – বহুদলীয় শাসন ব্যৱস্থা থকা তিনিখন দেশৰ নাম হ’ল ভাৰতবৰ্ষ, বাংলাদেশ আৰু পাকিস্তান ৷
Read More:
অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল – অনুশীলনী
ইতিহাস –
অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
ভূগোল –
অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )
অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes
অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- 4 অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ )
ৰাজনীতি বিজ্ঞান –
অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অৰ্থনীতি বিজ্ঞান–
অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
6 Replies to “ভাৰতৰ ৰাজনৈতিক দল – Notes”