ভাৰতৰ ৰাজনৈতিক দল

ভাৰতৰ ৰাজনৈতিক দল - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ৰাজনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল ( Political Parties in India ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

                                   ভাৰতৰ ৰাজনৈতিক দল  – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন

১/ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।

উত্তৰ – একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ’ল চীন ৷

২/ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি ?

উত্তৰ – আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ’ল দ্বিদলীয় ব্যৱস্থা ৷

৩/ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ – ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল –

            (i)  ৰাজনৈতিক দলৰ সংগঠন আছে ৷

            (ii) ইয়াৰ নীতি-আদৰ্শ আৰু আঁচনি আছে ৷

৪/ ৰাজনৈতিক দলৰ এটা প্রধান কার্য উল্লেখ কৰা।

উত্তৰ – ৰাজনৈতিক দলৰ এটা প্রধান কার্য হ’ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা ৷

৫/ অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।

উত্তৰ – অসমৰ এটা আঞ্চলিক দলৰ নাম হ’ল অসম গণ পৰিষদ ৷

৬/ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ?

উত্তৰ – ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হৈছে  ঝাৰখণ্ড মুক্তি মৰ্চা ৷

৭/  ইউ পি এ (UPA)ৰ সম্পূর্ণ অর্থ লিখা ?

উত্তৰ –  ইউ পি এ (UPA)ৰ সম্পূর্ণ অর্থ – সংযুক্ত গণতান্ত্ৰিক মৰ্চা (United Progressive Alliance) |

৮/ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো ?

উত্তৰ – ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল হৈছে  ভাৰতীয় জাতীয় কংগ্ৰেছ ৷

৯/ কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ গঠন হৈছিল ?

উত্তৰ – এছ. এন. বেনাৰ্জীৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ গঠন হৈছিল ৷

১০/ ভাৰতৰ জাতীয় কংগ্রেছৰ প্রথম সভাপতি কোন আছিল ?

উত্তৰ – ভাৰতৰ জাতীয় কংগ্রেছৰ প্রথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী ৷

চমু উত্তৰৰ প্রশ্ন –

Advertisement

১/ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্য কি ?

উত্তৰ – ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল –

         (i) ভাৰতবৰ্ষত থকা বহুদলীয় ব্যৱস্থা ৷

         (ii) আঞ্চলিক দল গঠনৰ ব্যৱস্থা ৷

        (iii) মৰ্চা চৰকাৰ গঠনৰ ব্যৱস্থা ৷

        (iv) কেন্দ্ৰীয় আৰু ৰাজ্য উভয়ে সংযুক্ত চৰকাৰ গঠন কৰিব পৰা ব্যৱস্থা ৷

২/ গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী ?

উত্তৰ – গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী ৷ যি দেশত দ্বিদলীয় ব্যৱস্থা আছে তেনে দেশৰ গণতন্ত্ৰ অধিক সুস্থিৰ আৰু সবল ৷ বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰত সঘনাই সৃষ্টি হ’ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায় ৷

৩/ ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।

উত্তৰ – ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা তলত উল্লেখ কৰা হ’ল –

            (i) সংগঠন.

              (ii) নিতী-আদৰ্শ আৰু আচঁনি,

              (iii) ক্ষমতা দখলৰ বাবে আকাংক্ষা,

              (iv) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ৷

৪/ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰ – পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম তলত উল্লেখ কৰা হ’ল –

           (i)  অসম গণ পৰিষদ(অসম)

           (ii) তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ)

           (iii) আকালি দল (পাঞ্জাৱ),

           (iv) শিৱসেনা (মহাৰাষ্ট্ৰ) আৰু

           (v)  ঝাৰখণ্ড মুক্তি মৰ্চা (ঝাৰখণ্ড) ৷

৫/ মৰ্চা চৰকাৰ বুলিলে কি বুজা ?

উত্তৰ – যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাতাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে ৷ এনে চৰকাৰক মৰ্চা চৰকাৰ বোলে ৷

দীঘল উত্তৰৰ প্ৰশ্ন –

১/ সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয় ?

উত্তৰ – যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাতাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে ৷ এনে চৰকাৰক সংযুক্ত চৰকাৰ বামৰ্চা চৰকাৰ বোলে ৷

            মৰ্চাত যোগ দিয়া দলবিলাকৰ আদর্শ ভিন্ন হলেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বার্থ আৰু আদর্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোঁট বন্ধনত আৱদ্ধ হয়। মর্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণকেইটা হৈছে—

(১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,

(২) একক ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস,

(৩) এটা নির্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।

(৪) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

২/ সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা।

উত্তৰ –   সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ তলত উল্লেখ কৰা হ’ল –

১। পৰিস্থিতি আৰু সময় সাপেক্ষ – মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্রয়োজন।

২। আঞ্চলিক প্রতিনিধিত্ব –  একদলীয় চৰকাৰতকৈ মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতি-গোষ্ঠীয়ে প্রতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰে। মৰ্চাত অংশগ্রহণকাৰী বিভিন্ন আঞ্চলিক পর্যায়ৰ দলবিলাকে তেওঁলোকৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ অধিক সুবিধা পায়।

সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা দোষ তলত উল্লেখ কৰা হ’ল –

১। ক্ষণস্থায়ী অথবা অস্থিৰ – মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰতা। মৰ্চাত অংশ গ্রহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমর্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে। ফলত কার্যকাল সম্পূর্ণ হোৱাৰ আগেয়ে এনে চৰকাৰৰ পতন ঘটে।

২। দুর্বল চৰকাৰ-  মৰ্চা চৰকাৰ সাধাৰণতে দুর্বল হয়। অংশ গ্রহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিব লগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে।

ভাৰতৰ ৰাজনৈতিক দল

Advertisement

৩/ গণতন্ত্রত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।

উত্তৰ – গণতান্ত্রিক ৰাষ্ট্র এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূর্ণ। শক্তিশালী বিৰোধী । দল অবিহনে এখন গণতান্ত্রিক ৰাষ্ট্ৰই প্রকৃত সফলতা লাভ কৰিব নোৱাৰাৰ লগতে জনসাধাৰণৰ স্বার্থ সুৰক্ষিত কৰিব নোৱাৰে।

           এখন গণতান্ত্রিক দেশত বিৰোধীৰ আসনত থকা বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা কেনে হ’ব লাগে এই লৈ ৰাজনৈতিক পণ্ডিতসকলে বহুতো পৰামর্শ আগবঢ়াইছে। প্রধানতঃ বিৰোধী দলৰ কৰণীয় এনেধৰণৰ-

১/ জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰ প্রহৰীৰ দৰে কাম কৰিব লাগে।

২/ শাসনত থকা দলটোৱে যাতে জাতীয় স্বার্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ প্রতি চকু ৰখা।

৩/ চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যবেক্ষণ কৰি প্রয়োজন হলে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।

৪/ জনসাধাৰণৰ অভাৱ-অভিযােগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা।

৫/ প্রয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।

৬/ জনমত গঠন কৰা।

৭/ চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পার্থক্য দূৰ কৰা।

৮/ জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।

৯/ জনমতৰ প্রতি চৰকাৰক সজাগ, দায়বদ্ধ আৰু জবাবদিহী কৰা ।

১০/ চৰকাৰে যাতে স্বেচ্চাচাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত চোকা নজৰ ৰখা ৷

১১/ প্রয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতা প্রদান কৰা।

৪/ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।

উত্তৰ – আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা তলত উল্লেখ কৰা হ’ল –

(ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি,

(খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধর্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা,

(গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ,

(ঘ)কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্রীকৰণৰ প্রৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কর্তৃত্ব লাভৰ প্রচেষ্টা,

(ঙ) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ,

(চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্রীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুর্বলতা আদি।

৫/ গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা।

উত্তৰ –  প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্রিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচত্রী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্র বিশ্বতে গণতন্ত্রৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্রকাশ কৰিলে আৰু ই গণতান্ত্রিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বর্তমান সময়ত গণতন্ত্র আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্র অচল, ঠিক একেদৰে গণতন্ত্রৰ অবিহনে ৰাজনৈতিক দল অর্থহীন। ৰাজনৈতিক দল হৈছে শাসক ৰাজনীতি আৰু অর্থনীতি বিজ্ঞান আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র। ই সর্বসাধাৰণক প্রশাসনৰ ওচৰ চপাই নিয়ে।

            গতিকে এইটো স্পষ্ট যে গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে ৰাজনৈতিক দল অপৰিহাৰ্য্য। ৰাজনৈতিক দল অবিহনে বর্তমান গণতন্ত্রৰ ধাৰণা অমূলক। সেয়েহে গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ অতি প্ৰয়োজন ৷

ভাৰতৰ ৰাজনৈতিক দল

৬/ ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কার্যাৱলী উল্লেখ কৰা।

উত্তৰ – ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল –

            (i) সংগঠন.

           (ii) নিতী-আদৰ্শ আৰু আচঁনি,

           (iii) ক্ষমতা দখলৰ বাবে আকাংক্ষা,

           (iv) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ৷

ৰাজনৈতিক দলৰ কার্যাৱলী এনে ধৰণৰ –

            (ক) জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে শিক্ষিত কৰা,

            (খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা,

            (গ) জনমত গঠন কৰা,

            (ঘ) জনমতক সু-সংগঠিত ৰূপ দিয়া ৷

৭/ সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।

উত্তৰ – সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা হৈছে –

(১) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,

 (২) একক ৰাজনৈতিক দলৰ প্রাধান্য হ্রাস,

 (৩) এটা নির্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নির্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ’বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়।

(৪) চৰকাৰত আঞ্চলিক প্রতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

Read More:

Advertisement
ৰাজনীতি বিজ্ঞান –
ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায় ১ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

ৰাজনীতি বিজ্ঞান –

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ