ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১। সিন্ধু সভ্যতাৰ পতন কেতিয়া হৈছিল ?

উত্তৰ – খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত সিন্ধু সভ্যতাৰ পতন  হৈছিল ৷

২।  পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখন কি ?

উত্তৰ – পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থখন হ’ল ঋকবেদ ৷

৩। ঋকবৈদিক যুগ বুলিলে কি বুজা ?

উত্তৰ – খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চন পৰ্যন্ত সময়ছোৱাক ঋকবৈদিক যুগ বা আদি বৈদিক যুগ বোলা হয় ৷

৪। পৰৱৰ্তী বৈদিক যুগ বুলিলে কি বুজা ?

উত্তৰ –  খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ৬০০ লৈ সময়ছোৱাক পৰৱৰ্তী  বৈদিক যুগ বোলা হয় ৷

৫। অশোকৰ ১২নং শিলালেখখন ক’ত আছে ?

উত্তৰ – অশোকৰ ১২নং শিলালেখখন গিৰ্ণাৰত আছে ৷

৬। ‘ভাৰত সম্ভেদ’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰ – ‘ভাৰত সম্ভেদ’ গ্ৰন্থখন পণ্ডিত জোৱাহাৰলাল নেহৰুয়ে ৰচনা কৰিছিল ৷

৭। ‘সত্যমেৱ জয়তে’ – এই আমোঘ বাণীটো কৰ পৰা লোৱা হৈছে ?

উত্তৰ – ‘সত্যমেৱ জয়তে’ – এই আমোঘ বাণীটো মুণ্ডক উপনিষদৰ পৰা লওৱা হৈছে ৷

৮। ‘অহিংসা পৰম ধৰ্ম’ – এই আমোঘ বাণীটো কৰ পৰা লোৱা হৈছে ?

উত্তৰ – ‘অহিংসা পৰম ধৰ্ম’ – এই আমোঘ বাণীটো মহাভাৰতৰ পৰা লোৱা হৈছে ৷

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement

৯। ‘জননী জন্মভূমিশ্চ স্বৰ্গাদপিগৰিয়সী’ – এই আমোঘ বাণীটো কৰ পৰা লোৱা হৈছে ?

উত্তৰ – ‘জননী জন্মভূমিশ্চ স্বৰ্গাদপিগৰিয়সী’ – এই আমোঘ বাণীটো ৰামায়ণৰ পৰা লোৱা হৈছে ৷

১০। ‘বসুধৈৱ কুটুম্বকম্’ – এই আমোঘ বাণীটো কৰ পৰা লোৱা হৈছে ?

উত্তৰ – ‘বসুধৈৱ কুটুম্বকম্’ – এই আমোঘ বাণীটো মহোপনিষদৰ পৰা লোৱা হৈছে  ৷

১১। অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ কাৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত ?

উত্তৰ – অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত ৷

১২।  চৰকাৰী স্বকৃতি প্ৰাপ্ত আঠবিধ ধ্ৰুপদী নৃত্যৰ নাম লিখা ৷

উত্তৰ – চৰকাৰী স্বকৃতি প্ৰাপ্ত আঠবিধ ধ্ৰুপদী নৃত্যৰ নাম – কথাকলি (মালায়ালাম, কেৰেলা ), মোহিনী আট্টম (কেৰেলা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী (অন্ধ্ৰপ্ৰদেশ), অ’ডিছি (ওড়িশা), কথক (উত্তৰ ভাৰত), সত্ৰীয়া (অসম)  আৰু মণিপুৰী (মণিপুৰ ) ৷

১৩। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ – আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২১ জুন তাৰিখে পালন কৰা হয় ৷

১৪। ‘হৰ্ণবিল’ উৎসৱ ক’ত উদযাপন কৰা হয় ?

উত্তৰ – ‘হৰ্ণবিল’ উৎসৱ নাগালেণ্ডত উদযাপন কৰা হয় ৷

১৫।  অসমীয়া ভাষাত ‘সপ্তকাণ্ড ৰামায়ণ’ কোনে অনুবাদ কৰিছিল ?

উত্তৰ – অসমীয়া ভাষাত ‘সপ্তকাণ্ড ৰামায়ণ’ মাধৱ কন্দলিয়ে অনুবাদ কৰিছিল ৷

১৬। শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম লিখা ৷

উত্তৰ – শংকৰদেৱে ৰচনা কৰা দুখন অংকীয়া নাটৰ নাম হ’ল – কালিয়দমন, কিলি গোপাল ৷

১৬। শংকৰদেৱে ৰচনা কৰা কোনখন নাট শেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল ?

উত্তৰ – শংকৰদেৱে ৰচনা কৰা প্ৰথম নাট চিহ্নযাত্ৰা নাটখন শেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল ৷

১৭। শংকৰদেৱে ৰচনা কৰা কোনখন নাটত বৃন্দাৱনী বস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰ -শংকৰদেৱে ৰচনা কৰা প্ৰথম নাট চিহ্নযাত্ৰা নাটখনত বৃন্দাৱনী বস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল ৷

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

১৮। ‘ভাগৱত কথা’ কোনে ৰচনা কৰিছিল ?

উত্তৰ – ‘ভাগৱত কথা’ ভট্টদেৱে ৰচনা কৰিছিল ৷

১৯। ‘ৰত্নাৱলী কথা’ কোনে ৰচনা কৰিছিল ?

উত্তৰ – ‘ৰত্নাৱলী কথা’ ভট্টদেৱে ৰচনা কৰিছিল ৷

২০। অসমৰ প্ৰথম  বাৰ্তালোচনী ‘অৰুণোদই’ কেতিয়া প্ৰকাশ কৰা হৈছিল ?

উত্তৰ – অসমৰ প্ৰথম  বাৰ্তালোচনী ‘অৰুণোদই’ ১৮৪৬ খ্ৰীষ্টাব্দত প্ৰকাশ কৰা হৈছিল ৷

২১। পোৱামক্কা  অসমৰ ক’ত অৱস্থিত ?

উত্তৰ – পোৱামক্কা  অসমৰ হাজোত অৱস্থিত ৷

২২। হস্তীবিদ্যাৰ্ণৱ পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰ – হস্তীবিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল ৷

২৩। হস্তীবিদ্যাৰ্ণৱ পুথিখনত থকা হাতীৰ ছবিসমূহ কোনে অংকণ কৰিছিল ?

উত্তৰ – হস্তীবিদ্যাৰ্ণৱ পুথিখনত থকা হাতীৰ ছবিসমূহ দিলবৰ আৰু দোচাইয়ে অংকণ কৰিছিল ৷

২৪। তলাতল ঘৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল ?

উত্তৰ – তলাতল ঘৰৰ নিৰ্মাণ স্বৰ্গদেৱ ৰুদ্ৰসিংহই আৰম্ভ কৰিছিল ৷

২৫। চাংৰুং ফুকনৰ বুৰঞ্জী কি ?

উত্তৰ – চাংৰুং ফুকনৰ কাৰ্যাৱলী লিপিবদ্ধ থকা বুৰঞ্জীসমূহক চাংৰুং ফুকনৰ বুৰঞ্জী বুলি কোৱা হয় ৷

২৬। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক সংগীত নাটক একাদেমিৰ দ্বাৰা বঁটা প্ৰদনেৰে সন্মানিত কৰা হৈছিল ?

উত্তৰ – লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শিল্পী – প্ৰয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্ৰতিমআ পাণ্ডে বৰুৱাক সংগীত নাটক একাদেমিৰ দ্বাৰা বঁটা প্ৰদনেৰে সন্মানিত কৰা হৈছিল ৷

২৭। ওজাপালিত আগবঢ়োৱা অৱদানৰ বাবে দৰঙৰ কোন শিল্পীক সংগীত নাটক একাদেমিৰ দ্বাৰা বঁটা প্ৰদনেৰে সন্মানিত কৰা হৈছিল ?

উত্তৰ – ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ ৷

Read More :

Advertisement

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – অনুশীলনী

ইতিহাস –

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

One Reply to “ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes”

Leave a Reply

Your email address will not be published. Required fields are marked *