ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য (Cultural Heritage of India And North East Region) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন  ঃ

১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?

উত্তৰ – সিন্ধু সভ্যতাৰ পূব সীমা মীৰটলৈ বিস্তৃত আছিল ৷

২। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?

উত্তৰ – সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত  ৷

৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কি ?

উত্তৰ – ঋকবেদৰ আনুমানিক ৰচনা কাল খ্ৰীষ্টপূৰ্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ মাজৰ সময়ছোৱাত৷

৪। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেব জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰ – ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা ‘সত্যমেব জয়তে’ এই বাক্যশাৰী মূলতঃ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে ৷

৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি ?

উত্তৰ – প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম অৰ্থশাস্ত্ৰ ৷

৬। ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ?

উত্তৰ – ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ পণ্ডিত জোৱাহাৰলাল নেহৰুৰ গ্ৰন্থ ‘ভাৰত সম্ভেদ’ৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে ৷

৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা-কৌশলৰ প্রয়োগ হৈছিল ?

উত্তৰ – ভাৰতৰ ভাস্কর্য শিল্পকলাৰ গান্ধাৰ শিল্পকলাত গ্রীক-ৰোমান কলা-কৌশলৰ প্রয়োগ হৈছিল ৷

৮। ভৰত মুনিৰ নাট্যশাস্ত্র কেতিয়া ৰচিত হৈছিল ?

উত্তৰ – ভৰত মুনিৰ নাট্যশাস্ত্র খ্ৰীষ্টপূৰ্ব ২০০ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ৰচিত হৈছিল ৷

৯। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ?

উত্তৰ – ভৰতৰ নাট্যশাস্ত্ৰত প্ৰায় ৬০০০টা শ্লোক আছে ৷

১০। হেৰাকা আন্দোলন কি ?

উত্তৰ – নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰা উদ্দেশ্যে স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে গঢ়ি তুলা  এক আন্দোলন হ’ল হেৰাকা আন্দোলন ৷

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Advertisement

১১।  নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত ?

উত্তৰ – নগালেণ্ডৰ ‘হৰ্ণবিল’ উৎসৱ ধনেশ পক্ষীৰ নামত উৎসর্গিত ৷

১২। ‘ চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?

উত্তৰ –  ‘ চপছৰ কূট’ মিজোৰামৰ পৰম্পৰাগত উৎসৱ ৷

১৩। মিজো শব্দৰ অর্থ কি ?

উত্তৰ – মিজো শব্দৰ অর্থ হ’ল পহাৰৰ বাসিন্দা ৷

১৪ উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত।

উত্তৰ – উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত।

১৫। মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে ?

উত্তৰ – চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিক আলম কৰি মণিপুৰী নৃত্য গঢ়ি উঠিছে ৷

১৬।  অসমৰ প্ৰাচীন নাম কি  আছিল ?

উত্তৰ – অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ  আছিল ৷

১৭। কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ?

উত্তৰ – বড়োমূলীয় শব্দৰ ‘হা-চোম’ৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ৷

১৮। চৰ্যাপদ মানে কি ?

উত্তৰ – চৰ্যাপদ হ’ল খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত লিখা অসমৰ কেইটামান সহজযান পন্হীয় গীত ৷

১৯। চৰ্যাপদ কেতিয়া ৰচিত হৈছিল ?

উত্তৰ – খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত চৰ্যাপদ  ৰচিত হৈছিল ৷

২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ন অনুবাদ কৰিছিল ?

উত্তৰ – মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ন অনুবাদ কৰিছিল ৷

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?

উত্তৰ – অসমৰ গদ্য সাহিত্যৰ সূচনা শংকৰদেৱে কৰিছিল ৷

২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?

উত্তৰ – জিকিৰ আৰু জাৰি আজান পীৰে ৰচনা কৰিছিল ৷

২৩। আজানপীৰ কোন ?

উত্তৰ – আজানপীৰ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আছিল ৷ তেওঁৰ আন এটা নাম চাহ মিলন ৷ তেওঁ অসমত প্ৰচলিত ধৰ্মীয় সংগীত জিকিৰ আৰু জাৰি সমূহ ৰচনা কৰিছিল ৷

২৪। আজানপীৰ কতিয়া অসমলৈ আহিছিল ?

উত্তৰ – আজানপীৰ ক্ৰয়োদশ শতিকাত স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ আহিছিল ৷

২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল ?

উত্তৰ – দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছিল ৷

২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?

উত্তৰ – আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট,  প্ৰাসাদ, ঘৰ-দুৱাৰ, আদিৰ নিৰ্মাণ কাৰ্য জোখ-মাখ আদি চোৱা-চিতা কৰা দায়িত্ব চাংৰুং ফুকনৰ আছিল ৷

২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সম্মান প্রদান কৰা হৈছিল?

উত্তৰ – লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ শিল্পী প্ৰতিমআ পাণ্ডে বৰুৱাক পদ্মশ্ৰী সম্মান প্রদান কৰা হৈছিল ৷

২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি ?

উত্তৰ – অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম অৰুণোদয় ৷

২৯। উত্তৰ-পূৰ্বাঞ্চলৰ আষ্টিৃক  নৃ-গোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি ?

উত্তৰ – উত্তৰ-পূৰ্বাঞ্চলৰ আষ্টিৃক  নৃ-গোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো হ’ল মেঘালয়ৰ খাছী জনজাতি ৷

৩০। ৰচয়িতাসকলৰ নাম লিখাঃ

(ক) অৰ্থশাস্ত্র।

উত্তৰ – কৌটিল্য

(খ) হস্তী বিদ্যাৰ্ণৱ

উত্তৰ – সুকুমাৰ বৰকাইথ

(গ) কীৰ্তন।

উত্তৰ – শংকৰদেৱ

(ঘ) নামঘোষা।

উত্তৰ – মাধৱদেৱ

(৬) চোৰধৰা পিম্পৰা গুচোৱা।

উত্তৰ – মাধৱদেৱ

(চ) কালিয় দমন।

উত্তৰ – শংকৰদেৱ

(ছ) ৰামবিজয়।

উত্তৰ – শংকৰদেৱ

(জ) কথাগীতা।

উত্তৰ – ভট্টদেৱ

(ঝ) ৰাজতৰঙ্গিনী।

উত্তৰ – কলহন

(ঞ) ভাৰত সম্ভেদ।

উত্তৰ – জৱাহাৰলাল নেহৰু

চমু উত্তৰৰ প্ৰশ্ন ঃ

Advertisement

১। খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?

উত্তৰ – খ্রীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম – গ্ৰীক আৰু হুন ৷

২। সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধমীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা ?

উত্তৰ – সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধমীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ – পশুপতি সদৃশ মূৰ্তি  আৰু মাতৃদেৱীৰ মূৰ্তি ৷

৩। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।

উত্তৰ – অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ’ল –

(i)  ধান খেতি

(ii) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ৷

৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?

উত্তৰ – বর্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্রহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে আকৌ অন্য কোনোবাটো অঞ্চল হয়তোএই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন, কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।

৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।

উত্তৰ – বেদৰ চাৰিখন সংহিতাৰ নাম – ঋকবেদ, যজুৰ্বেদ, সামবেদ আৰু অৰ্থবেদ ৷

৬। অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে ?

উত্তৰ – অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে ৷ বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে ৷

৭। সাংস্কৃতিক বহুত্ববাদ মানে কি ?

উত্তৰ – সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায় ৷

৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।

উত্তৰ – ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম – আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত ৷

৯। প্ৰচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।

উত্তৰ – প্ৰচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম – চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা ৷

১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি ?

উত্তৰ – ভাৰতীয় চিত্রকলাক দুটা ভাগত ভগাব পাৰি –

(i) বৃহদাকাৰ দেৱাল চিত্ৰ আৰু

(ii) ক্ষুদ্ৰাকাৰ চিত্ৰ ৷

১১।  চিত্রকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।

উত্তৰ – চিত্রকলাৰ প্রতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম হ’ল

১২। ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।

উত্তৰ – ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম হ’ল – আনন্দহৰী আৰু হস্তীবিদ্যাৰ্ণৱ ৷

১৩।  হক্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।

উত্তৰ – হক্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম হ’ল দিলবৰ আৰু দোচাই ৷

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

১৪। ঝুম খেতি মানে কি বুজা ?

উত্তৰ – ঝুম খেতি  হ’লপাহাৰীয়া অঞ্চতল কৰা এক প্ৰকাৰৰ পৰম্পৰাগত  খেতি ৷ ঝুম খেতি  কৰিবলৈ গছ-গছনি, হাবি বন কাটি, জুই লগাই খেতি কৰিবলগীয়া ঠাইখিনি চাফা কৰি লোৱা হয় ৷ কিছু বছৰ খেতি কৰা পিছত এই ঠাই সলনি কৰা হয় ৷

১৫।  জেং বিহু মানে কি ?

উত্তৰ – বহাগ বিহুত উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ পতা বিহুকে জেং বিহু বোলে ৷

১৬।  ওজাপালিৰ দুটা ভাগৰ নাম লিখা।

উত্তৰ – ওজাপালিৰ দুটা ভাগৰ নাম হ’ল – ব্যাসৰ ওজা আৰু সুকনান্নী ওজা ৷

১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।

উত্তৰ – প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম হ’ল কপিল আৰু পতঞ্জলি ৷

১৮।  আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।

উত্তৰ – আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম হ’ল  দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী ৷

১৯। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।

উত্তৰ – বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদ্যাপিত হোৱা দুটা স্থানীয় উৎসৱ হ’ল দৰং জিলাৰ দেউল আৰু পুৰণি কামৰূপৰ ভঠেলি ৷

২০।  দৰঙৰ দুবিধ লোক নৃত্যৰ নাম উল্লেখ কৰা।

উত্তৰ – দৰঙৰ দুবিধ লোক নৃত্যৰ নাম হ’ল ঢেপাঢুলীয়া আৰু বৰঢুলীয়া ৷

২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি ?

উত্তৰ – ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা হ’ল আৰ্যভাষী নৰ্ডিক গোষ্ঠি, দ্ৰাবিড়সকল, নিগ্ৰো গোষ্ঠী, প্ৰট’অষ্ট্ৰলয়ড অথবা অষ্ট্ৰিকসকল, মংগোলীয় গোষ্ঠি আৰু পশ্চিমৰ প্ৰশস্ত মস্তিকী ৷

২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।

উত্তৰ – ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক তলত উল্লেখ কৰা হ’ল –

(i) হিন্দু ধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা,

(ii) বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে  সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস আৰু

(iii)  বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা ৷

২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে।

উত্তৰ – প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শন সমূহক ঘাইকৈ চাৰিটা ভাগত ভগোৱা হৈছে – মছজিদ, মহল(ৰাজপ্ৰাসাদ), মাকোৱাৰা(মৃতকৰ সৌধ) আৰু মিনাৰ (গম্বুজ কীৰ্তিস্তম্ভ) ৷

২৪। UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভূক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।

উত্তৰ –  UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভূক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হ’ল সাঁচীৰ স্তুপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল ৷

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Advertisement

২৫। ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল ?

উত্তৰ –  গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত নির্মাণ কৰা হৈছিল ৷

২৬। ভাৰতৰ ভাস্কর্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী কি কি ?

উত্তৰ – ভাৰতৰ ভাস্কর্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী হ’ল – গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ৷

২৭। দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।

উত্তৰ –  দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম হ’ল –মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ আৰু তামিলনাডুৰ চিত্তনাৱাচল ৷

২৮। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ – মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্ৰন্থৰ নাম হ’ল পাদছাহনামা, তুতিনামা আৰু জাহাংগীৰনামা ৷

২৯। চিত্রকলাৰ ষড়াংগ মানে কি বুজা ?

উত্তৰ – খ্ৰীষ্টপূৰ্বে প্ৰথম শতিকাতে চৰ্চা হোৱা চিত্ৰকলাৰ বাবে প্ৰয়োজনীয় ৬টা উপাদান – আকৃতি, জোখ-মাখ, আবেগ অনুভূতি প্ৰকাশক কৌশল, কলাত্মক উপস্থাপন, সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়মকে চিত্রকলাৰ ষড়াংগ বোলে ৷

৩০। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্র মানৱ সমাজলৈ ই এক অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তো ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল। আনুমানিক খ্রীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূর্ণ প্রণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। যোগবিদ্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰ সংঘই ২১ জুন তাৰিখক আন্ত ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে ৷

৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ – ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল –

(i) উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰ অংশ অৰ্ধবৃত্তাকাৰ হোৱা দেখা যায় ৷

(ii) দক্ষিণ ভাৰতৰ মন্দিৰ সমূহৰ ওপৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ ৷

(iii) মন্দিৰ সমুহ হিন্দু বাস্তুশাস্ত্ৰ অনুযায়ী নিৰ্মাণ কৰা হৈছিল ৷

৩২। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায় ?

উত্তৰ – ৰঙালি বিহুৰ সাতদিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু, আৰু চেৰা বিহু বুলি কোৱা হয় ৷

৩৩। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি ?

উত্তৰ – কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি ৷ এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ো ৰচিত হয়।

৩৪। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।

উত্তৰ – অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম হ’ল ৰামায়ন, মহাভাৰত আৰু বিষ্ণুপুৰাণ ৷

দীঘল উত্তৰৰ প্রশ্ন ঃ

১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা ৷

উত্তৰ – ভাৰতীয় সংস্কৃতি দুটা বিশেষ বৈশিষ্ট্য হল- সাংস্কৃতিক বঙ্গবাদ আৰু ‘বৈচিত্র্যৰ মাজত একতা’। সাংস্কৃতিক বহুত্ববাদে কোনো সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহবর্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়।  ভাৰতৰ ভাষিক, ধর্মীয়, ভৌগোলিক, আর্থিক আদি অনেক ক্ষেত্রত অনেক বিবিধতা থকা সত্ত্বেও ভাৰতীয় সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্রিয়া কৰি আহিছে। হিন্দুধর্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস; বিভিন্ন যুগৰ শাসকসকলৰ ধর্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্রন্থ দুখনে ভাৰতৰ বিভিন্ন প্রান্তক মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। এইবোৰৰ উপৰি এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্রতিটো গোট পৰস্পৰ বন্ধন যুক্ত হৈ থকা দেখা যায়। যিবোৰ বিষয়ত বিবিধতাৰ সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে ঐক্যবদ্ধ কৰাও দেখা যায়। দুটা গোট যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোক হয়তো ভাষিক ভাৱে অথবা ধর্মীয়ভাৱে ঐক্যবদ্ধ; কোনোবা যদি ধর্মীয়ভাৱে পৃথক তেওঁলোক হয়তো ভাষিকভাৱে অথবা ভৌগোলিকভাৱে বন্ধনযুক্ত হৈছে।

২। ‘ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’– বাক্যশাৰীৰ ভাবার্থ আলোচনা কৰা।

উত্তৰ – ভাৰতৰ প্রাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব ৷ বেদৰ সংহিতা, ব্রাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰত মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, ৰাজনীতি বিষয়ক গ্রন্থ কৌটিল্যৰ অর্থশাস্ত্র; কালিদাস, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদর্শন। কপিল, পটঞ্জলি, গৌতম আদি দার্শনিকৰ দৰ্শনৰ গ্ৰন্থসমূহ; বুৰঞ্জীমূলক গ্রন্থ কলহনৰ ৰাজতৰংগিণী; প্রথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্রন্থ; দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্রন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। এইসমূহে জীৱন আৰু জগত সম্পর্কে দৃষ্টিভংগী, ধর্মবিশ্বাস, বিজ্ঞান মানসতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্রত প্রাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্রতিফলিত কৰে। এই গ্রন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সর্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। হিন্দুধর্মৰ চাৰি বৰ্ণাশ্রম ব্যৱস্থা, পিতৃ-মাতৃ, গুৰু, অতিথি, বিদ্যা আৰু বিদ্বানৰ প্রতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্রন্থ ৰাজিয়ে প্রসাৰ কৰিছিল। এই গ্রন্থৰাজিত থকা ‘সত্যমেৱ জয়তে’, ‘অহিংসা পৰম ধর্ম’, জননী জন্মভূমিশ্চ স্বর্গাদপিগৰিয়সী , বসুধৈৱ কুটুম্বকম্ ; আদি বিশ্বজনীন অমোঘ বাণীসমূহে ভাৰতীয় মূল্যবোধৰ ভেটিটো গঢ় দিছে। সেয়েহে সংস্কৃত ভাষাত ৰচিত এই সৃষ্টিকর্মসমূহত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হঐ থকা বুলি ক’ব পাৰি ৷

৩। ভাৰতৰ ধর্মীয় ঐতিহ্যৰ বিষয়ে লিখা।

উত্তৰ –  ভাৰতৰ প্রাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবর্তিতা, সংযোজন আৰু সংমিশ্রণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্রহণ কৰিছিল। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্রতিও শ্রদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেবাটাও তত্ত্বগতভাৱে পৰস্পৰ বিৰোধী দর্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধর্মৰ সংঘর্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়।  পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্রান্তত উদ্ভৱ হোৱা খ্রীষ্টিয়ান, ইছলাম, জোৰাষ্ট্ৰাৰ,, ইহুদী আদি ধর্মৰো ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্র নির্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধর্মপন্থা দেখা যায়।

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Advertisement

৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে ?

উত্তৰ –  উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্রহণ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ, পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্য কেইখনে আগুৰি আছে। এই ৰাজ্যকেইখন আকৌ ভূটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই পাহাৰীয়া। এনে পৰিস্থিতিত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে বাবে সুবিধাজনক ৷ ইতিহাসে ঢুকি নোপোৱা সময়তে ব্রহ্মপুত্র উপত্যকাত এক উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি অনুমান কৰিব পাৰি। বিভিন্ন যুগত অসমৰ শক্তিশালী ৰাজবংশসমূহৰ শাসন কালত দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্থানীয় শাসকসকলে অসমৰ প্রতি আনুগত্য প্রকাশ কৰিছিল আৰু কেতিয়াবা কেতিয়াবা আধিপত্য মানি লৈছিল। আহোম ৰাজবংশৰ শাসন কালছোৱাত অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ মাজত ঘনিষ্ঠ সম্পর্ক স্থাপন হৈছিল ৷  ৰাজপৰিয়ালসমূহৰ মাজত বৈবাহিক সম্পর্ক স্থাপন হৈছিল, বিপদৰ সময়ত সামৰিক সাহায্য আদান-প্রদান হৈছিল আৰু দূত প্রেৰণ কৰা হৈছিল। পাহাৰ আৰু ভৈয়ামত উৎপন্ন হোৱা সামগ্ৰীৰ আদান প্রদান হৈছিল। এইদৰে অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত ঐক্যবোৰ উৎপত্তি হৈছিল। অসমকে ধৰি সমগ্ৰ অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ মংগোলীয় গোষ্ঠীৰ বিভিন্ন শাখা-প্রশাখাৰ অন্তৰ্গত জনজাতীয় লোক।

৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – ঔপনিবেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়ালোকসকলৰ মাজত মিছনেৰিসকলে খ্রীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধর্মৰ প্ৰসাৰ অতি প্রাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধর্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে মনকৰিবলগীয়া যে পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্রষ্টিয় আৰু বৌদ্ধ ধর্মাবলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপ’ল অর্থাৎ চন্দ্র-সূর্য তেওঁলোকৰ জনপ্রিয় দেৱতা।  নগাসকলে ধনেশ পক্ষীক এক ত্রাণকর্তা পবিত্র জীৱ হিচাপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত এই ‘ হৰ্ণবিল’ উৎসৱটো উদ্যাপন কৰে ৷ মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্ৰভাৱিত গীত বাদ্য, নৃত্য এওঁলোকৰ মাজত দেখা যায়।  মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্রকৃতি প্রাণবাদী ধর্মপন্থৰ প্রচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধর্মালম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্রকৃতি উপাসক খাছী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্রীষ্টিয়ান ধর্ম দীক্ষিত হ’ব ধৰে আৰু বর্তমান সত্তৰ শতাংশতকৈ অধিক লোক খ্রীষ্টিয়ান ধৰ্মাৱলম্বী।

৬। ‘অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছে’— এই প্রসংগটো চমুকৈ আলোচনা কৰা।

উত্তৰ –  অসম সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱৰ্তনৰ অধিকাৰী এখন ৰাজ্য ৷ অসমৰ প্ৰাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীর্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ী ভাৱে বসবাস কৰিবলৈ লৈছিল।ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্রিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্রণৰ প্রক্রিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আর্য-অনার্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল।

৭। অসমৰ চিত্ৰ কলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ – অসমত সপ্তদশ শতিকা মানৰপৰা  চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখন মান সচিত্র পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচুড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয় ভাবে আহৰণ কৰা সামগ্ৰীৰ পৰা প্রাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্রসমূহ আঁকা হৈছিল। প্রথমতে চিত্রৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্রসমূহ আঁকা হৈছিল।  চিত্রসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্ত্তি, যুদ্ধৰ চিত্র, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি আঁকা হৈছিল। খালী ঠাইবোত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পাশ্বাংশ দুয়োধৰণৰ চিত্র অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ- জন্তুৰ ছবিবোৰত মুখাৱয়ৱৰ নিখুত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টি নন্দন৷ সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যার্ণৱ পুথিখনত দিবৰ আৰু দোচাই নামে দুগৰাকী চিত্রকৰে অংকন কৰা বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে ।

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

৮। অসমৰ ধর্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।

উত্তৰ –অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্রীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধর্মপন্থাৱলম্বী লোক। হিন্দু ধর্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল প্ৰভাৱী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল। খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ প্রথমভাগত অসমত ইছলাম ধর্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধর্মাবলম্বী লোকসকলৰ এখন পবিত্র তীর্থস্থান। আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্রচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতন, খামটি, খাময়াং, নৰা (শ্যাম) সকল বৌদ্ধ ধর্মাবলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউ সকলে উদাৰ ধমনীতি গ্রহণ কৰিছিল আৰু বিভিন্ন ধর্মাবলম্বী লোকক উপাসনা স্থলী আদি নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।

৯। উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱর্তন কিয় অধিকতৰ হৈছে ?

উত্তৰ – উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্য কেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্রণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্রহ্মপুত্র উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্রাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰপৰা ৰোমান সাম্রাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দর্য তথা নির্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীর্থ ভ্রমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ী ভাৱে বসবাস কৰিবলৈ লৈছিল।  ভাৰতবৰ্ষত বসবাস কৰা প্রধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা নৃ-গোষ্ঠী অসমতো দেখা যায় আৰু সামগ্রিকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্রণৰ প্রক্রিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আর্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্রিত সংস্কৃতিৰ উৎপত্তি হৈছিল।

১০। লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’– এই প্রসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।

উত্তৰ – লোকসংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে ৷ এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপৰং, সুখ-দুখ, শ্রম-বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্রতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সাংস্কৃতিক কথাবোৰ কোনো প্রশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষ অনুক্রমে আহৰণ কৰে, কিন্তু সেইবোৰৰ সৈতে অপৰিচিত লোক এজনে লোক-সংস্কৃতি বিষয়ক প্রতিটো কথাৰেই সূক্ষ্মাতিসূক্ষ্ম দিশবোৰ বিশেষ মনোযোগেৰে পর্যবেক্ষণ কৰিলেহে বুজি পাব পাৰে।

       অসমৰ ক্ষেত্ৰত লোক-সংস্কৃতিৰ ভঁৰালটি মেটমৰা সম্ভাৰেৰে ভৰপূৰ। অসমৰ ভিন্ ভিন্ অঞ্চল, সম্প্রদায়, জাতি-জনজাতিৰ মাজত প্রচলিত কথিত ভাষা, লোকসাহিত্য, গীত-মাত-নৃত্য-বাদ্য, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, খোৱা-বোৱা, গৃহ নির্মাণ, কৃষি, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসৱ, বাঁহ- বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক, সামাজিক সম্পৰ্ক, ৰীতি-নীতি আদি বিষয়ক অনেক ক্ষেত্ৰত মনকৰিবলগীয়া অনেক দিশ সিঁচৰতি হৈ আছে। এইবোৰ লক্ষ্য কৰিলেই লোক সংস্কৃতি অধ্যয়নৰ বাবে যে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে সেয়া বুজিব পাৰি ৷

চমুটোকা লিখা –

Advertisement

১। প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প।

উত্তৰ – ভাৰতৰ ভাস্কর্য শিল্পৰ নিদর্শন সিন্ধু সভ্যতাৰ সময়ৰ পৰাই দেখিবলৈ পোৱা যায়। ভাৰতৰ ভাস্কর্য শিল্পৰ উৎকৰ্ষৰ এক পৰিপক্ক পর্যায় প্রাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাৰ সময়ৰপৰাই ভাৰতৰ ভাস্কর্য শিল্পৰ নিদর্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে মূর্তি নির্মাণ কৰা শৈলীত  ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা-কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। এই মূর্তিসমূহৰ মাজত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূর্তিৰপৰা আৰম্ভ কৰি  সমানুপাতিক পোছাক, নিখুত অলংকৰণেৰে সু-সজ্জিত মূর্তি দেখা যায়। ভাৰতৰ বিভিন্ন প্রান্তত দেখিবলৈ পোৱা মূর্তিবোৰত বিভিন্ন অনুভূতি প্রকাশ কৰিব পৰাকৈ মুখাবয়ৱত তথা অংগ-প্রত্যংগত সূক্ষ্ম কলা-কৌশলৰ প্ৰয়োগ কৰা দেখা যায়। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূর্তি এই ভাস্কর্যসমূহৰ ভিতৰত দেখা যায়। কৰিছিল। বিভিন্ন পাৰ্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কর্য শিল্পকলাক গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা, তামৰাৱতী শিল্পকলা নামেৰে তিনিটা প্রধান ভাগত ভাগ কৰিব পাৰি।  খ্রীষ্টপূর্ব প্রথম শতিকাৰ পৰা খ্রীষ্টীয় সপ্তম শতিকা পর্যন্ত জীৱন্ত হৈ থকা গান্ধাৰ শিল্পকলাত গ্রীক-ৰোমান ভাস্কর্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহু বুদ্ধ মূর্তি নির্মাণ কৰা হৈছিল। মথুৰা শিল্পকলা আৰম্ভণিতে স্বকীয়ভাৱে বিকশিত হৈছিল যদিও পিছলৈ গান্ধাৰ শিল্পকলাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই শিল্পকলাই গুপ্তযুগত চৰম উৎকর্ষ লাভ কৰিছিল। অমৰাৱতী শিল্পকলা খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ পৰা প্রায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল। মধ্যযুগত ভাৰতীয় ভাস্কর্য শিল্পৰ অৱনতি ঘটে।

২। ভাৰতীয় চিত্রকলা।

উত্তৰ – প্রাচীন ভাৰতীয় চিত্রকলাৰ ঐতিহ্যসমূহক দুটা প্রধান ভাগত বিভক্ত কৰিব পাৰি— বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্রাকাৰ চিত্র। দুয়োটা চিত্রশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা, বাঘ, চিত্তনাৱাচল, আৰমামলাই আদিৰ গুহাৰ দেৱাল সমূহত আঁকা হৈছিল। দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্রাকৃতিৰ চিত্র আঁকা হৈছিল ৷ খ্রীষ্টপূর্ব প্রথম শতিকাতে চিত্র অংকনৰ বাবে প্রয়োজনীয় ষড়াংগৰ চৰ্চা কৰা হৈছিল। দেৱাল চিত্ৰত আৰু পিছলৈ ক্ষুদ্রাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল। এলান্ধু, হালধি, সেন্দুৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্রাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু ৰং বিৰঙীয়া চিত্র তাংকন কৰা হৈছিল। মোগল সকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ অজন্তাৰ চিত্রকলা পৃষ্ঠপোষকতাত ক্ষুদ্রাকাৰ চিত্রশিল্পৰ বহুল চর্চা হয়। বিশেষকৈ মোগল বাদছাহসকলৰ জীৱনী ভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকিত কৰা হৈছিল। পাদছাহনামা, তুতিনামা, জাহাংগীৰনামা, দাস্তান-ই-আমি, খামছা আদি গ্রন্থ সচিত্ৰকৈ আঁকা হৈছিল। ফাৰ্ছী ৰীতিৰ এই চিত্রশৈলীৰে ৰামায়ণ, মহাভাৰত আদি হিন্দুধর্ম গ্রন্থত চিত্র আঁকিবলৈ লোৱা হয়। মোগল যুগৰ চিত্ৰসমূহত সম্রাটসকলৰ ছবি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিছা, ফুল, গছ লতিকা, জন্তু আদি বিষয়ক লৈ আঁকা হৈছিল আৰু চিত্রসমূহত পৰিপক্কতা দেখিবলৈ পোৱা গৈছিল।

৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য।

উত্তৰ – সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্রসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদগাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱর্তী সময়ত উদ্গাতাসকলৰ সুৰ, তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্রশাখাত বিভক্ত হৈ পৰে। ভাৰতৰ ধ্রুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য অনুক্রমে বর্তমান সময়লৈ সবল ৰূপত বর্তি আছে। মোগল সকলৰ দিনত ইয়াৰ বিশেষ উৎকর্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্রকাৰৰ বাঁহী, পেঁপা, চেহনাই, ঢােল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা মৃদংগ, খোল, চাৰংগী, চন্তুৰ, জলতৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতা, বিভিন্ন প্রকাৰৰ বীণা আদি বাদ্যযন্ত্র ধ্রুপদী সংগীত আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বর্তমানে সেই বাদ্যযন্ত্রসমূহৰ বহুলভাৱে প্রচলন হৈ আছে। সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে-কোণে থকা অজস্র লোকনৃত্যৰ উপৰি চৰকাৰী স্বীকৃতিপ্রাপ্ত আঠবিধ ধ্রুপদী নৃত্য আছে। সেই আঠবিধ নৃত্য হ’ল কথাকলি,, মোহিনী আট্টম, ভাৰতনাট্যম, কুচিপুড়ী, অডিছি , কথক , সত্ৰীয়া আৰু মণিপুৰী।

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

৪। অসমৰ ভাস্কর্য শিল্প।

উত্তৰ –  অসমৰ বিভিন্ন ঠাইত মন্দিৰ দেৱালত খোদিত কৰি দ্বি-মাত্রিক অথবা পূর্ণাংগ ৰূপত নির্মিত ত্রিমাত্রিক মূর্তি আবিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূর্তি নির্মাণ কৰা হৈছিল। এই মূর্তিসমূহৰ ভিতৰত দেৱী মূর্তি, শিৱ, বিষ্ণু, গণেশ, সূর্য, মগব, ঘোঁৰা, হাতী, সিংহ আদি। ভাস্কর্য শিল্পৰ নিদর্শন আৱিষ্কৃত হোৱা ঠাই কিছুমান হল- তেজপুৰৰ দ-পর্বতীয়া, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰৰ পাগলাটেক, সুৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মঙ্গলদৈ আদি। দ-পর্বতীয়াৰ ভাস্কর্য গুপ্ত যুগৰ প্ৰভাৱত খ্রীষ্টীয় ষষ্ঠ শতিকাত নির্মিত হৈছিল বুলি ঠাৱৰ কৰা হৈছে। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্রিক উদ্দেশ্যত নির্মিত হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰিছে। নৃত্যৰতা আৰু প্রেম প্রকাশক ভংগিমাৰে পুৰুষ-নাৰী, বিভিন্ন জীৱ-জন্তু আৰু ভৈৰৱ, সূর্য, বিষ্ণুৰ মূর্তি আদি ইয়াত দেখিবলৈ পোৱা যায় ।

৫। অসমৰ স্থাপত্য শিল্প।

উত্তৰ – অসমত বর্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদর্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্রায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নির্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্টালিকা তিনিটা ক্ৰমে ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বর্তি আছে। এই সময়ত নির্মিত প্রাচীন মন্দিৰবোৰ উদাহৰণ হ’ল কামাখ্যা মন্দিৰ, উগ্রতৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্রহ মন্দিৰ, শিৱদ’ল, জয়দ’ল ইত্যাদি ৷ মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্য যুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায়-গর্ভগৃহ আৰু মণ্ডপ। মন্দিৰৰ শিখৰবোৰ কিছুমান অর্ধবৃত্তাকাৰ কিছুমান কর্দৈশিৰিয়াকৈ দীঘলীয়া।

           তলাতল ঘৰটো নির্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেৱ ৰুদ্ৰসিংহই আৰু সমাপ্ত কৰিছিল ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে ৷ ৰংঘৰটো নির্মাণ কৰা হৈছিল দুমহলীয়াকৈ- সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ। ৰংঘৰটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নির্মাণ কৰা হৈছিল। আহোম ৰাজত্ব কালত নিৰ্মাণ কৰা নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাকো এতিয়াও ব্যৱহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে ‘কৰাল’ তৈয়াৰ কৰা হৈছিল ৷

৬। অসমৰ বৈষ্ণৱী সাহিত্য।

উত্তৰ – শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলৌ ক্ষেত্রকে গভীৰভাৱে প্রভাবিত কৰিছিল। এই ধর্মীয় আন্দোলনৰ প্ৰভাৱত বহু সংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। শঙ্কৰদেৱ আৰু মাধৱদেৱে নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবৌৰৰ ভিতৰত শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নামঘৌষা আৰু গুৰুদুজনাৰ বৰগীতসমূহ সর্বাধিক জনপ্রিয়। শংকৰদেৱে ৰচনা কৰা অংকীয়া নাট পত্নীপ্রসাদ, কালিয়দমন, কেলি গোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ দধি মথন, তেওঁৰ ঝুমুৰা ‘চোৰধৰা’ আৰু পিম্পৰা গুচোৱা আদি বিপুল জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্ৰ আদি ঠাইত প্রদর্শন কৰা হয়। শংকৰদেৱৰ প্রথম নাট চিহ্নযাত্রা শেক্সপিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল।

        শংকৰদেৱ মাধৱদেৱৰ পিছত ভট্টদেৱ, অনও কন্দলি, ৰাম-সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চর্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্টদেৱে ‘কথাগীতা’, ‘ভাগৱত কথা’ আৰু ‘ৰত্নাৱলী কথা’ ৰচনা কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য সূচনা কৰে। ষোড়শ শতিকাত জন্ম গ্রহণ কৰা গোবিন্দ মিশ্ৰৰ পদ্য গীতাখন আজিও এখন বহুলভাৱে ব্যৱহৃত জনপ্রিয় ধর্মগ্রন্থ।

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

Advertisement

৭। অসমৰ লোক সংগীত।

উত্তৰ – অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্রয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্রচলন আছে।  কেঁচুৱা টোপনি নিওঁৱা নিচুকণি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰি গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি অসমত প্রচলিত কিছুমান লোকগীতৰ উদাহৰণ।  বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে, দৰাঘৰীয়া আৰু কইনাঘৰীয়াই পৰম্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথক সুৰেৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰি গীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশক্তি আদি প্রকাশমূলক গীত। এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ো ৰচিত হয়। লোকগীতৰ বিভিন্ন শাখাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সংগীত নাটক অকাদেমিৰ দ্বাৰা বঁটা প্রদানেৰে সন্মানিত হোৱা কেইগৰাকীমান বিশেষ খ্যাতিমান শিল্পী হৈছে প্রয়াত খগেন মহন্ত, ৰামেশ্বৰ পাঠক আৰু প্রতিমা পাণ্ডে বৰুৱা। এওঁলোকৰ ভিতৰত প্রতিমা পাণ্ডে বৰুৱা পদ্মশ্র উপাধিৰে সন্মানিত হৈছিল।

৮| অসমৰ ধর্মীয় সংহতি।

উত্তৰ – –অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্রীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধর্মপন্থাৱলম্বী লোক। হিন্দু ধর্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল প্ৰভাৱী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল। খ্রীষ্টীয় ত্রয়োদশ শতিকাৰ প্রথমভাগত অসমত ইছলাম ধর্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধর্মাবলম্বী লোকসকলৰ এখন পবিত্র তীর্থস্থান। আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্রচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতন, খামটি, খাময়াং, নৰা (শ্যাম) সকল বৌদ্ধ ধর্মাবলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউ সকলে উদাৰ ধমনীতি গ্রহণ কৰিছিল আৰু বিভিন্ন ধর্মাবলম্বী লোকক উপাসনা স্থলী আদি নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।

৯। অসমৰ বুৰঞ্জী সাহিত্য।

উত্তৰ – মধ্যযুগৰ আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহে অসমৰ সাহিত্য ভাণ্ডাৰলৈ এক গুৰুত্বপূর্ণ সংযোজন আছিল। ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনাসমূহ প্রথম অৱস্থাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল। ষোড়শ শতিকাৰপৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয়। ব্রিটিছ শাসন কালত এনে বহুত বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয়। এনে কেতবৰ বুৰঞ্জী হ’ল দেওধাই বুৰঞ্জী, তুংখুঙ্গীয়া বুৰঞ্জী; কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী, পাদশাহ বুৰঞ্জী আদি ৷

১০। বিহু উৎসৱ।

উত্তৰ – বিহু অসমৰ জতীয় উৎসৱ। ব’হাগ মাহ, কাতিমাহ আৰু মাঘমাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ তিনিটা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়।

          ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি বহাগৰ প্রথম ছদিনলৈ পালন কৰা হয়। চ’ত মাহৰ শেষৰ দিনটোক  গৰু বিহু হিচাপে পালন কৰা হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন ঘৰৰ গৰু-গাইৰ প্রতি মৰম, শ্রদ্ধা আৰু কৃতজ্ঞতা প্রকাশ কৰা হয়। ব’হাগৰ প্রথম দিনটোক মানুহ বিহু বুলি কোৱা হয়; সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃৰ আৰু পৰিয়ালৰ বয়সস্থ লোকসকলৰ চৰণ চুই কনিষ্ঠ সকলে শ্রদ্ধা নিবেদন কৰে। ৰাজহুৱা স্থানত খেল-ধেমালি, গীত-মাতৰ আয়োজন কৰা হয়। ৰঙালী বিহুৰ বাকী থকা পাঁচদিনক ক্ৰমে গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়।

            আহিন মাহৰ শেষৰ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্ৰতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্রত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পৱিত্ৰ ভাবেৰে সিজু গছৰ তলত চাকি জ্বলায়। কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায়।

            মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদ্যাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্রামাঞ্চলৰ ডেকাল’ৰাহঁতে অথবা ৰাইজে দল বান্ধি পথাৰত খেৰ, নৰা আদিৰে ইতিমধ্যে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচাবাঁহ, খৰি, নৰা, খেৰ আদিৰে মেজি সাজে। ৰাজহুৱা ভোজত অংশগ্রহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেই দিনাখন ৰাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি কৰা হয়। বিহুৰ দিনা ৰাতি পুৱাই গা ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়।

Read More:

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

Advertisement

8 Replies to “ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য”

Leave a Reply

Your email address will not be published. Required fields are marked *