ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes(অতিৰিক্ত প্ৰশ্নোত্তোৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

                            ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes  ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

 ১. বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।

উত্তৰ – যিবোৰ কাৰকে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্রিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটায় তেনেবোৰ কাৰকক বাহ্যিক কাৰক বোলে ৷

      বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ টৌ আদি প্রধান।

২. আভ্যন্তৰীণ কাৰক মানে কি ? উদাহৰণ দিয়া ৷

উত্তৰ – যিবোৰ কাৰকে আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্রিয়া কৰি থাকে তেনেবোৰ কাৰকক আভ্যন্তৰীণ কাৰক বোলে ।আভ্যন্তৰীণ কাৰকৰ উদাহৰণ –  ভূমিকম্প আৰু আগ্নেয় উষ্মীৰণ ৷

৩. নদীৰ গতিপথ বুলিলে কি বুজা ?

উত্তৰ – নদীৰ গতিপথ বুলিলে উৎসৰ পৰা মোহনালৈকে  যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে, সেই পথটোকে বুজায়।

৪. জলচালিত ক্রিয়া মানে কি ?

উত্তৰ – পানী নদীৰে প্রবাহিত হওঁতে গতিপথত যি হেঁচা প্রয়োগ হয়, সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল-বালিৰ ওপৰত ক্রিয়া কৰে। ইয়াকে জলচালিত ক্রিয়া বুলি কোৱা হয়।

৫. নদীৰ পাৰ খনন বা পাৰ্শ্ব খনন কি ?

উত্তৰ –  নদীয়ে  গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয়।

৬. নদীৰ বক্ৰগতি বা সর্পিল গতি কি ?

উত্তৰ – সমতল অঞ্চলৰ মৃদু ঢলেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হয়। নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একা-বেঁকা কৰে। একা-বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰগতি বা সর্পিল গতি বুলি কোৱা হয়।

৭.অশ্বখুৰা হ্রদ কাক বোলে ?

উত্তৰ – সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ’ব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্রবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্রদক অশ্বখুৰা হ্রদ বোলে।

৮. নৈৰ বুকুৰ বোজা মানে কি ?

Advertisement

উত্তৰ – নদীয়ে  কিছুমান আকাৰত ডাঙৰ পদাৰ্থক সোঁতৰ গতিপথেদি বগৰাই নামনিলৈ কঢ়িয়াই নিয়ে ৷ এনে পদাৰ্থবোৰক নৈৰ বুকুৰ বোজা বুলি কোৱা হয় ৷

৯. প্ৰাকৃতিক বান্ধ বুলিলে কি বুজা ?

উত্তৰ – নদীয়ে কঢ়িয়াই অনা গধুৰ পদাৰ্থবোৰক সাধাৰবতে গতিপথতে জমা কৰে ৷ এইদৰে জমা হোৱা পদাৰ্থবোৰেই কালক্ৰমত দীঘলীয়া বান্ধ বা মথাউৰিৰ ৰূপ লয় ৷ প্ৰাকৃতিক প্ৰক্ৰিয়াৰে গঢ়ি উঠে কাৰণেই এনে বান্ধক প্ৰাকৃতিক বান্ধ বুলি কোৱা হয় ৷

১০. অপঘৰ্ষণ কাক মানে কি ?

উত্তৰ – বতাহে কঢ়িয়াই নিয়া শিল বালিয়ে গতিপথত থকা উচ্চ ভূমিৰ ক্ষয় সাধন কৰে ৷ ঘৰ্ষণৰ যোগেদি ঘটা এনে ক্ষয় প্ৰক্ৰিয়াক অপঘৰ্ষণ বোলে ৷

১১. ইনছেলবাৰ্গ কি ?

উত্তৰ – মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্রাপ্ত চাপৰ পাহাৰৰবাৰেই

ইনছেলবার্গ। জার্মান শব্দ ইনছেলবার্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা

পর্বত ৷

১২. ইয়াৰদাং কি ?

উত্তৰ – ইয়াৰদাং হৈছে এক প্রকাৰৰ ভূঅৱয়ব যত দীঘলীয়া শিৰা আৰু অগভীৰ দীঘলীয়া গাঁতৰ সমন্বয় ঘটে।

এইবোৰ তুলনামূলকভাৱে ঢিলা গেদীয় শিলাত বতাহে কৰা ক্ৰিয়াৰ ফল।

১৩. ছুনামি কাক বোলে ?

উত্তৰ – কেতিয়াবা সমূদ্ৰ তলিত ডাঙৰ ভূমিকম্প হ’লে সাগৰ-মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয় ৷ উপকুলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকুলৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ এনে ধ্বংসাত্মক ঢৌক ছুনামি বোলে ৷

Read More :

ভূ-পৃষ্ঠৰ পৰিৱৰ্তনঅনুশীলনী

ইতিহাস –

অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ৪ – অসমৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ভাৰতৰ ৰাজনৈতিক দল – Notes

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান

অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

Advertisement