ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ভূগোল খণ্ডৰ অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন ( Change of the Earth’s Surface ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন  – অনুশীলনী

১/ ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।

উত্তৰ – পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগ)ৰে গঠিত। ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ সম্পৰ্কে তলত উল্লেখ কৰা হ’ল –

(i)মহাদেশ – পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় ২৯ শতাংশ স্হলভাগ বা মহাদেশে আগুৰি আছে। মহাদেশকেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ-পর্বত, নদী-উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। পৃথিৱীৰ মুঠ স্হলভাগক ৭টা প্ৰধান ভাগত একোখনকৈ মহাদেশ হিচাপে ভাগ কৰা হৈছে ৷

(ii) মহাসাগৰ – পৃথিৱীৰ উপৰিভাগৰ ৭১ শতাংশ জলভাগ বা মহাসাগৰেৰে গঠিত ৷ মহাসাগৰ কেইখনত পানীত বুৰ গৈ থকা অৱস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্রবাল প্রাচীৰ আদি অৱয়ব। তদুপৰি মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপ দেখা যায়। পৃথিৱীৰ মুঠ স্হলভাগক ৫টা প্ৰধান ভাগত একোখনকৈ মহাসাগৰ হিচাপে ভাগ কৰা হৈছে ৷

২/ ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।

উত্তৰ – ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অৱয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্রক্রিয়া বা ক্রিয়াৰ ফলত সৃষ্টি হৈছে। সময়ৰ গতিত এই অৱয়ববোৰৰ পৰিৱৰ্তন ঘটে। যিবিলাক প্রক্রিয়া এই অৱয়ববোৰৰ সৃষ্টিৰ লগত জড়িত হৈ থাকে, সেইবোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটে। মন কৰিবলগীয়া কথা যে পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্রিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ৷ বাহ্যিক কাৰকবোৰে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্রিয়া কৰে আৰু আভ্যন্তৰীণ কাৰকৰবাৰে আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্রিয়া কৰি থাকে। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ টৌ আদি প্রধান। আনহাতে, আভ্যন্তৰীণ কাৰকববোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয় উদগীৰণ প্রধান। আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তর্ভাগতো ক্রিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ উদ্গীৰণ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হলে ভূমিকম্পও হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। আভ্যন্তৰীণ প্রক্রিয়াবোৰৰ অন্তৰালত এটা মূল প্রক্রিয়া জড়িত হৈ আছে যাক ফলক বিৱৰ্তন (plate tectonic) বুলি কোৱা হয়।

৩/  বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।

উত্তৰ – যিবোৰ কাৰকে আমি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্রিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটায় তেনেবোৰ কাৰকক বাহ্যিক কাৰক বোলে ৷

      বাহ্যিক কাৰকবোৰৰ ভিতৰত সূৰ্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ টৌ আদি প্রধান।

৪/ ভূমিকম্প আৰু আগ্নেয় উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?

উত্তৰ – ভূমিকম্প আৰু আগ্নেয় উদগীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় কাৰণ –

(i) ভূমিকম্প আৰু আগ্নেয় উদগীৰণ ভুপৃষ্ঠৰ অন্তৰ্ভাগত উৎপন্ন হয় ৷

(ii) এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়।

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Advertisement

৫/ নদী অৱবাহিকা বুলিলে কি বুজায় ? নদী অৱবাহিকাৰ এটি চিত্র আঁকা।

উত্তৰ – সাধাৰণতে নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ সহায়ত একেলগে একোটা অৱবাহিকাৰ (Basin) সৃষ্টি কৰে। অৱবাহিকা হৈছে একোটা এলেকা, য’ৰপৰা নদীয়ে ইয়াৰ উপনদীসহ নামনিলৈ পানী কঢ়িয়াই আনে |

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
চিত্ৰ – ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাৰ মানচিত্ৰ

৬/ উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা।

উত্তৰ – উপনদী হ’ল মূল নদী এখনলৈ বৈ যোৱা ক্ষুদ্ৰ শাখা বা পানীৰ প্ৰবাহ ৷

ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদী – লুইত আৰু কপিলী ৷

৭/ নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।

উত্তৰ – নৈৰ পানীভাগ উচ্চ ভূমিৰ পৰা ক্ৰমে নামনিলৈ বৈ আহোঁতে অৱবাহিকাৰ উপৰিভাগত স্বাভাৱিকতে খনন কার্য সাধিত হয়। বৰষুণৰ পানী যেতিয়া নৈ হৈ বৈ যায় তেতিয়া পানীৰ খনন শক্তি বাঢ়ে। নদী অৱবাহিকাৰ সকলো অংশতে কম-বেছি পৰিমাণে খনন কার্য চলে যদিও প্ৰধানকৈ নদীৰ গতিপথতহে খনন কার্য সুস্পষ্ট হৈ পৰে।

        নদীৰ খনন কার্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিয়েই প্রধান। পানী নদীৰে প্রবাহিত হওঁতে গতিপথত যি হেঁচা প্রয়োগ হয়, সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল-বালিৰ ওপৰত ক্রিয়া কৰে ফলত গতিপথত থকা শিল-বালিবোৰ সহজে এৰি যায় আৰু সেইবোৰ নদীৰ দ্বাৰা বাহিত হয়।

       উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্রৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱর্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বোলা হয়।

       সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত বা একা-বেঁকা হ’ব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্রবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্রদক অশ্বখুৰা হ্রদ বোলে।

৮/ নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায়।

উত্তৰ – উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্রৱেশ কৰাৰ পিছত নদীৰ খনন শক্তিৰ পৰিৱর্তন ঘটে। উচ্চ ভূমি অঞ্চলত নদীৰ গতিবেগ প্রবল, গতিপথ ঠেক কিন্তু গভীৰ হোৱা দেখা যায়। ভৈয়ামলৈ ক্রমে ঢাল কমি অহাৰ ফলত উচ্চ ভূমিৰপৰা সোঁতে কঢ়িয়াই অনা গেদবোৰ ভৈয়ামত জমা হ’বলৈ ধৰে। ফলস্বৰূপে ভৈয়াম অঞ্চলত নদীৰ গভীৰতা ক্রমে হ্রাস পায়। গভীৰতা কমি আহিলে পানীভাগ বোৱাই নিয়াৰ খাতিৰতে নদীয়ে দুয়োপাৰ খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক পাৰ খনন বা পাৰ্ খননশ্ব বোলা হয়।

৯/ অশ্বখুৰা হ্রদ কি? চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা।

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
চিত্ৰ – কলৰাডো নদীয়ে সৃষ্টি কৰা অশ্বখুৰা হ্ৰদ

সমতল অঞ্চলৰ মৃদু ঢলেদি বৈ আহোঁতে নদীৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হয়। নদীৰ পাৰ খননে ইয়াৰ গতিপথ অধিক একা-বেঁকা কৰে। সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাঁজযুক্ত হ’ব পাৰে। এনে গতিপথে বাৰিষাকালত নদীৰে প্রবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাজ থকা অংশ এৰি পোনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্রদক অশ্বখুৰা হ্রদ বোলে।

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

১০/  প্লাৱনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা ।

উত্তৰ – সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কার্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয়। বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱন ভূমি  বোলা হয়৷

১১/ নদীৰ গতিপথৰ কত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।

উত্তৰ – নদীৰ বুকুত বা দুয়োপাৰে বালি-বোকা জমা হৈ সৃষ্টি হোৱা চৰবোৰক বালিচৰ বোলে৷  বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে । এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ-আকৃতিৰ। বাৰিষা নৈৰ প্রবল সোঁতে বালিচৰবোৰৰ আকাৰ-আকৃতিৰ পৰিৱৰ্তন ঘটায়। নৈৰ খহনীয়াই কিছুমানক নিশ্চিহ্নও কৰে। খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু-বৰ অসংখ্য বালিচৰ দেখা যায়। নৈখনৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদী-দ্বীপটোও এক প্রকাৰৰ বালিচৰ। কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাদিয়া নামৰ দ্বিতীয় মাজুলীসদৃশ আন এটা বালিচৰ দেখা যায়।

১২/  ব-দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰ – নৈৰ মোহনাত গেদ জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপর্যপূর্ণ। উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অহা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ ‘ব’ বা ইংৰাজীৰ ‘ ‘(Delta)ৰ দৰে। সেয়ে এই দ্বীপবোৰক ব-দ্বীপ (Delta) বোলা হয়।

১৩/ মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্রবল লিখা।

উত্তৰ – মৰুভূমিত বতাহৰ ক্ৰিয়া প্রবল হয় কাৰণ মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হয় ফলত মৰু পৃষ্ঠত বতাহে সহজে ক্রিয়া কৰিব পাৰে। ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে।

১৪/ অৱনমন বুলিলে কি বুজায় ?

উত্তৰ – মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰু পৃষ্ঠত বতাহে সহজে ক্রিয়া কৰিব পাৰে। ধূলি-বালিবোৰ বতাহে অনায়াসে এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে। এনেদৰে কোনো অংশৰপৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলা হয়।

১৫/ বলিয়াৰিৰ সৃষ্টি কেনেকৈ হয় ?

উত্তৰ – অৱনমন প্রক্রিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয়, তাত মৰু পৃষ্ঠ ক্রমে ওখ হৈ পাহাৰৰ ৰূপ ল’ব পাৰে। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বুলি কোৱা হয়।

১৬/  ইনছেলবাৰ্গ কি ?

উত্তৰ – মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্রাপ্ত চাপৰ পাহাৰৰবাৰেই ইনছেলবার্গ। জার্মান শব্দ ইনছেলবার্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পর্বত ৷

১৭/  হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পার্থক্য কি লিখা।

উত্তৰ – পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ উপৰিভাগ বৰফে ঢাকি ৰাখিছে। এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পর্বতবোৰৰ উচছংশবোৰ পৰে। এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে তৰপে জমা হৈ আছে। সাধাৰণতে এনেদৰে জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয়।

      হিমবাহ আৰু নদীৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল –

           হিমবাহ            নদী
   উচ্চভূমিত নদীৰ গতি ক্ষিপ্ৰ হয় ৷হিমবাহ ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে নামি আহে ৷
নদীৰ শেষ অংশক মোহনা বুলি কোৱা হয় ৷হিমবাহৰ শেষ অংশক নাকটি বুলি কোৱা হয়৷

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

Advertisement

১৮/  গ্ৰাব কি ? চিএ আঁকি বিভিন্ন শ্রেণীৰ গ্রাবোৰ দেখুওৱা।

উত্তৰ – হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদার্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদার্থবোৰকে সামগ্রিকভাৱে গ্রাব বোলা হয়।

      গ্রাব চাৰি প্ৰকাৰৰ –

(i) পার্শ্বগ্রাব – হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্রাবক পার্শ্বগ্রাব বুলি কোৱা হয়।

(ii) ভূমিগ্রাব – হিমবাহ উপত্যকাৰ তলিয়েদি গ্রাব বৈ আহে। এনে গ্রাবক ভূমিগ্রাব বোলা হয়।

(iii) মধ্যগ্ৰাব – কেতিয়াবা কোনো বিশেষ ঠাইত দুফালৰপৰা অহা দুটা হিমবাহ লগ হ’ব পাৰে। তেনে অৱস্থাত দুয়োটা হিমবাহৰে পার্শ্বগ্রাব মিলিত হৈ ডাঙৰ হিমবাহটোৰ মাজেৰে বাহিত হ’বলৈ ধৰে। এনেধৰণৰ গ্ৰাবক মধ্যগ্ৰাব বোলা হয়।

(iv) প্রান্তগ্রাব – পার্বত্য অঞ্চলৰপৰা নামি অহহা হিমবাহ ক্রমে নামনিৰ তুলনামূলকভাৱে উষ্ণ জলবায়ুৰ সন্মুখীন হয় আৰু এটা উচ্চতাত হিমবাহৰ বৰফ গলিবলৈ আৰম্ভ কৰে। য’ত বৰফ গলিবলৈ ধৰে তাতে গধুৰ গ্ৰাববোৰ জমা হয়। হিমবাহৰ শেষ সীমাত জমা হোৱাৰ কাৰণে এইবিধ গ্রাবক প্রান্তগ্রাব আখ্যা দিয়া হয় ।

হিমবাহৰ চিত্ৰ –

১৯/  হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা।

উত্তৰ – হিমবাহে বৰফখণ্ডৰ লগতে সৰু-বৰ শিল, বালি, জৈৱিক পদার্থ আদি কঢ়িয়াই আনে। হিমবাহে কঢ়িয়াই অনা এই পদার্থবোৰে গতিপথত সজোৰে খনন কার্য চলায়। হিমবাহৰ গতিপথ দীঘলীয়া ৷ পথালিয়ে ইয়াক U আকৃতিৰ হোৱা দেখা যায়। বাহিত পদার্থৰ দ্বাৰা ঘটা প্ৰৱল ঘর্ষণৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয়। কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে। তেতিয়া সকলো ফালৰপৰা চলা খননৰ ফলত পৰ্বতৰ শীর্ষাংশ চোকা জোঙৰ দৰে হয়। এইবোৰক হিমবাহে সৃষ্টি কৰা শৃংগ বোলা হয়।

২০/ উপকুল কাক বোলে ?

উত্তৰ – সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল (Coast) বোলা হয়।

২১/ বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।

উত্তৰ – সদায় ঢৌৱে ক্রিয়া কৰি থকা উপকূলৰ তট অশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হলে তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অৱয়ব সৃষ্টি হয়। প্রধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট বোলা হয়।

২২/ সাগৰ-মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনে ধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখা ।

উত্তৰ – উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্রিয়া কৰে। তেনে প্রধান কাৰকৰ ভিতৰত সাগৰৰ ঢৌৱে অহৰহ ক্রিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে।  উপকূলীয় অঞ্চলৰ যি ভৌগোলিক স্বৰূপ, তাৰ কাৰক হিচাপে আমি সাগৰৰ ঢৌকে সর্বাধিক গুৰুত্ব দিব লাগিব। ঢৌৰ ক্ৰিয়াৰ ফলতেই সাগৰ-মহাসাগৰৰ উপকূলত বিশেষ কিছুমান অৱয়বৰ সৃষ্টি হৈছে ৷

        উপকূলত সৃষ্টি হোৱা অৱয়ববোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপণজনিত । উপকূলভাগ গ্রেনাইট, বেল্ট আদিৰ দৰে কঠিন শিলাৰদ্বাৰা গঠিত হলে সাগৰৰ ঢৌৱে তাত ক্রিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে। এনে থিয় গৰাক সমুদ্রগৰা বুলি কোৱা হয়। এনে ধৰণৰ উপকূল সাধাৰণতে ওখোৰা-মোখোৰা প্ৰকৃতিৰ হোৱা দেখা যায় ।

        আনহাতে, সদায় ঢৌৱে ক্রিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হলে তাত স্বাভাৱিকভাৱেই এক প্ৰকাৰৰ সমতলসদৃশ অৱয়ব সৃষ্টি হয়। প্রধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়বক বালিয়াতট বোলা হয়।

২৩/ তলত দিয়া কাৰক আৰু অৱয়ববোৰৰ কোনটো কাৰ সৃষ্টি কাড় চিনেৰে দেখুওৱা।

        কাৰক                                                                        অৱয়ব

     নদী                                     প্লৱনভূমি

                                            বালিয়াতট

ইছেলবার্গ

    বতাহ                                     ব-দ্বীপ

বালিৰ পাহাৰ

পাৰ্শ্বগ্রাব

    হিমবাহ                                     জোঙা শৃংগ

বালিচৰ

V-উপত্যকা

    সাগৰৰ ঢৌ                                   অশ্বখুৰা হদ

উপকূল

U-উপত্যকা

উত্তৰ –

                      কাৰক                         অৱয়ব
            নদী              প্লাৱনভূমি              ব-দ্বীপ              বালিচৰ              অশ্বখুৰা হদ
            বতাহ             ইছেলবার্গ            বালিৰ পাহাৰ
            হিমবাহ             পাৰ্শ্বগ্রাব             জোঙা শৃংগ             V-উপত্যকা             U-উপত্যকা
          সাগৰৰ ঢৌ               উপকূল             বালিয়াতট

Read More:

অধ্যায় ১ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – অতিৰিক্ত প্ৰশ্নোত্তৰ

ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

Advertisement

8 Replies to “ভূ-পৃষ্ঠৰ পৰিৱৰ্তন”

Leave a Reply

Your email address will not be published. Required fields are marked *