মহাকৰ্ষণ – Notes

মহাকৰ্ষণ
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-10 মহাকৰ্ষণ – Notes – Gravitation৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত click কৰিলে পাব ৷

  1. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ – মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, এই আকৰ্ষনী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমাণুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ৷

        F = GMm/d, য’ত – F = বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল ৷

                          M, m = বস্তু দুটাৰ ভৰ

                          d = বস্তু দুটাৰ মাজৰ দূৰত্ব

                          G = মহাকৰ্ষণৰ বিশ্বজনিন সূত্ৰ

2. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক Gৰ এচ আই একক – Nm2kg-2

3. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক Gৰ মান = 6.673 x 10-11Nm2kg-2

4.মুক্ত অধোগমন – কোনো বস্তু এটাই কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে বস্তুটোৰ গতিক মুক্ত অধোগমন বোলে ৷

5.মাধ্যাকর্ষণিক ত্বৰণ – কোনো বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত এটা ত্বৰণ উৎপন্ন হয় সেই ত্বৰণক পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে হোৱা ত্বৰণ বা মাধ্যাকর্ষণিক ত্বৰণ বোলে ৷

6. মাধ্যাকৰ্ষণিক ত্বৰণ gৰ এচ আই একক ms-2

7. মাধ্যাকৰ্ষণিক ত্বৰণ gৰ মান 9.8 ms-2

8. ভৰ – বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণে হ’ল বস্তুটোৰ ভৰ ৷

9. ভৰৰ এচ আই একক kg

10. ওজন – বস্তু এটা যি বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকেই বস্তুটোৰ ওজন বোলে ৷

11. ওজনৰ এচ আই একক নিউটন(N) |

12. হেঁচা – যিকোনো বস্তুৰ ওপৰত বিশেষ দিশত ক্ৰিয়া কৰা মুঠ বলকে হেঁচা বোলে ৷

13. চাপ – একক ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা হেঁচাকে চাপ বোলে ৷

14. চাপৰ এচ আই একক Nm-2 বা পাস্কেল

15. আৰ্কিমিডিছৰ সূত্ৰ – আৰ্কিমিডিছৰ সূত্ৰ আনুসৰি, ‘বস্তু এটা তৰলত সম্পূৰ্ণ বা আংশিকভাৱে ডুবালে ই ঊৰ্ধমুখী বল এটা অনুভৱ কৰে যাৰ মান বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান ৷’

16. আৰ্কিমিডিছৰ সূত্ৰৰ প্ৰয়োগ –

    (i) জাহাজ তথা শিহুজাহাজৰ নক্সা তৈয়াৰ কৰোতে আৰ্কিমিডিছৰ সূত্ৰৰ প্ৰয়োগ হয় ৷

  (ii)গাখীৰৰ শুদ্ধতা নিৰ্ণয় কৰা দুগ্ধমেতা আৰ্কিমিডিছৰ সূত্ৰৰ আধাৰত নিৰ্মান কৰা হৈছে৷

    (iii) জুলীয়া বস্তুৰ ঘনত্ব জোখা জলমেতা এই সূত্ৰৰ আধাৰত নিৰ্মান কৰা হৈছে ৷

17. ঘনত্ব – কোনো বস্তুৰ একক আয়তনৰ ভৰকে বস্তুটোৰ ঘনত্ব বোলে ৷

18. ঘনত্বৰ এচআই একক – kgm-3

19. আপেক্ষিক ঘনত্ব – পদাৰ্থ এবিধৰ আপেক্ষিক ঘনত্ব হৈছে পদাৰ্থ বিধৰ ঘনত্ব আৰু পানীৰ ঘনত্বৰ অনুপাত ৷

Related Post :

মহাকৰ্ষণ – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী

আমাৰ চাৰিওকাষৰ বস্তুবোৰ – Notes

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ? – Notes

অনু আৰু পৰমাণু – Notes

জীৱৰ মৌলিক একক – Notes

কলা – Notes

জীৱৰ বিচিত্ৰতা – Notes

বল আৰু গতি বিষয়ক সূত্ৰসমূহ – – Notes

মহাকৰ্ষণ – Notes

শব্দ – Notes

আমি অসুস্থ হওঁ কিয় ? – Notes

প্ৰাকৃতিক সম্পদ – Notes

খাদ্য সম্পদৰ উৎকৰ্ষ সাধন – Notes