মহাকৰ্ষণ

মহাকৰ্ষণ
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 10 মহাকৰ্ষণ (Gravitation) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

মহাকৰ্ষণ – প্ৰশ্নাৱলী, Page No- 134

1. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা।

উত্তৰ – মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, এই আকৰ্ষনী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমাণুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ৷

        F = GMm/d, য’ত – F = বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল ৷

                          M, m = বস্তু দুটাৰ ভৰ

                          d = বস্তু দুটাৰ মাজৰ দূৰত্ব

                          G = মহাকৰ্ষণৰ বিশ্বজনিন সূত্ৰ

2. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু, এটাৰ মাজৰ মহাকর্ষণিক বলৰ মান নির্ণয় কৰা সূত্ৰটো লিখা।

উত্তৰ – ধৰাহ’ল,

          পৃথিৱীৰ ভৰ – M

          পৃথিৱীৰ পৃষ্ঠত অৱস্থিত বস্তুৰ এটাৰ ভৰ – m

          পৃথিৱী আৰু বস্তুটোৰ মাজৰ দূৰত্ব – d

          পৃথিৱী আৰু বস্তুটোৰ মাজৰ আকৰ্ষণ বল – F

মহাকৰ্ষণ

প্ৰশ্নাৱলী, Page No- 136

Advertisement

1. মুক্ত অধোগমন মানে কি বুজা ?

উত্তৰ – কোনো বস্তু এটাই কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে বস্তুটোৰ গতিক মুক্ত অধোগমন বোলে ৷

2.মাধ্যাকর্ষণিক ত্বৰণ মানে কি বুজা ?

উত্তৰ – কোনো বস্তু এটা পৃথিৱীৰ দিশত তললৈ পৰিলে পৃথিৱীৰ মহাকৰ্ষণ বলৰ প্ৰভাৱত এটা ত্বৰণ উৎপন্ন হয় ষেই ত্বৰণক পৃথিৱীৰ মহাকৰ্ষণ বলৰ বাবে হোৱা ত্বৰণ বা মাধ্যাকর্ষণিক ত্বৰণ বোলে ৷

প্ৰশ্নাৱলী, Page No- 138

1. বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি ?

উত্তৰ –  বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহতলত উল্লেখ কৰা হ’ল –

ভৰওজন
1. বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণে হ’ল বস্তুটোৰ ভৰ ৷1.বস্তু এটা যি বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকেই বস্তুটোৰ ওজন বোলে ৷
2. ভৰ হ’ল জড়তাৰ মাপ ৷2. ওজন হ’ল মহকৰ্ষণ বলৰ মাপ ৷
3. বস্তু এটাৰ ভৰৰ মান সকলো ঠাইতে একে ৷3. বস্তু এটাৰ ওজন অৱস্হান সাপেক্ষে পৰিবৰ্তন হয় ৷
4.ভৰৰ মান আছে কিন্তু দিশ নাই ৷4. ওজনৰ মান আৰু দিশ দুয়োটাই আছে ৷
5. ভৰৰ এচ আই একক কিলোগ্ৰাম(kg) |5. ওজনৰ এচ আই একক নিউটন(N)|

2. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয় ৷

উত্তৰ –

ধৰা’হল,

   বস্তু এটাৰ ভৰ m |

   চন্দ্ৰপৃষ্ঠত বস্তুটোৰ ওজন = Wm

   পৃথিৱীপৃষ্ঠত বস্তুটোৰ ওজন = We

   পৃথিৱীৰ ভৰ আৰু ব্যাসাৰ্ধ ক্ৰমে M(5.98 x 1024kg) আৰু R(6.37 x 106m)

   চন্দ্ৰৰ ভৰ আৰু ব্যাসাৰ্ধ ক্ৰমে Mm(7.36 x 1022kg) আৰু Rm(1.74 x 106) ৷

মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি,

মহাকৰ্ষণ

আৰু,

মহাকৰ্ষণ

(i)নং সমীকৰণক (ii)নং সমীকৰণেৰে হৰণ কৰি আমি পাঁও,

মহাকৰ্ষণ

যিহেতু চন্দ্ৰ আৰু পৃথিৱীৰ ওজনৰ অনুপাত 1/6 সেয়েহে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় ৷

মহাকৰ্ষণ – প্ৰশ্নাৱলী, Page No- 141

Advertisement

1. মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয় ?

উত্তৰ –একক ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা হেঁচাকে চাপ বোলে ৷ অৰ্থাৎ ক্ষেত্ৰফল কম হ’লে চাপ বাঢ়ে আৰু ক্ষেত্ৰফল বাঢ়িলে চাপ কমে ৷

    মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কাৰণ এই ক্ষেত্ৰত ৰচিডাল মিহি হোৱা বাবে স্কুল বেগটোৱে কঢ়িওৱা ব্যক্তি জনৰ কান্ধত অধিক চাপৰ সৃষ্টি কৰিব ৷

2 প্লাবিতা মানে কি বুজা ?

উত্তৰ – যিকোনো বস্তু তৰলত ডুবালে বস্তুটোৱে এটা উৰ্ধমুখী হেঁচা বা বল অনুভৱ কৰে ৷ পানিয়ে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা এই উৰ্ধমুখী হেঁচাকে প্লাবিতা বোলে ৷

3. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবাৰ কাৰণ কি ?

উত্তৰ – বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুবাৰ কাৰণ হ’ল বস্তুটো আৰু পানীৰ মাজৰ ঘনত্বৰ পাৰ্থক্য ৷

      কোনো এটা বস্তুৰ ঘনত্ব পানীতকৈ কম হ’লে ইয়াৰ উপৰত পানীৰ উৰ্ধমুখী হেঁচা বস্তুটোৰ ওজনতকৈ বেছি হ’ব ৷ এই ক্ষেত্ৰত বস্তুটো উপঙে ৷

     আৰু কোনো এটা বস্তুৰ ঘনত্ব পানীতকৈ বেছি হ’লে ইয়াৰ উপৰত পানীৰ উৰ্ধমুখী হেঁচা বস্তুটোৰ ওজনতকৈ কম হ’ব ৷ এই ক্ষেত্ৰত বস্তুটো  ডুবে  ৷

প্ৰশ্নাৱলী, Page No- 142

1. ওজন জোখা যন্ত্র এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 kg ৷ তোমাৰ ভৰ 42 kgত কৈ কম নে বেছি?

উত্তৰ – ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি আমাৰ ভৰ 42 kg হলেও আমাৰ ভৰ আচলতে 42kg ত কৈ বেছি হ’ব ৷ ইয়াৰ কাৰণ হ’ল ওজন জোখা সময়ত এটা উৰ্ধমুখী বলে আমাৰ দেহত ক্ৰিয়া কৰিব যাৰ ফলত ওজন জোখা যন্ত্ৰটোৱে আমাৰ ভৰৰ পাঠ অলপ কমকৈ দেখুৱাব৷

2. তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্রত প্রত্যেকৰে ভৰ 100 kg পোৱা গ’ল। বাস্তব ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ। কোনটো বেছি গধূৰ আৰু সি কিয় বেছি গধুৰ ক’ব পাৰিবানে?

উত্তৰ – ওজন জোখা যন্ত্ৰত কপাহৰ মোনা আৰু লোৰ দণ্ড এডালৰ ভৰ 100 kg ৷ যিহেতু কপাহৰ মোনাটোৰ ক্ষেত্ৰফল লোৰ দণ্ডডালতকৈ বেছি সেয়েহে কপাহৰ মোনাটোৰ ওপৰত অধিক উৰ্ধমুখী বলে ক্ৰিয়া কৰিব ৷ এই ক্ষেত্ৰত বাস্তবত কপাৰৰ মোনাটো গধুৰ ৷

                                           অনুশীলনী

 1. দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূর্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ মহাকর্ষণিক আকর্ষণ পূর্বৰ তুলনাত কিমান হ’ব?

উত্তৰ – ধৰাহ’ল, বস্তু দুটাৰ ভৰ ক্ৰমে M আৰু m

      বস্তু দুটাৰ মাজৰ দূৰত্ব  d

      বস্তু দুটাৰ মাজৰ আকৰ্ষন বল  F আৰু

      বস্তু দুটাৰ মাজৰ দূৰত্ব আধা কৰি দিলে নতুন আকৰ্ষণ বল F`

মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি,

             F = GMm/d

বস্তু দুটাৰ মাজৰ দূৰত্ব আধা কৰি দিলে নতুন আকৰ্ষণ বল,

এতেকে বস্তু দুটাৰ মাজৰ মহাকর্ষণিক আকর্ষণ পূর্বৰ তুলনাত চাৰি গুণ বৃদ্ধি হ’ব ৷

2. মহাকর্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্রিয়া কৰে। তেন্তে

গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় ?

উত্তৰ –যিকোনো বস্তু ওপৰৰ পৰা তললৈ পৰিলে মাধ্যাকৰ্ষণিক ত্বৰণ লাভ কৰে যি এটা ধ্ৰৱক ৷ তেনে বস্তুৱে লাভ কৰা ত্বৰণ বস্তুটোৰ ভৰৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ সেয়েহে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে ৷

3. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলৰ মান কিমান ? (পৃথিৱীৰ ভৰ 6 x1024 kg আৰু পৃথিৱীৰ ব্যাসার্ধ 6.4 x 106 m)

উত্তৰ – দিয়া আছে,

            বস্তুটোৰ ভৰ, m = 1 kg

            পৃথিৱীৰ ভৰ, M = 6 x1024 kg

            পৃথিৱীৰ ব্যাসাৰ্ধ, r = 6.4 x 106 m

                      G = 6.7 x 10-11 Nm2kg-2

পৃথিৱী আৰু বস্তুটোৰ মাজৰ মহাকর্ষণিক বল, F = ?

মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি,

     পৃথিৱী আৰু বস্তুটোৰ মাজৰ মহাকর্ষণিক বল 9.8 N |     

4. মহাকর্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকর্ষিত হয়। চন্দ্ৰই পৃথিৱীক যি বলেৰে আকর্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্রৰ ওপৰত প্ৰয়োগ কৰা আকর্ষণী বল সমান নে কম নে বেছি? কিয় ?

উত্তৰ – মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ আনুসৰি বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে, এই আকৰ্ষনী বল বস্তু দুটাৰ ভৰৰ গুণফলৰ সমাণুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ৷ সেয়েহে চন্দ্ৰই পৃথিৱীক যি বলেৰে আকর্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্রৰ ওপৰত প্ৰয়োগ কৰা আকর্ষণী বল সমান ৷

5. চন্দ্ৰই পৃথিৱীক আকর্ষণ কৰি থকা স্বত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয় ?

উত্তৰ – চন্দ্ৰ আৰু পৃথিৱীয়ে পৰস্পৰে পৰস্পৰৰ পৰা সমান অকৰ্ষণী বল আনুভৱ কৰে ৷ কিন্তু পৃথিৱিৰ ভৰ চন্দ্ৰৰ তুলনাত যথেষ্ট বেছি হোৱা বাবে চন্দ্ৰৰ দিশত ইয়াৰ ত্বৰণৰ হাৰ পৃথিৱীৰ দিশত চন্দ্ৰৰ ত্বৰণৰ হাৰতকৈ কম ৷ সেয়েহে চন্দ্ৰই পৃথিৱীক আকর্ষণ কৰি থকা স্বত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় ৷

6. দুটা বস্তুৰ মাজৰ বল কি পৰিবৰ্তন হ’ব, যদি

(i) এটা বস্তু ভৰ দগুণ কৰা হয়?

(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয়?

(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয় ?

উত্তৰ – মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি,

          F = GMm/d, য’ত – F = বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল ৷

                          M, m = বস্তু দুটাৰ ভৰ

                          d = বস্তু দুটাৰ মাজৰ দূৰত্ব

                          G = মহাকৰ্ষণৰ বিশ্বজনিন ধ্ৰুৱক

(i) এটা বস্তু ভৰ দগুণ কৰিলে –

ধৰাহ’ল, এটা বস্তুৰ ভৰ দুগুণ কৰা হ’ল, M = 2M,

তেনেহ’লে, বস্তু দুটাৰ মাজৰ নতুন আকৰ্ষণ বল-

    F1 = 2GMm/d    

      = 2F

     এটা বস্তুৰ ভৰ দগুণ কৰিলে বস্তু দুটাৰ মাজৰ আকৰ্ষণী বল দুগুণ হ’ব ৷

(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰিলে –

   ধৰাহ’ল, বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰা হ’ল, d = 2d    তেনেহ’লে, বস্তু দুটাৰ মাজৰ নতুন আকৰ্ষণ বল-

      বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰিলে বস্তু দুটাৰ মাজৰ নতুন আকৰ্ষণী বল আগৰ আকৰ্শণী ¼ ভাগ হ’ব ৷

বস্তু দুটাৰ মাজৰ দূৰত্ব তিনিগুণ কৰিলে –

   ধৰাহ’ল, বস্তু দুটাৰ মাজৰ দূৰত্ব তিনিগুণ কৰা হ’ল, d = 3d

   তেনেহ’লে, বস্তু দুটাৰ মাজৰ নতুন আকৰ্ষণ বল-

      বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ কৰিলে বস্তু দুটাৰ মাজৰ নতুন আকৰ্ষণী বল আগৰ আকৰ্শণী 1/9 ভাগ হ’ব ৷

(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰিলে –

    ধৰাহ’ল, দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হ’ল, M = 2M, m = 2m

    তেনেহ’লে, বস্তু দুটাৰ মাজৰ নতুন আকৰ্ষণ বল-

    F4 = G x 2M x 2m/d    

      =4GMm/d

        =4F      

     দুয়োটা বস্তুৰ ভৰ দুগুণ কৰিলে বস্তু দুটাৰ মাজৰ আকৰ্ষণী বল চাৰিগুণ হ’ব ৷

7. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান ?

উত্তৰ – মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো অতি গুৰুত্বপূৰ্ণ কাৰণ মহাকৰ্ষণৰ বিশ্বজনীন সূত্রই পৰস্পৰ সম্পৰ্ক নথকা বুলি ভৰা বহুকেইটা পৰিঘটনা সফলভাৱে ব্যাখ্যা কৰিছিল;

(i) আমাক পৃথিৱীৰ সৈতে বান্ধোনত ৰখা বল;

(ii) পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি;

(iii) সূৰ্যৰ চাৰিওফালে গ্রহবোৰৰ গতি; আৰু

(iv) চন্দ্ৰ আৰু সূৰ্যৰ বাবে সমুদ্রপৃষ্ঠত উঠা জোৱাৰ ।

8. মুক্ত অধোমনৰ ত্বৰণ কিমান?

উত্তৰ – কোনো বস্তু এটাই কেৱল মহাকৰ্ষণিক বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে বস্তুটোৰ গতিক মুক্ত অধোগমন বোলে ৷

 মুক্ত অধোগমনৰ ত্বৰণৰ মান 9.8 ms-2

9. পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলক আমি কি বুলি কওঁ ?

উত্তৰ – পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলক আমি ওজন বুলি কওঁ ৷

10. অমিতে তেওঁৰ বন্ধু এজনৰ পৰামর্শ অনুসৰি মেৰু অঞ্চলত কেইগ্রামমান সোণ কিনিলে। বিষুৱ অঞ্চলত তেওঁৰে ভেটাভেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল’বনে? যদি নলয়, তেন্তে কিয় ? [ইংগিতঃ বিষুব অঞ্চলতকৈ মেৰু অঞ্চলত g ৰ মান বেছি।]

উত্তৰ – যিকোনো বস্তুৰ ওজন হ’ল বস্তুটোৰ ভৰ আৰু মধ্যাকৰ্ষণিক ত্বৰণৰ গুণফল ৷

       W = mg, য’ত, w = ওজন, m=ভৰ, g= মধ্যাকৰ্ষণিক ত্বৰণ

 মেৰু অঞ্চলত ‘g’ৰ মান বিষুৱ অঞ্চলতকৈ বেছি হোৱা বাবে যিকোনো বস্তুৰ ওজন মেৰু অঞ্চলতকৈ  বিষুৱ অঞ্চলত কম ৷ যিহেতু সোণখিনিৰ ওজন বিষুৱ অঞ্চলত কমি যাব সেয়েহে বন্ধুজনে সোণখিনিৰ ওজন মানি নলয় ৷

11. কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি ?

উত্তৰ –  কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাৰ ক্ষেত্ৰফল কাগজখিলাৰ ক্ষেত্ৰফলতকৈ কম ৷ কাগজখিলাৰ ক্ষেত্ৰফল অধিক হোৱা বাবে বায়ুৰ ঘৰ্ষণ বলে কাগজখিলাৰ ওপৰত বলটোৰ তুলনাত অধিক ক্ৰিয়া কৰে ৷ সেইবাবে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰে ৷

12. চন্দ্রপৃষ্ঠত মহাকর্ষণিক বল ভূপৃষ্ঠৰ মহাকর্ষণিক বলৰ 1/6 অংশ। 10 kg ভৰৰ বস্তু এটাৰ চন্দ্রপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ’ব?

উত্তৰ – দিয়া আছে,

            বস্তুটোৰ ভৰ, m = 10kg

  পৃথিৱীত মধ্যাকৰ্ষণিক ত্বৰন, g = 9.8ms-2

  ভূপৃষ্ঠত বস্তুটোৰ ওজন, We = ?

  চন্দ্রপৃষ্ঠতবস্তুটোৰ ওজন, Wm = ?

  আমি জানো যে,

         ভূপৃষ্ঠত বস্তুৰ ওজন, We= mg

                          = 10 x 9.8

                          = 98 N

আৰু,

       চন্দ্রপৃষ্ঠতবস্তুটোৰ ওজন, Wm = 1/6 x We

                           = 98/6

                           = 16.33 N

   ভূপৃষ্ঠত বস্তুটোৰ ওজন 98 N আৰু চন্দ্রপৃষ্ঠতবস্তুটোৰ ওজন 16.33 N |

13. বল এটা উলম্বভাৱে ওপৰলৈ 49 m/s বেগেৰে দলিওৱা হ’ল।

(i) ই আৰোহন কৰা সর্বোচ্চ উচ্চতা আৰু

(ii) ভূপৃষ্ঠলৈ উভতিবলৈ প্রয়োজন হোৱা মুঠ সময় নির্ণয় কৰা।

উত্তৰ – দিয়া আছে,

        প্ৰাৰম্ভিক বেগ, u = 49m/s

        অন্তিম বেগ, v = 0 m/s

        বলটো আৰহণ কৰা সৰ্বোচ্চ উচ্চতা, s = ?

        ইয়াত মধ্যাকৰ্ষণিক ত্বৰন, g = -9.8ms-2

(i) আমি জানো যে,

    বলটো আৰহণ কৰা সৰ্বোচ্চ উচ্চতা 122.5m ৷

(ii)  ধৰাহ’ল, বলটো 122.5m উচ্চতা আৰোহন কৰিবলৈ প্ৰয়োজন হোৱা সময় ‘t’ |

   বলটো ভূপৃষ্ঠলৈ উভতিবলৈ প্রয়োজন হোৱা মুঠ সময় =5 + 5 = 10s

14. 19.6 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ’ল। মাটি স্পর্শ কৰাৰ আগমুহূর্তত ইয়াৰ অন্তিম বেগ কিমান হ’ব উলিওৱা।

উত্তৰ – দিয়া আছে,

             স্তম্ভটোৰ উচ্চতা, s = 19.6m

             শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ, u = 0

             শিলগুটিটোৰ আন্তিম বেগ, v = ?

        ইয়াত, মধ্যাকৰ্ষণিক ত্বৰন, g = 9.8ms-2

আমি জানো যে,

      মাটি স্পর্শ কৰাৰ আগমুহূর্তত শিলগুটিটোৰ অন্তিম বেগ 19.6 ms-1 |

15. 40 ms-1 বেগেৰে শিলগুটি এটা উলম্বভাৱে ওপৰলৈ দলিওৱা হ’ল। gৰ মান 10 ms-1 ধৰি শিলগুটিটো সর্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা। শিলগুটিটোৰ মুঠ সৰণ আৰু ই অতিক্রম কৰা মুঠ দুৰত্ব উলিওৱা।

উত্তৰ – ইয়াত,

          শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ, u = 40 ms-1

          শিলগুটিটোৰ আন্তিম বেগ, v = 0

          মধ্যাকৰ্ষণিক ত্বৰন, g = -10 ms-2

          শিলগুটিটোৱে আৰোহণ কৰা সৰ্বচ্চ উচ্চতা, s = ?

আমি জানো যে,

মহাকৰ্ষণ

    শিলগুটিটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব হ’ব 80 + 80 = 160m আৰু

শিলগুটিটোৰ মুঠ সৰণ হ’ব 80 + (-80) = 0

16. পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকর্ষণ বল নির্ণয় কৰা। দিয়া আছে পৃথিৱীৰ ভৰ = 6 X 1024 kg, সূর্যৰ ভৰ 2 x 1030 kg, পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 1.5 x 1011 ms-1

উত্তৰ –দিয়া আছে,

        পৃথিৱীৰ ভৰ, m = 6 X 1024 kg,

        সূর্যৰ ভৰ, M = 2 x 1030 kg,

        পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব, d = 1.5 x 1011 ms-1

        মহাকৰ্ষণৰ বিশ্বজনিন ধ্ৰুৱক, G = 6.7 x 10-11

        পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকর্ষণ বল, F = ?

       মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ অনুসৰি,

মহাকৰ্ষণ

    পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকর্ষণ বল 3.57 x 1022N | 

17. 100 m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ’ল আৰু একে সময়তে অন্য এটা শিলগুটি 25 ms-1 বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হ’ল। কেতিয়া আৰু ক’ত শিলগুটি দুটাৰ ভেটাভেটি হ’ব?

উত্তৰ – ধৰাহ’ল শিলগুটি দুটা ‘t’ সময়ৰ অন্তৰালত ভেটাভেটি হয় ৷

ওপৰৰ পৰা তললৈ পৰা শিলগুটিটোৰ ক্ষেত্ৰত,

         প্ৰাৰম্ভিক বেগ, u = 0

         ‘t’ সময়ত অতিক্ৰম কৰা দূৰত্ব = s

         মধ্যাকৰ্ষণিক ত্বৰন, g = 9.8 ms-2

  আমি জানো যে,

মহাকৰ্ষণ

ওপৰলৈ দলিওৱা শিলগুটিটোৰ ক্ষেত্ৰত,

        প্ৰাৰম্ভিক বেগ, u = 25 ms-1

       ‘t’ সময়ত অতিক্ৰম কৰা দূৰত্ব = s`

       মধ্যাকৰ্ষণিক ত্বৰন, g = -9.8 ms-2

এতিয়া,

মহাকৰ্ষণ

‘t’ৰ মান (i)নং সমীকৰণত বহুৱাই পাওঁ,

                   s` = 25t – 4.9t2

                     = 25 x 4 – 4.9 x 42

                     = 100 – 78.4

                     = 21.6 m

    শিলগুটি দুটাৰ ভেটাভেটি হ’বলৈ 4sৰ প্ৰয়োজন হ’ব আৰু সিহঁতে 21.6 m উচ্চতাত ভেটাভেটি হ’ব |

18. উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 চেকেণ্ডৰ পিছত প্রক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল।

(ক) ইয়াৰ উর্ধমুখী প্রক্ষেপ বেগ

(খ) ই আৰোহণ কৰা সর্বোচ্চ উচ্চতা

(গ) 4 চেকেণ্ড পিছত ইয়াৰ অৱস্থান নির্ণয় কৰা।

উত্তৰ –

ক)  ইয়াত,

     শিলগুটিটো ওপৰলৈ আৰোহণ কৰিবলৈ প্ৰয়োজন হোৱা সময়, t = 6/2 = 3 s

     শিলগুটিতোৰ অন্তিম বেগ, v =0

     মধ্যাকৰ্ষণিক ত্বৰন, g = -9.8 ms-2

     শিলগুটিটোৰ উর্ধমুখী প্রক্ষেপ বেগ বেগ, u = ?

    আমি জানো যে,

মহাকৰ্ষণ

   শিলগুটিতোৰউর্ধমুখী প্রক্ষেপ বেগ 29.4 ms-1 |

(খ)  ধৰাহ’ল শিলগুটিটোৱে আৰোহণ কৰা সৰ্বচ্চ উচ্চতা ‘s’

    ইয়াত,

        শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ, u = 29.4 ms-1

        শিলগুটিটোৰ অন্তিম বেগ, v = 0

        মধ্যাকৰ্ষণিক ত্বৰন, g = -9.8 ms-2

        আমি জানো যে,

                 s = ut + ½ gt2

                   = 29.4 x 3 + ½ x (-9.8) x 32

                   = 88.2 – 44.1

                   = 44.1 m

      শিলগুটিটোৱে আৰোহণ কৰা সর্বোচ্চ উচ্চতা 44.1 m |

(গ) শিলগুটিটো 6 চেকেণ্ডৰ পিছত প্রক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহে অৰ্থাৎ প্ৰক্ষেপ কৰা 4sৰ পিচত প্রক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিবলৈ পুণৰ (6 – 4 = 2 s)ৰ প্ৰয়োজন ৷

    শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ, u = 29.4 ms-1

    মধ্যাকৰ্ষণিক ত্বৰন, g = -9.8 ms-2

       আমি জানো যে,

                 s = ut + ½ gt2

                   = 29.4 x 2 + ½ x (-9.8) x 22

                   = 58.8 – 19.6

                   = 39.2 m

     4 চেকেণ্ডৰ পিছত শিলগুটিটোৰ অৱস্থানভূমিৰ পৰা39.2 m হ’ব ৷

 19. তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্রিয়া কৰে?

উত্তৰ – তৰলত নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে উৰ্ধমুখী ভৱে ক্ৰিয়া কৰে ৷

20. পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘূৰি আহে?

উত্তৰ –  প্লাষ্টিকৰ টুকুৰা এটাৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম ৷ পানীৰ তলত প্লাষ্টিকৰ টুকুৰা এটা এৰি দিলে ই পানীৰ পৃষ্ঠলৈ ঘূৰি আহে কাৰণ প্লাষ্টিকৰ টুকুৰাটোৰ ওপৰত পানীৰ উৰ্ধমুখী হেঁচা তাৰ ওপৰত ক্ৰিয়াশীল মহাকৰ্ষণৰ নিম্নমুখী বলতকৈ বেছি ৷

21. 50 gm ভৰৰ বস্তু এটাৰ আয়তন 20 cm3 যদি পানীৰ ঘনত্ব 1 gmcm-3 হয় তেন্তে বস্তুটো পানীত উপঙিব নে ডুবিব ?

উত্তৰ – দিয়া আছে,

              বস্তুটোৰ ভৰ, m = 50 gm

              বস্তুটোৰ আয়তন, V = 20 cm3

   আমি জানো যে,

 যিকোনো বস্তুৰ ঘনত্ব, d = m/v = 50/ 20 = 2.5gmcm-3

  যিহেতু,  বস্তুটোৰ ঘনত্ব > পানীৰ ঘনত্ব , সেয়েহে বস্তুটো পানীত ডুবিব ৷

22. 500 g ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350 cm3  পানীৰ ঘনত্ব 1 gmcm-3  হ’লে পেকেটটো পানীত উপঙিব নে ডুবিব? পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান হব ?

উত্তৰ –  দিয়া আছে,

              বস্তুটোৰ ভৰ, m = 500 gm

              বস্তুটোৰ আয়তন, V = 350 cm3

   আমি জানো যে,        

যিকোনো বস্তুৰ ঘনত্ব, d = m/V = 500/ 350 = = 1.428gmcm-3

   যিহেতু,  বস্তুটোৰ ঘনত্ব > পানীৰ ঘনত্ব , সেয়েহে বস্তুটো পানীত ডুবিব |

   অপসাৰিত পানীৰ ভৰ =  পেকেটটোৰ ভৰ =  350 cm3

Read More :

মহাকৰ্ষণ – Notes

অধ্যায়- 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?

অধ্যায় ৩ অণু আৰু পৰমাণু

অধ্যায় ৪ পৰমাণুৰ গঠন

অধ্যায় ৫ জীৱৰ মৌলিক একক

অধ্যায় ৬ কলা

অধ্যায় ৭ জীৱৰ বিচিত্ৰতা

অধ্যায় ৮ – গতি

অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ

অধ্যায় ১০ – মহাকৰ্ষণ

অধ্যায় ১১ কাৰ্য আৰু শক্তি

অধ্যায় ১২ শব্দ

অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?

অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ

অধ্যায় ১৫ খাদ্য সম্পদৰ উৎকৰ্ষ সাধন

বিজ্ঞান – দশম শ্ৰেণী ( NCERT – SEBA)

Advertisement