মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ)

১। ৰুছ বিপ্লৱ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ – ৰুছ বিপ্লৱ ১৯১৭ চনত সংঘটিত হৈছিল ৷

২। মহাত্মা গান্ধীৰ  জন্ম কেতিয়া আৰু ক’ত হৈছিল ?

উত্তৰ – মহাত্মা গান্ধীৰ  জন্ম ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত হৈছিল ৷

৩। মহাত্মা গান্ধীয়ে কেতিয়া লণ্ডনৰ পৰা ব্যাৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতিছিল ?

উত্তৰ – মহাত্মা গান্ধীয়ে ১৮৯১ চনত লণ্ডনৰ পৰা ব্যাৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতিছিল ৷

৪। মহাত্মা গান্ধীয়ে নাটালত গঢ়া ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল ?

উত্তৰ – মহাত্মা গান্ধীয়ে নাটালত গঢ়া ৰাজনৈতিক সংগঠনটোৰ নাম আছিল ‘নাটাল ইণ্ডিয়ান কংগ্ৰেছ’ ৷

৫। মহাত্মা গান্ধীয়ে নাটালত ভাৰতীয় সকলক ৰাজনৈতিক আৰু সামাজিক ভাৱে শিক্ষিত আৰু সচেতন কৰি তুলিবলৈ উলিওৱা বাতৰি কাকত খনৰ নাম কি ?

উত্তৰ – মহাত্মা গান্ধীয়ে নাটালত ভাৰতীয় সকলক ৰাজনৈতিক আৰু সামাজিক ভাৱে শিক্ষিত আৰু সচেতন কৰি তুলিবলৈ উলিওৱা বাতৰি কাকত খনৰ নাম ‘ইনডিয়ান অপিনিয়ন’ ৷

৬। ‘সত্যাগ্ৰহ’ শব্দটো গান্ধীজীয়ে ক’ত প্ৰথমে ব্যৱহাৰ কৰিছিল ?

উত্তৰ – ‘সত্যাগ্ৰহ’ শব্দটো গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল ৷

৭। ‘সত্যাগ্ৰহ’ শব্দটোৰ অৰ্থ কি ?

উত্তৰ – ‘সত্যাগ্ৰহ’ শব্দটো ‘সত্য’ আৰু ‘আগ্ৰহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ ‘সত্যৰ প্ৰতি আগ্ৰহ’ অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা ৷

৮। ৰাওলাট আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল ?

উত্তৰ – ৰাওলাট আইনখন ১৯১৯ চনত প্ৰণয়ন কৰা হৈছিল ৷

৯।  জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ – জালিৱানৱালাবাগ হত্যাকাণ্ড ১৩ এপ্ৰিল, ১৯১৯ চনত সংঘটিত হৈছিল ৷

১০। জালিৱানৱালাবাগ হত্যাকাণ্ড কাৰ নিৰ্দেশত সংঘটিত হৈছিল ?

উত্তৰ – জালিৱানৱালাবাগ হত্যাকাণ্ড জেনেৰেল ডায়েৰৰ নিৰ্দেশত সংঘটিত হৈছিল ৷

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes

Advertisement

১১। অসহযোগ আন্দোলনৰ কাৰকসমূহ লিখা ৷

উত্তৰ – অসহযোগ আন্দোলনৰ উল্লেখযোগ্য কাৰকসমূহ হ’ল –

(১) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; কিয়নো ইয়াৰ ফলত ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।

(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্রহণ।

(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড।

(৪) ব্রিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ।

(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্রাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলন।

১২। চৌৰিচৌৰাৰ সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ – চৌৰিচৌৰাৰ সংঘৰ্ষ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হৈছিল ৷

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes

১৩।  গান্ধীৰ ‘লোণ সত্যাগ্ৰহ’ কেতিয়া আৰম্ভ হৈছিল আৰু ইয়াক কি বুলি জনা যায় ?

উত্তৰ – গান্ধীৰ ‘লোণ সত্যাগ্ৰহ’ ১৯৩০ চনৰ ১২ মাৰ্চত আৰম্ভ হৈছিল আৰু ইয়াক দাণ্ডি যাত্ৰা বুলি জনা যায় ৷

১৪।  দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া আৰু ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰ – দ্বিতীয় ঘূৰণীয়া মেজমেল ১৯৩১ চনত লণ্ডনত অনুষ্ঠিত হৈছিল ৷

১৫। ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতত প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰদান কৰে ?

উত্তৰ – ব্ৰিটিছ চৰকাৰে ১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্ৰনয়ন কৰি ভাৰতত প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰদান কৰে ৷

১৬।  মুছলিম লিগে কেতিয়া ‘মুক্তি দিৱস’ পালন কৰিছিল ?

উত্তৰ – কংগ্ৰেছ মন্ত্ৰীসভাবোৰৰ পদত্যাগক মুছলিম লিগে ১৯৩৯ চনৰ ২২ ডিচেম্বৰত মুক্তি দিৱস হিচাপে পালন কৰিছিল ৷

১৭।  মুছলিম লিগৰ কোনখন অধিৱেশনত জিন্নাই মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ দাবীটো উণ্থাপন কৰিছিল ?

উত্তৰ – মুছলিম লিগৰ লাহোৰ অধিৱেশনত ( মাৰ্চ, ১৯৪০)ত  জিন্নাই মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ দাবীটো উণ্থাপন কৰিছিল ৷

১৮।  ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ – ১৯৪২ চনৰ আগষ্ট মাহত ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ৷

১৯। আজাদ হিন্দ ফৌজৰ পুনৰ্গঠন কেতিয়া হৈছিল ?

উত্তৰ – আজাদ হিন্দ ফৌজৰ পুনৰ্গঠন ১৯৪৩ চনত হৈছিল ৷

২০। ভাৰতীয় স্বতন্ত্ৰ লীগ কেতিয়া আৰু ক’ত গঠন কৰা হৈছিল ?

উত্তৰ – ভাৰতীয় স্বতন্ত্ৰ লীগ ১৯৪২ চনৰ মাৰ্চ মাহত টকিঅ’ত গঠন কৰা হৈছিল ৷

২১। ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ – ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে গঠন কৰা হৈছিল ৷

২২। ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান কি আছিল ?

উত্তৰ – ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান  আছিল ‘জয় হিন্দ’ ৷

২২। ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন কেতিয়া অনুমোদন কৰিছিল ?

উত্তৰ – ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন ১৯৪৭ চনৰ জুলাই মাহত অনুমোদন কৰিছিল ৷

২৩।  স্বাধীন পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ – স্বাধীন পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল মহম্মদ আলী জিন্না  ৷

২৪।  স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ – স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আছিল  লৰ্ড মাউণ্টবেটেন ৷

২৫। ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি কেতিয়া গ্ৰহণ কৰা হয় ?

উত্তৰ – ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি ১৯৪৭ চনৰ ১৭ আগষ্টত গ্ৰহণ কৰা হয় ৷

Read More :

Advertisement

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ( অনুশীলনী )

ইতিহাস –

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )