মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম (Rise of Gandhi and the Freedom Movement of India ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন  ঃ

১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰ – ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দত মহাত্মা গান্ধীৰ জন্ম হৈছিল  ৷

২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্রয়োগ কৰিছিল ?

উত্তৰ – সত্যাগ্রহৰ কৌশল গান্ধীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্ৰিকাত প্রয়োগ কৰিছিল ৷

৩। ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট’ উপাধি ত্যাগ কৰিছিল ?

উত্তৰ – জালিৱানৱালা হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট’ উপাধি ত্যাগ কৰিছিল ৷

৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?

উত্তৰ – মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ৷

৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ – চৌৰীচৌৰাৰ ঘটনা১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল ৷

৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰ – ১৯২৮ চনত লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নিৰ্দয়ভাৱে লাঠি চালনা কৰে, য’ত লাজপত ৰায় বেয়া কৈ আহত হয় আৰু তাৰ ফলতেই তেওঁৰ মৃত্যু হয় ৷

৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰ – ১৯২৯ চনত লাহৰত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ  অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ৷

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Advertisement

৮। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?

উত্তৰ – সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব ৩৮৫ কিঃমিঃ অছিল ৷

৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰ – সীমান্ত গান্ধী নামেৰে খান আব্দুল গফুৰ খানক জনা যায় ৷

১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ?

উত্তৰ – লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত মহাত্মা গান্ধীয়ে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল ৷

১১। ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্রিটিছ প্রধানমন্ত্রীজনৰ নাম কি আছিল ?

উত্তৰ – ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্রিটিছ প্রধানমন্ত্রীজনৰ নাম আছিল ৰামছে মেকডোনাল্ড ৷

১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ?

উত্তৰ – ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল ৷

১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন ?

উত্তৰ – আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা হ’ল ৰাজবিহাৰী বাসু ৷

১৪। ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?

উত্তৰ – ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম’ এই বিখ্যাত বাণীটো সুভাস চন্দ্ৰ বসুৰ আছিল ৷

১৫৷ ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰ – ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক ৰেডক্লিফ ৰেখা নামেৰে জনা যায় ৷

দীঘল উত্তৰৰ প্ৰশ্ন ঃ

১। সত্যাগ্রহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।

উত্তৰ –  ‘সত্যাগ্রহ’ শব্দটো  সত্য আৰু ‘আগ্রহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ  অর্থ ‘সত্যৰ প্রতি আগ্রহ’, অর্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্রায়শ্চিত্তকৰণৰ প্রক্রিয়া।‘

              ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত হোৱা তিনিটা বিবাদ সমাধানৰ ক্ষেত্ৰত গান্ধীজী জড়িত হৈ পৰে আৰু তাত দেখুওৱা দক্ষতাৰ বাবে গোটেই ভাৰততে তেওঁ এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰে।

               চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান কৰিছিল, খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আৰু আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্রতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্রহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য’ত আদর্শ আছিল সত্য আৰু অহিংসা।

২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?

উত্তৰ – প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে, খলিফাৰ গুৰুত্ব একেবাৰে কনি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্রাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দূর্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূর্বৰ মৰ্যাদালৈ ঘূৰাই অনা। উক্ত উদ্দেশ্য আগত ৰাখি ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ৷ গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বার্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনাইছিল ৷

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

Advertisement

৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?

উত্তৰ – ১৯২০-২২ চনত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কাৰক কেইটা তলত উল্লেখ কৰা হ’ল –

(১) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; কিয়নো ইয়াৰ ফলত ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।

(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্রিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্রহণ। এই আইনে সন্ত্রাসবাদৰ সন্দেহত যিকোনো লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কতৃত্ব ব্রিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইন বিপক্ষে এক সর্বব্যাপী প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল।

(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড।

(৪) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ ।

(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্রাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলন।

অসহযোগ আন্দোলনৰ কাৰ্যসূচী-  এই আন্দোলনত হিন্দু-মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্রহণ কৰিছিল। নানান ঠাইত বিদেশী বস্তু জ্বলাই দিয়া হৈছিল। বিদেশী বয়-বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় ত্যাগ কৰিছিল। বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্রচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। শেঠ যমনালাল বাজাজে কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে বছৰি এক লাখকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল। কংগ্ৰেছে প্রায় চল্লিশ লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল। বিশ হাজাৰ চৰখা (যতৰ) নির্মাণ কৰা হৈছিল। নানান ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিবাদবোৰৰ সমাধান ৰাইজৰ আদালতত কৰা হৈছিল। অসহযোগ আন্দোলনৰ খৰচ-পাতিৰ বাবে গঢ়ি তোলা তিলক স্বৰাজ পুজিয়ে খুব কম সময়ৰ ভিতৰতে এক কোটিতকৈও অধিক টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছিল। মহিলাসকলেও সক্রিয়ভাৱে আন্দোলনত অংশগ্রহণ কৰিছিল। জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্রায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল।

                ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্থানীয় পুলিচ আৰু প্রতিবাদকাৰীৰ মাজত হিংসাত্মক সংঘর্ষ সংঘটিত হৈছিল। এই সংঘর্ষত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হোৱাত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিচক হত্যা কৰে। এই ঘটনাত গান্ধী মর্মাহত হোৱাৰ লগতে আন্দোলনে অহিংস নীতি যে পৰিহাৰ কৰিছে তাক বাৰুকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে তেওঁ আন্দোলন বন্ধ কৰি তিনি সপ্তাহৰ অনশনত বহিছিল।

৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?

উত্তৰ – আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল ‘পূর্ণ স্বৰাজ’ বা ‘সম্পূর্ণ স্বাধীনতা’৷ ১৯৩০ চনৰ ৩১ জানুৱাৰী তাৰিখে গান্ধীয়ে ব্রিটিছৰ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লর্ড আৰউইনলৈ কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে। এই দাবীসমূহ আছিল

(i) মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ;

(ii) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি;

(iii)মাটিৰ খাজনাৰ পৰিমাণ কম কৰা;

(iv) লোণ কৰ বৰ কৰা,

(v)সৈন্য বাহিনীৰ ব্যয় কমোৱা;

(vi) প্রশাসনীয় ব্যয় সংকোচন কৰা;

(vii) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ;

(viii)ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা;

(ix)অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি

(x)”সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া

(xi) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্র ৰখাৰ বৈধতা প্রদান কৰা।

           গান্ধীয়ে স্পষ্ট ৰূপত উল্লেখ কৰিছিল যে যদি এই ১১টা দাবী মানি লোৱা নহয় তেতিয়া দেশে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব ।

           ১৯৩০ চনত  আইন অমান্য আন্দোলন গান্ধীৰ লোণ সত্যাগ্রহ’ৰ জৰিয়তে আৰম্ভ হৈছিল যাক দাণ্ডি যাত্রা বুলি জনা যায়। ১৯৩০ চনৰ ১২ মার্চত এই যাত্ৰাৰ গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সৰমতী আশ্রমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ আৰম্ভণি কৰিছিল ৷ একেৰাহে ২৫ দিন যাত্রা কৰি প্রায় ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰাৰ পিছত তেওঁলোক ১৯৩০ চনৰ ৬ এপ্রিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতেই লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্রস্তুত কৰি চৰকাৰৰ প্রতি প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল। ক্রমে এই আন্দোলন সর্বত্রে বিয়পি পৰিছিল আৰু দেশৰ অন্যান্য প্রান্ততো লোন আইন প্রত্যাহ্বান জনোৱা হৈছিল।

           উত্তৰ-পশ্চিম সীমান্ত প্রদেশত খান আব্দুল গফুৰ খানৰ  নেতৃত্বত ‘ৰেড চার্টছ’ হিচাপে জনপ্রিয় ‘খুদাই খিটমদগাৰছ (ঈশ্বৰৰ সেৱক) সকলে আন্দোলনটো চলাই নিছিল।  আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত হোৱা প্ৰথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বর্জন কৰিছিল।

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল ? ভাৰতৰ স্বাধীনতা সংগ্রামত এই আন্দোলনৰ কার্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে ? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰ – ১৯৩৯ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গান্ধী আৰু নেহৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধিতা কৰিছিল যদিওৃ  ব্রিটিছে সম্পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে তেওঁলোকক যুদ্ধত সহায় কৰাৰ প্রতিশ্রুতি দিছিল। কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্ৰস্তাৱ অগ্রাহ্য কৰে।  প্রতিবাদ স্বৰূপে ১৯৩৯ চনত কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্রিত্বৰপৰা পদত্যাগ কৰে। চৰকাৰৰ ওচৰত হেঁচা দিবলৈ ১৯৪০ আৰু ১৯৪১ চনত কংগ্ৰেছে এলানি সত্যাগ্রহ কার্যসূচী গ্রহণ কৰিছিল। পিছত ব্ৰিটিছ চৰকাৰে এিপছৰ  প্ৰস্তাৱত দ্বিতীয় বিশ্বযুদ্ধৰ  যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিলিয়ন ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্রদেশসমূহৰ কাৰণে পৃথক সংবিধান প্রণয়ন অধিকাৰ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু অৱশেষত ক্ৰিপছ মিছন ব্যর্থ হৈছিল আৰু গান্ধীয়ে ব্রিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। ভাৰত ত্যাগ আন্দোলনৰ অন্যান্য কাৰণবোৰ আছিল– জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূর্ববংগত সন্ত্রাস আৰু ব্রিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব।

      হয়, ১৯৪২ চনত হোৱা এই আন্দোলনৰ কার্যসূচীক মই ভাৰতৰ স্বাধীনতা সংগ্রামৰ এক মাইলৰ খুঁটি বুলি অনুভৱ কৰো ৷ এই আন্দোলন যদিও দীর্ঘম্যাদী নাছিল, ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্রাম আৰু ত্যাগৰ সামূহিক প্রদর্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূর্ত অংশগ্রহণে এই আন্দোলনক এক নতুন মাত্রা প্রদান কৰিছিল। ছাত্র, মহিলা, খেতিয়ক আৰু শ্রমিকে এই আন্দোলনত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। ‘ভাৰত ত্যাগ আন্দোলন’ৰ পিছত স্বাধীনতা দৰদামৰ বিষয় হৈ থকা নাছিল। ইয়াৰ পিছত ব্ৰিটিছ চৰকাৰৰ লগত কৰিবলগীয়া এটাই বুজাপৰা বাকী আছিল সেয়া হ’ল কেৱল ক্ষমতাৰ হস্তান্তৰ ৷

৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমু টোকা লিখা।

উত্তৰ – ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো  ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে। ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅতি বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ গঠন কৰা হৈছিল। ইয়াৰ পিছত ১৯৪২ চনৰ জুন মাহত বেংককত বহা সন্মিলনত উক্ত লীগ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নির্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। বেংকক অধিৱেশনে সুভাষ চন্দ্র বসুকো জাপানলৈ নিমন্ত্রণ জানায়। তেওঁৰ জাপানত উপস্থিত হোৱাৰ পিছতে ৰাসবিহাৰী বসুই ভাৰতীয় স্বতন্ত্ৰ লীগৰ সভাপতিৰ আসনখন ত্যাগ কৰি সুভাষ বসুক উক্ত পদলৈ আদৰণি জনায়। লগতে আই এন এৰ সর্বোচ্চ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰা হয়।

             ১৯৪৩ চনৰ ২১ অক্টোবৰ তাৰিখে, তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ গঠন কৰি ব্রিটিছৰ-মুক্ত ভাৰত গঠনৰ সংকল্প গ্রহণ কৰে। ভাৰতীয় জাতীয় সেনা বাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভর্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু জান্সি ৰাণী ৰেজিমেন্ট’ নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয়।

             ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’। ব্রিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্রহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল। বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমর্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্ম-সমর্পণ কৰিবলৈ বাধ্য কৰে। সুভাষ চন্দ্র বসুই ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুর্ঘটনাত প্রাণ হেৰুৱায় বুলি কোৱা হয়।

Read More:

Advertisement

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ১ – মুদ্ৰা আৰু বেংক ব্যৱস্থা

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

11 Replies to “মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম”

Leave a Reply

Your email address will not be published. Required fields are marked *