মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- ১১ (মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

প্ৰশ্নাৱলী, Page No- 190       

1.  চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰ- চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য পৰিবৰ্তন কৰিব পৰা সামৰ্থ্যক চকুৰ উপযোজন ক্ষমতা বোলে৷

2.  মায়পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2mতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়৷ যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব ?

উত্তৰ- মায়’পিয়াগ্ৰস্ত চকু থকা মানুহজনৰ যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰিব লাগিব ৷

3. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি ?

উত্তৰ- চকুৰে স্পষ্টকৈ দেখা আতাইতকৈ দূৰৰ বিন্দুটোক দূৰ-বিন্দু বোলে৷ স্বাভাৱিক দৃষ্টিৰ মানুহৰ বাবে দূৰ-বিন্দু অসীমত থাকে৷

     চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পোৱা যায় তাক চকুৰ নিকট বিন্দু বুলি কোৱা হয়৷ স্বাভাৱিক দৃষ্টিৰ মানুহৰ বাবে নিকট বিন্দু চকুৰ পৰা প্ৰায় 25cm |

4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ৰ্ডখন চোৱাত অসুবিধা পায়৷ ৰাজনে ভোগা বিকাৰটো কি পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?

উত্তৰ- ল’ৰাজনে ভোগা বিকাৰটো মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা ৷

     উপযুক্ত ক্ষমতাৰ অৱতল লেনছ ব্যৱহাৰ কৰি মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততা সংশোধন কৰিব পাৰি৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী , অনুশীলনী

5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্ছৰ আৱশ্যক৷ তেঁওৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্ছৰ ক্ষমতা -1.5 ডায়প্টাৰ লে (i) দূৰ দৃষ্টিগ্ৰস্ততা (ii) নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ কাছ দৈৰ্ঘ্য কিমান?

উত্তৰ-

6. নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান  ?

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

7. দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা৷ দূৰ দৃষ্টিগ্ৰস্তত চকু এটাৰ বাবে নিকট বিন্দু 1m৷ এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্ছৰ ক্ষমতা কিমান ? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25cm

উত্তৰ- দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে উপযুক্ত ক্ষমতাৰ উত্তল লেনছ ব্যৱহাৰ কৰা হয়৷

     দূৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই এটা ৰশ্মিচিত্ৰ তলত অংকন কৰা হ’ল –

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
চিত্ৰ – (a) আৰু (b) হাইপাৰমেট্ৰ’পিক চকু, (c)হাইপাৰমেট্ৰ’পিক চকুৰ সংশোধন
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

8. সাধাৰণ চকুৱে এটা  25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?

উত্তৰ- চিলিয়াৰি পেশীএ চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন ঘটায়৷ ওচৰৰ বস্তু চাবলৈ চিলিয়াৰি পেশীয়ে চকুৰ লেনছৰ বক্ৰতা বঢ়োৱা ফলত চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য কমে৷ কিন্তু চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য এটা ন্যূনতম মানতকৈ কমাব নোৱাৰি সেয়েহে সাধাৰণ চকুৱে এটা 25cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায়   

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়??

উত্তৰ- চকুৰ ভিতৰত সদায়ে প্ৰতিবিম্বৰ গঠন অক্ষিপটত হয়৷ চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলেও চকুৰ ভিতৰত প্ৰতিবিম্ব গঠন অক্ষিপটতে হ’ব৷ অক্ষিপটত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্য বস্তুৰ দূৰত্ব সাপেক্ষে ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন ঘটে৷

10.  তৰাই তিৰ্ বিৰাই কিয় ?

উত্তৰ- তৰাৰ তিৰ্ বিৰণি তৰাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়৷ যিহেতু তৰাবোৰ অতি দূৰত থাকে গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি৷ বায়ুমণ্ডলীয় প্ৰতিসৰণ ঘটা মাধ্যমটোত প্ৰতিসৰনাংক ক্ৰমান্বয়ে সলনি হৈ থাকে বাবে তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছু পৰিবৰ্তন হৈ থাকে৷ ফলত তৰাৰ আপাত অৱস্হানৰ পৰিবৰ্তন হৈ থাকে আৰু চকুত সোমোৱা তৰাৰ পোহৰ কম বেছি হয়৷ তৰাটো কেতিয়াবা উজ্বল আৰু কেতিয়াবা ম্লান যেন লাগে৷ এইটোৱে হৈছে তৰাৰ তিৰ্বিৰণি৷

11. গ্ৰহই তিৰ্ বিৰাই নাথাকে কিয়  ?

উত্তৰ- গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্হিত আৰু সেইবাবে সিহঁতক বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি৷ যদি আমি এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰোঁ তেন্তে সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবৰ্তনৰ গড় মান শূণ্য হ’ব আৰু ইয়েই তিৰ্বিৰণিৰ প্ৰভাৱ নস্যাৎ কৰে৷

12. ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় ?

উত্তৰ- ৰাতিপুৱা সূৰ্যটো দিগন্তৰ ওচৰত থাকে৷ দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে৷ এই দূৰত্ব অতিক্ৰম কৰা সময়ত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়৷ সেইবাবে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগ দৈৰ্ঘ্যৰ৷ ই সূৰ্যক ৰঙচুৱা আভা প্ৰদান কৰে৷

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয় ?

উত্তৰ- মহাকাশত বায়ুমণ্ডল নাথাকে ৷ মহাকাশত বায়ুমণ্ডল নথকা বাবে পোহৰৰ বিক্ষেপন নঘটে ৷ সেয়েহে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে ৷

NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী

 অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ

অধ্যায়- ৩ ধাতু আৰু অধাতু

অধ্যায়- ৪ কাৰ্বন আৰু তাৰ যৌগ

অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

অধ্যায় ৬- জীৱন প্ৰক্ৰিয়া

অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

অধ্যায়- ৯ – বংশগতি আৰু ক্ৰমবিকাশ

অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ

অধ্যায় ১২ – বিদ্যুৎ

অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

অধ্যায়- ১৪ শক্তিৰ উৎসসমূহ

অধ্যায়- ১৫ আমাৰ পৰিবেশ

অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

For Current Affairs, Please click here….

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক