মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes

মুদ্ৰা আৰু বেংক ব্যৱস্থা - Notes
Spread the love
Advertisement

অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ দশম শ্ৰেণীৰ, অৰ্থনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷

মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

১। মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায় কেইটা লিখা ৷

উত্তৰ – মুদ্ৰাৰ ক্ৰমবিকাশৰ পাঁচটা পৰ্যায় আছে ৷ সেইকেইটা হ’ল – বিনিময় প্ৰথা, জন্তুমান, অমুদ্ৰিক ধাতুমান, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা ৷

২। সামগ্রী মুদ্রা কাক বোলে ?

উত্তৰ – সামগ্ৰীক বিনিময়ৰ মাধ্যম বা হিচাপ-নিকাচৰ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিলে তাক সামগ্রী মুদ্রা বোলা হয় ৷

৩। জন্তু মুদ্রা কাক বোলে ?

উত্তৰ – জন্তু মুদ্রা ও জন্তু একোটা (বিশেষকৈ ছাগলী) বিনিময়ৰ মাধ্যম হলে জন্তু

মুদ্ৰাৰ সৃষ্টি হয়।

৫। বিহিত মুদ্রা কাক বোলে ?

উত্তৰ – যি মুদ্ৰাৰ গ্রহণযোগ্যতা বিধিসম্মত সেই মুদ্রাই বিহিত মুদ্রা। এনে মুদ্রা গ্রহণ কৰিবলৈ আপত্তি দর্শোৱাজন আইনমতে দণ্ডনীয় হ’ব। ভাৰতবৰ্ষত বর্তমান প্রচলিত কাগজী মুদ্ৰা আৰু ধাতুমুদ্রা বিহিত মুদ্রাৰ উদাহৰণ ৷

৬। অবিহিত মুদ্রা কি ?

উত্তৰ –  যি মুদ্ৰাৰ গ্রহণযোগ্যতা আইনসংগত নহয়, অর্থাৎ যি মুদ্রা গ্রহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্রাই হ’ব অবিহিত মুদ্রা।

৭। আদেশী মুদ্রা কাক বোলে ?

উত্তৰ –  চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্রা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেই মুদ্রাই হ’ব আদেশী মুদ্রা। কাগজী বা ধাতু মুদ্রা আদেশী মুদ্ৰাৰ উদাহৰণ।

৮। প্রতীক মুদ্রা  কাক বোলে ?

উত্তৰ –  যি মুদ্ৰাৰ প্রদর্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তর্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্রাই হ’ব প্রতীক মুদ্রা।

৯। মান মুদ্রা কাক বোলে ?

উত্তৰ – মান মুদ্ৰা হ’ল দেশখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য সম্পর্কিত। ভাৰতবৰ্ষৰ মান মুদ্রা হ’ল টকাটো। এক পইচা হ’ব টকাটোৰ ১০০ ভাগৰ এভাগ।

১০। তপত মুদ্রা কি ?

উত্তৰ –  গভীৰ অথনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা-কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰপৰা মূলধনৰ বহির্গমন হয়। মূলধনৰ বহির্গমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে।

মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes

Advertisement

১১। ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – ভাৰতবৰ্ষৰ প্ৰথমটো বেংক ১৭৭০ চনত স্থাপন হৈছিল ৷

১২। ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম কি ?

উত্তৰ – ভাৰতবৰ্ষৰ প্ৰথমটো বেংকৰ নাম হ’ল – বেংক অব্ হিন্দুস্তান ৷

১০। অসমৰ প্ৰথমটো বেংকৰ নাম লিখা ৷

উত্তৰ –  অসমৰ প্ৰথমটো বেংকৰ নাম হ’ল গুৱাহাটী বেংক ৷

১১। গুৱাহাটী বেংক  কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – গুৱাহাটী বেংক  ১৯২৬ চনত স্থাপন হৈছিল ৷

১২। বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম লিখা ৷

উত্তৰ – বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম হ’ল ৰিক্স বেংক ৷

১৩। ৰিক্স বেংক কোনখন দেশৰ কেন্দ্ৰীয় বেংক ?

উত্তৰ – ৰিক্স বেংক ছুইডেনৰ কেন্দ্ৰীয় বেংক ৷

১৪। ছুইডেনৰ ৰিক্স বেংক কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – ছুইডেনৰ ৰিক্স বেংক ১৬৫৬ চনত স্থাপন হৈছিল ৷

১৫। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম লিখা ৷

উত্তৰ – ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকৰ নাম হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংক ৷

১৬। ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপন হৈছিল ৷

১৭। ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ১৯৬৪ চনত স্থাপন হৈছিল ৷

১৮। আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – ১৯৭৫ চনত প্ৰথমতে ৫টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল ৷

মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes

১৯। NABARD কেতিয়া স্থাপন হৈছিল ?

উত্তৰ – ১৯৮২ চনত NABARD স্থাপন কৰা হৈছিল ৷

২০। NABARDৰ সম্পূৰ্ণ নামটো লিখা ৷

উত্তৰ – NABARDৰ সম্পূৰ্ণ নামটো হ’ল National Bank for Agriculture and Rural Development বা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক ৷

২১। ছিদবি আইন কেতিয়া গৃহীত হৈছিল ?

উত্তৰ – ছিদবি আইন ১৯৮৯ চনত গৃহীত হৈছিল ৷

২২। ছিদবি আইন কেতিয়া কাৰ্যকৰী হৈ  উঠিছিল ?

উত্তৰ – ছিদবি আইন ১৯৯০ চনৰ পৰা কাৰ্যকৰী হৈ  উঠিছিল ৷

২১।  ছিদবিৰ মুখ্য কাৰ্যলয় ক’ত অৱস্থিত ?

উত্তৰ – ছিদবিৰ মুখ্য কাৰ্যলয় লক্ষ্ণৌত অৱস্থিত ৷

Read More :

Advertisement

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – অনুশীলনী

ইতিহাস

অধ্যায়- ১ বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৫ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ভূগোল –

অধ্যায়- ১ অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায় ২ – পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৩ পৃথিৱীৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ৪ অসমৰ ভূগোল দশম শ্ৰেণী – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

অৰ্থনীতি বিজ্ঞান –

অধ্যায়- ২ অৰ্থনৈতিক উন্নয়ন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ৰাজনীতি বিজ্ঞান –

ধ্যায়- ১ ভাৰতীয় গণতন্ত্ৰ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

অধ্যায়- ২ আন্তৰ্জাতিক সংস্থা – ৰাষ্ট্ৰ সংঘ আৰু অন্যান্য – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )