মুদ্ৰা আৰু বেংক ব্যৱস্থা

মুদ্ৰা আৰু বেংক ব্যৱস্থা - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অৰ্থনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা ( Money And Banking) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

মুদ্ৰা আৰু বেংক ব্যৱস্থা অনুশীলনী

অতি চমু উত্তৰৰ প্রশ্ন –

১। বিনিময় প্রথা কি ?

উত্তৰ – বিনিময় প্রথা হৈছে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ  প্রত্যক্ষ বিনিময় ৷

২। মুদ্রা কি ?

উত্তৰ – ইংৰাজ অর্থনীতিবিদ জিয়ফ্রী ক্রাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হৈছে মুদ্রা ।

৩। মুদ্ৰাৰ এটা মুখ্য কার্য উল্লেখ কৰা।

উত্তৰ – মুদ্ৰাৰ এটা মুখ্য কার্য এয়ে যে ই হৈছে বিনিময়ৰ মাধ্যম ৷

8।  অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।

উত্তৰ – অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ’ল চেক মুদ্রা ।

৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ?

উত্তৰ – যি কাগজী মুদ্রা সমমূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হয় তেনে কাগজী মুদ্ৰাক প্রতিনিধিত্বমূলক কাগজী মুদ্রা বোলে ।

৬। বেংক কি ?

উত্তৰ – বেংক হল একধৰণৰ বিত্তীয় প্রতিষ্ঠান যিয়ে সঞ্চয় গ্রহণ কৰে আৰু ঋণ প্রদান কৰে ৷

৭। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল ?

উত্তৰ – ভাৰতীয় ৰিজাৰ্ভ বেংক ১৯৩৫ চনত স্থাপিত হৈছিল।

৮। চলিত আমানত কি ?

উত্তৰ –চলিত আমানত  হৈছে এনে একধৰণৰ আমানত ব্যৱস্থা যত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ সঞ্চয় চেকৰ যোগেদি উলিয়াই আনিব পাৰে।

মুদ্ৰা আৰু বেংক ব্যৱস্থা

চমু উত্তৰৰ প্রশ্ন –

Advertisement

১। সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?

উত্তৰ – সংগতিবিহীন অভাৱে বিনিময় প্রথাত সমস্যাৰ সৃষ্টি কৰে ৷ বিনিময় হ’বলৈ হ’লে বিনিময় কৰিব বিচৰা দুয়োপক্ষৰ অভাৱৰ সংগতি থকা উচিত অন্যথা বিনিময় সম্ভৱ নহয় ৷ উদাহৰণ স্বৰূপে, প্ৰথমে ‘ক’ই ধান উৎপাদন কৰিছে আৰু ‘ক’ৰ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে ৷ দ্বিতীয়তে, ‘খ’ই কুঁহিয়াৰ উৎপাদন কৰিছে আৰু ‘খ’ৰ ধানৰ প্ৰয়োজন হৈছে ৷ ইয়াত দুয়োৰে অভাৱৰ সংগতি থকা বাবে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ৷ ধৰাহ’ল ‘খ’ৰ ধানৰ প্ৰয়োজন নাই, মাছহে বিচাৰিছে ৷ তেনে অৱস্থাত ‘ক’ আৰু ‘খ’ৰ বিনিময় হ’ব নোৱাৰে ৷

২। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা ?

উত্তৰ – মুদ্ৰা ব্যৱস্থাত সামগ্ৰীক মুদ্ৰাৰ ৰূপত সঞ্চয় কৰি থ’ব পাৰি ৷ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰী সমূহ সংগ্ৰহ কৰি ল’ব পাৰি ৷ সেয়ে মুদ্ৰা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ ৷

৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কিয় ?

উত্তৰ – ‘মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব ৷’ – মুদ্ৰাৰ এই বৈশিষ্ট্যটো সবাতোকৈ গুৰুত্বপূৰ্ণ ৷ কাৰণ মুদ্ৰাৰ এই  বৈশিষ্ট্যটো নাথাকিলে ই বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে ৷

8।  মুদ্ৰাৰ তাৰল্য গুণ কি?

উত্তৰ – যিকোনো মুদ্ৰা সমমুল্যৰ সা-সামগ্ৰীলৈ তৎক্ষনাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ’লেই মুদ্ৰাৰ তাৰল্য গুণ থকা বুলি কোৱা হয় ৷

৫। ‘মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’– ব্যাখ্যা কৰা।

উত্তৰ –  সকলো আর্থিক সামগ্ৰীৰ মূল্য আছে।  যিবোৰ সামগ্ৰীৰ বজাৰত বেচা-কিনা হয়, সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ’ল সামগ্ৰীটোৰ দাম আৰু সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় সেয়েহে ক’ব পাৰি যে মুদ্রা সা-মগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ৷

মুদ্ৰা আৰু বেংক ব্যৱস্থা

৬। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পার্থক্য কি ?

উত্তৰ –  যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্রা সসীম বিহিত মুদ্ৰা বোলা হয় । এই মুদ্রা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত আহুকালে দেখা দিয়ে। উদাহৰন স্বৰূপে, কোনো বিক্ৰেতা এজনে এডৰা ভূমি বিক্ৰী কৰিছা। ভূমিডৰাৰ মূল্য ১০ লাখ টকা। ভূমি ক্রয় কৰোতাজনে ১০ লাখ টকা কম মূল্যৰ মুদ্ৰাৰ ৰূপত আদায় দিলে বিক্ৰেতাজনৰ অসুবিধা হ’ব ৷ গতিকে কম মূল্যৰ কাগজী বা ধাতু মুদ্রা এই ক্ষেত্ৰত সীমিত বা সসীম বিহিত মুদ্ৰা হ’ব।

        আনহাতে, যি মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি তেনে মুদ্ৰাক অসীম বিহিত মুদ্রা।   উদাহৰণটোত উল্লেখ কৰা ১০ লাখ টকা এই মুদ্রাৰ ৰূপতেই আদায় দিব পাৰি।

৭। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে ?

উত্তৰ – আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা মূল কাৰ্য দুটা হ’ল–

(i) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহদিয়া আৰু

(ii) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা ৷

৮। অনা-বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থত বেলেগ ?

উত্তৰ – অনা-বেংক প্রতিষ্ঠান আৰু বেংকৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল –

                অনা-বেংক প্রতিষ্ঠান                               বেংক
১. চেকৰ ব্যৱস্থা নথকা বাবে চেকৰ জৰিয়তে সঞ্চয়কৰীয়ে নিজৰ জমা ধন উলিয়াব নোৱাৰে ৷১. চেকৰ ব্যৱস্থা থকা বাবে চেকৰ জৰিয়তে সঞ্চয়কৰীয়ে নিজৰ জমা ধন উলিয়াব পাৰে ৷
২. জমাকাৰীৰ সঞ্চয় বীমা আঁচনি নাথাকে ৷২. জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে ৷

দীঘল উত্তৰৰ প্ৰশ্ন –

Advertisement

১। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।

উত্তৰ – বিনিময় প্রথাৰ চাৰিটা অসুবিধা তলত উলএখ কৰা হ’ল –

(i) সংগতিবিহীন অভাৱ –   সংগতিবিহীন অভাৱে বিনিময় প্রথাত সমস্যাৰ সৃষ্টি কৰে ৷ বিনিময় হ’বলৈ হ’লে বিনিময় কৰিব বিচৰা দুয়োপক্ষৰ অভাৱৰ সংগতি থকা উচিত অন্যথা বিনিময় সম্ভৱ নহয় ৷ উদাহৰণ স্বৰূপে, প্ৰথমে ‘ক’ই ধান উৎপাদন কৰিছে আৰু ‘ক’ৰ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে ৷ দ্বিতীয়তে, ‘খ’ই কুঁহিয়াৰ উৎপাদন কৰিছে আৰু ‘খ’ৰ ধানৰ প্ৰয়োজন হৈছে ৷ ইয়াত দুয়োৰে অভাৱৰ সংগতি থকা বাবে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে ৷ ধৰাহ’ল ‘খ’ৰ ধানৰ প্ৰয়োজন নাই, মাছহে বিচাৰিছে ৷ তেনে অৱস্থাত ‘ক’ আৰু ‘খ’ৰ বিনিময় হ’ব নোৱাৰে ৷ ‘খ’ই মাছ উপাদনকাৰীজক বিচাৰি পাব লাগিব। ধৰি লোৱা হ’ল যে সেইজন ‘গ’। যদি ‘গ’ই ‘খ’ৰ পৰা কুঁহিয়াৰ নিবিচাৰি সৰিয়হ বিচাৰে তেতিয়া আকৌ ‘খ’ আৰু ‘গ’ৰ মাজত বিনিময় হ’ব নোৱাৰে। এই দৰেই অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় প্রথাটো ক্রমশ নোহোৱা হ’ল ৷

(ii) হিচাপ-নিকাচৰ উমৈহতীয় এককৰ অভাৱ –  বিনিময়যোগ্য সামগ্রীৰ সংখ্যা বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। যেনে এটা আপেলৰ বিপৰীতে তিনিটা মধুৰিআমৰ বিনিময় হৈছে। গতিকে ১টা আপেলৰ সমান ৩টা মধুৰিয়াম। কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই নহব ৷ বজাৰত যিমান সমগ্ৰী আছে সিমান সামগ্রীৰ বিপৰীতে বিনিময় হাৰ থাকিব লাগিব। বজাৰলৈ ওলাই যাওঁতে এগৰাকী ব্যক্তিয়ে ইমানবোৰ বিনিময় হাৰ মনত ৰাখি যাব লাগিব যিটো অসম্ভৱ ৷

(iii) বিভাজনীয়তাৰ অসুবিধা – কিছুমান সামগ্রী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বিনিময় প্রথাত এনেবোৰ সামগ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে। যেনে হাতীটোৰ গৰাকীক এক কিলোগ্রাম চাউলৰ প্ৰয়োজন হৈছে। এক কিলোগ্রাম চাউল আৰু হাতী এটাৰ মূল্য একে নহয়। কিন্তু হাতীটো অবিভাজনীয়, অর্থাৎ হাতীটো সৰু সৰু অংশলৈ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহ’ব।

(iv) মূল্যৰ ভাণ্ডাৰৰ অভাৱ –  মূল্য বুলিলে সা-সামগ্ৰীৰ মূল্য বুজিব লাগিব। সামগ্ৰীবোৰ যেনে -মাছ, গাখীৰ, কণী ইত্যাদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি। বেছি দিন সাঁচি থ’লে সেইবোৰ নষ্ট হৈ যাব। বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। আনহাতে, সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়।

২। মুদ্ৰাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰ – মুদ্ৰাৰ যিকোনো চাৰিটা প্রধান বৈশিষ্ট্য তলত উল্লেখ কৰা হ’ল –

ক। মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে।

খ। মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।

গl মুদ্রা সহজেই নষ্ট হৈ যোৱা সামগ্রী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদি কোনোটোৱেই মুদ্রা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্রী বেছি দিনলৈ নিটিকে।

ঘl মুদ্রা সমজাতীয় বা পূর্ণ সাদৃশ্যযুক্ত হ’ব লাগিব। উদাহৰণস্বৰূপে, যদি এখন ১০০ টকীয়া নোটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু আন এখন ১০০ টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ হয়, তেনেহ’লে সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব।

৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা।

উত্তৰ – মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য তলত উল্লেখ কৰা হ’ল –

ক। মুদ্রা হৈছে বিনিময়ৰ মাধ্যম।  মুদ্রা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱর্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্ৰী কৰি মুদ্রা অর্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ ক্ৰয় কৰিব। এনেদৰে মুদ্রা হৈ পৰে বিনিময়ৰ মাধ্যম।

খ। মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে। সকলো আর্থিক সামগ্ৰীৰ মূল্য আছে।  যিবোৰ সামগ্ৰীৰ বজাৰত বেচা-কিনা হয়, সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ’ল সামগ্ৰীটোৰ দাম আৰু সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় সেয়েহে ক’ব পাৰি যে মুদ্রাই সা-মগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে।

গ। মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে –  কিছুমান সামগ্রী আৰু পৰিসম্পদ  বেচা-কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয়। তেনে ক্ষেত্ৰত ধন আদায় প্রক্রিয়াটো তৎকালীন নহয়, প্রক্রিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্রকাশ কৰা হয়।

ঘ। মুদ্রাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব লাগে।  মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্রা প্রয়োজন অনুসৰি সামগ্রী ক্রয় কৰোতে ব্যৱহাৰ কৰিব পাৰি। এই অর্থত মুদ্রা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক’ব পাৰি।

মুদ্ৰা আৰু বেংক ব্যৱস্থা

৪। চেক এখন মুদ্রা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দর্শোৱা।

উত্তৰ – চেক এখন মুদ্ৰা নহয় ৷  ই মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাথোন ৷ চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে ৷ উদাহৰণস্বৰূপে ২০০ টকা মুল্যৰ কিতাপ এখন ক্ৰয় কৰি  দুশ টকাৰ চেক এখন লিখি  দোকানীক দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। যদিহে নকৰে দোকানীজনক কাঠগড়ালৈ নিব নোৱাৰি। কাৰণ চেকখন বিহিত মুদ্রা নহয়। ইয়াক ‘ধনাদেশ’ বা নিকট মুদ্রা বুলিও কোৱা হয়।

৫। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা।

 উত্তৰ – মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা তলত উল্লেখ কৰা হ’ল –

(i) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকে ৷ মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্রাস হলে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্রী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ’লে অর্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধি হলে উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্রাস হলে নিবনুৱাৰ সৃষ্টি হয়।

(ii) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্রীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্রা সর্বস্ব অর্থনীতিত মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্য সৃষ্টি কৰে।

(iii) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবােধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্যুক্তি কৰা নহ’ব।

(iv)  মুদ্ৰাৰপৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্রা অর্থনৈতিক অপৰাধ (যেনে আয়কৰ ফাকি)ৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয়।

৬। কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা।

উত্তৰ – কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য হ’ল –

ক। কেন্দ্রীয় বেংকে কাগজী মুদ্রা ছপা কৰে। কেন্দ্রীয় বেংকৰএইটা একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই ।

খ। কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে ৷  বাণিজ্যিক বেকসমূহৰ  ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে ৷ কেন্দ্রীয় বেংকে ঋণ নিয়ন্ত্রণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রন কৰিব পাৰে।

খ।কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্রীয় বেংকে পৰীক্ষা কৰে  আর্থিক সংকটৰ সময়ত কেন্দ্রীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল।

গ। কেন্দ্রীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোতা। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে (ৰাজ্য চৰকাৰসমূহে নহয়) কেন্দ্রীয় বেংকৰ বিত্তীয় সাহায্য ল’ব পাৰে। কেন্দ্রীয় বোকে নতুন মুদ্রা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়।

৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা।

উত্তৰ – বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য তলত উল্লৈখ কৰা হ’ল –

ক।  বাণিজ্যিক বেংকে সঞ্চয় সংগ্রহ কৰে। এই সঞ্চয় তিনি প্রকাৰৰ : (ক) চলিত আমানত (খ) স্থিৰ আমানত বা কাল আমানত আৰু সঞ্চয় আমানত । চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে,  সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে ৷ স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নোৱাৰি ৷  সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্রয়োজন অনুসৰি উলিয়াই আনিব পাৰিব

খ।বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলাচালক,ৰিচালককে ধৰি সমাজৰ বিভিন্ন শ্রেণীৰ লোকে বাণিজ্যিক বেংকৰপৰা ঋণ লাভকৰে  ৷ ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওতাৰ আর্থিক স্থিতি কিছু সবল হয়।

মুদ্ৰা আৰু বেংক ব্যৱস্থা

Advertisement

৮। তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা ?

(ক) আই ডি বি আই

উত্তৰ – ১৯৬৪ চনত ভাৰতীয় ঔদ্যোগিক বেংক বা  আই ডি বি আইস্থাপন কৰা হয়। ইয়াৰ মূল কাৰ্যসমূহ হ’ল–

ক। উদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা।

খ।  ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃথিত সহায় কৰা। এই বেংকটোৱে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্রত্যক্ষভাৱে আর্থিক সাহায্য আগবঢ়ায়। বেংকটোৱে পৰোক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায়।

গ। অর্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।

ঘ। বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।

(খ) আঞ্চলিক গ্রাম্য বেংক

উত্তৰ – ১৯৭৫ চনত ভাৰতত প্ৰথমতে ৫টা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল–

(i) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু

(ii) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা ৷  

           ভাৰতবৰ্ষত বর্তমান (২০১৪ চন) ৫৭টা আঞ্চলিক গ্রাম্য বেংক কার্যকৰী হৈ আছে।

(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক

উত্তৰ – ১৯৮২ চনত নাবার্ড বা কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকস্থাপন কৰা হয়।

নাবার্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হ’ল –

(i) গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰৰ শীর্ষ বিও যোগানকাৰী প্রতিষ্ঠান হ’ল নাবার্ড।

(ii)  ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালোচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্ৰহণ কৰে।

(iii) সকলোবোৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে ।

(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক।

উত্তৰ –  ১৯৮৯ চনত সংসদত ছিদবি আইন গৃহীত হয় আৰু ১৯৯০ চনৰপৰা ছিদবি বা ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক কাৰ্যকৰি হৈ উঠে। ছিদবিৰ মুখ্য কার্যালয় লক্ষ্ণৌত অৱস্থিত। ছিদবিৰ মুখ্য কার্যাৱলী হ’ল –

(i)  ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা

(ii)  ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাৰে বজাৰৰ সুবিধা কৰি দিয়া;

(iii)  অর্ধ-নগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাঁও আৰু অর্ধ-নগৰ এলেকাৰপৰা চহৰলৈ জনসংখ্যাৰ বহির্গমণ ৰোধ কৰা আৰু

(iv)   ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্র উদ্যোগলৈ ঋণ আগবঢ়োৱা।

Read More:

অধ্যায়- ১ মুদ্ৰা আৰু বেংক ব্যৱস্থা – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস-

অধ্যায় ১ – বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্যায় ২ – মাহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্যায় ৩ – অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অধ্যায় ৪ – ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অধ্যায় ৫ – ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

ভূগোল-

অধ্যায় ১ – অৰ্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ

অধ্যায়- ২ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

আধ্যায় ৩ – পৃথিৱীৰ ভূগোল

আধ্যায় ৪ – অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতীয় গণতন্ত্ৰ

অৰ্থনীতি বিজ্ঞান-

অধ্যায় ২ – অৰ্থনৈতিক উন্নয়ন

Advertisement