মূল অৰ্থনৈতিক সমস্যাসমূহ

মূল অৰ্থনৈতিক সমস্যাসমূহ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অৰ্থনীতি বিজ্ঞান খণ্ডৰ অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ ( Basic Economic  Problems ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব |

                                মূল অৰ্থনৈতিক সমস্যাসমূহ – অনুশীলনী

অতি চমু/ চমু উত্তৰৰ প্রশ্ন –

১। সংজ্ঞা লিখা –

(ক) দৰিদ্ৰতা

উত্তৰ – দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয় ৷

(খ) নিবনুৱা

উত্তৰ – অৰ্থনীতিত নিবনুৱা বুলি ক’লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায় ৷

(গ) জনসংখ্যা ঘনত্ব

উত্তৰ – প্রতি বর্গ কিলোমিটাৰ অঞ্চলত বাস কৰা জনসংখ্যাই হ’ল জনসংখ্যা ঘনত্ব ৷

(ঘ) লিংগ অনুপাত

উত্তৰ – প্রতি হাজাৰ পুৰুষৰ বিপৰীতে থকা মহিলাৰ সংখ্যাই হ’ল লিংগ অনুপাত।

(ঙ) চৰম দৰিদ্ৰতা

উত্তৰ – চৰম দৰিদ্ৰতা হ’ল এনে এক পৰিস্থিতি য’ত এজন ব্যক্তিয়ে জীৱন ধাৰণৰ মৌলিক প্রয়োজনীয়তাখিনি যেনেঃ অন্ন, বস্ত্র, বাসস্থান আদিৰ পৰা বঞ্চিত হয়।

(চ) আপেক্ষিক দৰিদ্ৰতা

উত্তৰ – আপেক্ষিক দৰিদ্ৰতা হ’ল এনে এক অৱস্থা য’ত এজন ব্যক্তিয়ে সমাজত জীয়াই থাকিবৰ বাবে যি এক গড় মানদণ্ডৰ প্রয়োজন, তাৰ বাবে প্রয়োজনীয় উপার্জনখিনি আহৰণ কৰাৰ পৰা বঞ্চিত হয় ৷

(ছ) বহনক্ষম উন্নয়ন

উত্তৰ – পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগৰ মতে, ‘যি অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা বৰ্তমান প্ৰজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্ৰজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অৰ্থনৈতিক উন্নয়নেই হ’ল অবিৰত বা বহনক্ষম অৰ্থনৈতিক উন্নয়ন ৷’

(জ) সেউজ অর্থনীতি

উত্তৰ – যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অৰ্থনীতিক সেউজ অৰ্থনীতি বোলা হয় ৷

মূল অৰ্থনৈতিক সমস্যাসমূহ

Advertisement

২। দৰিদ্ৰতাৰ সীমাৰেখা কি ? গাঁও অঞ্চল আৰু চহৰ অঞ্চলৰ দৰিদ্ৰতাৰ সীমাৰেখা কি ?

উত্তৰ – দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্র এই দুটা ভাগত ভাগ কৰে।

           ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰিভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে  গাঁও অঞ্চলত দৈনিক জনমূৰি ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।

৩। ২০১১ চনৰ লোকপিয়লমতে ভাৰতবর্ষ আৰু অসমৰ জনসংখ্যা কিমান ?

উত্তৰ – ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা হৈছে ১২১ কোটি আৰু অসমৰ জনসংখ্যা প্রায় ৩ কোটি ১২ লাখ।

৪। বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে ?

উত্তৰ – বিশ্বৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ ভাৰতত আছে।

৫। ভাৰতৰ সর্বাধিক লিংগ অনুপাত থকা ৰাজ্য কোনখন আৰু কিমান ?

উত্তৰ – ২০১১ চনৰ লোকপিয়ল অনুসৰি কেৰালাৰ লিংগ অনুপাত সর্বাধিক। ৰাজ্যখনৰ লিংগ অনুপাত ১0৮৪।

৬। অসমৰ জনসংখ্যা ঘনত্ব কিমান ?

উত্তৰ –  ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ঘনত্ব হৈছে ৩৯৭ জন ৷

৭। ছদ্মবেশী নিবনুৱা কাক কয় ?

উত্তৰ – ছদ্মবেশী বা প্রছন্ন নিবনুৱা সকল দেখাত বনুৱা হয়। কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে। উদাহৰণস্বৰূপে এটা কাম যদি দুজন মানুহে কৰিব পাৰে, তাত যদি পাঁচজন লোকক নিযুক্ত কৰা হয় তেন্তে ওপৰঞ্চি তিনিজন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।

৮। মুদ্রাস্ফীতি কি ?

উত্তৰ – একে লেথাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক মুদ্রাস্ফীতি বোলা হয় ৷

৯। মুদ্রাস্ফীতিৰ কাৰণবোৰ কি কি ?

উত্তৰ –  মুদ্রাস্ফীতিৰ মূল কাৰণ দুটা ৷ এটা হ’ল চাহিদাজনিত আৰু আনটো ব্যয়জনিত ৷

১০। দমিত মুদ্রাস্ফীতি কাক বোলে ?

উত্তৰ – চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাবে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্রণ কৰে। এনে নিয়ন্ত্রণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্রাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস হয়। এনে মুদ্রাস্ফীতিক দমিত মুদ্রাস্ফীতি বুলি কোৱা হয়।

মূল অৰ্থনৈতিক সমস্যাসমূহ

১১। অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা কিমান থাকে ?

উত্তৰ – অবিধিগত খণ্ডত শ্ৰমিকৰ সংখ্যা ১০ জনতকৈ কম থাকে ৷

১২। সম্পূর্ণ কৰা।

                    কর্মী জনসংখ্যা =   মুঠ কৰ্মী সংখ্যা/ ?     X ১০০

উত্তৰ – কর্মী জনসংখ্যা =   মুঠ কৰ্মী সংখ্যা / মুঠ জনসংখ্যা X ১০০

১৩। বহনক্ষম উন্নয়নৰ সংজ্ঞাটো কোনখন আয়োগে কেতিয়া আগবঢ়াইছিল ?

উত্তৰ – বহনক্ষম উন্নয়নৰ সংজ্ঞাটো Brundtland আয়োগ বা পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগে ১৯৮৭ চনত আগবঢ়াইছিল ৷

১৪। পৰিৱেশ চিন্তাবিদসকলে মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র কি হোৱাটো বিচাৰে ?

উত্তৰ – পৰিৱেশ চিন্তাবিদসকলৰ মতে  মানুহৰ চিন্তা আৰু কৰ্মৰ মূলমন্ত্র এনে ধৰণৰ হোৱা উচিতঃ চিন্তা বিশ্বব্যাপী হোক, কাৰ্যপন্হা স্থানীয় হওক ৷

দীঘল উত্তৰৰ প্রশ্ন –

Advertisement

১। ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ আলোচনা কৰা।

উত্তৰ – ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি সমস্যাৰ মূল কাৰণবোৰ তলত উল্লেখ কৰা হ’ল –

      ১. উচ্চ জন্ম হাৰ ৷

       ২. নিৰক্ষৰতা ৷

       ৩. দৰিদ্ৰতা ৷

       ৪. সামাজিক অজ্ঞতা ৷

       ৫. জনসংখ্যা শিক্ষাৰ অভাৱ ৷

২। দৰিদ্রতা কাক কয় ? দৰিদ্ৰতাৰ সীমাৰেখাই কিদৰে দৰিদ্ৰতা নিৰূপন কৰে ব্যাখ্যা কৰা।

উত্তৰ – দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজন সমূহ যেনে খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যৰ্থ হয় ৷

            দৰিদ্ৰতাৰ সীমাৰেখাই বিতৰণ ৰেখাৰ এক নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰি দিয়ে যি এখন দেশৰ জনসাধাৰণক দৰিদ্ৰ আৰু অদৰিদ্র এই দুটা ভাগত ভাগ কৰে। ভাৰতবৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে যদিও কেলৰি ভিত্তিক ব্যাখ্যাটোৱে হৈছে অধিক প্ৰচলিত ৷ ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰিভিত্তিত আগবঢ়োৱা সংজ্ঞা মতে  গাঁও অঞ্চলত দৈনিক জনমূৰি ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি ন্যূনতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিক দৰিদ্ৰ বুলি কোৱা হয়।

৩। মুদ্রাস্ফীতি কাক বোলে ? মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ আলোচনা কৰা।

উত্তৰ – একে লেথাৰিয়ে সাধাৰণ মূল্যস্তৰ বৃদ্ধি পোৱা অৱস্থাক মুদ্রাস্ফীতি বোলা হয় ৷

 মুদ্রাস্ফীতি নিয়ন্ত্ৰণৰ মূল পদ্ধতিসমূহ তলত আলোচনা কৰা হ’ল –

মৌদ্রিক নীতি – চৰকাৰে গ্ৰহণ কৰা মৌদ্রিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। মুদ্রাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্রহণকাৰীয়ে ঋণ ল’বলৈ নিৰুৎসাহিত হয় আৰু বজাৰত ঋণ হ্রাস হৈ মুদ্রাস্ফীতি নিয়ন্ত্রিত হয়।

ৰাজকোষীয় নীতি – এই নীতিক ‘আয় আৰু ব্যয়’ নীতি বুলিও কোৱা হয়। চৰকাৰী ব্যয় কর্তন কৰি দেশত সামগ্রিক চাহিদা হ্রাস কৰি  মুদ্রাস্ফীতিক নিয়ন্ত্রিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্রকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্রা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ ফলত সামগ্রিক চাহিদা হ্রাস পাব আৰু মুদ্রাস্ফীতি নিয়ন্ত্রিত হ’ব। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্রহণ কৰিও মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিব পাৰে।

উৎপাদন বৃদ্ধি নীতি  – দেশৰ চৰকাৰে অব্যৱহৃত সম্পদৰাজি সঠিক ভাবে ব্যৱহাৰ কৰি উৎপাদন প্রক্রিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ’ব আৰু সামগ্ৰীৰ বর্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তৰ নিয়ন্ত্রিত হ’ব।

মূল অৰ্থনৈতিক সমস্যাসমূহ

৪। নিবনুৱা সমস্যা কাক বোলে ? ইয়াৰ প্ৰকাৰ কি কি? এই সমস্যাৰ মূল কাৰণসমূহ উল্লেখ কৰা ৷

উত্তৰ – অৰ্থনীতিত নিবনুৱা বুলি ক’লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থাপন নাপায় ৷ এনে সমস্যা য’ত নিয়োগ প্ৰত্যাশীৰ সংখ্যা নিয়োগ প্ৰদানকাৰীৰ সংখ্যাতকৈ বেছি হয় তেনে সমস্যাক নিবনুৱা সমস্যা বুলিব পাৰি ৷

            নিবনুৱা সাধাৰণতে দুই প্রকাৰৰ – গ্রাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা।  

(ক) গ্রাম্য নিবনুৱা – গ্রাম্য নিবনুৱা দুই শ্রেণীৰ— ঋতুজ নিবনুৱা আৰু ছদ্মবেশী বা প্রছন্ন নিবনুৱা।

(i) ঋতুজ নিবনুৱা – ঋতুজ নিবনুৱা সকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময়ত  তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে কৃষিকাৰ্য্যত জড়িত লোকসকল ঋতুজ নিবনুৱা।

 (ii) ছদ্মবেশী  নিবনুৱা –  ছদ্মবেশী বা প্রছন্ন নিবনুৱা সকল দেখাত বনুৱা হয়। কিন্তু তেওঁলোকৰ মুঠ উৎপাদনত অলপো ভূমিকা নাথাকে। উদাহৰণস্বৰূপে এটা কাম যদি দুজন মানুহে কৰিব পাৰে, তাত যদি পাঁচজন লোকক নিযুক্ত কৰা হয় তেন্তে ওপৰঞ্চি তিনিজন লোকক ছদ্মবেশী নিবনুৱা বুলি কোৱা হয়।

(খ) চহৰীয়া নিবনুৱা – চহৰীয়া নিবনুৱাও  দুই প্রকাৰৰ – ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা ।

(i)ঔদ্যোগিক নিবনুৱা –  চহৰৰ ঔদ্যোগিক খণ্ডতযিসকল লোকে কর্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বুলিকোৱা হয়।

(ii) শিক্ষিত নিবনুৱা – উপযুক্ত শিক্ষাগত অৰ্হতা থকা স্বত্বেও যেতিয়া কোনো লোকেকর্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক শিক্ষিত নিবনুৱা বুলি কোৱা হয়।

এই সমস্যাৰ মূল কাৰণসমূহ তলত উল্লেখ কৰা হ’ল –

(i) দ্রুত জনসংখ্যা বৃদ্ধি – দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যোগাইছে। বর্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পর্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে।

(ii) নিয়োগ বিহীন উন্নয়ন – দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন  বুলি কোৱা হয়। ফলশ্রুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।

(iii) স্থবিৰ কৃষি উন্নয়ন-  ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্রধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ’ব লাগিছিল সেয়া হৈ উঠা নাই। ফলস্বৰূপে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে। মূল অর্থনৈতিক সমস্যাসমূহ

(iv)ঔদ্যোগীকৰণৰ মন্থৰ গতি – দেশখনত উদ্যোগিক উন্নয়ন যি হাৰত হ’ব লাগিছিল সেয়া হৈ নুঠাত উদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।

(v)  ত্ৰুটিপূর্ণ শিক্ষা ব্যৱস্থা –  প্রচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। বৃত্তিমুখী তথা কাৰিকৰী শিক্ষাৰ অভাৱে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই।

৫। চমুটোকা লিখা

Advertisement

(ক) ঋতুজ নিবনুৱা

উত্তৰ – ঋতুজ নিবনুৱা সকল বছৰৰ এটা সময়ৰ বাবেহে নিবনুৱা, বাকী সময়ত তেওঁলোক বনুৱা হয়। উদাহৰণস্বৰূপে কৃষিকাৰ্য্যত জড়িত লোকসকল ঋতুজ নিবনুৱা।

(খ) চাহিদাজনিত আৰু ব্যয়জনিত মুদ্রাস্ফীতি

উত্তৰ – মুদ্রাস্ফীতিৰ মূল কাৰণ দুটা। এটা হ’ল চাহিদাজনিত আৰু

আনটো হ’ল ব্যয়জনিত।

              চাহিদাজনিত মুদ্রাস্ফীতি হ’ল জনসাধাৰণৰ যেতিয়া দ্রব্য বা সেৱাৰ প্রতি চাহিদা অধিক বৃদ্ধি পায় আৰু সেই অনুপাতে দ্রব্য আৰু সেৱাৰ যোগান বৃদ্ধি নাপায়। এনে অৱস্থাত মানুহৰ হাতত অধিক মুদ্রা বা ক্রয় ক্ষমতা থাকে, আৰু ইয়াৰে বজাৰত থকা কম পৰিমাণৰ দ্রব্য বা সেৱাৰ প্রতি চাহিদা বাঢ়ে। ফলস্বৰূপে দ্ৰব্য আৰু সেৱা বিলাকৰ মূল্য বৃদ্ধি পায়। এনে অৱস্থাত মুদ্রাস্ফীতিৰ সৃষ্টি হয়।

              মুদ্রাস্ফীতিৰ অন্য এটা কাৰণ হ’ল দ্ৰব্য আৰু সেৱাৰ উৎপাদন ব্যয় বৃদ্ধি। ইয়াক ব্যয়জনিত মুদ্রাস্ফীতি বুলি কোৱা হয়। ব্যয়জনিত মুদ্রাস্ফীতি প্রধানকৈ তিনিটা কাৰকৰ ফলত সৃষ্টি হয়— (ক) মজুৰি বৃদ্ধি, (খ) লাভৰ পৰিমাণ বৃদ্ধি আৰু (গ) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বোজা।

(গ) বহনক্ষম উন্নয়ন

উত্তৰ – অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্রতিক্রিয়া নপৰে সেই উদ্দেশ্য আগত ৰাখি ১৯৮৭ চনত Brundtland আয়োগে অবিৰত বা বহনক্ষম উন্নয়নৰ ধাৰণাটো দাঙি

ধৰিছিল। এই আয়োগ পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগ  বুলিও জনাজাত। আয়োগৰ মতে ‘যি অর্থনৈতিক উন্নয়নৰ দ্বাৰা বর্তমান প্রজন্মৰ অভাৱসমূহ দূৰ হ’ব পাৰে অথচ তাৰ লগে লগে ভৱিষ্যৎ প্রজন্মৰ অভাৱসমূহৰ দূৰীকৰণৰ ক্ষমতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহয় সেই অর্থনৈতিক উন্নয়নেই হ’ল অবিৰত বা বহনক্ষম অর্থনৈতিক উন্নয়ন।

মূল অৰ্থনৈতিক সমস্যাসমূহ

(ঘ) সেউজ অর্থনীতি

উত্তৰ – যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্ৰৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাচভ কৰা, তেনে অৰ্থনীতিক সেউজ অৰ্থনীতি বোলা হয় ৷

  পৰিবেশ সচেতন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ বাবে এতিয়া মূলমন্ত্ৰ হৈছেঃ চিন্তা বিশ্বব্যাপী হোক, কাৰ্যপন্হা স্থানীয় হওক ৷

(ঙ) মুক্ত আৰু দমিত মুদ্রাস্ফীতি।

উত্তৰ – যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়। অন্যহাতেদি চৰকাৰে বিভিন্ন প্রত্যক্ষ ব্যৱস্থাৰ যোগেদি যেনে ৰাজহুৱা বিতৰণ ব্যৱস্থা, চৰকাৰী ভাবে দৰ নিৰ্ধাৰণ আদিৰ যোগেদি দৰ নিয়ন্ত্রণ কৰে। এনে নিয়ন্ত্রণ ব্যৱস্থাই দৰ স্তৰ মুক্ত মুদ্রাস্ফীতিৰ দৰ স্তৰতকৈ কমত ৰাখে আৰু দৰ স্তৰ বৃদ্ধিৰ পৰিমাণ হ্রাস হয়। এনে মুদ্রাস্ফীতিক দমিত মুদ্রাস্ফীতি বুলি কোৱা হয়।

Read More:

Advertisement

অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

অধ্যায় ৩ – মোৱামৰীয়া গণ বিদ্ৰোহ

ভূগোল –

অধ্যায় ১ – ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ