অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান , ৰাজনীতি বিজ্ঞানৰ নৱম শ্ৰেণীৰ, অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷
মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
১। ভাৰতত কোনটো সংস্থাৰ তত্ত্বাৱধানত মাহিলী জনমূৰি ভোগ ব্যয় আহৰণ কৰা হয় ?
উত্তৰ – ভাৰতত ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয়ৰ তত্ত্বাৱধানত মাহিলী জনমূৰি ভোগ ব্যয় আহৰণ কৰা হয় ৷
২। ‘Poverty and UnBritish Rule in India’ গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰ – ‘Poverty and UnBritish Rule in India’ গ্ৰন্থখন দাদভাই নৌৰজীয়ে লিখিছিল ৷
৩। পৃথিৱীৰ প্ৰথম জনবহুল দেশখনৰ নাম লিখা ৷
উত্তৰ – পৃথিৱীৰ প্ৰথম জনবহুল দেশখনৰ নাম চীন ৷
৪। পৃথিৱীৰ দ্বিতীয় জনবহুল দেশখনৰ নাম লিখা ৷
উত্তৰ – পৃথিৱীৰ দ্বিতীয় জনবহুল দেশখনৰ নাম ভাৰত ৷
৫। ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ১২১ কোটি ৷
৬। ভাৰতবৰ্ষৰ সৰ্বাধিক জনবহুল ৰাজ্য কোনখন ?
উত্তৰ – ভাৰতবৰ্ষৰ সৰ্বাধিক জনবহুল ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ ৷
৭। ভাৰতবৰ্ষৰ সৰ্বাধিক জনবহুল ৰাজ্যখনৰ জনসংখ্যা কিমান ?
উত্তৰ – ভাৰতবৰ্ষৰ সৰ্বাধিক জনবহুলৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ ৷ ২০১১চনৰ লোকপিয়ল মতে উত্তৰ প্ৰদেশৰ জনসংখ্যা ১৯.৯ কোটি ৷
৮। ভাৰতবৰ্ষৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলৰ জনসংখ্যা আটাইতকৈ কম ?
উত্তৰ – ভাৰতবৰ্ষৰ কেন্দ্ৰীয়শাসিত অঞ্চল লাক্ষাদ্বীপৰ জনসংখ্যা আটাইতকৈ কম ৷২০১১চনৰ লোকপিয়ল মতে লাক্ষাদ্বীপৰজনসংখ্যা ৬৪,৪২৯ জন ৷
৯। ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান ?
উত্তৰ – ২০১১ চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা হৈছে প্ৰায় ৩ কোটি ১২ লাখ ৷
১০। অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলা কোনখন আৰু ইয়াৰ জনসংখ্যা কিমান ?
উত্তৰ – অসমৰ আটাইতকৈ বেছি জনসংখ্যা থকা জিলাখন হৈছে নগাঁও আৰু ইয়াৰ জনসংখ্যা ২৮ লাখ ২৬ হাজাৰ ৷
১১। অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলা কোনখন আৰু ইয়াৰ জনসংখ্যা কিমান ?
উত্তৰ – অসমৰ আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাচাও আৰু ইয়াৰ জনসংখ্যা হ’ল ২,১৩,৫২৯ জন ৷
১২। ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ – ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন ৷
১৩। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম লিখা আৰু ৰাজ্যখনৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ – ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হ’ল পশ্চিম বংগ ৷ ৰাজ্যখনৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১০২৯ জন ৷
মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
১৪। ভাৰতবৰ্ষৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম লিখা আৰু ৰাজ্যখনৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ – ভাৰতবৰ্ষৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হ’ল অৰুণাঞ্চল প্ৰদেশ ৷ ৰাজ্যখনৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১৭ জন ৷
১৫। ভাৰতবৰ্ষৰ লিংগ অনুপাত কিমান ?
উত্তৰ –ভাৰতবৰ্ষৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হ’ল ৯৪০ ৷
১৬। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ লিংগ অনুপাত সৰ্বাধিক আৰু কিমান ?
উত্তৰ – ভাৰতবৰ্ষৰ কেৰেলাত লিংগ অনুপাত সৰ্বাধিক ৷ কেৰেলাত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০৮৪ ৷
১৭। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ লিংগ অনুপাত সৰ্বনিম্ন আৰু কিমান ?
উত্তৰ –ভাৰতবৰ্ষৰ হাৰিয়ানাত লিংগ অনুপাত সৰ্বনিম্ন ৷ হাৰিয়ানাত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৭৭ ৷
১৮। অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ – অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৯৭ জন ৷
১৯। অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম লিখা আৰু জিলাখনৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ – অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হ’ল কামৰূপ মহানগৰ ৷ কামৰূপ মহানগৰৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২০১০ জন ৷
২০। অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম লিখা আৰু জিলাখনৰ জনসংখ্যাৰ ঘনত্ব কিমান ?
উত্তৰ – অসমৰৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম হ’ল ডিমা হাচাও ৷ জিলাখনৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৪ জন ৷
২১। অসমৰ লিংগ অনুপাত কিমান ?
উত্তৰ –অসমৰৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হ’ল ৯৫৪ ৷
২২। অসমৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক আৰু কিমান ?
উত্তৰ – অসমৰ মৰিগাঁও জিলাত লিংগ অনুপাত সৰ্বাধিক ৷ মৰিগাঁওত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৭৪ ৷
২৩। অসমৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বনিম্ন আৰু কিমান ?
উত্তৰ –অসমৰ কামৰূপ মহানগৰ জিলাত লিংগ অনুপাত সৰ্বনিম্ন ৷ কামৰূপ মহানগৰত প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২২ ৷
২৪। ঔদ্যোগিক নিবনুৱা কাক বোলে ?
উত্তৰ – চহৰৰ ঔদ্যোগিক খণ্ডত যিসকল লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেওঁলোকক ঔদ্যোগিক নিবনুৱা বুলি কোৱা হয় ৷
২৫। শিক্ষিত নিবনুৱা কাক বোলে ?
উত্তৰ – উপযুক্ত শিক্ষাগত অৰ্হতা থকা স্বতেও যেতিয়া কোনো লোকে কৰ্মসংস্থাপনৰ সুবিধা লাভ নকৰে তেঁওলোকক শিক্ষিত নিবনুৱা বুলি কোৱা হয় ৷
২৬। কৰ্মী-জনসংখ্যা অনুপাত কিদৰে নিৰ্ণয় কৰা হয় ? নিবনুৱা সমস্যাৰ লগত ইয়াৰ সম্পৰ্ক কি ?
উত্তৰ – মুঠ কৰ্মী-সংখ্যাক জনসংখ্যাৰে ভাগ কৰি ১০০ৰে পূৰণ কৰিলে কৰ্মী জনসংখ্যা অনুপাত পোৱা যায় ৷
কৰ্মী জনসংখ্যা অনুপাত যিমানে বেছি হয় সিমানেই নিবনুৱাৰ সংখ্যা হ্ৰাস পায় ৷
২৭। ভাৰতবৰ্ষত নিবনুৱা সমস্যাৰ গণনা কোনে কৰে ?
উত্তৰ – ভাৰতবৰ্ষত নিবনুৱা সমস্যাৰ গণনা ‘ৰাষ্ট্ৰীয় নমুনাসমীক্ষাসংস্থা(NSSO)’ই কৰে ৷
২৮। নিবনুৱা সমস্যাৰ গণনা কৰিবলৈ NSSOই উদ্ভাৱন কৰা ধাৰণা কেইটা কি কি ?
উত্তৰ – নিবনুৱা সমস্যাৰ গণনা কৰিবলৈ NSSOই উদ্ভাৱন কৰা ধাৰণা কেইটা হ’ল –
(১) সচৰাচৰ ভিত্তিত বা চলিত বছৰৰ ভিত্তিত,
(২) চলিত দৈনিক ভিত্তিত,
(৩) চলিত সপ্তাহিক ভিত্তিত,
এই ধাৰণাকেইটাৰ ভেটি হৈছে সংস্থাই সামৰি লোৱা লোকসকলৰ কৰ্মদিনৰ দৈৰ্ঘ্য ৷
Read More:
অধ্যায়- ২ মূল অৰ্থনৈতিক সমস্যাসমূহ – অনুশীলনী
ইতিহাস –
অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
ভূগোল –
অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )
অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes
অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- 4 অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ )
ৰাজনীতি বিজ্ঞান –
অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অৰ্থনীতি বিজ্ঞান–
অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
3 Replies to “মূল অৰ্থনৈতিক সমস্যাসমূহ – Notes”