অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান , ইতিহাস নৱম শ্ৰেণীৰ, অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ ) ইয়াত পাব ৷ পাঠ্যপুথিত থকা অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ ইয়াত “Click” কৰিলে পাব ৷
মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
১/ মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে ?
উত্তৰ – মোৱামৰীয়া শব্দটো ‘মায়ামৰা’ শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে ৷
২/ মায়ামৰা সত্ৰৰ শিষ্যসকল মুলতঃ কোন জনগোষ্ঠিৰ লোক ?
উত্তৰ – মায়ামৰা সত্ৰৰ শিষ্যসকল মুলতঃ মৰাণ জনগোষ্ঠিৰ লোক ৷
৩/ বৈষ্ণৱ সত্ৰ মানে কি ?
উত্তৰ – বৈষ্ণৱ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সংস্কৃতিক অনুষ্ঠান ৷
৪/ বৈষ্ণৱ সত্ৰসমূহৰ চাৰিটা ভাগ কি কি ?
উত্তৰ – বৈষ্ণৱ সত্ৰসমূহৰ চাৰিটা ভাগ বা সংহতি হ’ল – ব্ৰহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি ৷
৫/ কোনজন আহোম ৰজাৰ দিনত ‘শ্ৰী শ্ৰী স্বৰ্গনাৰায়ন মহাৰাজৰ জন্ম কথা’ নামৰ বুৰঞ্জীখন লিখা হৈছিল ?
উত্তৰ – আহোম ৰজা চুহুংমুঙৰ দিনত ‘শ্ৰী শ্ৰী স্বৰ্গনাৰায়ন মহাৰাজৰ জন্ম কথা’ নামৰ বুৰঞ্জীখন লিখা হৈছিল৷
৬/ কোনজন আহোম ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল ?
উত্তৰ – চুৰুমফা বা ভগাৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল ৷
৭/ কোনজন আহোম ৰজাই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যদা দিছিল ?
উত্তৰ – আহোম ৰজা ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যদা দিছিল ৷
৮/ স্বৰ্গদেউ ৰূদ্ৰসিংহই বংগদেশৰ নদীয়াৰ পৰা অসমলৈ মতাই অনা শাক্ত ব্রাহ্মণ পণ্ডিতজনৰ নাম কি আছিল ?
উত্তৰ – স্বৰ্গদেউ ৰূদ্ৰসিংহই বংগদেশৰ নদীয়াৰ পৰা অসমলৈ মতাই অনা শাক্ত ব্রাহ্মণ পণ্ডিতজনৰ নাম আছিল কৃষ্ণৰাম ভট্টাচাৰ্য ৷
৯/ কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকল কি নামেৰে জনাজাত ?
উত্তৰ – কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰপুৰুষসকল ‘পৰ্বতীয়া গোসাঁই’ নামেৰে জনাজাত ৷
১০/ পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি ৷ সেই ভাগ দুটা কি কি ?
উত্তৰ – পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি ৷ সেই ভাগ দুটা হ’ল – কাড়ী পাইক আৰু চমুৱা পাইক ৷
মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
১১/ কীৰ্তিচন্দ্ৰ কোন সত্ৰৰ শিষ্য আছিল ?
উত্তৰ – কীৰ্তিচন্দ্ৰ দিহিং সত্ৰৰ শিষ্য আছিল ৷
১২/ আহোম সমৰ্থকসকলে কাৰ সহায়ত মোৱামৰীয়াসকলৰ এজন প্ৰধান নেতা ৰাঘৱ মৰাণক হত্যা কৰিছিল ?
উত্তৰ – আহোম সমৰ্থকসকলে মণিপুৰী ৰাজকুঁৱৰী কুৰঙ্গনয়নীৰ সহায়ত মোৱামৰীয়াসকলৰ এজন প্ৰধান নেতা ৰাঘৱ মৰাণক হত্যা কৰিছিল ৷
১৩/ কামৰূপৰ কোনজন ৰজাই বংগদেশৰ পৰা ‘বৰকান্দাজ’ নামৰ ভেৰণীয়া সণ্য আনি বিদ্ৰোহ ঘোষণা কৰিছিল ?
উত্তৰ – কামৰূপৰ ৰজা হৰদত্ত চৌধুৰীয়ে বংগদেশৰ পৰা ‘বৰকান্দাজ’ নামৰ ভেৰণীয়া সণ্য আনি বিদ্ৰোহ ঘোষণা কৰিছিল ৷
১৪/ অসমলৈ ইংৰাজৰ প্ৰথম আগমণ কেতিয়া হৈছিল ?
উত্তৰ – অসমলৈ ইংৰাজৰ প্ৰথম আগমণ ১৭৯২ চনত হৈছিল ৷
১৫/ কোনজন ব্ৰিটিছ বিষয়াৰ নেতৃত্বত অসমলৈ ইংৰাজৰ প্ৰথম আগমণ হৈছিল ?
উত্তৰ – অসমলৈ ইংৰাজৰ প্ৰথম আগমণ ব্ৰিটিছ বিষয়াকেপ্তেইন থমাছ ওৱেলছেৰ নেতৃত্বত হৈছিল ?
১৬/ কোনজন আহোম ৰজাই ব্ৰিটিছৰ ওচৰত সহায় বিচৰাত অসমলৈ ইংৰাজৰ প্ৰথম আগমণ হৈছিল ?
উত্তৰ – স্বৰ্গদেউ গৌৰিনাথ সিংহই ব্ৰিটিছৰ ওচৰত সহায় বিচৰাত অসমলৈ ইংৰাজৰ প্ৰথম আগমণ হৈছিল ৷
১৭/ কেপ্টেইন ওৱেলছ আৰু গৌৰিনাথ সিংহৰ মাজৰ বাণিজ্যিক চুক্তিখন কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰ – কেপ্টেইন ওৱেলছ আৰু গৌৰিনাথ সিংহৰ মাজৰ বাণিজ্যিক চুক্তিখন ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল ৷
১৮/ পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি কোনজন ইংৰাজ বিষয়াই গ্ৰহণ কৰিছিল ?
উত্তৰ – পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি ছাৰ জন ছোৰেই গ্ৰহণ কৰিছিল ৷
১৯/ ১৮০৫ চনত কাছাৰত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?
উত্তৰ – ১৮০৫ চনত কাছাৰত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব ৰাজেশ্বৰ সিংহৰ ভগনীয়া পুত্ৰ বিজয় বৰমুৰাগোহাঁঞিয়ে দিছিল ৷
২০/ কোনজন আহোম ৰজাই ‘মটক ৰাজ্য’ স্থাপন কৰি মোৱামৰীয়া সকলক সন্তুষ্ট কৰিছিল ?
উত্তৰ – পুৰ্ণানন্দ বুঢ়াগোহাঁঞিয়ে মোৱামৰীয়া নেতা সৰ্বনন্দৰ লগত এখন চুক্তি কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূ-খণ্ডত ‘মটক ৰাজ্য’ স্থাপন কৰি মোৱামৰীয়া সকলক সন্তুষ্ট কৰিছিল ৷
Read More:
অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – অনুশীলনী
ইতিহাস –
অধ্যায়- ১ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
ভূগোল –
অধ্যায়- ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন – Notes (অতিৰিক্ত প্ৰশ্নোত্তোৰ )
অধ্যায়- 2 বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ – Notes
অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- 4 অসমৰ ভূগোল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তোৰ )
ৰাজনীতি বিজ্ঞান –
অধ্যায়- ১ ভাৰতৰ ৰাজনৈতিক দল – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
অৰ্থনীতি বিজ্ঞান–
অধ্যায়- ১ অৰ্থনীতিৰ মৌলিক বিষয় সমূহ – Notes ( অতিৰিক্ত প্ৰশ্নোত্তৰ )
2 Replies to “মোৱামৰীয়া গণ বিদ্ৰোহ – Notes”