মোৱামৰীয়া গণ বিদ্ৰোহ

মোৱামৰীয়া গণ বিদ্ৰোহ - Notes
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, সমাজ বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, ইতিহাস খণ্ডৰ অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ (The Moamoriya Rebellion ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

                          মোৱামৰীয়া গণ বিদ্ৰোহ  – অনুশীলনী

অতি চমু/চমু উত্তৰৰ প্ৰশ্ন –

১/  মায়ামৰা কি ?

উত্তৰ – মায়ামৰা হৈছে এখন কাল সংহতিৰ অন্তর্ভুক্ত বৈষ্ণৱ সত্ৰৰ নাম।

২/সত্ৰ বুলিলে কি বুজা?

উত্তৰ – সত্ৰ হৈছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধর্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।

৩/ সংহতি কি?

উত্তৰ – মহাপুৰুষ শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰ শিষ্য-প্রশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছিল, এই ভাগসমূহকে সংহতি বুলি কোৱা হয়। যেনে –ব্রহ্ম সংহতি, পুৰুষ সংহতি, কাল সংহতি আৰু নিকা সংহতি।

৪/ মোৱামৰীয়া বিদ্রোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?

উত্তৰ – মোৱামৰীয়া বিদ্রোহ আহোমস্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল ।

৫/ মোৱামৰীয়া বিদ্রোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?

উত্তৰ – মোৱামৰীয়া বিদ্রোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল।

৬/ কোনজন আহোম ৰজাই প্রথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্রহণকৰা বুলি অনুমান কৰা হয় ?

উত্তৰ – আহোম ৰজাই চুহুংমুঙে প্রথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্রহণকৰা বুলি অনুমান কৰা হয় ৷

৭/ চুৰুমফা বা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল ?

উত্তৰ – চুৰুমফা বা ভগাৰজাৰ দিনতমায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল ।

৮/ ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল ?

উত্তৰ – ৰুদ্ৰসিংহৰ ৰাজসভাতচতুর্ভুজদেৱ মহন্তক অপমান কৰা হৈছিল ।

মোৱামৰীয়া গণ বিদ্ৰোহ

Advertisement

৯/ আহোমসকলৰ প্রধান উপাস্য দেৱতা জনৰ নাম লিখা।

উত্তৰ – আহোমসকলৰ প্রধান উপাস্য দেৱতা জনৰ নামছোমদেউ|

১০/ জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল ?

উত্তৰ – জয়ধ্বজ সিংহইআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল।

১১/  ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল ?

উত্তৰ – ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল।

১২/ কৃষ্ণৰাম ভট্টাচার্য কোন আছিল?

উত্তৰ – স্বৰ্গদেউ ৰূদ্ৰসিংহই বংগদেশৰ নদীয়াৰ পৰা অসমলৈ মতাই অনা শাক্ত ব্রাহ্মণ পণ্ডিতজনেই কৃষ্ণৰাম ভট্টাচার্য আছিল ৷

১৩/ কোনজন আহোম ৰজাৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিছিল ?

উঃ স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিছিল।

১৪। গাগিনি কোন আছিল?

উত্তৰ – গাগিনি মোৱামৰীয়া মহন্ত অষ্টভূজৰ পুত্ৰ আছিল।

১৫/ মোৱামৰীয়াসকলে পোনপ্রথমে কাক ৰজা পাতিছিল ?

উত্তৰ – মোৱামৰীয়াসকলে পোনপ্রথমেনাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰামানন্দ ৰজা পাতিছিল।

১৬/ কেপ্টেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল ?

উত্তৰ – কেপ্টেইন ওৱেলছ১৭৯২ চনৰ নৱেম্বৰৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ অসমত আছিল ।

১৭/ অসমৰ ক’ত লোণ উৎপাদন হৈছিল ?

উত্তৰ – অসমৰশদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল।

১৮/ অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?

উত্তৰ – লোণ বৰ দামী বস্তু আছিল সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিবলৈ অসমর্থ আছিল।

মোৱামৰীয়া গণ বিদ্ৰোহ

মোৱামৰীয়া গণ বিদ্ৰোহচমু/দীঘল উত্তৰৰ প্ৰশ্ন –

১/ মোৱামৰীয়াসকল কোন? এই বিদ্রোহক গণ অভ্যুত্থান বা গণবিদ্রোহ বুলি ক’ব পৰা যায়নে?

উত্তৰ – মোৱামৰীয়াসকল মুখ্যতঃ মৰাণ জনগোষ্ঠিৰ লোক ৷ তেওঁলোক কাল সংহতিৰ অন্তর্ভুক্ত  ‘মায়ামৰা’ সত্ৰৰ শিষ্য আছিল ৷ মোৱামৰীয়া শব্দটো আচলতে ‘মায়ামৰা’ শব্দৰ পৰা উৎপত্তি হোৱা যেন লাগে ৷

       এই বিদ্ৰোহক গণ অভ্যুত্থান বা গণবিদ্রোহ বুলি ক’ব পৰা যায় কাৰণ ইয়াত যোগদান কৰা অজস্ৰ সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই আছিল সাধাৰণ কৃষক বা অন্যন্য বৃত্তিধাৰী লোক ৷

২/ মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।

উত্তৰ –  মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান ৰাজনৈতিক কাৰণ আছিল আহোম ৰজা সকলৰ দ্বাৰা মোৱামৰীয়া সকলৰ ওপৰত কৰা নিৰ্যাতন ৷ তেনে কিছু ঘটনা ইয়াত বিশ্লেষণ কৰা হ’ল –

       মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ বিশ্লেষণ কৰিলে প্রায় এশ বছৰ পুৰণি ইতিহাস দোহাৰিব লাগিব। গুৰুৰ প্রতি মোৱামৰীয়া শিষ্যসকলৰ আছিল অগাধ ভক্তি। প্রয়োজনত তেওঁৰ হকে প্রাণ বিসর্জন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। মায়ামৰা সত্ৰৰ এই শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে অন্যৰ ওচৰত মূৰ নোদোৱাইছিল। এবাৰ স্বৰ্গদেউ প্রতাপ সিংহই (১৬০৩-১৬৪১ চন) মোৱামৰীয়া শিষ্যসকলৰ গুৰুভক্তিক উপলুঙা কৰাৰ মানসেৰে সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিলে। সন্মুখত দুখন চোকা তৰোৱাল সিহঁতৰ ডিঙিৰ সমানকৈ পঠালিকৈ বান্ধি ৰাখিলে। সকলোকে হতচকিত কৰি দুয়ো শিষ্যই শিৰচ্ছেদ গ্রহণ কৰিলে কিন্তু নিজৰ মূৰ নোদোৱালে।

      প্রতাপ সিংহৰ পিছত পৰৱৰ্তী ৰজা চুৰুমফা ভগাৰজাৰ (১৬৪১-৪৪ চন) দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিল। মোৱামৰীয়াসকলে এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্রকেই জগৰীয়া কৰিছিল আৰু তাৰ প্রতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। নিত্যানন্দদেৱৰ হত্যাৰ পিছতো আৰু কেইবাটাও ৰাজ আতিশয্যৰ প্ৰমাণ পোৱা যায়। তাৰ ভিতৰত গদাধৰ সিংহৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তৰ হত্যা, ৰুদ্ৰসিংহৰ ৰাজসভাত চতুর্ভূজদেৱ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ, শিৱসিংহৰ দিনত বৰজা ফুলেশ্বৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তক জোৰকৈ বলিৰ ফোট ল’বলৈ বাধ্য কৰোৱা আদিয়েই প্রধান। এনে ধাৰাবাহিক নির্যাতনৰ পুঞ্জীভূত বেদনাৰ বহিঃপ্রকাশ ঘটিছিল এই মােৱামৰীয়া বিদ্রোহত।

৩/ আহোমৰ ধর্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে ? আলোচনা কৰা ৷

উত্তৰ –  আহোমসকল অসমত ৰাজত্ব কৰাৰ আৰম্ভণিৰে পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল। কিন্তু সময়ৰ লগে লগে তেওঁলোকে হিন্দু ধর্মীয় পৰম্পৰাৰ প্রতি আকৃষ্ট হ’বলৈ আৰম্ভ কৰিছিল। আহোম ৰজা জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ বিভিন্ন ঠাইত সত্র স্থাপন কৰি মাটি বাৰী, ধন-পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবোৰৰ মাজত ৰাজ অনুগ্রহ লাভৰ বাবে প্রতিযোগিতা চলিছিল।

       গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ প্রতিপত্তি ৰোধ কৰিবলৈ আহোমৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিহে উপযুক্ত বুলি অনুভৱ কৰিছিল৷  তেওঁৰ দিনৰ পৰিৱর্তিত আহোম নীতিৰ সন্মুখত তিস্থিব নোৱাৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহুকেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবর্ণনীয় অত্যাচাৰ চলোৱা হৈছিল।

        গদাধৰ সিংহৰ পিছৰজনা ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱর্তন সাধিছিল আৰু নির্বাসিত, নির্যাতিত অথবা পলাতক সূত্ৰাধিকাৰসকলক পুনৰাই ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল। তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণলৈ বামুণীয়া সত্ৰবোৰক বিশেষ মর্যাদা দি শূদ্ৰ সত্ৰাধিকাৰসকলৰ লগত একপ্ৰকাৰ মনোমালিন্যৰ সৃষ্টি কৰিছিল।

         স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুঁৱৰী ফুলেশ্বৰী (বৰৰজা’) অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিবলৈ সুবিধা পালে। এটা সময়ত ৰাজআজ্ঞামতেই শূদ্র মহন্তসকলৰ ওপৰত নির্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফোট ল’বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়। তেনে অত্যাচৰৰ ফলাফলেই আছিল মোৱামৰীয়া বিদ্রোহ।

       এই আলোচনাৰ পৰা কব পাৰি যে আহোমৰ ধর্মীয় নীতিৰ পৰিৱৰ্তনো মোৱামৰীয়া বিদ্ৰোহৰ এটা কাৰক ৷

৪/  পাইক প্রথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা।

উত্তৰ –  মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ অধিকাংশই জনজাতীয় আৰু সমাজৰ নিম্ন বৰ্গৰ লোক। সেই সূত্রে তেওঁলোক আহোম ৰাজ্যৰ পাইক প্ৰথাৰ জৰিয়তে শাৰীৰিক শ্রম আগবঢ়াবলৈ বাধ্য আছিল।

       আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকেই আছিল একো একোজন পাইক। আৰম্ভণিতে ৪ জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। চাৰিজনীয়া গোটটোৰ পৰা পাল পাতি (এজন পাইকে ৩ মাহকৈ) ৰজাক কাম কৰি দিব লাগিছিল। পিছৰ ফালে অর্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্য সংখ্যা ৩ জনলৈ হ্রাস কৰা হৈছিল যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনী ৪ মাহলৈ বৃদ্ধি হৈছিল। গতিকে প্রতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল।

        পাইক শোষণৰ অন্য এক প্রক্রিয়া আছিল পাইকৰ শ্রেণী বিভাজন। পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি – কাড়ী পাইক আৰু চমুৱা পাইক। সংখ্যাত নিচেই তাকৰীয়া হলেও চমুৱা পাইকসকল আছিল কাড়ী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্রা বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাড়ী পাইকৰ সংখ্যা ক্রমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল। ফলস্বৰূপে সামাজিক অসমতা বৃদ্ধি পাইছিল আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

    ইয়াৰ পৰা ক’ব পাৰি যে পাইক প্রথা মোৱামৰীয়া বিদ্ৰোহৰ আন এটা কাৰণ ৷

মোৱামৰীয়া গণ বিদ্ৰোহ

Advertisement

৫/ মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা।

উত্তৰ –  মোৱামৰীয়া বিদ্ৰোহৰ প্ৰধান ফলাফলসমূহ তলত উল্লেখ কৰা হ’ল –

(ক) ৰাজনৈতিক ফলাফল – প্রায় তিনিটা দশক জুৰি হোৱা দীঘলীয়া গৃহযুদ্ধৰ অন্তত আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য দুয়োটাই চেদেলি-ভেদেলি হৈ মৃত্যুক্ষণ গণিছিল। বিদ্রোহ দমনত ব্যর্থ আহোম শাসনতন্ত্রক সহায়ৰ হাত আগবঢ়াই একপ্রকাৰ ইংৰাজসকলে অসমত খোপনি পতাৰ প্রথম প্রক্রিয়া আৰম্ভ কৰিছিল। এই অভিযানৰ সুযোগ লে ওৱেলছে অসমৰ বিষয়ে বিতং তথ্য আহৰণ কৰি তাৰ এটা গুৰুত্বপূর্ণ প্রতিবেদন প্রস্তুত কৰি কোম্পানি চৰকাৰলৈ প্ৰেৰণ কৰিছিল। এই প্রতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই পিছলৈ কোম্পানি চৰকাৰে অসম সম্পৰ্কত সকলো ৰাজনৈতিক নীতি নির্ধাৰণ কৰিছিল যাৰ পৰিণতি কিমান বহুত ভয়াৱহ আছিল ৷

                 মোবামৰীয়া বিদ্ৰোহৰ অন্য এক ঋণাত্মক পৰিণতি আছিল তাহোম শাসনতৰ অৱনতি ৷আহোম শাসন ব্যবস্থা আছিল মধ্যযুগীয়া সামন্ততান্ত্রিক শাসন ব্যবস্থা। এই ব্যৱস্থাত ৰজা আছিল প্রশাসনৰ মুৰব্ৰী আৰু অন্যান্য পদবিবোৰ আছিল ৰজাৰ আজ্ঞাবাহী বিষয়া। কিন্তু ৰজাৰ দুৰ্বলতাৰ সুযোগ লৈ এনেধৰণৰ মন্ত্ৰী-বিষয়াবোৰেৰ শক্তিশালী হ’বলৈ আৰম্ভ কৰিছিল। তেওঁলোকৰ বেছিভাগেই ব্যক্তিগত স্বার্থত কাম কৰিবলৈ লোৱাৰ ফলত প্রজাসাধাৰণৰ মনত অশান্তিৰ ভাব সৃষ্টি হৈছিল। বহুতে জীৱন আৰু নিৰাপত্তাৰ খাতিৰত বিদ্রোহী বাহিনীত যোগ দিছিল। কিন্তু মোৱামৰীয়াসকলে ক্ষমতা দখল কৰাৰ পিছত তেওঁলোকৰ নিজৰ মাজতে ক্ষমতাক লৈ অৰিয়া-অৰি হৈছিল। যাৰ ফলত সমান্তৰালভাৱে কেইবাজনো শাসকে কেইবাঠাইতো নিজৰ নিজৰ শাসন চলাইছিল। তাৰোপৰি পুৰণি শাসন ব্যৱস্থাকে বাহাল ৰখাত সাধাৰণ প্ৰজাই পৰিৱৰ্তনৰ কোনো আভাষ পোৱা নাছিল।  আহোম আৰু মোৱামৰীয়াৰ শাসনৰ প্রতি জনসাধাৰণৰ মনত জাগ্রত হোৱা অনাস্থাই দেশখনক এটা তৃতীয় বিকল্পৰ দিশে আগুৱাই লৈ গৈছিল।

(খ) আর্থ-সামাজিক ফলাফল – মোৱামৰীয়া বিদ্রোহে অসমৰ আৰ্থিক আৰু সামাজিক ক্ষেত্ৰখনক বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছিল। দীঘলীয়া বিদ্ৰোহৰ সময়ছোৱাত দুয়োপক্ষৰ যুদ্ধংদেহী মনোভাৱে প্রকাশ্যভাৱে সাধাৰণ জনতাৰ ওপৰত আতিশায্য বৃদ্ধি কৰিছিল ৷ দুয়োপক্ষৰ চূড়ান্ত আতিশয্যৰ ফলস্বৰূপে বহুতো লোক ঠাই এৰি হাবিবননি, পর্বত-পাহাৰলৈ অথবা অন্য চুবুৰীয়া ৰাজ্যলৈ পলাই যাবলগীয়া হৈছিল । দুয়োপক্ষই পৰম্পৰৰ ঘৰ আৰু খেতিপথাৰ জ্বলাই দিয়াৰ ফলত দেশত দুৰ্ভিক্ষ হোৱাটো সাধাৰণ ঘটনাত পৰিণত হৈছিল। বিভিন্ন ব্যৱহাৰিক কামত দক্ষ লোকসকলৰ বেছিভাগেই বিদ্রোহত হয় মৃত্যুমুখত পৰিছিল, নতুবা চিৰকালৰ বাৰে ঘূণীয়া হৈ গৈছিল। সোণ আৰু অস্ত্ৰ-শস্ত্ৰ উৎপাদন কম গৈছিল। তাৰ কপ্ৰভাৱ পৰিছিল দেশৰ অর্থনৈতিক ব্যৱস্থাত৷

            মোৱামৰীয়া বিদ্ৰোহৰ অন্য এক কাৰণ আছিল হিন্দু ধর্মৰ ব্ৰাহ্মণ্যবাদ আৰু মহাপুৰুষীয়া বৈষ্ণৱপন্হাৰ বিভেদ৷  সময়ে সময়ে শাসকসকলেও বৈষ্ণৱবাদী মহাপুৰুষীয়া সম্প্রদায়ভুক্ত সত্ৰ আৰু তেনেবোৰ সত্ৰৰ শিষ্যসকলৰ প্ৰতি পক্ষপাতিত্বমূলক আচৰণ কৰা দেখা যায়। বিদ্রোহে এই বিভেদমূলক আচৰণ হ্রাস কৰাতকৈ বৃদ্ধিহে কৰিছিল; যাৰ ফলত সামাজিক বিচ্ছিন্নতা অধিক বৃদ্ধি হৈছিল।

(খ) মটক ৰাজ্যৰ সৃষ্টিঃ মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত কেইবাজনো বিদ্ৰোহী নেতাই পৃথক পৃথক শাসন চলোৱাৰ সুযোগ পাইছিল ৷ বেংমৰাৰ মোৱামৰীয়াসকলে কুটনৈতিকভাৱে সৰ্বানন্দৰ নেতৃত্বত দুবাৰকৈ মান সৈনৰ সহায় লোৱাৰ কৌশল অৱলম্বন কৰিছিল কিন্তু বিফল হৈছিল ৷ কিন্তু পূৰ্ণানন্দই বুঢ়াগোঁহাঞিয়ে বিষয়টো গম্ভিৰ ভাৱে গ্ৰহণ কৰি এই বিদ্ৰোহৰ সমাধান হিচাপে আহোমৰ তেওঁ মোৱামৰীয়া নেতা সর্বানন্দৰ সৈতে চুক্তি কৰি দিহিং আৰু ব্ৰহ্মপুত্র নদীৰ মাজৰ ভূ-খণ্ডক মটক ৰাজ্য হিচাপে স্বীকৃতি দিছিল আৰু তাত সৰ্বানন্দক কতলীয়া শাসক হিচাপে “বৰসেনাপতি”উপাধি প্রদান কৰি শাসন কৰিবলৈ দিছিল।

৬/ মোৱামৰীয়া বিদ্রোহক তুমি সফল নে বিফল বিদ্রোহ বুলি ভাবা? যুক্তি দিয়া।

উত্তৰ – মোৱামৰীয়া বিদ্রোহ সফল নে বিফল আছিল তাৰ এক বিশ্লেষণ দাঙি ধৰা হ’ল –

মোৱামৰীয়া বিদ্রোহ মধ্যযুগীয় অসম বুৰঞ্জী পৰিৱৰ্তন কৰিব পৰা এটা উল্লেখযোগ্য ঘটনা। মোৱামৰীয়া বিদ্রোহীসকলৰ প্ৰধান লক্ষ্য আছিল নিজৰ মানুহক সিংহাসনত অধিষ্ঠিত কৰি সিংহাসনচ্যুত কৰা ৷তেওঁলোকে আহোম শাসকসকলৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে গণ বিদ্ৰোহৰ সূচনা কৰি সাধাৰণ প্ৰজাসকলৰ বাবে এটা উন্নত আৰু শান্তিপূৰ্ন জীৱন বিচাৰিছিল ৷ তেওঁলোকে আশা কৰিছিল যে নতুন শাসকজনে নিজৰ খেয়াল-খুচি মতে কোনো আদেশ দিব নোৱাৰে ৷ এই আশাৰে তেওঁলোকে আহো ৰাজতন্ত্রক ইমানেই দুর্বল কৰি তুলিছিল যে ইয়াৰ শাসকক ৰাজধানী এৰি পলাই যাবলৈ বাধ্য কৰিছিল। গতিকে ক’ব পাৰি যে তেওঁলোকে তেওঁলোকৰ উদ্দেস্য বহুখিনি সফল হ’ব পাৰিছিল ৷ কিন্তু যেতিয়া মোৱামৰিয়া সকলে শাসন ভাৰ হাতত ললে , তেতিয়া দেখা গ’ল যে তেওঁলোৰ মাজতো ক্ষমতাক লৈ অৰিয়া-অৰিৰ সৃষ্টি হৈছিল। তদুপৰি, তেওঁলোকৰ সৈতে অন্যায় কৰাসকলৰ ওপৰত প্রতিশধ লোৱাৰ প্ৰবল হেঁপাহত তেওঁলোকে সাধাৰণ প্ৰজাৰ ওপৰততা আতিশায্য আৰাম্ভ কৰিছিল। তেনেক্ষেত্ৰত অসমৰ জনসাধাৰণে নিৰৱচ্ছিন্নভাৱে দুর্ভোগ ভূগি থাকিবলগীয়া হৈছিল আৰু সাধাৰণ প্ৰজাগণে মোৱামৰীয়া বিদ্ৰোহৰ ফলত ঘৰ বাৰী, খেতি-পথাৰ আদি হেৰুৱাই দুর্ভিক্ষৰ কবলতহে পৰিছিল। গতিকে, মোৱামৰীয়া বিদ্ৰোহৰ এই আলোচনাৰ আলমত এটা কথা ক’ব পাৰি যে ইয়াক অসমৰ জনসাধাৰণৰ বাবে শান্তি শৃংখলা, মিলা-প্রীতি তথা সমৃদ্ধি স্থাপনৰ ক্ষেত্ৰত সম্পূর্ণ বিফল হোৱা দেখা যায়। আনকি অঞ্চলটোত বিদেশী আক্রমণক উৎসাহিত কৰি স্বাধীনতা হেৰুওৱাৰ ক্ষেত্ৰতহে বৰঙণি যোগাইছিল। সেয়েহে ক’ব পাৰি যে এই বিদ্রোহে আহোম ৰাজতন্ত্রৰ ভেটি অস্থিৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু প্রজাসাধাৰণৰ উন্নতি সাধনত সম্পূর্ণভাৱে বিফল হৈছিল। গতিকে এই বিদ্ৰোহ যিহেতু প্ৰজাৰহিতকৰ নাছিল ইয়াক বিফল বুলি্যেই ক’ব পাৰি ৷

৭/কেপ্টেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গৈছিল?

উত্তৰ –মোৱামৰীয়া প্ৰজা বিদ্রোহে সমগ্র আহোম ৰাজ্যত এটা প্রচণ্ড জোকাৰণি তুলিছিল। যাৰ পৰিণতিত ৰাজতন্ত্ৰৰ ভেটিয়েই উফৰি পৰাৰ উপক্ৰম হৈছিল। এনে এটা ভয়ানক ৰাজনৈতিক ভূমিকম্পৰ পৰা ৰক্ষ পৰিবলৈ আভ্যন্তৰীণভাৱে আহোম শাসনতন্ত্র সম্পূর্ণৰূপে ব্যর্থ হৈছিল আৰু তাৰ ফলত তেওঁলোকে বংগদেশত থকা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ওচৰত সামৰিক সাহায্য ভিক্ষা কৰিবলৈ বাধ্য হৈছিল। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই যেতিয়া মোৱামৰীয়া বিদ্রোহ আৰু বংগৰ বৰকান্দাজসকলে সঘনে কৰা অত্যাচাৰৰ পৰা ৰাজ্যৰ প্রজাসাধাৰণক উদ্ধাৰ কৰিবলৈ ইংৰাজৰ ওচৰত আবেদন জনালে তেতিয়া কোম্পানিৰ চৰকাৰে সহজেই সামৰিক অভিযান পঠাবলৈ মান্তি হৈছিল। এই অভিযানৰ প্রধান উদ্দেশ্য আছিল অসমৰ বিষয়ে বিতং খা-খবৰ আৰু তথ্যপাতি সংগ্রহ আৰু লগতে বৰকান্দাজ আৰু মোৱামৰীয়াৰ বিদ্রোহ দমন কৰি আহোম ৰজাক পুনৰাই সিংহাসনত প্রতিষ্ঠা কৰা। এই সামৰিক অভিযানৰ নেতৃত্ব দিছিল কেপ্তেইন থমাছ ওৱেলছে।

          কোম্পানিৰ গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছৰ উত্তৰসুৰী হিচাপে ছাৰ জন ছোৰে (Sir Jhon Shore) নতুন নীতি গ্রহণ কৰে। এই নতুন নীতি আছিল পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি। তেওঁ দৃঢ়তাৰে এই নীতি কার্যকৰী কৰিব বিচাৰিছিল। সেইবাবে অতি সোনকালে ওৱেলছক প্রত্যাৱৰ্তন কৰিবলৈ নির্দেশ দিলে। সেয়েহে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগতে অন্যান্য আহোম ডা-ডাঙৰীয়াসকলে বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও ওৱেলছে আধাতে অভিযান সামৰি ঘূৰি যাবলৈ সিদ্ধান্ত ললে।

৮। মোৱামৰীয়া বিদ্রোহ দমনত কেপ্টেইন ওৱেলছৰ ভূমিকা বর্ণনা কৰা। তেওঁ কিমান দূৰ সফল আছিল বুলি ভাবা ?

উত্তৰ – দৰঙৰ ৰজা কৃষ্ণনাৰায়ণৰ বিদ্রোহ, উত্তৰ কামৰূপত হৰদত্ত চৌধুৰীৰ বিদ্ৰোহৰ প্ৰতাপত গৌৰীনাথ সিংহই নগাঁৱত আশ্রয় লৈছিল। কিন্তু নগাঁৱতো সিন্ধু হাজৰিকাৰ নেতৃত্বত চলা বিদ্ৰোহৰ বাবে স্বৰ্গদেউ পুনৰাই গুৱাহাটীলৈ পলাই আহিছিল। গুৱাহাটীৰ আশ্রয়ো বৰ সুখকৰ নহল।বৈৰাগী ৰজাৰ নেতৃত্বত কৈবর্ত সম্প্রদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্রয়গৃহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হ’ল। ব্ৰহ্মপুত্ৰৰে ভটিয়াই যাওঁতে আদবাটতে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওবেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। দৰঙীয়া আৰু কামৰূপীয়া বিদ্রোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওৱেলছে উজনিত আহোম ৰাজ্য নিষ্কণ্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। কাৰণ ইতিমধ্যেই আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল।

         এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মোৱামৰীয়াসকলক দমন কৰি আহোম শাসনৰ পুনৰ প্রতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল। সকলো কথা গমি ওবেলছে গৱৰ্ণৰ জেনেৰেলক ছয়টা নতুন কোম্পানি ফৌজ পঠাবলৈ অনুৰোধ কৰিছিল। গৱৰ্ণৰ জেনেৰেল লর্ড কর্ণৱালিছে পৰিস্থিতিৰ গুৰুত্ব বুজি ওৱেলছৰ পত্ৰৰ সহাৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল।

                 ১৭৮৬ চনৰ পৰাই বুঢ়াগোহাঞি পূর্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে যোৰহাটৰ বাহিৰতে মোৱামৰীয়াসকলৰ গতিৰোধ কৰি আছিল। এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন বৃটিছ ফৌজে আহোমৰ সৈন্যৰ মনোবল বহুগুণে বৃদ্ধি কৰিলে। বৃটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্রমণত মোৱামৰীয়াসকল তিষ্ঠিৱ নোৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হ’ল। ভালেমান মোৱামৰীয়াৰ মৃত্যু হ’ল। ৰজা ভৰতসিংহও বেয়াকৈ ঘুণীয়া হ’ল আৰু কোনোমোতে প্রাণ লৈ পলাই গ’ল। ৰংপুৰ পুনৰাই বিদ্ৰোহীৰ কৱলৰ পৰা উদ্ধাৰ হ’ল ।

          মোৱামৰীয়া বিদ্ৰোহ দমনত কেপ্টেইন ওৱেলছ কিছু পৰিমাণে সফল হৈছিল যদিও সম্পূৰ্ণ সফল বুলি ক’ব নোৱাৰি কাৰণ তেওঁৰ প্ৰত্যাৱৰ্তনৰ পিছত মোৱামৰীয়া বিদ্ৰোহৰ চতুৰ্থ পৰ্যায়ৰ সূচনা হৈছিল ।

মোৱামৰীয়া গণ বিদ্ৰোহ

৯/কেপ্টেইন ওৱেলছৰ প্রতিবেদনখনৰ চমু বিৱৰণ তলত দিয়া ধৰণৰ আছিল ?

উত্তৰ – কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ  বৃটিছ গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু অর্থনৈতিক অৱস্থা সম্বন্ধে বহু লাগতিয়াল কথা জানিব পৰা যায়।

      ওৱেলছৰ টোকাত আহোমে ৰাজ্যৰ ৰজা নির্বাচন আৰু তেওঁৰ ক্ষমতা সম্পৰ্কত এটা বর্ণনা দিয়া আছে। আনকি আহোমে শাসনতন্ত্রৰ পাঁচগৰাকী প্রতাপী মন্ত্রী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্রিক অৰিয়াঅৰিৰ ঘটনা টোকাটোত সন্নিৱিষ্ট হৈছে। পাইক প্ৰথাৰ বিষয়েও টোকাটোত এটা চমু বিৱৰণ দিয়া আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ওৱেলছে কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা। গোহাঁইক অনৈতিকভাৱে ৰাজসিংহাসন লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদবীধাৰী মন্ত্রী-আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবে চলা অবাঞ্ছিত প্রতিযোগিতাকেই মূলতঃ দায়ী বুলি মত পোষণ কৰিছে। যি কি নহওঁক ওৱেলছে এই অচলাৱস্থাৰ পৰা অসম দেশক ৰক্ষা কৰাত বৃটিছ সৈন্য কৃতকার্য হোৱা বুলি দাবী কৰাৰ লগতে অসমত শান্তি স্থাপনৰ বাবে তেওঁ লোৱা বিভিন্ন কার্যব্যৱস্থাৰ বিষয়েও টোকাটোত উনুকিয়াইছে।

         ব্যৱসায়-বাণিজ্য সম্পর্কত মন্তব্য দিবলৈ গৈ ওৱেলছে অসমৰ প্রাকৃতিক সম্পদসমূহৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া যেন লাগে। অসম আৰু বংগদেশৰ মাজত চলা আমদানি- ৰপ্তানিৰ বৃহৎ বাণিজ্য ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে ২৬,০০০ মান টকাহে ৰাজকোষত সোমাইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে সেই সময়ত অসমত লোণৰ বৰ আকাল আছিল। আমদানি বস্তুবোৰৰ ভিতৰত লোণেই আটাইতকৈ উল্লেখযোগ্য আছিল। বংগদেশৰ পৰা বছৰি প্রায় ১২০,০০০ মোন লোণ আমদানি কৰা হৈছিল। অসমৰ ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লোণ উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। লোণ বৰ ‘দামী বস্তু আছিল আৰু সেইবাবে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমর্থ আছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হোৱাৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামোল-পাণ, লা, লো, সোণ আদি উৎপন্ন হৈছিল।সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুল নগৰ আছিল। নগৰখন ব্রহ্মপুত্র নদীৰ দুয়োপাৰ জুৰি বিস্তৃত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামানআছিল আৰু তাৰে তিনিটা ইউৰোপত তৈয়াৰী আছিল। ব্রহ্মপুত্র নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ওখ পকী দেৱালেৰে আগুৰা এডোখৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবোৰ সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বর্ণনা দিছিল। ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ’ব। ইয়াতো ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল। তথাপি অসম এখন ঐশ্বর্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্রিটিছ সেনাৰ ভৰণ-পোষণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।

মোৱামৰীয়া গণ বিদ্ৰোহ – চমুটোকা লিখা :

১/ কীর্তিচন্দ্ৰ বৰবৰুৱা।

উত্তৰ – কীর্তিচন্দ্ৰ আছিল দিহং সত্ৰৰ শিষ্য। দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল আক্রোশমূলক দ্বন্দ্ব। ফলস্বৰূপে কথাই কথাই মোৱামৰীয়া সত্ৰৰ মহন্তক কীর্তিচন্দ্রই অপমান কৰিছিল। এবাৰ স্বৰ্গদেউ লক্ষ্মীসিংহ আৰু কীর্তিচন্দ্র নাৱেৰে ফুৰিবলৈ গৈছিল। যাওঁতে মায়ামৰা সত্ৰৰ কাষত মহন্তই ৰজাক নমস্কাৰ জনাই সম্মান দেখুৱালে কিন্তু অভিমানী বৰবৰুৱাক কোনো সম্ভ্ৰম প্রদর্শন নকৰিলে। ইয়াতে অপমান বোধ কৰি বৰবৰুৱাই মোৱামৰীয়া মহন্তক নানান গালি-শপনি পাৰি অপমান কৰিলে। এই ঘটনাৰ কেইমাহমানৰ পিছত মোৱামৰীয়া সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওঁগে ৰজাঘৰলৈ বার্ষিক দিব লগা কৰৰ বাবে এদল হাতী লৈ আহিছিল। তাৰে বৰবৰুৱাৰ উদ্দেশ্যে নিয়া হাতীটোৰ নানান খুঁট উলিয়াই কীর্তিচন্দ্ৰই তেওঁলোকক গালি-শপনি পৰাৰ উপৰি ৰাঘৱ নেওঁগক সৌকাৰে কোবায় আৰু নাহৰখোৱাৰ কাণ কাটি পঠিয়ালে।কীর্তিচন্দ্ৰৰ এনে ধৰণৰ কৰ্মই মোৱামৰীয়া বিদ্ৰোহৰ উমি উমি জ্বলি থকা জুইকুৰাত ঘিউ ঢালি দিয়াৰ নিচিনাহে হৈছিল ৷

২/মায়ামৰা সত্ৰ।

উত্তৰ – মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তৰ্ভুক্ত ৷ মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল ৷

       অৱশ্যে ইয়াৰ উপৰি অসমৰ অন্যান্য বহুত জনজাতি যেনে কছাৰী, চুতীয়া, আহোম,কৈবর্ত আদি লোকৰ মাজতো এই সত্ৰই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। এই জনপ্রিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ আছিল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল আছিল শূদ্ৰ সম্প্রদায়ভুক্ত। গতিকে শূদ্ৰ সত্ৰাধিকাৰৰদ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মর্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল।

মোৱামৰীয়া গণ বিদ্ৰোহ

৩/ পূর্ণানন্দ বুঢ়াগোহাঁঞি।

Advertisement

উত্তৰ – তৃতীয় বিদ্ৰোহৰ সময়ত মোৱামৰীয়াসকলে কেইবাটাও সংঘৰ্ষত এফালৰ পৰা আহোম ৰাজসৈন্যক পৰাজিত কৰিছিল ৷ সেইসময়ত ঘনশ্যাম বুঢ়াগোঁহাৰি মৃত্যুৰ পিছত তেওঁৰ পুত্র লাড়ি গোহাঁঞি বুঢ়াগোহাঁঞিৰ পদত অধিষ্ঠিত হৈছিল। তেৱেঁই পূর্ণানন্দ বুঢ়াগোহাঁই নামে জনাজাত, যাৰ বুদ্ধি, বিক্ৰম আৰু কর্তব্যনিষ্ঠাই অসম বুৰঞ্জীত বিশেষ স্থান দখল কৰি আহিছে। তাকৰীয়া সৈন্যৰেই বুঢ়াগোহাঁঞিয়ে ৰাজ্যৰ বাকী অংশ ৰক্ষা কৰিবলৈ চেষ্টা চলাই গৈছিল। নিৰাপত্তাৰ খাতিৰত সময়ে সময়ে তেওঁ সৈন্যৰ কোঠ পিছুৱাই আনি যোৰহাট পর্যন্ত পিছুৱাই আহিছিল আৰু পিছলৈ তাতেই আহোমৰ ৰাজধানীও প্রতিষ্ঠা কৰিছিল। সেই সময়ত বহু আহোম লোকে মোৱামৰীয়াৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি মোৱমৰীয়াৰ সৈতে যোগ দি আত্মৰক্ষাৰ কথাও ভাবিছিল। কিন্তু বুঢ়াগোহাঁঞিয়ে তেওঁলোকক তেনে কৰাৰ পৰা বিৰত ৰাখিবলৈ সক্ষম হৈছিল। তেওঁ গাঁৱৰ মানুহখিনিক যুদ্ধৰ শিক্ষা দি মোৱামৰীয়াৰ বিৰুদ্ধে ৰণলৈ পঠাইছিল। এই বিপদকালত বুঢাগোহাঁঞিয়ে পক্ষীয়ে পোৱালিক ডেউকাৰ আঁৰত ৰখাৰ দৰে প্ৰজাক ৰক্ষা কৰিছিল বুলি জনা যায়।

৪/ কাড়ি পাইক আৰু চমুৱা পাইক।

উত্তৰ – আহোম ৰাজ্যৰ সকলো পুৰুষ নাগৰিকেই আছিল একো একোজন পাইক। আৰম্ভণিতে ৪ জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। চাৰিজনীয়া গোটটোৰ পৰা পাল পাতি (এজন পাইকে ৩ মাহকৈ) ৰজাক কাম কৰি দিব লাগিছিল। পিছৰ ফালে অর্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গোটৰ সদস্য সংখ্যা ৩ জনলৈ হ্রাস কৰা হৈছিল যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনী ৪ মাহলৈ বৃদ্ধি হৈছিল। গতিকে প্রতিজন পাইকৰ ওপৰত এমাহৰ অতিৰিক্ত বোজা বৃদ্ধি পাইছিল। যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ অনিচ্ছুক হৈছিল।

        পাইক শোষণৰ অন্য এক প্রক্রিয়া আছিল পাইকৰ শ্রেণী বিভাজন। পাইকসকলক দুটা ভাগত ভাগ কৰিব পাৰি – কাড়ী পাইক আৰু চমুৱা পাইক। সংখ্যাত নিচেই তাকৰীয়া হলেও চমুৱা পাইকসকল আছিল কাড়ী পাইকতকৈ মানত উচ্চ। শাৰীৰিক শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে মুদ্রা বিনিময়ত অব্যাহতি পাইছিল। কিন্তু বিভিন্ন কাৰণত লাহে লাহে চমুৱা পাইকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাড়ী পাইকৰ সংখ্যা ক্রমাৎ কমি গৈছিল আৰু সেইবাবে তেওঁলোকৰ ওপৰত শোষণৰ বোজা বৃদ্ধি হৈছিল। ফলস্বৰূপে সামাজিক অসমতা বৃদ্ধি পাইছিল আৰু সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

৫/ কেপ্টেইন ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্যিক চুক্তি।

উত্তৰ – । ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত কেপ্টেইন ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছিল এই চুক্তিমতে –

(১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হোৱা সামগ্ৰীৰ ওপৰত ১০% কৰ ধার্য কৰা হ’ল।

(২) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্রান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত সমপৰিমাণৰ অর্থাৎ ১০ % কৰ ধার্য কৰা হ’ল।

(৩) ধান আৰু চাউলৰ ওপৰত কোনো কৰ নাথাকিব।

(৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হ’ল।

(৫) ইংৰাজৰ বাহিৰে আন ইউৰোপীয় বেপাৰীয়ে ইংৰাজ আৰু আহোম চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নোৱাৰিব।

৬/ বৰৰজা ফুলেশ্বৰী।

উত্তৰ – বৰৰজা ফুলেশ্বৰী আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী আছিল। তেওঁক “বৰ ৰজা” উপাধি প্রদান কৰা হৈছিল। দেউ শিৱসিংহৰ দিনত বৰকুৱৰী ফুলেশ্বৰী (বৰৰজা’) অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধর্মই অধিক গা কৰি উঠিবলৈ সুবিধা পালে। এটা সময়ত ৰাজআজ্ঞামতেই শূদ্র মহন্তসকলৰ ওপৰত নির্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ- জুলুমকৈ শাক্ত পূজাত ভাগ লৈ বলিৰ তেজৰ ফোট ল’বলৈ বাধ্য কৰোৱাৰ উদাহৰণ পোৱা যায়।

৭/ পৰ্বতীয়া গোসাঁই।

উত্তৰ – স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচার্য নামৰ এজন শাক্ত ব্রাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল। পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্রাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণৰাম ভট্টাচার্য আৰু তেওঁৰ উত্তৰপুৰুষসকলক ‘পৰ্বতীয়া গোসাঁই’ নামেৰে জনাজাত হ’ল।

৮/ সর্বানন্দ

উত্তৰ –মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত কেইবাজনো বিদ্রোহী নেতাই পৃথক পৃথক ভূ-খণ্ডত সামন্তীয় শাসন চলোৱাৰ সুযোগ পাইছিল । তাৰ ভিতৰ অন্যতম এজন আছিল সৰ্বানন্দ ৷ বেংমৰা, মাজুলী, নগাওঁ, কামৰূপ আদি সকলো ঠাইতে মোৱামৰীয় নেতাসৱে সামন্তীয় ভূস্বামী হিচাপে নিজকে প্রতিস্থা কৰিছিল। বেংমৰাৰ মোৱামৰীয়াসকলে কূটনৈতিকভাৱে সৰ্বানন্দৰ নেতৃত্বত দুবাৰকৈ মান সৈন্যৰ সহায় লোৱাৰ কৌশল অবলম্বন কৰিছিল। অৱশ্যে দুয়োবাৰতে আহোমসকলে বুদ্ধিমত্তাৰে তেওঁলোকক খেদি পঠিয়াইছিল। কিন্তু পূৰ্ণানন্দ বুঢ়াগোহাঞিয়ে বিষয়টো গভীৰভাৱে গ্রহণ কৰি যথাসম্ভব সোনকালে মমোৱামৰীয়া বিদ্ৰোহৰ অন্ত পেলাবলৈ বিচাৰিছিল। সেয়েহে সোনকালেই তেওঁ সৰ্বানন্দৰ লগত এখন চুক্তি কৰি মটক ৰাজ্য গঠন কৰে আৰু তাত সর্বানন্দক কতলীয়া শাসক হিচাপে বৰসেনাপতি নিযুক্ত কৰে। চুক্তিমতে বেংমৰা  (বর্তমান তিনিচুকীয়া)ক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিং নদীৰ মাজৰ ভূ-খণ্ডত নতুন মটক ৰাজ্য গঠন কৰিছিল। সৰ্বানন্দই বছৰেকীয়া কৰ হিচাপে আহোম ৰজাক হাতীৰ দাঁত আৰু মুগাৰ কাপোৰ সোধাবলৈ প্রতিশ্রুতি দিছিল।

মোৱামৰীয়া গণ বিদ্ৰোহ

৯/ভৰত সিংহ।

উত্তৰ – মোৱামৰীয়া বিদ্ৰোহৰ তৃতীয় পর্যায়ত উজনি অসমত বিদ্রোহীসকলে আহোম শাসকৰ বিৰুদ্ধে বিদ্রোহ কৰি ৰাজধানী চহৰ ৰংপুৰ অধিকাৰ কৰিছিল। আহোম শাসক গৌৰীনাথ সিংহই প্রাণৰ ভয়ত ৰাজধানী এৰি পলাই যোৱাত বিদ্রোহীসকলে ভৰত সিংহক আহোমৰ ৰজা হিচাপে সিংহাসনত অধিষ্ঠিত কৰিছিল। পৰৱৰ্তী সময়ত বৃটিছ আৰু আহোমৰ সৈন্যৰ যুটীয়া আক্ৰমণত মোৱামৰীয়াসকল তিষ্ঠিৱ নোৱাৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হ’ল। ভালেমাn মোৱামৰীয়াৰ মৃত্যু হ’ল। ৰজা ভৰত সিংহও বেয়াকৈ ঘুণীয়া হ’ল আৰু কোনোমতে প্রাণ ৰক্ষা কৰি পলাই গ’ল ৷ তেওঁ ১৮০১ চনত খামতি আৰু চিংফৌসকলৰ সৈতে লগলাগি পুনৰ বিদ্রোহ আৰম্ভ কৰিছিল যদিও মোৱামৰীয়া বিদ্রোহ চতুর্থ পর্যায়ত তেওঁৰ মৃত্যু হৈছিল।

১০/ ৰংপুৰ নগৰ

উত্তৰ – কেপ্তেইন ওৱেলছে গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছোৰলৈ প্ৰেৰণ কৰা টোকাত আহোমৰ ৰাজধানী ৰংপুৰ নগৰখনৰ এটি বর্ণনা দিছিল। সেই বৰ্ণনা অনুসৰি ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ’ব। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোৰ উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবোৰত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নোৱাৰিছিল। সোণ আৰু নিমখহে বেহা-বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল।

Read More:

Advertisement

অধ্যায়- ৩ মোৱামৰীয়া গণ বিদ্ৰোহ – Notes (অতিৰিক্ত প্ৰশ্নোত্তৰ )

ইতিহাস –

অধ্যায় ১ – ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন

ভূগোল

অধ্যায় ১ ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অধ্যায়-২ বায়ুমণ্ডলঃ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ

অধ্যায় ৩ – ভাৰতবৰ্ষৰ ভূগোল

অধ্যায়- ৪ অসমৰ ভূগোল

ৰাজনীতি বিজ্ঞান –

অধ্যায় ১ – ভাৰতৰ ৰাজনৈতিক দল

অধ্যায়- ২ চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

অৰ্থনীতি বিজ্ঞান

অধ্যায় ১ – অৰ্থনীতিৰ মৌলিক বিষয় সমূহ

অধ্যায় ২ – মূল অৰ্থনৈতিক সমস্যাসমূহ

9 Replies to “মোৱামৰীয়া গণ বিদ্ৰোহ”

Leave a Reply

Your email address will not be published. Required fields are marked *