ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- ৫ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন (Periodic classification of elements) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
প্ৰশ্নাৱলী, Page No- 81
1.নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা
উত্তৰ – হয়, নিউলেণ্ডছ অষ্টকৰ স্তম্ভবােৰত ড’বাৰেইনাৰৰ ট্রায়াড আছিল ৷ ড’বাৰেইনাৰৰ লিথিয়াম(Li) , ছ’ডিয়াম(Na) , আৰু পটেছিয়ামেৰে(K) গঠিত ট্ৰায়াডটো নিউলেণ্ডছ অষ্টকৰ এটা স্তম্ভত আছিল ৷
2. ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবােৰ কি কি আছিল ?
উত্তৰ – ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবােৰ তলত উল্লেখ কৰা হ’ল –
(i) ড’বাৰেইনাৰে সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ তিনিটা ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিল ৷
(ii) পিছলৈ আবিস্কাৰ হোৱা মৌলবোৰক ট্ৰায়াড হিচাপে শ্ৰেণীভূক্ত কৰিব পৰাকৈ ড’বাৰেইনাৰৰ শ্ৰেণীবিভাজনৰ পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল ৷
3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবােৰ কি কি আছিল ?
উত্তৰ – নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবােৰ তলত উল্লেখ কৰা হ’ল –
(i) নিউলেণ্ডছৰ অষ্টক সূত্ৰ কেৱল কেলছিয়াম পৰ্যন্তহে হোৱা পোৱা গৈছিল ৷
(ii) নিউলেণ্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল ৷ পৰবৰ্ত্তী কালত আৱিস্কাৰ হোৱা মৌলবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল ৷
(iii) নিউলেণ্ডছে তেঁওৰ তালিকা খনত মৌলবোৰ সজাওঁতে একেটা স্থানতে দুটাকে মৌলক স্থান দিছিল ৷ উদাহৰন – ক’বাল্ট(Co) আৰু নিকেলৰ(Ni) স্থান একেটা ৷
(iv) তেঁও তালিকাখনত ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে স্থান দিছিল ৷ উদাহৰণ – ক’বাল্ট(Co) আৰু নিকেলৰ(Ni)ৰ ধৰ্ম বেলেগ হলেও ফ্ল’ৰিণ(F) , ক্ল’ৰিণ(Cl) , আৰু ব্ৰ’মিণৰ (Br) সৈতে একে স্তম্ভতে স্থান দিছিল ৷
(v) আইৰনৰ ধৰ্ম ক’বাল্ট(Co) আৰু নিকেলৰ(Ni)ৰ লগত মিলে যদিও ইয়াক এই মৌল কেইতাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে ৷
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন- প্ৰশ্নাৱলী, Page No- 85
1.মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা।-K, C, Al, Si, Ba.
উত্তৰ – Kৰ অক্সাইডৰ সংকেত হ’ব -K2O
C ৰ অক্সাইডৰ সংকেত হ’ব – CO2
Alৰ অক্সাইডৰ সংকেত হ’ব- Al2O3
Siৰ অক্সাইডৰ সংকেত হ’ব – SiO2
2. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হােৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনাে দুটা)
উত্তৰ – স্কেনডিয়াম (Sc) আৰু জাৰ্মেনিয়াম (Ge) |
3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ (criteria) কি কি আছিল ?
উত্তৰ – মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ তলত উল্লেখ কৰা হৈছে –
(i) মেণ্ডেলিভে মৌলসমূহৰ পাৰমানৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্কে পৰীক্ষা কৰি চাইছিল ৷
(ii) ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰ’জেনৰে সৈতে গঠন কৰা যোগবোৰৰ ওপৰত মেণ্ডিলিভে গুৰুত্ব দিছিল ৷
(iii) মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইড সমূহৰ সংকেতক মৌলতোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল ৷
4. সম্ভ্ৰান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?
উত্তৰ – সম্ভ্ৰান্ত গেছবােৰ অতিশয় নিস্ক্ৰীয় আৰু আমাৰ বায়ুমণ্ডত এইবোৰ নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিস্কৃত হওঁতে বহু পলম হৈছিল ৷সেইবাবে সম্ভ্ৰান্ত গেছবােৰক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে ৷
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন প্ৰশ্নাৱলী, Page No- 90
1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসােৱাহবােৰ কি দৰে দূৰ কৰিছিল ?
উত্তৰ – আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসােৱাহবােৰ তলত উল্লেখ কৰা ধৰণে দূৰ কৰিছিল –
(i) আধুনিক পৰ্য্যাবিত্ত তালিকাত মৌলৰ পাৰমানৱিক সংখ্যাক ভিত্তি হিচাপে লোৱা হৈছে৷ সেইবাবে মৌলবোৰক সজাওঁতে একেটা স্থানত দুটাকে মোলক স্থান দিব লগীয়া হোৱা নাই ৷
(ii) আধুনিক পৰ্য্যাবিত্ত তালিকাত হাইড্ৰ’জেনৰ স্থান নিৰূপন কৰা হৈছে ৷
(iii) আধুনিক পৰ্য্যাবিত্ত তালিকাত মৌলৰ সমস্থানিকবোৰক সিহঁতৰ মৌলৰ লগত একেলগে স্থান দিয়া হৈছে ৷
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাচনিৰ ভিত্তি কি?
উত্তৰ – মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌল হ’ল কেলছিয়াম(Ca) আৰু বেৰিয়াম(Ba) ৷ এই বাচনিৰ কাৰণ হ’ল তিনিওঁটা মৌলৰে যোজক ইলেকট্ৰনৰ সংখ্যা একে (২) ৷ ইহঁতৰ বৰ্গ এটাই (বৰ্গ – ২) ৷
3. নাম লিখা
(a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।
উত্তৰ – লিথিয়াম(Li), ছডিয়াম(Na) আৰু পটেছিয়াম(K) ৷
(b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।
উত্তৰ – মেগনেছিয়াম (Mg) আৰু কেলছিয়াম(Ca) ৷
(c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।
উত্তৰ – হিলিয়াম(He), নিয়ন(Ne) , আৰ্গন(Ar)
4.(a) লিথিয়াম, ছডিয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু । ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?
উত্তৰ – লিথিয়াম, ছডিয়াম আৰু পটেছিয়ামৰ পৰমানুৰ সাদৃশ্য আছে –
(i) ইহঁতৰ যোজক ইলেকট্ৰনৰ সংখ্যা 1 ৷
(ii) ইহঁতক বৰ্গ একত স্থান দিয়া হৈছে ৷
(b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়ননা এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি মিল থকা দেখা যায় ?
উত্তৰ – হিলিয়াম আৰু নিয়নৰ পৰমাণুৰ মাজত থকা মিলবোৰ তলত উল্লেখ কৰা হৈছে –
(i) ইহঁতৰ পৰিপূৰ্ণ বহিৰতম কক্ষ আছে ৷
(ii) ইহঁতক বৰ্গ 18ত স্থান দিয়া হৈছে ৷
5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত কোনকেইটা ধাতু?
উত্তৰ – আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত ধাতু – লিথিয়াম (Li) আৰু বেৰীলিয়াম(Be) ৷
6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব বুলি অনুমান কৰিবা ?
Ga, Ge, As, Se, Be ৷
উত্তৰ – পৰ্য্যাবৃত্ত তালিকাত পৰ্যায় এটাত সোঁফালে ক্ৰমে ধাতৱীয় ধৰ্ম কমে আৰু বৰ্গ এটাত তললৈ ই বাঢ়ে ৷ সেয়েহে Ga, Ge, As, Se, Be মৌল কেইতাৰ ভিতৰত Be আটাইতকৈ বেছি ধাতৱধৰ্মী হ’ব ৷
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন- অনুশীলনী –
1. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেকট্রন সংখ্যা বাঢ়ে।
(c) পাৰমাণুবৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
উত্তৰ -(c) পাৰমাণুবৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।
2. মৌল X য়ে XCl2 সংকেতৰ ক্ল‘ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি?
(a) Na
(b) Mg
(c) Al
(d) Si
উত্তৰ – (b) Mg
3. কোনটো মৌলৰ আছে।
(a) ইলেকট্রনপূর্ণ দুটা কক্ষ?
(b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস?
(C) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ ?
(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ?
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?
উত্তৰ – (a) ইলেকট্রনপূর্ণ দুটা কক্ষ – নিয়ন (Ne)
(b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস – মেগনেছিয়াম (Mg)
(c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ – চিলিকন(Si)
(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ – বৰন (B)
(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন – কাৰ্বন (C)
4.a. পর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰ – পর্যাবৃত্ত তালিকাত ব’ৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ সাধাৰণ ধর্ম –
(i) সিহঁতৰ আটাইৰে যোজক ইলেকট্ৰনৰ সংখ্যা 3 বা যোজ্যতা 3 ৷
(ii) মৌলকেইটাক বৰ্গ 13ত স্থান দিয়া হৈছে ৷
(iii) ব’ৰনৰ বাহিৰে আন মৌল কেইটা অধাতু ৷
b. পর্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ কি কি সাধাৰণ ধর্ম আছে?
উত্তৰ -পর্যাবৃত্ত তালিকাত ফ্ল’ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবােৰৰ সাধাৰণ ধর্ম –
(i) সিহঁতৰ আটাইৰে যোজ্যতা 1 ৷
(ii) মৌলকেইটাক বৰ্গ 17 স্থান দিয়া হৈছে ৷
(iii) আটাইকেইটা মৌল অধাতু ৷
5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7
a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?
উত্তৰ – এই মৌলটোৰ পাৰমাণৱিক সংখ্যা 17 ৷
b. তলৰ মৌলবােৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবােৰ দিয়া হৈছে
N (7), F (9) ,P (15) ,Ar (18)
উত্তৰ – N(7) ৰ ইলেকট্ৰনীয় বিন্যাস – 2, 5
F(9)ৰ ইলেকট্ৰনীয় বিন্যাস – 2, 7
P(15)ৰ ইলেকট্ৰনীয় বিন্যাস – 2, 8, 5
Ar(18)ৰ ইলেকট্ৰনীয় বিন্যাস – 2, 8, 8
উক্ত মৌলটোৰ ৰাসায়নিক সাদৃশ্য F(9) ৰ সৈতে থাকিব কাৰণ দুয়োটা মৌলৰ যোজক ইলেকট্ৰনৰ সংখ্যা একে ৷
6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।
16 বৰ্গ | 17 বৰ্গ |
—- | —- |
—- | A |
—– | —- |
B | C |
(a) মৌল A ধাতুনে অধাতু ?
উত্তৰ -মৌল A অধাতু ৷
(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয় ?
উত্তৰ -C মৌলটো A তকৈ কম সক্রিয় ৷
(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰনে সৰু?
উত্তৰ -C মৌলটো আকাৰত Bতকৈ সৰু ৷
(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?
উত্তৰ -মৌল A এ এনায়ন গঠন কৰিব ৷
7. নাইট্রজেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎঋণাত্মক হ’ব আৰু কিয় ?
উত্তৰ – নাইট্রজেনৰ ইলেকট্ৰনীয় বিন্যাস – 2, 5
ফছফৰাছৰ ইলেকট্ৰনীয় বিন্যাস – 2, 8, 5
ইহঁতৰ নাইট্রজেন বেছি বিদ্যুৎঋণাত্মক হ’ব কাৰণ বৰ্গ এটাত ইলেকট্ৰন গ্ৰহণ কৰা প্ৰৱণতা ক্ৰমে তললৈ কমে ৷
৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?
উত্তৰ – পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাসৰ দ্বাৰা আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থান বিশ্লেষণ কৰিব পাৰি ৷ পৰমাণুটোৰ ইলেকট্রনীয় বিন্যাসত যোজক ইলেকট্ৰনৰ সংখ্যা আৰু কক্ষৰ সংখ্যাৰ পৰা ক্ৰমে বৰ্গ আৰু পৰ্যায়ৰ বিষয়ে গম পোৱা যায় ৷ উদাহৰণ স্বৰূপে, মেগনেছিয়ামৰ ইলেকট্রনীয় বিন্যাস 2, 8, 2 ৷ ইয়াত যোজক ইলেকট্ৰনৰ সংখ্যা 2 আৰু কক্ষৰ সংখ্যা 3 ৷ গতিকে পর্যাবৃত্ত তালিকাত মেগনেছিয়ামৰ স্থান বৰ্গ 2 আৰু পৰ্যায় 3ত |
9. আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণবিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণবিক সংখ্যা বিশিষ্ট মৌলকেইটাদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?
উত্তৰ – কেলছিয়ামৰ ইলেকট্ৰনীয় বিন্যাস – 2, 8 , 8, 2
আন মৌলকেইতাৰ ইলেকট্ৰনীয় বিন্যাস –
মৌলৰ পাৰমাণৱিক সংখ্যা | মৌলৰ ইলেকট্ৰনীয় বিন্যাস |
---|---|
12 | 2, 8, 2 |
19 | 2, 8, 8, 1 |
21 | 2, 8, 8, 3 |
38 | 2, 8, 18, 8, 2 |
দেখা গ’ল যে 12 আৰু 38পাৰমাণৱিক সংখ্যাযুক্ত মোল দুটাৰ যোজক ইলেকট্ৰনৰ সংখ্যা কেলছিয়ামৰ যোজক ইলেকট্ৰনৰ সংখ্যাৰ সমান ৷ সেয়েহে 12 আৰু 38পাৰমাণৱিক সংখ্যাযুক্ত মোল দুটাৰ ধৰ্ম কেলছিয়ামৰ সৈতে মিলে ৷
10. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজন (arrangement) ৰ তুলনা কৰা ৷
উত্তৰ – মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্রেণীবিভাজন পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –
মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা | আধুনিক পর্যাবৃত্ত তালিকা |
---|---|
1. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত মৌলৰ পাৰমাণৱিক ভৰক ভিত্তি হিচাপে লোৱা হৈছিল ৷ | 1.আধুনিক পর্যাবৃত্ত তালিকাত মৌলৰ পাৰমাণৱিক সংখ্যাক ভিত্তি হিচাপে লোৱা হৈছিল ৷ |
2. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত মুঠ ৮ টা বৰ্গ আছিল ৷ | 2. আধুনিক পর্যাবৃত্ত তালিকাত মুঠ ১৮ টা বৰ্গ আছে ৷ |
3. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত হাইড্ৰ’জেনৰ স্থান নিশ্চিত হোৱা নাছিল ৷ | 3. আধুনিক পর্যাবৃত্ত তালিকাত হাইড্ৰ’জেনক নিৰ্দিষ্ট স্থান দিয়া হৈছে ৷ |
4. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত সমস্থানিক সমূহক স্থান দিবলৈ সমস্যা হৈছিল ৷ | 4. আধুনিক পর্যাবৃত্ত তালিকাত সমস্থানিক সমূহক সিহঁতৰ মৌলৰ লগত একেলগে স্থান দিয়া হৈছে ৷ |
5. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা প্ৰস্তুত কৰা সময়ত সম্ভ্ৰান্ত গেছ সমূহ আৱিস্কাৰ হোৱা নাচিল ৷ কিন্তু আৱিস্কাৰ হোৱাত এটা নতুন বৰ্গত সংস্থাপন কৰা হৈছিল ৷ | 5.আধুনিক পর্যাবৃত্ত তালিকাত সম্ভ্ৰান্ত গেছ সমূহক এটা সূকীয়া বৰ্গত স্থান দিয়া হৈছে ৷ |
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী
অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ
অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন
অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়
অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে
অধ্যায় -৯ বংশগতি আৰু ক্ৰমবিকাশ
অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ
অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া
অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
For Current Affairs, Please click here….
আমাক facebook ত follow কৰিবলৈ ইয়াত click কৰক…!
ধন্যবাদ …!!!
15 Replies to “মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন”