শক্তিৰ উৎসসমূহ

শক্তিৰ উৎসসমূহ
Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- 14 শক্তিৰ উৎসসমূহ (Sources of Energy) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

শক্তিৰ উৎসসমূহ –প্ৰশ্নাৱলী, Page No- 243

1.শক্তিৰ ভাল উৎস কি?

উত্তৰ – শক্তিৰ ভাল উৎস সেইটোৱেই হ’ব –

  • যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে ৷
  • যিটো সহজে উপলব্ধ ৷
  • যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
  • যি মিতব্যয়ী ৷

2.ভাল ইন্ধন কি?

উত্তৰ – ভাল ইন্ধন সেইটোৱে হ’ৱ –

  • যিটোৱে জ্বলতে উচ্চ তাপ উৎপন্ন কৰে ৷
  • যিটোৱে বেছিকৈ ধোৱা উৎপন্ন নকৰে ৷
  • যিটো সহজে উপলব্ধ ৷
  • যিটোৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
  • যি মিতব্যয়ী ৷

3.যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনাে শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয়?

উত্তৰ – আমি আহাৰ গৰম কৰিবলৈ যিকোনাে শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হ’লে তৰলীকৃত পেট্ৰলীয়াম গেছ (LPG) ব্যৱহাৰ কৰিম ৷

তৰলীকৃত পেট্ৰলীয়াম গেছ (LPG) ব্যৱহাৰ কৰা কাৰণ –

  • তৰলীকৃত পেট্ৰলীয়াম গেছে উচ্চ তাপ উৎপন্ন কৰে ৷
  • ই অমলিন নীলা শিখা উৎপন্ন কৰে যাৰ ফলত কোনো ক্ষতিকাৰক গেছ উৎপন্ন নহয় ৷
  • ই ধোৱা উৎপন্ন নকৰে ৷
  • ই সহজে উপলব্ধ ৷
  • ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
  • ই মিতব্যয়ী ৷

শক্তিৰ উৎসসমূহ – প্ৰশ্নাৱলী, Page No- 248

Advertisement

1.জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?

উত্তৰ – জীৱাশ্মৰ পৰা সৃষ্টি হোৱা ইন্ধনক জীৱাশ্মজাত ইন্ধন বোলি কোৱা হয় ৷ ইয়াৰ অসুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –

(i) অনবীকৰণযোগ্য – জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস ৷ অৰ্থাৎ আমি ইয়াক দ্ৰুত হাৰত ব্যয় কৰি থাকিলে অতি শীঘ্ৰেই ইয়াৰ ভাণ্ডাৰ শেষ হ’ব ৷

(ii) বায়ু প্ৰদূষণ – জীৱাশ্মজাত ইন্ধন দহন কৰিলে বায়ু প্ৰদূষণ হয় ৷ বায়ু প্ৰদূষণ প্ৰকৃতি আৰু জীৱ জগতৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ৷

(iii) আম্লিক বৃষ্টি বা এছিড বৰষুণ – জীৱাশ্মজাত ইন্ধন দহনত নিৰ্মুক্ত হোৱা কাৰ্বন, নাইট্ৰ’জেন, আৰু চালফাৰৰ অক্সাইডসমূহ হৈছে আম্লিক অক্সাইড ৷ এই বিলাকে এচিড বৰষুণৰ সৃষ্টি কৰে যাৰ বাবে জল আৰু স্থল সম্পদসমূহ ক্ষতি হয় ৷

(iv) সেউজ গৃহ ক্ৰিয়া – জীৱাশ্মজাত ইন্ধন দহনত নিৰ্মুক্ত হোৱা কাৰ্বন ডাই অক্সাইড গেছৰ পাৰিমাণ বাঢ়ি গলে পৃথিৱীৰ উত্তাপ বাঢ়ি যায় ফলত গোলকীয় উষ্ণতা বৃদ্ধি হয় ৷

2. আমি শক্তিৰ বিকল্প উৎস বিচাৰাে কিয় ?

উত্তৰ – শক্তিৰ উৎস হিচাপে পৰম্পৰাগতভাৱে আমি জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰি আহিছোঁ ৷ ঔদ্যোগীকৰণৰ সম্প্ৰসাৰণে সমগ্ৰ বিশ্বতে জীৱন ধাৰণৰ মান উন্নত কৰিছে ৷ লগে লগে শক্তিৰ চাহিদাও তীব্ৰ হাৰত বৃদ্ধি পাব ধৰিছে ৷ শক্তিৰ উৎসসমূহৰ লগত সংগতি ৰাখি আমাৰ প্ৰযুক্তিবোৰৰো বিকাশ হৈছে ৷ যিহেতু এই শক্তিৰ উৎসসমূহ অনবিকৰণযোগ্য ইহঁত তীব্ৰ হাৰত শেষ হ’ব ধৰিছে সেয়েহে আমি শক্তিৰ বিকল্প উৎস বিচাৰাে ৷

3.আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?

উত্তৰ -আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ তলত উল্লেখ কৰা ধৰণে পৰিবৰ্তন অনা হৈছে –

(i) বায়ু শক্তি – পূৰ্বতে বায়ুকলৰ যোগে বায়ু শক্তি আহৰণ কৰি যান্ত্ৰিক কাৰ্য সম্পাদন কৰা হৈছিল ৷ বৰ্তমান বিদ্যুৎ উৎপাদনৰ বাবেও বায়ু শক্তি ব্যৱহাৰ কৰা হয় ৷ বায়ু কল এটাৰ মুখ্য অংশ মাটিৰ পৰা কিছু উচ্চতাত সুদৃঢ় আলমত সংস্থাপন কৰা হয় ৷ ইয়াৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যতিক জেনেৰেতৰৰ টাৰবাইন ঘৰাই বিদ্যুৎ উৎপাদন কৰা হয় ৷

(ii)জল শক্তি – পূৰ্বতে বোৱতী পানীৰ গতি শক্তি আৰু উচ্চতাত থকা পানীৰ স্থিতি শক্তি ব্যৱহাৰ কৰা হৈছিল ৷ বৰ্তমান নদীবান্ধ নিৰ্মান কৰি বিদ্যুৎ উৎপাদন কৰা হয় ৷ জল বিদ্যুৎ উৎপন্ন কৰিবলৈ নদীত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মান কৰি পানীৰ প্ৰবাহক বাধা দি পানী জমা কৰা হয় ৷ বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ পাদদেশত থকা টাৰবাইনলৈ অনা হয় ৷ এইদৰে টাৰবাইন ঘুৰাই বিদ্যুৎ উৎপন্ন কৰা হয় ৷

শক্তিৰ উৎসসমূহ – প্ৰশ্নাৱলী, Page No- 253

1.কোন ধৰণৰ দাপােন— অবতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ? কিয় ?

উত্তৰ – সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে অৱতল দাপােন উৎকৃষ্ট ৷ কাৰণ, অৱতল দাপোনে পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰে ৷ সৌৰ কুকাৰত সূৰ্জৰ পোহৰ কেন্দ্ৰীভূত কৰি উচ্চ তাপ উৎপন্ন কৰিবলৈ অৱতল দাপোন সক্ষম ৷

2.মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি?

উত্তৰ – মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –

(i) জোৱাৰ ভাতাৰ শক্তি – সমুদ্ৰপৃষ্ঠৰ জোৱাৰ ভাতাৰ পৰা শক্তি আহৰণ কৰিব পাৰি ৷ ইয়াৰ বাবে সমুদ্ৰলৈ যোৱা ঠেক পথ এটাত বান্ধ নিৰ্মান কৰা হয় ৷ কিন্তু এনে বান্ধ নিৰ্মান কৰা উপযুক্ত স্থান সীমিত ৷

(ii) তৰংগ শক্তি – সমুদ্ৰৰ প্ৰকাণ্ড প্ৰকাণ্ড তৰংগৰ গতি শক্তি আহৰণ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি ৷ কিন্তুু এনে কৰিবলৈ তৰংগবোৰ অতিশয় শক্তিশালী হোৱা উচিত যি অতি সীমিত ৷

(iii) মহাসামুদ্ৰিক তাপীয় শক্তি – সমুদ্ৰৰ পৃষ্ঠ আৰু 2 km পৰ্যন্ত গভীৰতাত থকা পানীৰ উষ্ণতাৰ পাৰ্থক্য 293 K বা ততোধিক হ’লে মহাসামুদ্ৰিক তাপীয় শক্তি আহৰণ কৰিব পাৰি ৷ কিন্তু ই বাণিজ্যিকভাৱে লাভ দায়ক নহয় ৷

3.তাপীয় শক্তি কি?

উত্তৰ – বিভিন্ন উৎসত উৎপন্ন হোৱা তাপৰ পৰা উৎপাদন কৰা শক্তিক তাপীয় শক্তি বোলে ৷

(i) মহাসামুদ্ৰিক তাপীয় শক্তি – সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ পানী ভাগ সূৰ্যৰ তাপত গৰম হয় কিন্তু গভীৰ অঞ্চলসমুহৰ পানী তুলনামূলকভাৱে শিতল অৱস্থাত থাকে ৷ উষ্ণতাৰ এই পাৰ্থক্যৰ আধাৰত শক্তি উৎপাদন কৰা হয় ৷ ইয়াকে মহাসামুদ্ৰিক তাপীয় শক্তি বোলে ৷

(ii) ভূ-তাপীয় শক্তি – ভূত্বতকৰ গভীৰতাৰ উচ্চ উষ্ণতাক ব্যৱহাৰ কৰি উৎপন্ন কৰা শক্তিক ভূ-তাপীয় শক্তি বোলে ৷

4. নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?

উত্তৰ – নিউক্লীয় শক্তিৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল –

  • প্ৰচুৰ পাৰিমাণৰ শক্তি উৎপন্ন কৰিব পাৰি ৷ কোৱা হয় যে জীৱাশ্মজাত ইন্ধনৰ পৰা লাভ কৰা শক্তিৰ তুলনাত ১০ নিযুত গুণ নিউক্লীয় শক্তি উৎপন্ন হয় ৷
  • নিউক্লীয় শক্তি সীমিত কাৰ্বন যুক্ত শক্তি ৷
  • নিউক্লীয় শক্তিত প্ৰদূষণৰ মাত্ৰা তুলনামূলকভাৱে কম ৷
  • বহুল ভিত্তিত উৎপাদন কৰিলে ই কম খৰচি ৷
  • নিউক্লীয় শক্তিৰ বাবে প্ৰয়োজনীয় কেচা সামগ্ৰী বহুত বছৰ চলিব পৰাকৈ উপলব্ধ ৷

প্রশাৱলী Page No- 253

Advertisement

1.শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে? কিয় পাৰে বা কিয় নােৱাৰে?

উত্তৰ – শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব নোৱাৰে ৷ কাৰণ অতি পৰিস্কাৰ বুলি গণ্য কৰা শক্তিকো উৎপাদন কৰা প্ৰক্ৰিয়াত কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশ প্ৰদূষণ হয় ৷

উদাহৰণ স্বৰূপে, নিউক্লীয় শক্তি উৎপাদনৰ সময়ত উৎপন্ন হোৱা আৱৰজনাই পৰিৱেশ প্ৰদূষিত কৰে ৷

2.ৰকেটৰ ইন্ধন হিচাপে হাইড্রজেন ব্যৱহাৰ হয়। তােমালােকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি? কিয় কৰিবা বা কিয় নকৰা ?

উত্তৰ – ৰকেটৰ ইন্ধন হিচাপে হাইড্রজেন ব্যৱহাৰ হয়। ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিব পাৰি , কাৰণ-

(i) হাইড্ৰ’জেন এবিধ কাৰ্বন মুক্ত ইন্ধন ৷

(ii) ই কোনো ধৰণৰ সেউজ গৃহ গেছ উৎপন্ন নকৰে ৷

(iii) হাইড্ৰ’জেনৰ দহনে পানী উৎপন্ন কৰে যি পৰিৱেশৰ বাবে ক্ষতি কাৰক নহয় ৷

শক্তিৰ উৎসসমূহ – প্রশ্নাৱলী Page No 254

1.তুমি নবীকৰণযােগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তােমাৰ পছন্দৰ কাৰণ দর্শোৱা ।

উত্তৰ – নবীকৰণযােগ্য বুলি বিবেচনা কৰা দুটা শক্তিৰ উৎস হ’ল – বায়ু শক্তি আৰু সৌৰ শক্তি ৷

সূৰ্যৰ তাপে ভূ-খণ্ড আৰু জলভাগৰ বায়ুক গতি প্ৰদান কৰে আৰু বতাহৰ জন্ম দিয়ে ৷ বতাহৰ গতিক শক্তি উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় ৷ একেদৰে সূৰ্যৰ তাপ শক্তিক শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়৷ যিহেতু সূৰ্যই প্ৰায় ৫০০ নিযুত বছৰ পৰ্যন্ত শক্তি বিকিৰণ কৰি থাকিব বুলি ধাৰণা কৰা হৈছে সেয়েহে কব পাৰি যে বায়ু শক্তি আৰু সৌৰ শক্তি কেতিয়াও শেষ নহয় ৷

2. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তােমাৰ পছন্দৰ কাৰণ দর্শোৱা ৷

উত্তৰ – ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম হ’ল – কয়লা আৰু পেট্ৰলিয়াম ৷

কয়লা আৰু পেট্ৰলিয়াম জীৱাশ্মজাত ইন্ধন ৷ জীৱাশ্মজাত ইন্ধন পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি থকা হৈছে আৰু ইয়াৰ ভাণ্ডাৰ অতি সীমিত ৷ আমি যদি ইয়াৰ ব্যৱহাৰ দ্ৰুত হাৰত কৰি থাকো তেন্তে ই অতি শীঘ্ৰে শেষ হ’ব ৷ সেয়েহে কয়লা আৰু পেট্ৰলিয়ামক ক্ষয়িষ্ণু শক্তিৰ উৎস বুলি বিবেচনা কৰিব পাৰি ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

অনুশীলনী

Advertisement

1.পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নােৱাৰা দিনটো হৈছে এটা
(a) ৰৌদ্রোজ্জ্বল দিন
(b) ডাৱৰীয়া দিন।
(c) গৰম দিন
(d) বতাহে কোবােৱা দিন।

উত্তৰ – (b) ডাৱৰীয়া দিন।

2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(a)খৰি (b) গােবৰ গেছ
(c) নিউক্লীয় শক্তি
(d) কয়লা।

উত্তৰ – (c) নিউক্লীয় শক্তি

3.আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ’ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(a) ভূ-তাপীয় শক্তি
(b) বায়ু শক্তি
(c) নিউক্লীয় শক্তি
(d) জৈৱ উপাদান।

উত্তৰ – (c) নিউক্লীয় শক্তি

4.শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

উত্তৰ – শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ পার্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

জীৱাশ্মজাত ইন্ধনসৌৰশক্তি
১. জীৱাশ্মজাত ইন্ধন অনবীকৰণযোগ্য শক্তিৰ উৎস ৷ ১. সৌৰশক্তি নবীকৰণযোগ্য শক্তিৰ উৎস ৷
২. জীৱাশ্মজাত ইন্ধনৰ ভাণ্ডাৰ সীমিত ৷২. সৌৰশক্তিৰ ভাণ্ডাৰ অসীম ৷
৩. জীৱাশ্মজাত ইন্ধনে প্ৰদূষণ কৰে ৷৩. সৌৰশক্তিৰ পৰা প্ৰদূষণ নহয় ৷
৪. জীৱাশ্মজাত ইন্ধন এবিধ খৰচি ইন্ধন ৷৪. সৌৰশক্তি অতি কম খৰচত ব্যৱহাৰ কৰিব পাৰি৷
৫. শেষ হ’লে ইন্ধন ক্ৰয় কৰি থাকিব লাগে ৷৫. এবাৰ খৰচ কৰি সৌৰশক্তি ব্যৱহাৰ কৰা যন্ত্ৰটো কিনিলেই হয় ৷
৬. যিকোনো সময়ত ব্যৱহাৰ কৰিব পাৰি ৷৬. অকল ৰৌদ্ৰোজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি ৷

5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

উত্তৰ – জৈৱ উপাদান বা জৈৱ-ভৰ আৰু জলবিদ্যুত দুয়োবিধে নবীকৰণযোগ্য শক্তিৰ উৎস উৎস ৷ ইহঁতৰ মাজৰ পাৰ্থক্য সমূহ তলত উল্লেখ কৰা হ’ল –

জৈৱ উপাদান বা জৈৱ-ভৰজলবিদ্যুত
১. জৈৱিক আৱৰ্জনাৰ পৰা পোৱা যায় ৷১. উচ্চতাত সঞ্চয় কৰা পানী বা গতিশীল পানীৰ পৰা পোৱা যায় ৷
২. প্ৰদূষণৰ মাত্ৰা কম ৷২. কোনো ধৰণৰ প্ৰদূষণ নকৰে ৷
৩. জৈৱিক গেছ উৎপাদন কৰিব পাৰি ৷৩. বিদ্যুৎ উৎপাদন কৰিব পাৰি ৷
৪. ইয়াৰ উৎপাদন সীমিত ৷৪. বহুত বেছি উৎপাদন কৰা সম্ভৱ ৷
৫. অতি কম খৰচি ৷৫. তুলনামূলক ভাৱে খৰচি ৷
৬. অৱশিষ্ট সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷৬. অৱশিষ্ট নাথাকে ৷

6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি?
(a) বতাহ
(b) তৰংগ
(c) জোৱাৰ-ভাতা

উত্তৰ – (a) বতাহ – বতাহৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –

  • বিদ্যুৎ উৎপন্ন কৰিবলৈ অনেক বায়ু কলৰ প্ৰয়োজন হয় ৷
  • ইমান বেছি সংখ্যক বায়ু কল স্থাপনৰ বাবে বৃহৎ এটা অঞ্চলৰ প্ৰয়োজন হয় ৷
  • বিদ্যুৎ উৎপন্ন কৰিবলৈ বায়ুৰ গতি 15 km/hrত কৈ অধিক হ’ব লাগে যি সকলো ঠাইত নাথাকে ৷
  • কোনোবা অঞ্চলত 15 km/hr বেগৰ বায়ু প্ৰবাহ হলেও বছৰটোৰ আতাইকেইটা মাহত বেগ একে নাথাকে ৷
  • বায়ু পাম স্থাপন কৰিবলৈ প্ৰাৰম্ভিক খৰচ অতি বেছি ৷
  • বতাহ নথকা সময়ত শক্তিৰ যোগান অব্যাহত ৰাখিবলৈ সঞ্চায়ক কোষ থাকিব লাগে৷
  • উচ্চ মানৰ তদাৰক-তদবিৰ ব্যৱস্থা থাকিব লাগে ৷

(b) তৰংগ – তৰংগ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –

  • যিবোৰ স্থানত তৰংবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তিৰ ব্যৱহাৰ ফলপ্ৰসূ ৷
  • ই অতি ব্যয়বহুল ৷
  • ঢৌ নথকা অঞ্চলত তৰংগৰ পৰা শক্তিৰ আহৰণ কৰা সম্ভৱ নহয় ৷

(c) জোৱাৰ-ভাতা – জোৱাৰ-ভাতাৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা সমূহ তলত উল্লেখ কৰা হ’ল –

  • সমুদ্ৰপৃষ্ঠৰ জোৱাৰ ভাতাৰ পৰা শক্তি আহৰণ কৰিবলৈ সমুদ্ৰলৈ যোৱা ঠেক পথ এটাত বান্ধ নিৰ্মান কৰা হয় ৷ কিন্তু এনে বান্ধ নিৰ্মান কৰা উপযুক্ত স্থান সীমিত ৷
  • ই অতি ব্যয়বহুল ৷
  • খৰচৰ অনুপাতে উৎপাদন কম ৷

7. কি আধাৰত শক্তিৰ উৎসমূহ
(a) নবীকৰণযােগ্য আৰু অনবীকৰণযােগ্য
(b) ক্ষয়িষ্ণু যােৱা আৰু অক্ষয়িষ্ণু
বুলি শ্রেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে?

উত্তৰ –(a) যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে তেনেবোৰ শক্তিৰ উৎসক নবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয় ৷ উদাহৰণ – সৌৰ শক্তি ৷

যিবোৰ শক্তিৰ উৎস প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ নাথাকে আৰু সীমিতভাৱে উপলব্ধ তেনেবোৰ শক্তিৰ উৎসক অনবীকৰণযােগ্য শক্তিৰ উৎস বোলা হয় ৷ উদাহৰণ – জীৱাশ্মজাত ইন্ধন ৷

(b) যিবোৰ শক্তিৰ উৎস সীমিত আৰু অধিক ব্যৱহাৰ কৰিলে শেষ হোৱা সম্ভাৱনা থাকে তেনে শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তিৰ উৎস বোলে ৷ উদাহৰণ – কয়লা, পেট্ৰলিয়াম ইত্যাদি ৷

যিবোৰ শক্তিৰ উৎস অসীম আৰু অধিক ব্যৱহাৰ কৰিলেও শেষ হোৱা সম্ভাৱনা নাথাকে তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণু শক্তিৰ উৎস বোলে ৷ উদাহৰণ – বায়ু শক্তি, জলশক্তি ইত্যাদি ৷

8. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি?

উত্তৰ – আদর্শশক্তি উৎসৰ গুণসমূহ তলত উল্লেখ কৰা হ’ল –

  • আদর্শশক্তি উৎসৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে ৷
  • আদর্শশক্তি উৎস সহজে উপলব্ধ ৷
  • আদর্শশক্তি উৎসৰ সঞ্চয় আৰু পৰিবহন সহজসাধ্য ৷
  • আদর্শশক্তি উৎস মিতব্যয়ী ৷

9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত?

উত্তৰ – সৌৰ চুলা ব্যৱহাৰৰ সুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –

  • সৌৰ চুলাত ব্যৱহাৰ হোৱা সৌৰশক্তি নবীকৰণযোগ্য শক্তিৰ উৎস ৷
  • সৌৰশক্তিৰ ভাণ্ডাৰ অসীম হোৱা বাবে সৌৰ চুলা অবিৰতভাবে কাৰ্যক্ষম হৈ থাকে ৷
  • সৌৰ চুলাৰ পৰা প্ৰদূষণ নহয় ৷
  • সৌৰ চুলা ব্যৱহাৰ কৰিবলৈ কোনো ইন্ধন নালাগে ৷
  • এবাৰ খৰচ কৰি সৌৰ চুলাটো কিনিলেই হয় ৷

সৌৰ চুলা ব্যৱহাৰৰ অসুবিধা সমূহ তলত উল্লেখ কৰা হ’ল –

  • সৌৰ চুলা অকল ৰৌদ্ৰোজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি ৷
  • খাদ্য প্ৰস্তুতকৰনত অধিক সময়ৰ প্ৰয়োজন হয় ৷
  • ঘৰৰ ভিতৰত ৰন্ধন কাৰ্য কৰা সম্ভৱ নহয় ৷
  • অধিক তাপ প্ৰয়োজন হোৱা খাদ্য প্ৰস্তুত কৰিবলৈ সুবিধাজনক নহয় ৷
  • উৎপাদিত তাপ ৰন্ধনত ব্যৱহাৰ হোৱা পাত্ৰৰ কোনো এটা কেন্দ্ৰত কেন্দ্ৰীভূত কৰিব নোৱাৰি ৷
  • সৌৰ চুলা বজাৰত সহজ লভ্য নহয় ৷

ডাৱৰীয়া দিন আৰু দীঘলীয়া ৰাতিৰ অঞ্চলবোৰত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ৷

10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লােৱাৰ পৰামর্শ দিবা?

উত্তৰ – শক্তিৰ বৰ্দ্ধিত চাহিদাই পৰিবেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলায় ৷ তেনে কিছুমান প্ৰভাৱ তলত উল্লেখ কৰা হ’ল –

  • শক্তিৰ বৰ্দ্ধিত চাহিদাৰ ফলত জীৱাশ্মজাত ইন্ধনৰ ভাণ্ডাৰ ক্ষিপ্ৰতাৰে কমিবলৈ ধৰে ৷
  • জীৱাশ্মজাত ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ, এছিড বৰষুণ, সেউজ গৃহ প্ৰভাৱ আদিৰ দৰে সমস্যাই দেখা দিয়ে৷
  • জলশক্তি প্ৰকল্প নিৰ্মানৰ ফলত নদীবান্ধৰ পানীত বুৰ গৈ বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয় ৷
  • নদীবান্ধৰ পানীত ডুবা গছ – গছনী পচি মিথেন গেছ নিৰ্গত হয় যি এবিধ সেউজ গৃহ গেছ ৷
  • নিউক্লীয় শক্তি উৎপাদনত উৎপন্ন হোৱা আৱৰজনাই পৰিবেশ প্ৰদূষিত কৰে ৷

শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে আমি তলত উল্লেখিত কিছুমান পদক্ষেপ ল’ব পাৰো –

  • জীৱাশ্মজাত ইন্ধনৰ ব্যৱহাৰ যিমান পাৰি কমাব লাগে ৷
  • নিজা বাহন ব্যৱহাৰ নকৰি ৰাজহুৱা বাহন যেনে – বাছ, ৰেল আদি ব্যৱহাৰ কৰিব লাগে ৷
  • নবীকৰণযোগ্য শক্তিৰ উৎস যেনে – সৌৰ শক্তি আদিৰ ব্যৱহাৰ অধিক মাত্ৰাত কৰিব লাগে ৷
  • উচৰৰ ঠাইত খোজ কাঢ়ি বা চাইকেলেৰে যাতায়ত কৰিব লাগে ৷
  • বৈদ্যুতিক পাংখা, বাল্ব আদি প্ৰয়োজন নহলে বন্ধ কৰি থব লাগে ৷
  • পানী ব্যৱহাৰৰ পাছত নল ভালদৰে বন্ধ কৰিব লাগে ৷ এনে কৰিলে বৈদ্যুতিক মটৰৰ বিদ্যুত ব্যয় কমে ৷
  • ৰন্ধন কাৰ্যত প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰি ৰন্ধন গেছ ৰাহি কৰিব পাৰি ৷
  • ৰন্ধন কাৰ্যৰ অন্তত গেছৰ চুলা আৰু চিলিন্দাৰৰ ৰেগুলেটৰ ভালদৰে বন্ধ কৰিব লাগে ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

NCERT সমাধান – বিজ্ঞান – দশম শ্ৰেণী

 অধ্যায় ১- ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ

অধ্যায়- ৩ ধাতু আৰু অধাতু

অধ্যায়- ৪ কাৰ্বন আৰু তাৰ যৌগ

অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

অধ্যায় ৬ – জীৱন প্ৰক্ৰিয়া

অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

অধ্যায় -৯ বংশগতি আৰু ক্ৰমবিকাশ

অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ

অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

অধ্যায় ১২ – বিদ্যুৎ

অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

অধ্যায়- ১৪ শক্তিৰ উৎসসমূহ

অধ্যায়- ১৫ আমাৰ পৰিবেশ

অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

For Current Affairs, Please click here….

15 Replies to “শক্তিৰ উৎসসমূহ”

Leave a Reply

Your email address will not be published. Required fields are marked *