ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ নৱম শ্ৰেণীৰ, অধ্যায়- 12 শব্দ (Sound ) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷
শব্দ – প্ৰশ্নাৱলী, Page No – 162
1. স্পন্দনশীল বস্তু এটাই মাধ্যমত উৎপন্ন কৰা শব্দ কেনেকৈ তোমাৰ কাণ পায়গৈ ?
উত্তৰ – স্পন্দনশীল বস্তু এটাই তাৰ চৌপাশে থকা মাধ্যমৰ কণা বিলাকক কঁপিবলৈ বাধ্য কৰে। কণাবোৰে কিন্তু কম্পমান বস্তুটোৰ পৰা কাণ পর্যন্ত ভ্রমণ নকৰে। কম্পমান বস্তুৰ সংস্পৰ্শত থকা মাধ্যমৰ কণা এটা পোনতে তাৰ সাম্য অৱস্থাৰ পৰা অপসাৰিত হ’ব। তাৰ পিছত ই নিকটবর্তী কণাটোৰ ওপৰত বল প্রয়োগ কৰে। তাৰ ফলত নিকটবর্তী কণাটোও তাৰ সাম্য অৱস্থানৰ পৰা অপসাৰিত হয়। নিকটবর্তী কণাটোক অপসাৰিত কৰাৰ পিছত প্ৰথম কণাটো আগৰ অৱস্থানলৈ উভতি আহে। শব্দ আহি কাণত নপৰা পর্যন্ত মাধ্যমত এই প্রক্রিয়াটো চলি থাকে।
প্ৰশ্নাৱলী, Page No – 163
1. তোমাৰ স্কুলৰ ঘটনাটোৱে কেনেদৰে শব্দৰ সৃষ্টি কৰে বৰ্ণনা দিয়া ।
উত্তৰ – আমাৰ স্কুলৰ ঘটনাটো এটা স্পন্দনশীল বস্তু ৷ স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়। এনে অঞ্চলক সংকোচন (Compression) বোলে। স্পন্দনশীল বস্তুটোৰ পৰা এই ঘনীভৱন আঁতৰি যাবলৈ
আৰম্ভ কৰে। যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে, তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে যাক তনূভৱন (Rarefaction) বোলে। বস্তুটোৰ ক্ষীপ্র অগা-পিছা গতিৰ বাবে বায়ুত ঘনীভৱন আৰু তনুভৱনৰ এটা শৃংখলৰ সৃষ্টি হয়। এনে শৃংখলেই হ’ল মাধ্যমৰ মাজেৰে অগ্রগামী হোৱা শব্দ তৰংগ। এনেদৰে আমাৰ স্কুলৰ ঘটনাটোৱে শব্দৰ সৃষ্টি কৰে ৷
2. শব্দ তৰংগক কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ?
উত্তৰ – শব্দ তৰংগৰ সৈতে মাধ্যমৰ কণাৰ গতি জড়িত হৈ থাকে, সেয়েহে ইহঁতক যান্ত্ৰিক তৰংগ বুলি কোৱা হয় ৷
3. ধৰা হওঁক, তুমি আৰু তোমাৰ বন্ধু চন্দ্ৰত আছা । তোমাৰ বন্ধুৱে উৎপন্ন কৰা যিকোনো শব্দ শুনিবলৈ সমৰ্থ হ‘বানে ?
উত্তৰ – চন্দ্ৰত থাকিলে বন্ধুয়ে সৃষ্টি কৰা কোনো ধৰণৰ শব্দ শুনিবলৈ সমৰ্থ নহম ৷ ইয়াৰ কাৰণ হ’ল শব্দ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন ৷ চন্দ্ৰত বায়ুমন্ডল বা শব্দ সঞ্চালনৰ বাবে উপযুক্ত কোনো ধৰণৰ মাধ্যম নাই ৷
প্ৰশ্নাৱলী, Page No – 166
1. তৰংগৰ কি ধর্মই (a) তীব্ৰতা আৰু (b) তীক্ষ্ণতা নির্ণয় কৰে ?
উত্তৰ – a) তৰংগৰ বিস্তাৰে তীব্ৰতা নির্ণয় কৰে ৷
b) তৰংগৰ কম্পনাংকই তীক্ষ্ণতা নির্ণয় কৰে ৷
2. গাড়ীৰ হৰ্ন আৰু গীটাৰ, এই দুয়োটাৰ ভিতৰত কোনটোৰ শব্দৰ তীক্ষ্ণতা বেছি ?
উত্তৰ – তৰংগৰ কম্পনাংকই তীক্ষ্ণতা নির্ণয় কৰে ৷ সেয়েহে গীতাৰৰ শব্দৰ তীক্ষ্ণতা বেছি ৷
প্ৰশ্নাৱলী, Page No – 166
1. শব্দ তৰংগৰ তৰংগ দৈৰ্ঘ্য, কম্পনাংক, পৰ্যায় কাল, আৰু বিস্তাৰৰ সংজ্ঞা লিখা ।
উত্তৰ – তৰংগ দৈৰ্ঘ্য -শব্দ তৰংগৰ দুটা আনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্বক তৰংগ দৈৰ্ঘ্য বোলে ৷ ইয়াৰ এচ আই একক হ’ল মিটাৰ ৷
কম্পনাংক– প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাকেই তৰংগৰ কম্পনাংক বোলে ৷ ইয়াৰ এচ আই একক হ’ল হাৰ্টজ(Hz) ৷
পৰ্যায় কাল – দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায় কাল বোলে ৷ ইয়াৰ এচ আই একক হ’ল চেকেণ্ড ৷
বিস্তাৰৰ – গড় মানৰ দুয়োফালে মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মানক তৰংগৰ বিস্তাৰ বোলে ৷
2. শব্দ তৰংগৰ কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্য কি দৰে তাৰ দ্ৰুতিৰ সৈতে জড়িত হৈ আছে ?
উত্তৰ – শব্দ তৰংগৰ কম্পনাংক, তৰংগ দৈৰ্ঘ্য আৰু দ্ৰুতিৰ তলত উল্লেখ কৰা ধৰণে জড়িত হৈ আছে –
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) x কম্পনাংক(৵)
3. প্ৰদত্ত মাধ্যম এটাত শব্দ তৰংগৰ দ্ৰুতি 440 ms-1 আৰু কম্পনাংক 220 Hz । ইয়াৰ তৰংগ দৈৰ্ঘ্য নিৰ্ণয় কৰা ।
উত্তৰ – দিয়া আছে,
তৰংগৰ দ্ৰুতি(v) = 440 ms-1
কম্পনাংক(৵) =220 Hz
তৰংগ দৈৰ্ঘ্য(⋋) = ?
আমি জানো যে,
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) x কম্পনাংক(৵)
⇒ ⋋ = v/৵
⇒ ⋋ = 440/220
⇒ ⋋ = 2 m
∴ তৰংগ দৈৰ্ঘ্য হ’ব 2 মিটাৰ ৷
4. উৎসৰ পৰা 450m দূৰত্বত উপবিষ্ট ব্যক্তি এজনে শুনি থকা স্বৰ এটাৰ কম্পনাংক 500Hz । উৎসৰ পৰা নিৰ্গত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল কিমান ?
উত্তৰ – দিয়া আছে,
কম্পনাংক(৵) =500 Hz
সময়ৰ অন্তৰাল(T) = ?
আমি জানো যে,
T = 1/৵
= 1/500
= 0.002 s
∴ উৎসৰটোৰ পৰা নিৰ্গত অনুক্ৰমিক সংকোচনবোৰৰ মাজৰ সময়ৰ অন্তৰাল হ’ল 0.002 s ৷
প্ৰশ্নাৱলী, Page No – 166
1. শব্দৰ তীব্ৰতা আৰু প্ৰাবল্যৰ মাজৰ পাৰ্থক্য কি ?
উত্তৰ – শব্দৰ তীব্ৰতা মূলতঃ তাৰ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় হয় ৷ ই হ’ল শব্দলৈ শ্ৰৱনেন্দ্ৰিয়ৰ সহাঁৰিৰ জোখ ৷
আনহাতে, প্ৰতি চেকেণ্ডত একক কালিৰ মাজেৰে পাৰ হৈ যোৱা শব্দ শক্তিৰ পৰিমাণক শব্দৰ তৰংগৰ প্ৰাবল্য বোলে ৷
প্ৰশ্নাৱলী, Page No – 167
1. বায়ু, পানী আৰু লোৰ ভিতৰত কোনটো মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দৰ দ্ৰুতি আতাইতকৈ বেছি ?
উত্তৰ – শব্দৰ দ্ৰুতি লোত আতাইতকৈ বেছি হ’ৱ ৷
প্ৰশ্নাৱলী, Page No – 168
1. শব্দ এটাৰ প্ৰতিধ্বনি 3s পিছত শুনা গ’ল ৷ প্ৰতিফলনক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব কিমান ? দিয়া আছে, শব্দৰ দ্ৰুতি 342ms-1 ৷
উত্তৰ – দিয়া আছে,
শব্দৰ দ্ৰুতি(v) = 342ms-1
প্ৰতিধ্বনিৰ সময়(t)= 3s
শব্দই অতিক্ৰম কৰা দূৰত্ব, s = v x t
= 342 x 3
= 1026 m
∴ প্ৰতিফলনক পৃষ্ঠ আৰু উৎসৰ মাজৰ দূৰত্ব হ’ব = 1026/2 = 513 m
প্ৰশ্নাৱলী, Page No – 169
1. সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ কিয় হয় ?
উত্তৰ – সংগীত সমলয়ৰ প্ৰেক্ষাগৃহৰ মূধচখন বক্ৰাকৃতিৰ হয় যাতে শব্দ পএক্ষাগ্ৰীহ বা হলৰ প্ৰতিটো চুক কোণলৈ যাব পাৰে ৷
প্ৰশ্নাৱলী, Page No – 170
1. সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ কি ?
উত্তৰ – সাধাৰণতে মানুহৰ কাণৰ শ্ৰাব্য পৰিসৰ ২০ হাৰ্জৰ পৰা ২০,০০০ হাৰ্জ ৷
2. (a) অবশব্দ আৰু (b) অতিশব্দৰ সৈতে জড়িত কম্পনাংকৰ পৰিসৰ কি ?
উত্তৰ – (a) 20Hzত কৈ কম কম্পনাংকৰ শব্দক অৱশাব্দিক ধ্বনি বা অৱশব্দ বোলে ৷
(b) 20kHz ৰ অধিক কম্পনাংকৰ শব্দক অতিশাব্দিক ধ্বনি বা অতিশব্দ বোলে ৷
প্ৰশ্নাৱলী, Page No – 172
1. শিহুজাহাজ এখনে নিৰ্গত কৰা চনাৰ স্পন্দন(sonar pulse) এটা সমুদ্ৰ তলিৰ টিলা এটাত খুন্দা খাই 1.02s ত উভতি আহিল । যদি লুণীয়া পানীত শব্দৰ দ্ৰুতি 1531 m/s হয়, তেন্তে টিলাটোৰ দূৰত্ব কিমান?
উত্তৰ – দিয়া আছে,
প্ৰেৰণ আৰু সংগ্ৰহনৰ মাজৰ সময়, t = 1.02s
লুণীয়া পানীত শব্দৰ দ্ৰুতি, v= 1531 m/s
অতিশব্দই অতিক্ৰম কৰা দূৰত্ব = 2 x সমুদ্ৰতলিৰ গভীৰতা = 2d
য’ত d হ’ল সমুদ্ৰতলীৰ গভীৰতা ৷
2d = শব্দৰ দ্ৰুতি x সময়
⇒ d = 1531 m/s x 1.02s
⇒ d = 1561.62/2
⇒ d = 780 .81m
∴ টিলাটোৰ দূৰত্ব 780.81 m
শব্দ – অনুশীলনী
1. শব্দ কি আৰু ইয়াক কেনেকৈ উৎপন্ন কৰা হয় ?
উত্তৰ –শব্দ হৈছে এদিধ শক্তি যিয়ে আমাৰ কাণত শ্ৰৱণৰ অনুভূতি জগায় ৷ কোনো বস্তুৰ কম্পনৰ দ্বাৰা মাধ্যমত সংকোচন আৰু তনুভৱনৰ সৃষ্টি কৰি শব্দ উৎপন্ন কৰা হয় ৷
2. শব্দৰ উৎসৰ ওচৰত বায়ুৰ ঘনীভৱন আৰু তনুভৱনে কেনেকৈ উৎপন্ন হয় চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।
উত্তৰ –

চিত্ৰ – মাধ্যমত স্পন্দনশীল বস্তু এটাই সংকোচন আৰু তনুভৱনৰ
শৃংখল সৃষ্টি কৰিছে
শব্দ সঞ্চালিত হোৱা আটাইতকৈ সাধাৰণ মাধ্যমটো হৈছে বায়ু ৷ স্পন্দনশীল বস্তু এটাৰ গতিয়ে সন্মুখৰ বায়ুখিনিক সংকুচিত কৰে আৰু ফলত অধিক চাপৰ অঞ্চল এটাৰ সৃষ্টি হয়। চিত্ৰত দেখুওৱা এনে অঞ্চলক সংকোচন (Compression) বোলে। স্পন্দনশীল বস্তুটোৰ পৰা এই ঘনীভৱন আঁতৰি যাবলৈ আৰম্ভ কৰে। যেতিয়া স্পন্দনশীল বস্তুটো পিছফাললৈ উভতি আহে, তেতিয়া ই নিম্ন চাপৰ অঞ্চল এটাৰ সৃষ্টি কৰে যাক তনূভৱন (Rarefaction) বোলে। চিত্ৰত তনুভৱন দেখুওৱা হৈছে ৷ বস্তুটোৰ ক্ষীপ্র অগা-পিছা গতিৰ বাবে বায়ুত ঘনীভৱন আৰু তনুভৱনৰ এটা শৃংখলৰ সৃষ্টি হয়। এনে শৃংখলেই হ’ল মাধ্যমৰ মাজেৰে অগ্রগামী হোৱা শব্দ তৰংগ।
3. শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা প্রদর্শন কৰা পৰীক্ষা এটা উল্লেখ কৰা ।
উত্তৰ –

চিত্ৰ – শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজনীয়তা
প্রদর্শন কৰা বেলজাৰৰ পৰীক্ষা
বায়ুৰুদ্ধ বেলজাৰ এটাৰ ভিতৰত বৈদ্যুতিক ঘন্টা এটা ওলোমোৱা হ’ল । চিত্রত দেখুৱাৰ দৰে বেলজাৰটো বায়ু নিষ্কাশন পাম্প এটাৰ লগত সংযোগ কৰি থোৱা হ’ল। চুইছ দিলে ঘন্টাটোৰ শব্দ শুনিবলৈ পোৱা যায়। এতিয়া পাম্পটো চলোৱা হ’ল। বেলজাৰটোৰ ভিতৰৰ বায়ু লাহে লাহে নিষ্কাশিত হৈ থকা অবস্থাত একে প্রবাহেই ঘন্টাটোৰ মাজেৰে বৈ থকা স্বত্বেও ঘন্টাৰ শব্দ ক্রমান্বয়ে সৰু হৈ আহিল । কিছুসময়ৰ পিছত যেতিয়া বেলজাৰটোৰ ভিতৰত অতি কম পৰিমাণৰহে বায়ু অৱশিষ্ট থাকিল তেতিয়া অতিশয় সৰু শব্দহে শুনা গ’ল । ভিতৰৰ বায়ুখিনি সম্পূর্ণৰূপে নিষ্কাশিত কৰাত শব্দ সম্পূৰ্ণ নোহোৱা হ’ল ৷
উক্ত পৰীক্ষাটোৰ পৰা প্ৰমাণ হ’ল যে শব্দৰ সঞ্চালনৰ বাবে মাধ্যমৰ প্ৰয়োজন ৷
4. শব্দ তৰংগক অনুদৈর্ঘ্য তৰংগ বুলি কিয় কোৱা হয়?
উত্তৰ – শব্দ তৰংগত মাধ্যমৰ স্বকীয় কণাবোৰে আন্দোলন অগ্ৰসৰ হোৱা দিশৰ সমান্তৰালভাৱে গতিশীল হয় ৷ এই কণাবোৰ এঠাইৰ পৰা আন এঠাইলৈ স্হানান্তৰিত নহয়, সিহঁতে নিজৰ সাম্য অৱস্হানৰ শাপেক্ষে দুলি থাকে ৷ সেয়েহে শব্দ তৰংগক অনুদৈর্ঘ্য তৰংগ বুলি কোৱা হয়৷
5. অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ কোনটো বৈশিষ্ট্যৰ বাবে তোমাৰ বন্ধুৰ মাত, চিনাক্ত কৰিব পাৰা ?
উত্তৰ – অন্ধকাৰ কোঠা এটাত বহুতৰ লগত বহি থকা অৱস্থাত শব্দৰ এটা বৈশিষ্ট্য তীক্ষ্ণতাৰ বাবে বন্ধুৰ মাত চিনাক্ত কৰিব পাৰিম ৷ সকলো শব্দৰ বাবে তীক্ষ্ণতা বেলেগ হয় ৷তৰংগৰ কম্পনাংকই তীক্ষ্ণতা নির্ণয় কৰে ৷
6. বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেণি শুনা যায়, কিয় ?
উত্তৰ – বিজুলী আৰু ঢেৰেকণি দুয়োটাৰ একেলগে সৃষ্টি হয়। কিন্তু বিজুলী দৃশ্যমান হোৱাৰ কেইচেকেণ্ডমানৰ পিছতহে ঢেৰেণি শুনা যায়, কাৰণ শব্দৰ দ্ৰুতি পোহৰৰ দ্ৰুতিতকৈ যথেষ্ট কম ৷ আকাশত বিজুলি আৰু ঢেৰেকণি সৃষ্টি হোৱা পিছত পোহৰ শব্দতকৈ আগত পৃথিৱী আহি পায় ৷
7. ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 Hz – 20 kHz ৰ ভিতৰত। এই দুটা তৰংগ কম্পাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্রাৰূপিক তৰংগ দৈর্ঘ্য কিমান? বায়ুত শব্দৰ দ্ৰতি 344 m/s বুলি ধৰা ।
উত্তৰ – বায়ুত শব্দৰ দ্ৰতি, v = 344 m/s
ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20 Hz হ’লে –
কম্পনাংক, ৵ = 20 Hz
তৰংগ দৈৰ্ঘ্য, ⋋ = ?
আমি জানো যে,
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) x কম্পনাংক(৵)
⇒ ⋋ = v/৵
⇒ ⋋ = 344/20
⇒ ⋋ = 17.2 m
ব্যক্তি এজনৰ শ্ৰাব্য সীমাৰ পৰিসৰ 20kHz হ’লে –
কম্পনাংক, ৵ = 20000 Hz
তৰংগ দৈৰ্ঘ্য, ⋋ = ?
আমি জানো যে,
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) x কম্পনাংক(৵)
⇒ ⋋ = v/৵
⇒ ⋋ = 344/20000
⇒ ⋋ = 0.0172m
∴ 20 Hz আৰু 20 kHz তৰংগ কম্পাংকৰ সাপেক্ষে শব্দ তৰংগৰ বায়ুত প্রাৰূপিক তৰংগ দৈর্ঘ্য ক্ৰমে 17.2m আৰু 0.0172m ৷
শব্দ
৪. এলুমিনিয়ামৰ দণ্ড এডালৰ দুই মূৰত দুজন ছাত্র আছে। এজনে শিলগুটিৰে দণ্ডডাল টুকৰিয়াই দিলে। শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত উলিওৱা।
উত্তৰ – ধৰাহ’ল,
এলুমিনিয়ামৰ দণ্ডডালৰ দৈৰ্ঘ্য = d
25℃ত বায়ুত শব্দৰ দ্ৰুতি = 346m/s
শব্দ বায়ুৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়,
tair = d/ vair
= d/346
25℃ত এলুমিনিয়ামত শব্দৰ দ্ৰুতি = 6420m/s
শব্দ এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়,
tAl = d/ vAl
= d/6420
এতেকে শব্দ বায়ু আৰু এলুমিনিয়ামৰ মাজেৰে গৈ ইজন ছাত্ৰৰ ওচৰ পাওঁতে লগা সময়ৰ অনুপাত = d/346 : d/6420
= 6420/346
= 18.55
9. শব্দৰ উৎস এটাৰ কম্পাংক 100 Hz। ই এক মিনিটত কিমানটা কম্পন সম্পূর্ণ কৰিব?
উত্তৰ – দিয়া আছে,
কম্পনাংক, ৵ = 100 Hz
সময়, t = 1 min = 60s
কম্পনৰ সংখ্যা = 100 x 60
= 6000
∴ শব্দৰ উৎস এটাৰ কম্পাংক 100 Hz হ’লে ই এক মিনিটত 6000টা কম্পন সম্পূর্ণ কৰিব ৷
10. পোহৰে মানি চলা প্রতিফলনৰ সূত্ৰকেইটা শব্দই মানেনে? ব্যাখ্যা কৰা।
উত্তৰ – হয়, পোহৰে মানি চলা প্রতিফলনৰ সূত্ৰকেইটা শব্দই মানে ৷ পোহৰৰ দৰে শব্দৰো আপতন আৰু প্ৰতিফলনৰ দিশ দুটাই আপতন বিন্দুত পৃষ্ঠৰ আভিলম্বৰ সৈতে সমান সমান কোণ উৎপন্ন কৰে আৰু সিহঁত একেখন সমতলতে থাকে ৷
11. দূৰৰ বস্তু এটাই শব্দ প্রতিফলিত কৰিলে প্রতিধ্বনিৰ সৃষ্টি হয়। ধৰা হওঁক, শব্দৰ উৎস আৰু প্ৰতিফলক পৃষ্ঠৰ মাজৰ দূৰত্ব একে আছে। তাতোকৈ গৰম দিন এটাত প্রতিধ্বনিৰ
শব্দ শুনিবানে?
উত্তৰ – প্ৰতিধ্বনি শুনিবলৈ হ’লে মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজৰ সময়ৰ আন্তৰাল কমেও 0.1s হ’ব লাগে ৷উষ্ণতা বাঢ়িলে শব্দৰ বেগ বাঢ়ে৷ গৰম দিনত মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজৰ সময়ৰ আন্তৰাল 0.1 sত কৈ কম হ’লে প্রতিধ্বনিৰ শব্দ নুশুনিম অন্যথা আগৰ তুলনাত অধিক সোনকালে শুনিম ৷
12. শব্দ তৰংগৰ প্রতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ লিখা।
উত্তৰ – শব্দ তৰংগৰ প্রতিফলনৰ দুটা ব্যৱহাৰিক প্ৰয়োগ –
1. ধ্বনিবৰ্দ্ধক বা মেগাফ’ন, হৰ্ন শিঙ্গা, চেহনাই জাতীয় বাদ্যযন্ত্ৰসমুহত নলী এটাৰ মূৰত সংলগ্ন শংকু আকাৰৰ মুখত তৰংগৰ পুনঃ পুনঃ প্ৰতিফলনে শব্দ তৰংগৰ আধিকাংশক উৎসৰ পৰা শ্ৰোতাৰ দিশত সঞ্চালিত কৰে ৷
2. ষ্টেথ’স্কপত ৰোগীৰ হ্ৰৎস্পনদনৰ শব্দ পুনঃ পুনঃ প্ৰতিফলনৰ যোগেদি চিকিৎসকৰ কাণত পৰে ৷
13. 500 m ওখ স্তম্ভ এটাৰ শীৰ্ষৰ পৰা শিল এটা স্তম্ভৰ পাদদেশত থকা পুখুৰীৰ পানীত পৰিবলৈ দিয়া হল। পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত কেতিয়া শুনিবলৈ পোৱা যাব ?
দিয়া আছে g=10 m/s2 আৰু শব্দৰ দ্ৰুতি =340 m/s.
উত্তৰ – দিয়া আছে,
শিলটোয়ে অতিক্ৰম কৰা দূৰত্ব, s = 500m
শিলটোৰ প্ৰাৰম্ভিক বেগ, u = 0m/s
মধ্যাকৰ্ষণিক ত্বৰণ, g = 10 m/s2
আমি জানো যে,
s = ut + 1/2at2
⇒ 500 = 0 + ½ x 10 x t2
⇒ t2 = 500/5
⇒ t = 10
∴ শীলটো 10 sত পুখুৰীৰ পানীত পৰিব ৷
শব্দৰ দ্ৰুতি = 340 m/s.
শীলৰ পানীত পৰা শব্দৰ বাবে 500 m আতিক্ৰম কৰিবলৈ লগা সময় = 500 =1.47s
∴ শীলটো পানীত পৰাৰ শব্দটো স্তম্ভটোৰ শীৰ্ষত শুনিবলৈ পোৱা যাব = 10 + 1.47 = 11.47 sত
শব্দ
14. শব্দ তৰংগ এটা 339 ms–1 দ্ৰুতিৰে সঞ্চালিত হৈছে। যদি ইয়াৰ তৰংগ দৈর্ঘ্য 1.5 cm, তেন্তে তৰংগটোৰ কম্পনাংক কিমান? ই শ্রাব্য হ‘বনে?
উত্তৰ – দিয়া আছে,
শব্দ তৰংগৰ দ্ৰুতি, v = 339 ms-1
তৰংগ দৈৰ্ঘ্য, ⋋ = 1.5 cm = 1.5/100 = 0.015m
তৰংগটোৰ কম্পনাংক, ৵ = ?
আমি জানো যে,
দ্ৰুতি(v) = তৰংগ দৈৰ্ঘ্য(⋋) x কম্পনাংক(৵)
⇒ ৵ = v/⋋
⇒ ৵ = 339/ 0.015
⇒ ৵ = 22600 Hz
যিহেতু মানুহৰ শ্ৰাব্য সীমাৰ প্ৰসাৰ প্ৰায় ২০ হাৰ্জৰ পৰা ২০,০০০ হাৰ্জ সেয়েহে উক্ত কম্পনাংক শ্ৰাব্য নহয় ৷
15. অনুৰণন কাক বোলে ? ইয়াক কেনেকৈ কমাব পাৰি?
উত্তৰ – শব্দৰ নিৰ্বন্ধ ঘটোৱা পুনঃ পুনঃ প্ৰতিফলনকে অনুৰণন বোলে ৷
অনুৰণন কমাবৰ বাবে প্ৰেক্ষাগৃহৰ বেৰ আৰু মূধচ, শব্দ শোষণকাৰী পদাৰ্থ যেনে আহঁযুক্ত প্ৰচাপিত বৰ্ড, খহতা প্লাষ্টাৰ বা ডাঠ পৰ্দাৰে আবৰা হয় ৷ তদুপৰি শব্দ শোষন কৰিব পৰা পদাৰ্থৰে বহা আসনবোৰ সজ্জিত কৰা হয় ৷
16. শব্দৰ তীব্রতা কাক বোলে ? কি কি কাৰকৰ ওপৰত ই নিৰ্ভৰশীল ?
উত্তৰ – শব্দৰ তীব্রতাহ’ল শব্দলৈ শ্ৰৱনেন্দ্ৰিয়ৰ সহাঁৰিৰ জোখ ৷শব্দৰ তীব্ৰতা মূলতঃ তাৰ বিস্তাৰৰ দ্বাৰা নিৰ্ণয় হয় |
17. চিকাৰ ধৰিবলৈ বাদুলিয়ে অতিশব্দৰ ব্যৱহাৰ কি দৰে কৰে?
উত্তৰ –

চিত্ৰ – বাদুলিয়ে নিৰ্গত কৰা আতিশব্দ চিকাৰ বা প্ৰতিবন্ধকৰ দ্বাৰা প্ৰতিফলিত হৈ উভতি আহিছে
বাদুলিয়ে অতিশাব্দিক তৰংগ প্ৰেৰণ কৰে আৰু তাৰ প্ৰতিফলন ধৰা পেলাই চিকাৰ বিচাৰে ৷ বাদুলিৰ অতি তীক্ষ্ণ চেঁ-চেঁয়ানিবোৰ প্ৰতিবন্ধক বা চিকাৰৰ পৰা প্ৰতিফলিত হৈ চিত্ৰত দেখুৱাৰ দৰে বাদুলিৰ কাণলৈ উভতি আহে ৷ প্ৰতিফলিত তৰংগৰ প্ৰকৃতিৰ পৰা বাদুলিয়ে প্ৰতিবন্ধকৰ অৱস্হান আৰু প্ৰকাৰৰ উমান পায় ৷
18. পৰিষ্কাৰ (cleaning) কৰিবলৈ অতিশব্দৰ ব্যৱহাৰ কি দৰে হয় ?
উত্তৰ – শঙ্কুণ্ডলী আকৃতিৰ নলী, অদ্ভুত আকৃতিৰ যন্ত্রাংশ, ইলেকট্রনিক উপাদান আদিৰ দৰে সহজে ঢুকি নোপোৱা ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। পৰিষ্কাৰ কৰিব লগীয়া বস্তুবোৰ এটা পৰিষ্কাৰক দ্ৰৱত ৰখা হয় আৰু তাৰ পিছত দ্ৰৱৰ মাজেৰে অতিশব্দ প্রেৰণ কৰা হয়। উচচ কম্পনাংকৰ খুন্দাত ধূলি-মাকতি, তেলেতীয়া পদার্থ আৰু মলবোৰ এৰাই আহে আৰু দ্ৰৱৰ তলিত জমা হয়। এই প্রক্রিয়াত বস্তুবোৰ সম্পূৰ্ণকৈ পৰিষ্কাৰ হয় ।
19. চনাৰৰ কার্যনীতি আৰু প্রয়োগ ব্যাখ্যা কৰা।
উত্তৰ –

চিত্ৰ – প্ৰেৰক যন্ত্ৰি অতিশব্দ প্ৰেৰণ কৰিছে গ্ৰাহক যন্ত্ৰই সংগ্ৰহ কৰিছে
চনাৰত এটা প্ৰেৰক যন্ত্ৰ আৰু এটা গ্ৰাহক যন্ত্ৰ থাকে, এই দুটা নাও বা জাহাজৰ তলিত চিত্ৰত দেখুৱাৰ দৰে লগোৱা থাকে ৷
প্রেৰক যন্ত্রই অতিশাব্দিক তৰংগ উৎপন্ন কৰে আৰু প্ৰেৰণ কৰে। এই তৰংগবোৰ পানীৰ মাজেৰে সঞ্চালিত হয় আৰু সমুদ্রতলিত থকা বস্তুত প্রতিফলিত হৈ উভতি আহে আৰু গ্রাহক যন্ত্ৰত ধৰা পৰে। গ্রাহক যন্ত্রই উভতি অহা অতিশাব্দিক তৰংগবোৰক বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। তাৰ পৰৱর্তী পর্যায়ত এই সংকেতবোৰৰ যথোপযুক্ত বিশ্লেষণ সম্পন্ন হয়। পানীত শব্দ দ্ৰুতি আৰু অতিশব্দ প্ৰেৰণ আৰু সংগ্ৰহণৰ মাজৰ সময়ৰ অন্তৰাল জনা থাকিলে শব্দ প্রতিফলিত কৰা বস্তুটোৰ দূৰত্ব নির্ণয় কৰিব পাৰি। ধৰা হওঁক, অতিশব্দৰ প্ৰেৰণ আৰু সংগ্ৰহণৰ মাজৰ সময়ৰ অন্তৰাল =t আৰু সাগৰৰ পানত শব্দৰ দ্ৰুতি ৵ । গতিকে অতি শব্দই অতিক্রম কৰা মুঠ দূৰত্ব 2d = ৵ x t
উপৰোক্ত পদ্ধতিটোক প্রতিধ্বনি জৰীপ (echo-ranging) বুলি কোৱা হয়। সমুদ্র তলিৰ গভীৰতা আৰু সমুদ্রতলিৰ পাহাৰ, উপত্যকা; শিহুজাহাজ (submarine), হিমশিলাখণ্ড (Iceberg), ডুব যোৱা জাহাজ আদিৰ অৱস্থান নির্ণয়ৰ বাবে চনাৰ প্রযুক্তি ব্যৱহাৰ কৰা হয়।
20. শিহুজাহাজত সংযুক্ত চনাৰ সঁজুলি এটাই সংকেত প্রেৰণ কৰাৰ 5 s পিছত প্রতিধ্বনি ধৰা
পেলালে। শিৎজাহাজৰ পৰা বস্তুটোৰ দুৰত্ব 3625 m হলে পানীত শব্দৰ দ্ৰুতি নির্ণয় কৰা ৷
উত্তৰ – দিয়া আছে,
প্ৰেৰণ আৰু সংগ্ৰহনৰ মাজৰ সময়, t = 5s
শিৎজাহাজৰ পৰা বস্তুটোৰ দুৰত্ব, d = 3625 m
আমি জানো যে,
2d = ৵ x t
⇒ 2 x 3625 = ৵ x 5
⇒ ৵ = 7250/5
⇒ ৵ = 1450 m/s
∴ পানীত শব্দৰ দ্ৰুতি 1450 m/s |
21. অতিশব্দ ব্যৱহাৰ কৰি ধাতুৰ কুণ্ডা এটাৰ বিসংগতি কেনেকৈ ধৰা পেলোৱা হয় ব্যাখ্যাকৰা।
উত্তৰ – ধাতুৰ টুকুৰাৰ ফাট আৰু চ্যুতি ধৰা পেলাবলৈ অতিশব্দ ব্যৱহাৰ কৰা হয়। যন্ত্র আদিৰ দৰে বৃহদাকাৰ গাঁথান আৰু লগতে বৈজ্ঞানিক যন্ত্রপাতিত ধাতুৰে নির্মিত অংশ ব্যৱহাৰ কৰা হয়। ধাতুৰ কুণ্ডাৰ অন্তৰ্ভাগৰ ফাট বা চ্যুতিবোৰ বাহিৰৰ পৰা দৃশ্যমান হয় কিন্তু ইহঁতে গাথঁনবোৰ দূর্বল কৰি তোলে। ধাতুৰ কুণ্ডাৰ মাজেৰে অতিশব্দ প্ৰেৰণ কৰা হয় তাৰু সম্প্ৰেৰিত তৰংগবোৰক সংসূচকত (detector) ধৰা পেলোৱা হয়। ধাতু কুণ্ডাৰ অন্তৰ্ভাগৰ অতি ক্ষুদ্র বিসংগতিয়েও অতিশব্দক প্রতিফলিত কৰি চিত্ৰত দেখুৱাৰ দৰে চ্যুতি বা বিসংগতিৰ উপস্থিতি নির্ণয় কৰে ।

চিত্ৰ – ধাতুৰ কুণ্ডাৰ বিসংগতিযুক্ত স্হানৰ পৰা আতিশব্দৰ প্ৰতিফলন ৷
22. মানুহৰ কাণৰ কার্য পদ্ধতি ব্যাখ্যা কৰা।
উত্তৰ –

চিত্ৰ – মানুহৰ শ্ৰৱন অংগ
মানুহৰ কাণৰ কাৰ্য পদ্ধতি তলত ব্যাখ্যা কৰা হ’ল ৷
কাণৰ বাহ্যিক অংশক কর্ণপালি (pinna) বোলে। ই চৌপাশৰ শব্দবোৰ সংগ্ৰহ কৰে। সংগ্রহীত শব্দবোৰ শ্ৰৱণ নলীৰে সঞ্চালিত হয়। শ্ৰৱণ নলীৰ শেষ প্রান্তত পাতল পর্দা এখন থাকে। ইয়াকে কর্ণপটহীয় পদা (tympanic membrane) বা কাণমাদল (eardrum) বোলে। মাধ্যমৰ ঘনীভৱন কাণমাদলত উপনীত হলে পর্দাৰ বৰ্হিভাগত চাপৰ বৃদ্ধি হয় আৰু কাণমাদলক ভিতৰলৈ ঠেলে। একেদৰে মাধ্যমৰ তনুভৱনে স্পর্শ কৰিলে কাণমাদল বাহিৰলৈ ওলাই আহে। এইদৰে কাণমাদলত কম্পনৰ সৃষ্টি হয়। এই কম্পনক মধ্যকর্ণত থকা তিনিডাল হাড়ে (হাতুৰী, নিয়াঁৰি আৰু ৰিকাপি)(hammer, anvil and stirrup) কেবা গুণে সংবৰ্দ্ধিত কৰে। শব্দৰ পৰা উদ্ভূত সংবৰ্দ্ধিত চাপৰ পৰিবৰ্তনক মধ্যকর্ণই অন্তঃকর্ণলৈ প্ৰেৰণ কৰে। অন্তঃকর্ণত বায়ুচাপৰ পৰিবৰ্তনক কর্ণাবর্তই (cochlea) বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে। শ্ৰৱণ স্নায়ুৰ (auditory nerve) দ্বাৰা বৈদ্যুতিক সংকেতবোৰ মগজু পায়গৈ আৰু মগজুৱেব এইবোৰক শব্দ বুলি তাৎপর্যোদ্ধাৰ কৰে।
Read More :
অধ্যায়- ১ আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় – ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে ?
অধ্যায় ৯ বল আৰু গতি বিষয়ক সূত্ৰসমূহ
অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় ?
4 Replies to “শব্দ”