ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Spread the love
Advertisement

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰ, অধ্যায়- ১, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ-প্ৰশ্নাৱলী, Page No- 6         

. বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা এডাল পৰিস্কাৰ কৰি লাগে কিয় ?

উত্তৰ- মেগনেছিয়াম এটা অতি সক্ৰিয় ধাতু৷ সাধাৰণ উষ্ণতাত মেগনাছিয়াম ধাতুৰ পৃষ্ঠভাগত মেগনেছিয়ামৰ অক্সাইডৰ তৰপ এটাৰ আৱৰণ থাকে৷ এই অক্সাইডৰ সুৰহ্মা আৱৰণটোৱে ধাতুটোক জাৰণৰ পৰা ৰহ্মা কৰে৷ সেয়েহে বায়ুত দহনৰ আগতে মেগনেছিয়াম ফিটা ডাল পৰিস্কাৰ কৰি ল’ব লাগে ৷

. তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা৷

i) হাই’ড্ৰজেন+ ক্ল’ৰিন → হাই’ড্ৰজেন ক্ল’ৰাইড

উত্তৰ- H2(g)+Cl2(g)→ 2HCl(g)

ii) বেৰিয়াম ক্ল’ৰিইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড

উত্তৰ- 3BaCl2(s)+ Al2(SO4)3(s) →  3BaSO4(s) + 2AlCl3(s)

iii)  ছ’ডিয়াম + পানী → ছ’ডিয়াম হাই’ড্ৰক্সাইড + হাই’ড্ৰজেন৷

উত্তৰ-  2Na(s) + 2H2O(l) → 2NaOH(aq) + H2(g)

.তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্হা চিহ্ন(State symbols)সহ একোটা সন্তলিত ৰাসায়নিক সমীকৰণ লিখা৷

i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডি্য়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় ৷

উত্তৰ- BaCl2(aq) + Na2SO4(aq) → BaSO4(s) + 2NaCl(aq)

ii)  ছ’ডিয়াম হাই’ড্ৰক্সাইডৰ দ্ৰৱ(পানীত) হাই’ড্ৰক্ল’ৰিক এছিডৰ দ্ৰৱ(পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে৷

উত্তৰ- NaOH(aq)+ HCl(aq) → Nacl(aq) + H2O(l)

প্ৰশ্নাৱলী, Page No- 10

Advertisement

1. এটা পদাৰ্থ ‘X’ দ্ৰৱক বগা ৰঙ সানিবলৈ(White washing) ব্যৱহাৰ কৰা হয়

i) পদাৰ্থ ‘X’ৰ নাম আৰু সংকেত লিখা৷

উত্তৰ- পদাৰ্থ ‘X’ৰ নাম কেলছিয়াম অক্সাইড৷ ইয়াৰ সংকেত হ’ল CaO |

ii) পানীৰে সৈতে পদাৰ্থ ‘X’এ কৰা বিক্ৰিয়াটো লিখা ৷

উত্তৰ- কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰ’ক্সাইড উৎপন্ন কৰে-

    CaO(s) + H2O(l) → Ca(OH)2(aq)

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ-প্ৰশ্নাৱলী, Page No- 13

1. লোৰ গজাল এটা ডুবাই ৰাখিলে পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয় ?

উত্তৰ- লোৰ গজাল এটা ক’পাৰ ছালফেট দ্ৰৱত ডুবাই ৰাখিলে দ্ৰৱটোৰ ৰঙৰ পৰিবৰ্তন ঘটে ৷ ইয়াৰ কাৰণ হ’ল লো বা আইৰন ক’পাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে আইৰনে ক’পাৰ ছালফেট দ্ৰৱটোৰ পৰা ক’পাৰ মৌলটোক অপসাৰিত কৰি আইৰন ছালফেট উৎপন্ন কৰে৷

       Fe(s) + CuSO4(aq) →  FeSO4(aq) + Cu(s)

                                          (ক’পাৰ ছালফেট)   (আইৰন ছালফেট)

3. তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাচি উলিওৱা৷

i) 4Na(s) + O2(g) → 2Na2O(s)

উত্তৰ- ছ’ডিয়াম জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে৷

ii) CuO(s) +H2(g) →  Cu(s) + H2O(l)

উত্তৰ- হাই’ড্ৰজেন জাৰিত হৈছে আৰু ক’পাৰ অক্সাইড বিজাৰিত হৈছে৷

এই অধ্যায়টোৰ আলোচনা youtubeত চাবলৈ আমাৰ Channelটো Subscribe কৰক

অনুশীলনী

Advertisement

4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি ? ৰাসায়নিক সমীকৰণ সমূহ কিয় সন্তুলিত কৰিব লাগে?

উত্তৰ- যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তেনে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে ৷

      ৰাসায়নিক সমীকৰণ সমূহ ভৰৰ নিত্যতা সূত্ৰটো মানি চলিবলৈ সন্তুলিত কৰিব লাগে ৷

5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা ৷

a) হাইড্ৰ’জেন গেছে নাইট্ৰ’জেনৰে সৈতে লগ হৈ এম’নিয়া প্ৰস্তুত কৰে ৷

উত্তৰ- 3H2(g) + N2(g) → 2NH3(g)

b) হাইড্ৰ’জেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে ৷

উত্তৰ- 2H2S(g) + 3O2(g) →  2H2O(l) + 2SO2(g)

c) বেৰিয়াম ক্ল’ৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্ল’ৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃহ্মেপ উৎপন্ন কৰে ৷

উত্তৰ- 3BaCl2(aq) + Al2(SO4)3(aq) → 2AlCl3(aq) + 3BaSO4(s)

d)পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপণ্ন কৰে৷ উত্তৰ- 2K(s) + 2H2O(l) → 2KOH(aq) + H2(g)

6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা

a)HNO3 + Ca(OH)2 → Ca(NO3)2 + H2O

উত্তৰ-  2HNO3 + Ca(OH)2 → Ca(NO3)2 + 2H2O

b) NaOH + H2SO4 → Na2SO4 + H2O

উত্তৰ- 2NaOH + H2SO4 → Na2SO4 +  2H2O

c) NaCl + AgNO3 → AgCl + NaNO3  

উত্তৰ- NaCl + AgNO3 → AgCl + NaNO3    

d) BaCl2 + H2SO4 → BaSO4 + HCl

উত্তৰ- BaCl2 + H2SO4 → BaSO4 + 2HCl

7. তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা

a) কেলছিয়াম হাইড্ৰ’ক্সাইড + কাৰ্বন ডাই অক্সাইড → কেলছিয়াম কাৰ্বনেট + পানী ৷

উত্তৰ- Ca(OH)2 + CO2 → CaCO3 + H2O

b) যিংক + ছিলভাৰ নাইট্ৰেট → যিংক নাইট্ৰেট + ছিলভাৰ ৷

উত্তৰ- Zn + 2AgNO3 → Zn(NO3)2 + 2Ag

c) এলুমিনিয়াম + ক’পাৰ ক্ল’ৰাইড → এলুমিনিয়াম ক্ল’ৰাইড + ক’পাৰ ৷

উত্তৰ- 2Al + 3CuCl2 → 2AlCl3 + 3Cu

d) বেৰিয়াম ক্ল’ৰাইড + পটেছিয়াম ছালফেট → বেৰিয়াম ছালফেট + পটেছিয়াম ক্ল’ৰাইড

উত্তৰ- BaCl2 + K2SO4 →  BaSO4 + 2KCl

8. তলত দিয়া বোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লেখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা

a) পটেছিয়াম ব্ৰ’মাইড(aq) + বেৰিয়াম আয়’ডাইড(aq) → পটেছিয়াম আয়’ডাইড(aq) + বেৰিয়াম ব্ৰ’মাইড(s)

উত্তৰ- 2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(aq)

       এইটো এটা দ্বিঅপসৰণ বিক্ৰিয়া ৷

b)যিংক কাৰ্বনেট(s) → যিংক অক্সাইড(s) + কাৰ্বন ডাই অক্সাইড(g) 

উত্তৰ- ZnCO3(s) → ZnO(s) + CO2(g)

       এইটো এটা বিযোজন বিক্ৰিয়া ৷

c)হাইড্ৰ’জেন(g) + ক্ল’ৰিন(g) → হাইড্ৰ’জেন ক্ল’ৰাইড(g)

উত্তৰ- H2(g) + Cl2(g) → 2HCl(g)  

        এইটো এটা সংযোজন বিক্ৰিয়া ৷

d)মেগনেছিয়াম(s) + হাইড্ৰ’ক্লৰিক এছিড(aq) → মেগনেছিয়াম ক্ল’ৰাইড(aq) + হাইড্ৰ’জেন(g)

উত্তৰ- Mg(s) + 2HCl(aq) → MgCl2(aq) +H2(g)

          এইটো এটা অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া ৷

9. তাপবৰ্জী আৰু তাগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া

উত্তৰ- যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱা লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে ৷

উদাহৰণঃ প্ৰকৃতিক গেছৰ দহন-

       CH4(g)+ 2O2(g) → CO2(g) + 2H2O(l)

            যিবোৰ বিক্ৰিয়াত তাপ বা শক্তি শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে ৷

      উদাহৰণঃ সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে

             2AgCl(s)   __সুৰ্যৰ পোহৰ__> 2Ag(s) + Cl2(g)

10. শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ? ব্যাখ্যা কৰা ৷

উত্তৰ- শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ উপস্হিতিত কোষস্হ গ্লু’কজৰ জাৰন ঘটি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয় ৷

      C6H12O6(aq) + 6O2(aq) + 6H2O(l) → 6CO2(g) + 12H2O(l) + শক্তি

      যিহেতু এই প্ৰক্ৰিয়াত শক্তি উৎপন্ন হয় সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি বিবেচনা কৰা হয় ৷

11. বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা

উত্তৰ- এটা সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ আন এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে কিন্তু এটা বিযোজন বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে ৷ সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়

সংযোজন বিক্ৰিয়াৰ সমীকৰণ :

    C(s) + O2(g) → CO2(g)

বিযোজন বিক্ৰিয়া সমীকৰণ :

    2AgCl(s)   __সুৰ্যৰ পোহৰ__> 2Ag(s) + Cl2(g)

12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ৷

উত্তৰ- তাপ দিলে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত হয়৷

        CaCO3(s)  __তাপ___> CaO(s) + CO2(g)

     সুৰ্যৰ পোহৰে ছিলভাৰ ক্ল’ৰাইডক ছিলভাৰ আৰু ক্ল’ৰিনলৈ বিযোজিত কৰে ৷

        2AgCl(s)   __সুৰ্যৰ পোহৰ__> 2Ag(s) + Cl2(g)

     পানীৰ বিদ্যুৎ বিশ্লেষণত হাইড্ৰ’জেন আৰু অক্সিজেন গেছ উৎপন্ন হয় ৷

         2H2O(l) __বিদ্যুৎ প্ৰবাহ__>  2H2(g)  +  O2(g)

13.  অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি ? এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা ৷

উত্তৰ- যি বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই তাত কৈ কম সক্ৰিয় মৌল এটাক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেনে     বিক্ৰিয়াক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে ৷

উদাহৰণ : যিংকে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰ মৌলটোক অপসাৰিত কৰি যিংক ছিলফেট আৰু ক’পাৰ উৎপন্ন কৰে ৷

     Zn(s) + CuSO4(aq) →  ZnSO4(aq) + Cu(s)

     আনহাতে, যি বিক্ৰিয়াত দুটা মৌলই পৰস্পৰক পৰস্পৰৰ যৌগৰ পৰা অপসাৰিত কৰি আয়নৰ বিনিময় কৰে তেনে বিক্ৰিয়াক দ্বিআপসৰণ বিক্ৰিয়া বোলে ৷

উদাহৰণ : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইড উৎপন্ন হয় ৷

     Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)

14. ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰে দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে পাৰ ধাতুৰদ্বাৰা অপসৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা

উত্তৰ- জড়িত বিক্ৰিয়াটো হ’ল-

     2AgNO3(aq)  +  Cu(s) →   Cu(NO3)2(aq)   +   2Ag(s)

             (ছিলভাৰ নাইট্ৰে’ট)                 (ক’পাৰ)                (ক’পাৰ নাইট্ৰে’ট)             (ছিলভাৰ)

15. অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা ? উদাহৰণ দি ব্যাখ্যা কৰা

উত্তৰ- যি বিক্ৰিয়াত অধঃক্ষেপ(অদ্ৰাৱ্য পদাৰ্থ) উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বোলা হয়৷

উদাহৰণ : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট অধঃক্ষেপ হিচাপে উৎপন্ন হয় ৷

     Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)

                                      (অধঃক্ষেপ)

16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা ৷

a) জাৰণ

উত্তৰ- যি বিক্ৰি্য়াত পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰ’জেন হেৰুৱায় তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলে ৷

     উদাহৰণ :

     i) 2Mg(s) + O2(g)  __তাপ__> 2MgO(s)

      ইয়াত, মেগনেছিয়াম জাৰিত হৈ মেগনেছিয়াম অক্সিইড উৎপন্ন কৰিছে ৷

     ii) 2Cu(s) + O2(g) __তাপ__> 2CuO(s)

      ইয়াত, ক’পাৰ জাৰিত হৈ ক’পাৰ অক্সিইড উৎপন্ন কৰিছে ৷

b) বিজাৰণ

উত্তৰ- যি বিক্ৰি্য়াত পদাৰ্থই অক্সিজেন হেৰুৱায় বা হাইড্ৰ’জেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে ৷

     উদাহৰণ :

     i) CuO(s) + H2(g) __তাপ__> Cu + H2O

       ইয়াত, ক’পাৰ অক্সাইড বিজাৰিত হৈ ক’পাৰ উৎপন্ন কৰিছে ৷

     ii) ZnO(s) + C(s) __তাপ__> Zn(s) + C0(g)

       ইয়াত, যিংক অক্সাইড বিজাৰিত হৈ যিংক উৎপন্ন কৰিছে ৷

17. এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ বায়ুত গৰম কৰাত লা হৈ পৰিল মৌল ‘X’ আৰু উৎপন্ন হোৱা লা ৰঙৰ যৌগটোৰ নাম লিখা

উত্তৰ- মৌল ‘X’ হ’ল ক’পাৰ(Cu) আৰু

     উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটোৰ নাম হ’ল ক’পাৰ অক্সাইড(CuO) |

     জড়িত বিক্ৰিয়াটো উল্লেখ কৰা হ’ল-

     2CuO + H2 __তাপ__> Cu + H2O

18. লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয় ?

উত্তৰ- ক্ষয়ীভৱনৰ বাবে লোৰে তৈয়াৰী বস্তুবোৰ নষ্ট হয় ৷ মামৰ ধৰা ৰোধ কৰিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় ৷

19. তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় ?

উত্তৰ- তেল আৰু চৰ্বি থকা খাদ্যবস্তু জাৰিত হ’লে ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয় ৷ নাইট্ৰ’জেন এবিধ প্ৰতিজাৰক পদাৰ্থ ৷ তেল আৰু চৰ্বি থকা খাদ্যবস্তুৰ জাৰণ নঘটিবলৈ আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ইহঁতক নাইট্ৰ’জেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় ৷

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা

a) ক্ষয়ীভৱন

উত্তৰ- যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এছিড আদিৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া ইয়াৰ ক্ষয় ঘটা বুলি কোৱা হ্য় আৰু এই প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলা হয় ৷ ৰঙৰ প্ৰলেপ দি ধাতুৰ ক্ষয় ৰোধ কৰিব পাৰি ৷

     ক্ষয়ীভৱনৰ উদাহৰণ- লোত মামৰে ধৰা ৷

b) চৰ্বিৰ দুৰ্গন্ধিতা

উত্তৰ- যেতিয়া চৰ্বি আৰু তেল জাৰিত হয়, তেতিয়া ইহঁতৰ  গোন্ধ আৰু স্বাদ সলনি হয় ৷ ইয়াকে দুৰ্গন্ধিতা বোলে ৷ চৰ্বি আৰু তেল যুক্ত খাদ্য এইদৰে নষ্ট হয় ৷ প্ৰতিজাৰক পদাৰ্থ ব্যৱহাৰ কৰি দুৰ্গন্ধিতা ৰোধ কৰিব পাৰি ৷

         দুৰ্গন্ধিতাৰ উদাহৰণ – মাখন বেছি দিনলৈ ৰাখিলে তাৰ গোন্ধ আৰু স্বাদ সলনি হয় ৷

Related post

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – Notes

অধ্যায় ২- এছিড, ক্ষাৰক আৰু লৱণ

অধ্যায়- ৩ ধাতু আৰু অধাতু

অধ্যায়- ৪ কাৰ্বন আৰু তাৰ যৌগ

অধ্যায় ৫ -মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন

অধ্যায় ৬- জীৱন প্ৰক্ৰিয়া

অধ্যায় ৭- নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্যায় ৮ – জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

অধ্যায় ৯ – বংশগতি আৰু ক্ৰমবিকাশ

অধ্যায়-১০ পোহৰ- প্ৰতিফলন আৰু প্ৰতিসৰণ

অধ্যায় ১১- মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী

অধ্যায় ১২ – বিদ্যুৎ

অধ্যায়-১৩ বিদ্যুৎ- প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

অধ্যায়- ১৪ শক্তিৰ উৎসসমূহ

অধ্যায়- ১৫ আমাৰ পৰিবেশ

অধ্যায়- ১৬ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

For Current Affairs, Please click here….

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক