অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ নৱম শ্ৰেণীৰ, অধ্যায়-1 ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ- Notes – Chemical Reactions and Equations ৷ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশীলনীৰ প্ৰশ্ন – উত্তৰ সমূহ তলৰ Linkত Click কৰিলে পাব ৷
ভৰৰ নিত্যতা সূত্ৰ – ভৰৰ নিত্যতা সূত্ৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ’ব নোৱাৰে ৷ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমাণ হ’ব লাগিব ৷
সন্তুলিত ৰাসায়নিক সমীকৰণ – যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তেনে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে ৷
সংযোজন বিক্ৰিয়া – যি বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ লগ হৈ আন এটা মাত্ৰ নতুন পদাৰ্থ উৎপন্ন কৰে তেনে বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বোলে ৷
উদাহৰণ – কয়লাৰ দহন
C(s) + O2(g) → CO2(g)
বিয়োজন বিক্ৰিয়া – যি বিক্ৰিয়াত এটা পদাৰ্থ বিযোজিত হৈ দুটা বা ততোধিক পদাৰ্থ উৎপন্ন কৰে তেনে বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বোলে ৷
উদাহৰণ – তাপ দিলে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত হয়৷
CaCO3(s) __তাপ___> CaO(s) + CO2(g)
তাপীয় বিয়োজন – যেতিয়া এটা বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিয়োজন বিক্ৰিয়া বোলা হয় ৷
উদাহৰণ – তাপ দিলে কেলছিয়াম কাৰ্বনেট কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত হয়৷
CaCO3(s) __তাপ___> CaO(s) + CO2(g)
অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া – যি বিক্ৰিয়াত এটা অধিক সক্ৰিয় মৌলই তাত কৈ কম সক্ৰিয় মৌলক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে তেনে বিক্ৰিয়াক অপসৰণ বা প্ৰতিষ্ঠাপন বিক্ৰিয়া বোলে ৷
উদাহৰণ : যিংকে ক’পাৰ ছালফেট দ্ৰৱৰ পৰা ক’পাৰ মৌলটোক অপসাৰিত কৰি যিংক ছালফেট আৰু ক’পাৰ উৎপন্ন কৰে ৷
Zn(s) + CuSO4(aq) → ZnSO4(aq) + Cu(s)
এই অধ্যায়টোৰ আলোচনা youtubeত চাবলৈ আমাৰ Channelটো Subscribe কৰক
দ্বিঅপসৰণ বিক্ৰিয়া – যি বিক্ৰিয়াত দুটা মৌলই পৰস্পৰক পৰস্পৰৰ যৌগৰ পৰা অপসাৰিত কৰি আয়নৰ বিনিময় কৰে তেনে বিক্ৰিয়াক দ্বিঅপসৰণ বিক্ৰিয়া বোলে ৷
উদাহৰণ : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল’ৰাইড উৎপন্ন হয় ৷
Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)
অধঃক্ষেপ – কোনো এটা ৰাসায়নিক বিক্ৰিয়াত উৎপন্ন হোৱা অদ্ৰাৱ্য পদাৰ্থ বোৰক অধঃক্ষেপ বোলে ৷
অধঃক্ষেপণ বিক্ৰিয়া – যি বিক্ৰিয়াত অধঃক্ষেপ(অদ্ৰাৱ্য পদাৰ্থ) উৎপন্ন হয় তেনে বিক্ৰিয়াক অধঃক্ষেপণ বিক্ৰিয়া বোলা হয় ৷
উদাহৰণ : ছডিয়াম ছালফেট আৰু বেৰিয়াম ক্ল’ৰাইডৰ মাজত বিক্ৰিয়া সংঘটিত হ’লে বেৰিয়াম ছালফেট অধঃক্ষেপ হিচাপে উৎপন্ন হয় ৷
Na2SO4(aq) + BaCl2(aq) → BaSO4(s) + 2NaCl(aq)
(অধঃক্ষেপ)
জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া – যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় তেনে বিক্ৰিয়াক জাৰণ-বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলা হয় ৷
উদাহৰণ –
ZnO + C → Zn + CO
দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক
Related Post :
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – Notes
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – পাঠ্যপুথিত থকা প্ৰশ্নাৱলী আৰু অনুশলনী
2 Replies to “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ – Notes”